/asomiyapratidin/media/media_files/2025/12/24/ap-for-web-new-bikhekh-lekha-new-2025-12-24-23-36-01.jpg)
ডিম্পুল বৰগোহাঁই
জুবিন গাৰ্গৰ কিতাপ কি কি আহিছে? তেওঁক লৈ যে দেউতাকে লিখিছিল সেই কিতাপখন আনিছেনে? নতুন ভাল উপন্যাস এখন দিয়ক না! - গ্ৰাহকৰ এনে আব্দাৰৰ মাজতে মঞ্চৰ পৰা হঠাতে ভাঁহি আহিল মুখ্যমন্ত্ৰীৰ ভাষণ। তেওঁ ভাষণত কৈছে- গ্ৰন্থমেলাই লেখক, প্ৰকাশক আৰু পাঠকৰ মাজত এক গভীৰ সম্পৰ্কৰ সৃষ্টি কৰে ৷ এই সম্পৰ্ক শক্তিশালী কৰাত যোৱা সময়ছোৱাত গ্ৰন্থমেলাই গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/25/723c9ee3-c945-48ff-aa17-656e4e2582be-2025-12-25-00-16-45.jpeg)
এয়া খানাপাৰাৰ পৰিৱেশ। অসম গ্ৰন্থমেলাৰ আৰম্ভণিৰ প্ৰথম দিনটোত সহস্ৰাধিক লোকৰ উপস্থিতিত জীপাল হৈ পৰিল গ্ৰন্থমেলাৰ বাকৰি। গ্ৰন্থৰ উমেৰে শীতক উছৱমুখৰ কৰি ব্যাপক উৎসাহ-উদ্দীপনাৰে খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত ২৪ডিচেম্বৰ, ২০২৫ৰ পৰা আৰম্ভ হ'ল ১৪ দিনীয়া অসম গ্ৰন্থমেলা।
আৰম্ভণিৰ দিনটোত কি কি কাৰ্যসূচীঃ
বিয়লি ৫ বজাত অসম গ্ৰন্থমেলাৰ উদ্বোধনী সভাখনত সভাপতিত্ব কৰে শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে ৷ তেওঁ কয় যে এতিয়া যে ডিজিটেল যুগ এই কথা বুজি আমিও সেইসমৰ্মে আগবাঢ়িব লাগিব ৷ গ্ৰন্থ আৰু অধ্যয়নৰ বেলিকাও একেই কথা প্ৰযোজ্য হ’ব ৷ মেচিন লাৰ্ণিঙত অসমীয়া, বড়োকে ধৰি বিভিন্ন ভাষাও পঢ়িব পাৰি ৷ কিন্তু আঞ্চলিক বা জনজাতীয় বহু ভাষাৰ ডিজিটাইজেছনৰ প্ৰয়োজন আছে ৷ যুৱ-লেখকসকলক নিজাকৈ ৱেবছাইট খোলাৰ আহ্বান জনাই তেওঁ কয় যে ডিজিটেল মাধ্যমত নিজৰ সৃষ্টিৰ লগতে নিজৰ মাতৃভাষাটোকো সমৃদ্ধ কৰিব পাৰি ৷
মুম্বাইৰ পৰা আহি সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰি প্ৰসিদ্ধ সাহিত্যিক-লেখক আমিশ ত্ৰিপাঠীয়ে কয়- “অসমৰ ইতিহাস দেশপ্ৰেমৰ দস্তাবেজ ৷ বখতিয়াৰ খিলিজীৰ দৰে আক্ৰমণকাৰীক ইয়াতে প্ৰতিৰোধ কৰা হৈছিল ৷ শক্তিপীঠ কামাখ্যাৰ আশিসধন্য অসমভূমি জ্ঞান চৰ্চা আৰু প্ৰজ্ঞাৰ সাধনাৰ বাবে অতীজৰে পৰা সুখ্যাত ৷ সেই পৰম্পৰা এতিয়াও অব্যাহত আছে ৷ অসম গ্ৰন্থমেলাৰ পৰিৱেশে এই কথা প্ৰতিপন্ন কৰিছে ৷”
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/25/6497f439-65e0-49e9-9feb-242805f7fc44-2025-12-25-00-16-58.jpeg)
সভাখনত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামী , উচ্চ শিক্ষা সঞ্চালকালয়ৰ সঞ্চালক পমি বৰুৱা আৰু বিশিষ্ট অভিধান প্ৰণেতা তথা অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাই ৷ সভাত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই আদৰণী ভাষণ আগবঢ়াই কয় যে ২০২৫ বৰ্ষটোক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গ্ৰন্থ-বৰ্ষ হিচাপে ঘোষণা কৰি অসমত গ্ৰন্থ সংস্কৃতিক তৰান্বিত কৰাৰ প্ৰয়াস কৰিছিল ৷ এই প্ৰয়াস সফল হোৱা বুলি মত প্ৰকাশ কৰিছে বিদ্বৎ সমাজে ৷
গ্ৰন্থ-বৰ্ষৰ নিৰ্ধাৰিত কাৰ্যসূচীৰ অংশ অসম গ্ৰন্থমেলা, গুৱাহাটী ৷ ইয়াত মুঠতে ৰাজ্যৰ আৰু ৰাজ্যৰ বাহিৰৰ বিভিন্ন অভিজাত প্ৰকাশন গোষ্ঠীয়ে যোগদান কৰিছে ৷ ইয়াৰ ভিতৰত আছে দিল্লী-হাৰিয়ানাৰ ১১টা, কলকাতাৰ ১৭টা, মুম্বাইৰ -২টা, হায়দৰাবাদৰ ১টা প্ৰকাশন গোষ্ঠী ৷ সচিব কলিতাই অসম গ্ৰন্থমেলা, গুৱাহাটীলৈ সকলোপক্ষৰে সহযোগিতা আন্তৰিকতাৰে কমনা কৰে ৷ অসম সংগীতেৰে আৰম্ভ কৰা আৰু ৰাষ্ট্ৰীয় সংগীতেৰে সমাপ্ত কৰা সভাখনৰ আঁত ধৰে প্ৰবোধ দাসে ৷ ইয়াৰ পাছত আজিৰ সাংস্কৃতিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে পাঞ্জাবাৰীৰ শংকৰদেৱ জাতীয় বিদ্যালয়, আৰু গীতানগৰৰ ম’ডাৰ্ণ হাইস্কুলে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/25/e81c159a-5f29-4afa-a316-25ddcddd8058-2025-12-25-00-17-11.jpeg)
উল্লেখ্য যে যুৱ-লেখক সন্মান হিচাপে ৪০ বছৰৰ অনুৰ্ধৰ ৮১৮ গৰাকী লেখকক ২৫ হেজাৰ টকাকৈ আজি গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানতে প্ৰদান কৰা হ’য় ৷ প্ৰতীকিৰূপত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চাৰিগৰাকী যুৱ-লেখকক চেক প্ৰদান কৰে ৷ তেওঁলোক হৈছে আনিলা স্বৰ্গীয়াৰী, মৃদুল হালৈ, তপন মেদক আৰু ৱেলচিং হাঞ্চে ৷ অনলাইন যোগে যুৱ-লেখক সন্মানৰ ধন নিৰ্বাচিত লেখকসকলৰ বেংক একাউণ্টত দিয়া হৈছে।
মুখ্যমন্ত্ৰীয়ে কি ক'লেঃ
“গ্ৰন্থমেলাই লেখক, প্ৰকাশক আৰু পাঠকৰ মাজত এক গভীৰ সম্পৰ্কৰ সৃষ্টি কৰে ৷ এই সম্পৰ্ক শক্তিশালী কৰাত যোৱা সময়ছোৱাত গ্ৰন্থমেলাই গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে ৷ ২০২৫-২৬ বৰ্ষত ইতিমধ্যে বঙাইগাঁও, লখিমপুৰ, নলবাৰী, যোৰহাট, তিনিচুকীয়া, শিলচৰ আৰু মঙলদৈত অসম গ্ৰন্থমেলা সফলভাৱে আয়োজিত হৈছে ৷ আজিৰে পৰা গুৱাহাটীত এই গ্ৰন্থমেলা আয়োজিত হৈছে ৷ অসমৰ লগতে দিল্লী-হাৰিয়ানা, কলকতা, মুম্বাই আৰু হায়দৰাবাদৰ ১৩৫ টাৰো অধিক প্ৰকাশন গোষ্ঠীয়ে যোগদান কৰি অসম গ্ৰন্থমেলাৰ চৌহদত এক দীপ্তিময় বৌদ্ধিক পৰিৱেশ গঢ়ি তুলিছে ৷” এই মন্তব্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৷
অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই ৰাজ্যখনৰ ভিন্ন প্ৰান্তত অসম গ্ৰন্থমেলা আয়োজন কৰি শৈক্ষিক তথা বৌদ্ধিক পৰিৱেশ অধিক সুদৃঢ় কৰাত সফল হৈছে বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে পুনৰ কয় যে এই বছৰটো কিতাপৰ বৰ্ষ হিচাপে পালন কৰিছিলোঁ ৷ গ্ৰন্থ আৰু অধ্যয়ন সংস্কৃতিক অধিক গতিময় কৰাৰ লক্ষ্যৰে এই ঘোষণা কৰা হৈছিল ৷ আগতে কেৱল গুৱাহাটীত গ্ৰন্থমেলা আছিল ৷ এয়া জিলা আৰু সমজিলাত গ্ৰন্থমেলা আয়োজনৰ বাবে উৎসাহ দি আহিছোঁ ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/25/ddcc204a-3de4-4a96-b7ce-6995e5b3a741-2025-12-25-00-17-25.jpeg)
ইয়াৰ ফলত নিশ্চয় নতুন পাঠকৰ সৃষ্টি হ’ব ৷ কিতাপৰ বিক্ৰী বাঢ়িব ৷ এইবেলি ৪০ বছৰৰ তলৰ অসমীয়া, বাংলা, বড়ো তথা অন্যান্য জনজাতীয় ভাষাৰ ৮১৮ গৰাকী যুৱ লেখকক সন্মান প্ৰদান কৰাৰ কথা উল্লেখ কৰি এই পৰম্পৰা অব্যাহত ৰাখিবলৈ অসম প্ৰকাশন পৰিষদক পৰামৰ্শ দি মুখ্যমন্ত্ৰী ড° শৰ্মাই লগতে কয় যে বিগত বৰ্ষত অসমীয়া ভাষালৈ ধ্ৰপদী ভাষাৰ মৰ্যাদাপূৰ্ণ স্বীকৃতি অহাটো আমাৰ সকলোৰে বাবে গৌৰৱৰ বিষয় ৷ ইয়াৰ ফলত অসমীয়া ভাষাৰ স্বকীয়তা প্ৰতিষ্ঠা হ’ল ৷ সম্প্ৰতি বিশ্বজুৰি মাতৃভাষাৰ গুৰুত্ব বৃদ্ধি পাইছে ৷
এটা জাতি আৰু ব্যক্তিসত্তাৰ পূৰ্ণ বিকাশত মাতৃভাষাৰ ভূমিকাই সৰ্বাধিক ৷ সেয়ে যুৱ-লেখকসকলক মাতৃভাষাত মৌলিক সৃষ্টি কৰিবলৈ আহ্বান জনাই তেওঁ এইবুলি কয় “অহা ৫০ বছৰত এতিয়াৰ আমাৰ গদ্য-পদ্য সাহিত্যই আমাৰ মাতৃভাষাৰ গতি নিৰ্ধাৰণ কৰিব ৷ এই দায়িত্ব আমিয়েই ল’ব লাগিব ৷ নতুন সৃষ্টিৰে খলকনি তুলিব পাৰিব লাগিব ৷ মৌলিক সৃষ্টিহে অক্ষয় কীৰ্তি হিচাপে ৰৈ যাব ৷ মৌলিক সৃষ্টিয়ে এ আইৰ সৈতেও প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সক্ষম হ’ব পাৰিব লাগিব ৷ এ আইৰ সৃষ্টি হ’ল বহু সৃষ্টিৰ পৰা উৎপাদন কৰা এটা সৃষ্টি ৷ এ আইত সেয়াহে আছে যি মানুহে সৃষ্টি কৰিছে ৷ কিন্ত এনে বহু কথা আছে যি এতিয়াও অনাৱিষ্কৃত ৷ সেয়া মানুহেই আৱিষ্কাৰ কৰিব লাগিব ৷ এ আয়ে সকলো প্ৰশ্নৰ উত্তৰ দিব নোৱাৰে ৷ মানুহেহে পাৰিব ৷ যুগে যুগে মৌলিকতা থকা সৃষ্টি হৈয়ে থাকিব ৷এয়াই হৈছে সৃষ্টিৰ গতি, ৰূপান্তৰ আৰু মহত্ব ৷
ইতিহাসৰ পাততে বহুত সমল লুকাই আছে ৷ মানুহৰ জীৱনৰে বহু কাহিনী আছে ৷ যিবোৰ পোহৰলৈ অহা নাই ৷ এইবোৰ এ আয়ে নহয় মানুহেই পোহৰলৈ আনিব লাগিব ৷ সাহিত্য প’ৰ্টেল, ফেচবুক সকলোতে হ’ব পাৰে ৷ মাধ্যম সলনি হ’ব পাৰে কিন্তু সাহিত্য থাকিবই ৷ বিষয় প্ৰসংগৰে মুখ্যমন্ত্ৰীৰ তাৎপৰ্যপূৰ্ণ বক্তব্য——“ বৈপ্লৱিক চেতনা নহ’লে সাহিত্য নচলে , মানুহৰ মনত প্ৰতিবাদৰ ঢৌ তুলিব পৰা সমল থাকিলে সাহিত্য হয় বুলি ভবাটো ভুল ৷ বাওঁপন্থাৰ উদ্দেশ্য হ’ল পৃথিৱীখনক কেৱল বিপ্লৱৰ ক্ষেত্ৰৰূপে গঢ়ি তোলা ৷ বিপ্লৱৰ পাছত ভাল দিন আহিব বুলি সপোন দেখুৱায় কিন্তু বিপ্লৱৰ পাছৰ পৰিস্থিতি বিশ্লেষণ কৰিলে আমি কি দেখিবলৈ পাওঁ ?ৰাছিয়াত বিপ্লৱ হ’ল, গ্লাছনস্ট পেৰাষ্ট্ৰাইকাও হ’ল ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/25/432f1316-2c60-4bd1-9ecf-ef2043a8b559-2025-12-25-00-17-38.jpeg)
বাংলাদেশৰ সামাজিক পৰিস্থিতি সকলোৱে দেখি আছোঁ ৷ নেপালৰ বিপ্লৱৰ চৰ্চা কৰোঁ কিন্তু বিপ্লৱৰ পাছত কি হ’ল , সমাজ ব্যৱস্থাৰ কি পৰিৱৰ্তন হ’ল তাৰ নিৰ্ভুল চৰ্চা নহয় ৷ নেপালৰ পৰিস্থিতি ভাল হ’লনে বেয়া হ’ল ? যোৱা ৫০ বছৰত যিমান বিপ্লৱ দেখিলো তাৰ ফলত সামাজিক বিপৰ্যয় হোৱা দেখিলোঁ, দেশ দ্বিখণ্ডিত হোৱা দেখিলোঁ ৷” অসমৰ প্ৰেক্ষাপট আলোচনা কৰি তেওঁ কয় যে অসম আন্দোলন আমাৰ দেশৰ যোৱা এশ বছৰৰ ৰাজনৈতিক ইতিহাসত আটাইতকৈ ডাঙৰ বিপ্লৱ ৷ এয়া জেন জিৰ আন্দোলন নাছিল ৷ ইয়াত কিশোৰ ছাত্ৰৰ পৰা অশীতিপৰ বৃদ্ধলৈ সকলোৱে অংশ লৈছিল ৷ কিন্তু আন্দোলনে কি দিলে কি নিদিলে সেয়া যেন আমি বিশ্লেষণ নকৰো ৷
এটা অধ্যায় হিচাপে পাহৰি যাব খোজো ৷ তাৰ পাছত আলফাৰ সংগ্ৰাম দেখিলোঁ ৷ ৮০-৯০ ৰ দশকৰ বহু গান-কবিতা-সাহিত্যই বহু যুৱকক অস্ত্ৰ হাতত ল’বলৈ উদ্বুদ্ধ কৰিছিল ৷ বহু তেজাল ডেকা মৃত্যুমুখত পৰিল ৷ কোনোবাই পুলিচৰ পোচাক পিন্ধি আৰু কোনোবাই আলফা হৈ মৃত্যুবৰণ কৰিলে ৷ তেতিয়া বহুতক বিপ্লৱী হ’বলৈ উদ্বুদ্ধ কৰি বুধবাৰ আৰু সাদিনত লেখা কোনো এজন লেখকেও এই মৃত্যুৰ দায়িত্ব নলয় ৷ তেনে লেখকৰ ল’ৰা ছোৱালীয়ে নিৰাপদ দূৰত্বত থাকিল ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/25/a04cfdfd-369b-4766-a2d6-912ec6158ea8-2025-12-25-00-17-51.jpeg)
ৰাজনীতিকৰ দৰে লেখকৰো দায়ৱদ্ধতা আৰু বিশ্বাসযোগ্যতা থাকিব লাগিব ৷ জুই জ্বলালে নুমাবও পাৰিব লাগিব ৷ অমৃত মন্থনৰ বাবে বিষপান পান কৰিবলৈ নীলকণ্ঠও লাগিব ৷ যুৱ-লেখকসকলক এইক্ষেত্ৰত সজাগ-সচেতন হ’বলৈ আহ্বান জনাই তেওঁ আকৌ কয় “মৌলিকতা, দায়ৱদ্ধতা, ব্যক্তি-সমাজৰ সফলতাৰ কথা সাহিত্যত থাকিব লাগিব ৷ ভাল-বেয়া সকলো দিশ সত্য ৰূপত প্ৰতিফলিত কৰিবলৈ লেখকসকল দায়ৱদ্ধ হ’ব লাগিব ৷”
এইবাৰৰ গ্ৰন্থমেলাত জুবিন বিষয়ক গ্ৰন্থৰ পয়োভৰঃ
এইবাৰৰ গ্ৰন্থমেলাত জুবিন গাৰ্গৰ প্ৰায় দুকুৰি গ্ৰন্থ উপলদ্ধ হৈছে। গ্ৰন্থমেলাত উপলদ্ধ পূৰ্বে প্ৰকাশিত গ্ৰন্থ সম
- পিতৃৰ দৃষ্টিত জুবিন (কপিল ঠাকুৰ)
- জুবিন গাৰ্গ- জীৱনৰ পৰা গানলৈ (সম্পাদনা: মণ্টু শইকীয়া)
- জুবিন গাৰ্গ ইত্যাদি (সম্পাদনা: জোনাক যুগান্তৰ বৰা)
- জুবিন গাৰ্গৰ সৃষ্টি আৰু দৃষ্টি (ড° প্ৰাণেশ্বৰ নাথ)
- জুবিন গাৰ্গ- সৃষ্টি বিতৰ্ক প্ৰাসংগিকতা (ড° পদ্মপাণি)
- জুবিন (মৃণাল শৰ্মা)
- সংগীত সুধাকৰ জুবিন গাৰ্গ (ৰাতুল চন্দ্ৰ নাথ)
- জুবিন গাৰ্গৰ গান আৰু কবিতাৰ গল্প (নীলিম আকাশ কাশ্যপ)
- জুবিন গাৰ্গৰ জগত (সম্পাদনা: হীৰেণ গোঁহাই)
- কবিতাৰে জুবিন তৰ্পন (সম্পাদনা: অক্ষয় কুমাৰ মিশ্ৰ)
- সূৰ্য্যকণ্ঠ জুবিন গাৰ্গ এসাগৰ সুৰৰ স্পন্দন (ড° অৰবিন্দ দেৱনাথ, ৰুবী চহৰীয়া)
- বাটৰে শেষতে বাট চাওঁ তোমালে (সম্পাদনা: উজ্বল বৰা)
- ৰাংছাং-Legends never die (মৃদুল কুমাৰ সন্দিকৈ)
- জুবিন গাৰ্গ- গীত গোৱা দাৰ্শনিকজন (সম্পাদক: ড° ধ্ৰুৱজ্যোতি দাস, উজ্বল বৰা)
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/25/491267c5-3451-41ca-80e9-222dbfd7de4a-2025-12-25-00-18-19.jpeg)
- হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ (শিল্পী দাস)
- জুবিন গাৰ্গ- তুৰাৰ পৰা চিংগাপুৰলৈ মায়াবিনী যাত্ৰা (মাণিক পাল)
- উঠা জাগা সাৰ পোৱা (নীলিম আকাশ কাশ্যপ)
- জুবিন গাৰ্গ- অলিখিত কথা (মুনিন্দ্ৰ বৈশ্য)
- হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ (প্ৰদীপ নাৰায়ণ ভট্ট)
- অসমৰ অমৰ সুৰ (প্ৰাৰ্থ প্ৰতিম দাস)
- মায়াবিনী ৰাতিৰ বুকুত জুবিন গাৰ্গ (সম্পাদনা: ড° পংকজ গোস্বামী)
- জুবিন বৈভৱ (মৃনাল কুমাৰ বৰা)
- সাংবাদিকৰ দৃষ্টিত জুবিন (সম্পাদক: হেমন্ত শৰ্মা)
- মায়াবিনী ৰাতিৰ বুকুত (দেৱজিত ভূঞা)
- জুবিন- অন্যান্য সুৰৰ সুষমা( সম্পাদনা: প্ৰহেলিকা কৌশিক)
- মায়াবিনী ৰাতিৰ বুকুত (সম্পাদনা: চিমৰাজ হুছেইন, বিতোপন বৰা)
- আমলখি হাবিৰ পৰা নাহৰবনলৈ (প্ৰণৱ কুমাৰ শৰ্মা)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us