/asomiyapratidin/media/media_files/2026/01/23/f264ed47-8518-419f-b072-8191756fe5ac-2026-01-23-13-49-57.jpeg)
মৃদুল কুমাৰ সন্দিকৈ
এগৰাকী চৰ্চিত ¬অসমীয়া যুৱতীৰ কথা। সমাজৰ বাবে, পিছপৰা শ্ৰমজীৱি শ্ৰেণীৰ কাৰণে এক আৰ্থিক আন্দোলনৰ নেতৃত্ব দিয়া যুৱ নেত্ৰী তেওঁ। নাম- দৃষ্টি মেধি। ঘৰ- গুৱাহাটীত। শিক্ষা- ইলেক্টনিক ইঞ্জিনিয়াৰিঙৰ স্নাতক।
চাকৰি নকৰি নিজকে এগৰাকী সফল উদ্যমী ৰূপে গঢ় দিয়া দৃষ্টি উজ্বলিছে বিশ্বজুৰি। ছুইজাৰলেণ্ডৰ ডাভোছত অনুষ্ঠিত হৈ আছে বিশ্ব অৰ্থনৈতিক সন্মিলন। সেই সন্মিলনলৈ এক কঠিন প্ৰক্ৰিয়াৰ মাজেৰে তাত যোগদান কৰিবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা নিৰ্বাচিত কৰা উদ্যমী সকলক সুযোগ দিয়া হয়।
সেই বিশ্ব অৰ্থনৈতিক সন্মিলনত প্ৰথমবাৰৰ বাবে অসমৰ এজন মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণৰ সুযোগ লাভ কৰিছে। ড০ হিমন্ত বিশ্ব শৰ্মাই সেই সুযোগ লাভ কৰিছে চৰকাৰী প্ৰতিনিধি হিচাপে দেশৰ ৬খন ৰাজ্য মুখ্যমন্ত্ৰীৰ সৈতে সেই সন্মিলনত অংশ লৈছিল।
তাৰ বিপৰীতে অসমৰ দৃষ্টি মেধিয়ে বিশ্বৰ নিৰ্বাচিত ৪০গৰাকী উদ্যমীৰ ভিতৰত এগৰাকী উদ্যমী হিচাপে অংশ লোৱাৰ সুযোগ লাভ কৰিছিল। উল্লেখযোগ্য যে, বিশ্বৰ বিভিন্ন দেশৰ পৰা এই সন্মিলনত অংশ ল’বলৈ শ্ৰেষ্ঠতাৰ ভিত্তিত ৫০গৰাকী প্ৰতিনিধি নিৰ্বাচিত কৰা হয়।
এইবাৰ অৱশ্যে ৪০গৰাকী প্ৰতিনিধিকহে বিশ্বৰ অৰ্থনৈতিক সন্মিলনত অংশ ল’বৰ বাবে নিৰ্বাচিত কৰা হৈছিল। ভাৰতৰ পৰা দৃষ্টিৰ লগতে সন্মিলনখনত প্ৰতিনিধি হিচাপে অংশ গ্ৰহণৰ সুযোগ লাভ কৰিছিল ২২বছৰীয়া উদ্যমী ঈশান প্ৰতাপে।
১৯জানুৱাৰী, ২০২৬ৰ পৰা উক্ত অৰ্থনৈতিক সন্মিলন অনুষ্ঠিত হৈছিল। ২৩জানুৱাৰী, ২০২৬ত সন্মিলন অন্ত পৰিলেও ইয়াৰ পাছত ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহৰ লৈকে ছুইজালেণ্ডৰ ডাভোছতে থাকিব দৃষ্টি।
বিভিন্ন উদ্যোগপতি আৰু প্ৰতিষ্ঠান তথা কোম্পানীৰ প্ৰতিনিধিৰ সৈতে বিনিয়োগ সম্পৰ্কত কথা পাতিব অসমৰ দৃষ্টিয়ে। ২১জানুৱাৰী, ২০২৬ত তেওঁ ফান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে বাৰ্তালাপ কৰাৰ সুযোগ লাভ কৰিছিল।
দৃষ্টি মূলতঃ অসমৰ শ্ৰমজীৱি লোকৰ কৰ্মক্ষেত্ৰৰ উত্তৰণ, সুনিশ্চিত নিয়োগ, কৃষি খণ্ডৰ ৰপ্তানি আদিৰ সৈতে জড়িত। কুইক ঘাই নামৰ কোম্পানীটোৰ জৰিয়তে এই ক্ষেত্ৰখনত কাম কৰি আছে দৃষ্টিয়ে। এই কোম্পানীটো তেওঁ জ্যেষ্ঠ ভাতৃ গৌৰৱ মেধিৰ সৈতে প্ৰতিষ্ঠা কৰিছিল।
কুইক ঘাইৰ সহ প্ৰতিষ্ঠাতা দৃষ্টি এ ডি জি এ এক্সিম নামৰ প্ৰতিষ্ঠানটোৰো সহ স্বত্তাধিকাৰী। এই প্ৰতিষ্ঠানটোৰ জৰিয়তে ৰাজ্যখনৰ ভিন্ন প্ৰান্তত উতপাদিত কৃষি আৰু হস্ততাঁত সামগ্ৰী বিশ্ব বিভিন্ন স্থানলৈ ৰপ্তানি কৰে।
দ্বিতীয়বাৰৰ বাবে বিশ্ব অৰ্থনৈতিক সন্মিলনত অংশ গ্ৰহণৰ বিৰল সুযোগ লাভ কৰা দৃষ্টিয়ে এইবাৰ মূলতঃ ইন্ধন, বায়গেছ, কম্পছ বায়ক্ষেত্ৰ, বিনিয়োগ আৰু খিলঞ্জীয়া অসংগঠিত শ্ৰমিকসকলৰ নিযুক্তিৰ বাবে বিনিয়োগৰ সন্ধান কৰি এই সন্মিলনত যোগ দিছিলগৈ।
এছিয়া স্কীল এণ্ড ৱেলফেয়াৰ জৰিয়তে বাণিজ্য আৰু শক্তি সম্ভাৱনা ক্ষেত্ৰলৈ পৰিৱৰ্তন সাধি ব্লু ক্লাছ শ্ৰমিক সকলৰ উত্তৰণৰ বাবে তেওঁ কোম্পানীয়ে কাম কৰি আছে। তেনে কামত নিয়োজিত হ’ব খোজা সকলক দক্ষতাৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰে তেওঁলোকে।
২০২১চনত ভাৰতৰ আমেৰিকাত থকা দূতাবাসে তেওঁক উত্তৰ-পূবৰ তিনিগৰাকী শ্ৰেষ্ঠ মহিলা উদ্যমী হিচাপে স্বীকৃতি দিছিল। ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰাণালয়ে দেশৰ শীৰ্ষ ৫গৰাকী উদ্যমী হিচাপে ২০২১-২২ত নিৰ্বাচিত কৰিছিল।
বহুতে নাজানে এই বিশ্বৰ অৰ্থনৈতিক সন্মিলন চমুকৈ World Economic Forum – WEF কি? ৱল্ড ইকনমিক ফৰাম হৈছে বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় সংগঠন। যিয়ে বিশ্ব অৰ্থনীতি, ৰাজনীতি, সমাজ আৰু প্ৰযুক্তিৰ ভৱিষ্যৎ দিশ নিৰ্ধাৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
এই সংগঠনটোৰ মুখ্য লক্ষ্য হৈছে— “Committed to improving the state of the world”, অৰ্থাৎ বিশ্বৰ সামগ্ৰিক অৱস্থা উন্নত কৰা। ৱল্ড ইকনমিক ফৰামৰ প্ৰতিষ্ঠা হৈছিল ১৯৭১ চনত জাৰ্মান অৰ্থনীতিবিদ প্ৰফেছৰ ক্লাউছ শ্বাবৰ জৰিয়তে।
প্ৰথমে ইয়াক “European Management Forum” নাম দিয়া হৈছিল। উদ্দেশ্য আছিল, ইউৰোপীয় কোম্পানীসমূহক আধুনিক ব্যৱস্থাপনা আৰু অৰ্থনৈতিক চিন্তাধাৰাৰ সৈতে পৰিচিত কৰোৱা। ১৯৮৭ চনত সংগঠনটোৰ নাম সলনি কৰি “World Economic Forum” কৰা হয়।
এই বৈঠক প্ৰতি বছৰে জানুৱাৰী মাহত চুইজাৰলেণ্ডৰ ডাভছ নামৰ চহৰত অনুষ্ঠিত হয়। ডাভছত অনুষ্ঠিত এই বৈঠকত অংশ লয়- বিভিন্ন দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, বাণিজ্য মন্ত্ৰী, বিশ্বখ্যাত উদ্যোগপতি, বিভিন্ন বেংকৰ মুৰব্বীসকল, আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ মুৰব্বী, শিক্ষাবিদ, বিজ্ঞানী আৰু নাগৰিক সমাজৰ প্ৰতিনিধিসকলে।
ডাভছ বৈঠক তথা ৱল্ড ইকনমিক ফৰামৰ আলোচনাৰ বিষয়সমূহ সময় অনুসৰি সলনি হয়। তাত সাধাৰণতে বিশ্ব অৰ্থনৈতিক বৃদ্ধি আৰু মন্দাৱস্থা, দৰিদ্ৰতা, নিবনুৱা সমস্যা আৰু নিযুক্তিৰ বৈষম্য, জলবায়ু পৰিৱর্তন আৰু পৰিৱেশ সংৰক্ষণ, কৃত্ৰিম বুদ্ধিমত্তা (AI), ডিজিটেল অৰ্থনীতি, স্বাস্থ্য, মহামাৰী আৰু বৈশ্বিক সুৰক্ষাৰ ওপৰত।
এই আলোচনাসমূহ কেৱল মত-বিনিময়তেই সীমাবদ্ধ নাথাকে। বহু সময়ত ইয়াৰ পৰা নীতি নিৰ্ধাৰণৰ দিশে গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ পথো মুকলি হয় এই বৈঠকসমূহত। ভাৰতৰ দৃষ্টিৰে এই সন্মিলন গুৰুত্বপূৰ্ণ। কিয়নো তাত ভাৰতত বিনিয়োগৰ সম্ভাৱনাৰ দুৱাৰ মুকলি, Make in India”, “Digital India” আদি আঁচনিৰ প্ৰচাৰ-প্ৰসাৰ, ষ্টাৰ্টআপ, প্ৰযুক্তি আৰু পৰিকাঠামো উন্নয়নৰ সুযোগ বৃদ্ধি হয়।
ৱল্ড ইকনমিক ফৰাম কেৱল এখন সম্মিলন নহয়, ই হৈছে বিশ্বৰ ভৱিষ্যৎ দিশ নিৰ্ধাৰণৰ এক চিন্তাৰ উন্মেষৰ মঞ্চ। তেনে এখন মঞ্চত অসমৰ দৃষ্টি মেধি প্ৰতিনিধি ৰূপে যোৱাতো গৌৰৱৰ বিষয়। সচাঁ অৰ্থত দৃষ্টি আমাৰ প্ৰজ্ঞা আৰু কৰ্মৰে উজ্বলি উঠা এগৰাকী আদৰ্শৱান যুৱ উদ্যমী...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us