দুখীয়া...দুখীয়া...আমাৰ চৰকাৰী বিষয়া

চৰ্চাত আছে দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া। ধৰা পৰা সকলৰ কথা আলোচনা হৈছে। কিন্তু ধৰা নপৰাসকল এতিয়াও ধোৱা তুলসীৰ পাত হৈয়ে আছে। ক্ষমতাশালী একাংশ উচ্চ পদস্থ চৰকাৰী বিষয়াই অতি কৌশলেৰে দুৰ্নীতিকেই নীতি কৰি দুই

author-image
Asomiya Pratidin
New Update
AP FOR WEB NEW  bikhekh lekha NEW 2024 (3)

মৃদুল কুমাৰ সন্দিকৈ

চৰ্চাত আছে দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া। ধৰা পৰা সকলৰ কথা আলোচনা হৈছে। কিন্তু ধৰা নপৰাসকল এতিয়াও ধোৱা তুলসীৰ পাত হৈয়ে আছে। ক্ষমতাশালী একাংশ উচ্চ পদস্থ চৰকাৰী বিষয়াই অতি কৌশলেৰে দুৰ্নীতিকেই নীতি কৰি দুই হাতেৰে ধন-সম্পত্তিৰ পাহাৰ গঢ়িছে।

দুৰ্নীতিমুক্ত প্ৰশাসনৰ কথা কোৱা চৰকাৰে এইবোৰ প্ৰতিৰোধ কৰিবলৈ বা সেই সকল দুৰ্নীতিগ্ৰস্ত বিষয়াক লেকাম লগাবলৈ কোনো ব্যৱহাৰিক পদক্ষেপ ল’ব পৰা নাই। নূপুৰ বৰাৰ কাণ্ড শেহতীয়াকৈ পোহৰলৈ অহাৰ পাছত আন কিছু প্ৰসংগই প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।

সামাজিক মাধ্যমত এ চি এছ চাকৰি এৰি ইনফুলেঞ্চাৰ ৰূপত আৱিৰ্ভাৱ হোৱা পুনম গগৈ নামৰ যুৱতীগৰাকীয়ে বিশেষ কিছু দিশ উন্মোচন কৰিছে। যুৱতীগৰাকীৰ মতে, কেৱল নূপুৰক দোষী সাব্যস্ত কৰিলে নহব। তেওঁৰ মতে, ইয়াৰ বাবে ব্যৱস্থাগত পৰিৱৰ্তনৰ প্ৰয়োজন।

সেই যুৱতীগৰাকীয়ে কোৱাৰ দৰে ব্যৱস্থাগত পৰিৱৰ্তনৰ অবিহনে দুৰ্নীতি নিৰ্মূল আৰু এক নিকা প্ৰশাসন সম্ভৱ নহয়। কেৱল এ চি এছ, এ পি এছ বা অসামৰিক সেৱাৰ আন বিষয়াসকলেই দুৰ্নীতি নকৰে। কৰ, আবকাৰী আদি বিভাগসমূহতো যথেষ্ট দুৰ্নীতি হয়।

সেইসকল বিষয়াক এতিয়াও তদন্তই চুব পৰা নাই। কৰ বিভাগত বহু গণপতি আছে, যিসকলে কেৱল ধনেই চিনি পায়। ভুক্তভোগীসকলৰ বাবে তেনে গণপতিসকল ত্ৰাসৰ কাৰণ। সেইসকলৰ বিৰুদ্ধেও অসামৰিক সেৱাৰ চাকৰি এৰি সমাজ সংস্কাৰত ব্যস্ত হৈ পৰা সকলে সৰৱ হোৱাৰ প্ৰয়োজন।

ইফালে প্ৰতিজন এ চি এছ, এ পি এছ, আই এছ আৰু আই পি এছ, এল আৰ এছ আদি উচ্চপদস্থ বিষয়াসকলে অসম চৰকাৰক তেওঁলোকৰ বছেৰেকীয়া সম্পত্তিৰ হিচাপ দাখিল কৰিব লাগে। যাক কোৱা হয় এনুৱেল পপাৰেটী ৰিৰ্টাণ চমুকৈ APR । 

বছেৰেকীয়া এই সম্পত্তিৰ হিচাপ দিওঁতে বিষয়াসকলে দুটা ভাগত ক্ৰমে স্থাৱৰ সম্পত্তিৰ হিচাপ( IPR) আৰু অস্থাৱৰ সম্পত্তিৰ হিচাপ(MPR) দাখিল কৰিব লাগে। য’ত বিষয়া জনৰ স্থাৱৰ, অস্থাৱৰ সকলো সম্পত্তিৰ খতিয়ান থাকিব লাগে। 

চৰকাৰী নিয়ম অনুসৰি প্ৰতিবছৰৰ ৩১জানুৱাৰীৰ ভিতৰত এই সম্পত্তিৰ তালিকা দাখিল কৰাতো বাধ্যতামূলক। দুখন পৃথক ফৰ্মেটত এই তালিকা চৰকাৰক দাখিল কৰাতো আছাম ছিভিল চাৰ্ভিছ (কণ্ডাক্ট ৰুলছ) ১৯৬৫ৰ অধীনত বাধ্যতামূলক।

প্ৰশ্ন হয়, চৰকাৰী এই উচ্চ পদস্থ বিষয়াসকলে চৰকাৰক সম্পত্তিৰ সঠিক তথ্য দিয়েনে? এয়া কেৱল নিয়মমাফিক এক প্ৰক্ৰিয়া হৈ আছে নেকি? উদাহৰণস্বৰূপে আমি নূপুৰ বৰা নামৰ বিষয়াগৰাকীয়ে দাখিল কৰা শেহতীয়া সম্পত্তিৰ তালিকাৰ কথাই উল্লেখ কৰিব পাৰি।

বিষয়াগৰাকীয়ে ২০২৪ত তেওঁৰ সম্পত্তিৰ তালিকা দাখিল কৰিছিল। য’ত তেওঁ সঠিক সম্পত্তিৰ কোনো বৰ্ণনাই নাছিল। কোটি কোটি টকাৰ গৰাকী নূপুৰ বৰা যিহেতু ২০১৯ বেটছৰ এ চি এছ বিষয়া আছিল, তেওঁ ২০২৪বৰ্ষত বেছিক পে আছিল ৫১,৭২০টকা। 

এই দৰমহাৰ সৈতে তেওঁ মুঠ এলাউন্স যোগ হৈছিল ২৮,০১২টকা। তেওঁৰ সৰ্বমুঠ দৰমহা আছিল ৭৯, ৭৩২টকা। এই দৰমহাৰ পৰা তেওঁ কৰ্তন হোৱা ধনৰাশিৰ পৰিমাণ আছিল ১০,০২১টকা। সকলো যোগ-বিয়োগ কৰি ২০২৪ত নূপুৰ বৰাই মাহিলী দৰমহা পাইছিল ৬৯,৭১১টকা। 

নূপুৰ বৰাই তেওঁৰ স্থাৱৰ সম্পত্তিৰ তালিকাত উল্লেখ কৰা নাছিল কোনো স্থাৱৰ সম্পত্তিৰ কথা। তেওঁৰ দাখিল কৰা সম্পত্তিৰ তালিকা দেখিলে এনে লাগিব তেওঁতকৈ যেন দৰিদ্ৰ কোনোৱেই নাই। এইদৰে চৰকাৰক ফাঁকি দি নূপুৰে কিদৰে ধন-সম্পত্তিৰ পাহাৰ গঢ়িছিল অসমৰ মানুহে ইতিমধ্যে দেখিলে।

মাত্ৰ দুই এগৰাকী বিষয়াইহে সাহসেৰে নিজৰ সম্পত্তিৰ হিচাপ দাখিল কৰা দেখা যায়। তাৰ বাদে প্ৰায় ৯৯শতাংশই ভুৱা তথ্যৰে চৰকাৰক এখন পৃথক ছবি দেখুৱাই সম্পত্তিৰ হিচাপ দাখিল কৰাতো পৰিলক্ষিত হয়। চৰকাৰেও তাকেই সচাঁ বুলি মানি লয়।

কোনো দিনেই তেওঁলোকে দাখিল কৰা সম্পত্তিৰ সন্দৰ্ভত কোনো পৰ্যালোচনা নকৰে। এ চি এছ বিষয়া চন্দন বৰগোহাঁইৰ সম্পত্তিৰ তালিকা দেখিলেও বহু প্ৰশ্নৰ উত্থাপন হয়। ২০১৬বেটছৰ এই বিষয়াগৰাকী বৰ্তমান অতিৰিক্ত আয়ুক্ত পদত কৰ্মৰত। তেওঁ নিজে দাখিল কৰা সম্পত্তিৰ তালিকাত আয়ৰ উতসৰ সন্দৰ্ভত উল্লেখ আছে যে, তেওঁৰ বেছিক পে উইথ গ্ৰেড প্ৰে ৬০, ৬৯০টকা। 


মাহিলী টোটেল এলাউন্স লাভ কৰে এইগৰাকী বিষয়াই ৩৩,৩৬৬টকা। মাহিলী তেওঁৰ মুঠ দৰমহা ৯৪, ০৫৬টকা। তেওঁৰ দৰমহাৰ পৰা মাহিলী কৰ্তন হয় ১১,৩৯৪টকা। সকলো কৰ্তন কৰি তেওঁৰ মাহিলী দৰমহা পায় ৮২,৬৬২টকা। এই বিষয়াজনে তেওঁৰ ২০২৪বৰ্ষৰ সম্পত্তিৰ হিচাপত তেওঁৰ নামত কেৱল এডোখৰ মাটি থকা দেখুৱাইছে। 

সেই মাটি আছে ৰামচাৰাণী মৌজাৰ গ’গ ৰাজহ গাঁৱত। পট্টা নং ৫৫৩ আৰু দাগ নম্বৰ ৮৪৩। আজাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত সেই মাটিৰ অৱস্থান হ’ল মহানগৰীৰ ৰয়েল গ্লোবেল ইউনিভাৰচিটিৰ সমীপত। লক্ষ্যণীয় কথাতো হ’ল সেই স্থানৰ মাটিৰ বৰ্তমানৰ মূল্য প্ৰতি কঠাত কোটি টকাৰ ওপৰত। 

বিষয়াজনে তেওঁৰ নামত ১৫লোচাঁ মাটি ক্ৰয় কৰা দেখুৱাইছে যদিও সেই মাটিৰ মূল্য মাত্ৰ ৬লাখ বুলি উল্লেখ কৰিছে। এয়া সাধাৰণ লোকেও দেখিলে অনুভৱ কৰিব চৰকাৰী মেৰপাঁকৰ জৰিয়তে তেওঁ কৌশলেৰে মাটিৰ মূল্য হ্ৰাস কৰি দেখুৱাইছিল। 

এনেদৰে ঠগি থাকে চৰকাৰী বিষয়াই চৰকাৰক। চৰকাৰেও উদাস হৈ ইয়াৰ কোনো তদন্তৰ ব্যৱস্থা নকৰে। যাৰ সুযোগ চৰকাৰী বিষয়া সকলে লৈ আহিছে। বিৰ্তকিত আই এছ বিষয়া বৰ্ণালী ডেকা ২০০৯বৰ্ষৰ আছাম মেঘালয়ৰ কেডাৰ। তেওঁ বৰ্তমানৰ দৰমহা ২,২২,৯৮০টকা। 

বৰ্ণালী ডেকাৰো আছে যথেষ্ট সম্পত্তি। তেওঁ নিজে দাখিল কৰা তালিকাত উল্লেখ থকা মতে, নয়দা চেক্টৰ-২৪ত  তেওঁৰ মাতৃৰ নামত আছে এটা এপাৰ্টমেন্ট। দিল্লীত সেই এপাৰ্টমেন্টতো কিনাৰ সময়ত মূল্য দেখুওৱা হৈছিল মাত্ৰ ১৫লাখ। ইয়াৰোপৰি সৰুমটৰীয়াৰ শ্ৰী গণপতি এনক্লেভত আছে তেওঁৰ এটা ফ্লেট। ফ্লেটৰ নম্বৰ ৭(এ)। এই ফ্লেটটোৰ মূল্য ২২লাখ ২০হাজাৰ দেখুওৱা আছে সম্পত্তিৰ তালিকাত। চৰকাৰক জানিবলৈ দিয়া মতে, এই ফ্লেটতো তেওঁ মোমায়েকৰ পৰিয়ালৰ পৰা উপহাৰ পোৱা।

এইবোৰ কথা কিমান বিশ্বাসযোগ্য, তাৰো এক তদন্ত নিশ্চয় হ’ব লাগে। পল্লৱী কছাৰী নামৰ ২০১৩বৰ্ষৰ এ চি এছ বিষয়াগৰাকীৰ বেছিক পে ৬৬,২৬০টকা। তেওঁ লাভ কৰা মাহিলী এলাউন্স ৫৭,২১২টকা। তেওঁৰ সৰ্বমুঠ দৰমহা ১,২৩,৪৭২টকা। তেওঁৰ দৰমহাৰ পৰা কৰ্তন হয় ২৫,৪৩৯টকা। সকলো কৰ্তন কৰি তেওঁৰ প্ৰতিমাহে মুঠ দৰমহা ৯৮,০৩৩টকা।

বিষয়াগৰাকী অসম চৰকাৰৰ যুটীয়া সচিব পদবীত কৰ্মৰত। এই বিষয়াগৰাকীৰো আছে দক্ষিণ ৰাণী মৌজাত এটুকুৰা মাটি। যি মাটিকালি ২কঠা, ১৪লেচা। দাগ নম্বৰ ৭২২, পট্টা নং ২৮৪। এই মাটি তেওঁ কিনিছিল মাত্ৰ ৬লাখ ৭৫হাজাৰ টকাত। স্থাৱৰ সম্পত্তিৰ তালিকাত আৰু কোনো সম্পত্তিৰ হিচাপ নাই তেওঁৰ।
আন এগৰাকী এ চি এছ বিষয়া ধ্ৰুৱজ্যোতি দাস। ২০০২বৰ্ষৰ এই বিষয়াজনৰ বেছিক পে ৯৫,১২০টকা। তেওঁ টোটেল এলাউন্স লাভ কৰে মাহিলী ৫৮,৬২৪টকা। তেওঁৰ মুঠ দৰমহা হয়গৈ ১,৫৩,৭৪৪টকা। দৰমহাৰ পৰা কৰ্তন হয় ১৪,১০৮টকা। সকলো কৰ্তন কৰি মাহে তেওঁ দৰমহা পায় ১,৩৯,৬৩৬টকা।

তেওঁ ২০২৪বৰ্ষত দাখিল কৰা স্থাৱৰ সম্পত্তিৰ তালিকাত উল্লেখ আছে কেৱল এটুকুৰা মাটিৰ কথা। বেলতলা মৌজাৰ অন্তৰ্গত হাতীগাঁৱত থকা সেই মাটিকালি ১,৩২৫ বৰ্গফুট। এই ভূমি তেওঁ হেনো কিনিছিল ৪০লাখত। বৰ্তমান ইয়াৰ মূল্য দেখুৱাইছে ৪২লাখ। লগতে তেওঁ উল্লেখ কৰিছে ঘৰভাড়াৰ পৰা তেওঁ বছৰি পায় ১.৮০লাখ টকা।

এনে বহু উদাহৰণ দিব পাৰি। কমল বৰুৱা নামৰ আন এজন এ চি এছ বিষয়াই মাহিলী হাতে পোৱা দৰমহাৰ পৰিমাণ ৯৭,৩৫৮টকা। তেওঁ স্থাৱৰ সম্পত্তিৰ তালিকাত ২০২৪ত উল্লেখ কৰিছে মহানগৰীৰ সাউকুছিত তেওঁৰ আছে এটুকুৰা মাটি। সেই মাটিকালি ১কঠা ১১লেচা। ইয়াৰ চৰকাৰী মূল্য হেনো মাত্ৰ ১৬লাখ। সেই মাটিতেই তেওঁৰ আছে জি প্লাছ টু এটা নিৰ্মাণৰত বিল্ডিং। যিটো অট্টালিকাৰ মুঠ আয়তক্ষেত্ৰ ২৫শ বৰ্গফুট। 

এইবোৰ তথ্য চৰকাৰে মানি লৈছে সচাঁ বুলি। মহানগৰীৰ সাউকুছিত ১কঠা ১১লেচা মাটি, জি প্লাছ টু অট্টালিকাৰ মূল্য মাত্ৰ ১৬লাখ টকা। বিষয়াজনৰ সেই কথাকে চৰকাৰে মানি লৈ বিষয়টো সামৰি থলে। চৰকাৰী বিষয়াসকলে দাখিল কৰা স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ হিচাপ সঠিক হয়নে নহয়, তাৰ মূল্যায়নৰ বাবে এখন কমিটি গঠন কৰাৰ প্ৰয়োজন হৈ পৰিছে।

চাইবুৰ ৰহমান নামৰ বিষয়াগৰাকীৰ সম্পত্তিৰ তালিকা দেখিলে মানুহৰ চকু কপাঁলত উঠিব। কিন্তু তেওঁ চৰকাৰক কেইটামান সম্পত্তিৰ তালিকা দাখিল কৰিছিল যদিও উপ সচিব গৰাকীৰ বিৰুদ্ধে অৱশ্যে তদন্ত অব্যাহত আছে। 
যি তদন্তত বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। 
চৰকাৰী বিষয়াই নহয়, বিষয়াজনৰ পত্নী বা স্বামীৰ হিচাপো চৰকাৰে ল’ব লাগে। প্ৰয়োজনত পিতৃ-মাতৃৰ সম্পত্তিৰ হিচাপো দাখিল কৰাতো বাধ্যতামূলক কৰিব লাগে। কিয়নো আত্মীয়ৰ নামতেই বহু দুৰ্নীতিগ্ৰস্ত বিষয়াই সম্পত্তি ক্ৰয় কৰে। 

ৰাজহচক্ৰ বিষয়াসকলৰ দুৰ্নীতি এতিয়া অন্যতম এক সমস্যা হৈ পৰিছে। নূপুৰ বৰা নামৰ ৰাজহ চক্ৰ বিষয়াগৰাকীৰ নিচিনা আৰু বহু ৰাজহ চক্ৰ বিষয়া আছে। মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰেই নূপুৰ বৰাক যদি বৰপেটাত অনিয়ম কৰাৰ বাবে শাস্তিমূলক বদলি দিয়া হৈছিল, সেই বদলি কিয় কামৰূপ গ্ৰাম্যৰ গৰৈমাৰী ৰাজহচক্ৰলৈ কৰা হৈছিল! এয়া শাস্তি আছিল নে উপহাৰ আছিল? 

ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগটো এটা বগা হাতীৰ বাদে আন একো নহয়। আনহে নালাগে ৰহস্যজনক কাৰণত এই বিভাগটোৰ বিষয়াসকলৰ ৰদ-বদল কৰাৰ নিৰ্দেশ বিভাগটোৰ ৱেবচাইটত আপলোড কৰা নহয়। কাৰণ বদলিৰ নামতে এই বিভাগত চলে এখন বিশাল বজাৰ। 

প্ৰায় দেখা যায় বহু বিষয়াই বদলিৰ নিৰ্দেশ পোৱাৰ পাছত গুৱাহাটীলৈ আহি সেই নিৰ্দেশ প্ৰত্যাহাৰ কৰে। এই মেনেজ কেনেকৈ হয় ৰাজহ বিভাগত? ৰাজহ বিভাগৰ শীৰ্ষ বিষয়াসকলে এই বিভাগটোৰ কাম-কাজ নিৰীক্ষণ নকৰে নেকি? কিয় অনুষ্ঠিত নকৰে প্ৰতিমাহে পৰ্যালোচনা বৈঠক?  কি কাম কোন ৰাজহচক্ৰ বিষয়াই কৰিলে, তাৰ নিৰীক্ষণ কিয় নহয়? 

বহু বিষয়াৰ পেট্ৰল পাম্প পৰ্যন্ত আছে। সঠিক সম্পত্তিৰ হিচাপ চৰকাৰক এ চি এছ, এ পি এছ, এল আৰ এছ বা অন্যান্য সেৱাৰ বিষয়াসকলে নিদিয়াকৈয়ে থাকে। নূপুৰ নামৰ ৰাজহ চক্ৰ বিষয়াগৰাকীৰ বিৰুদ্ধে ৰাজহ বিভাগ আৰু জিলা প্ৰশাসনে বৰপেটাৰ থাকোতে তদন্তৰ নিৰ্দেশ দিছিল। 

সেই তদন্তৰ নিৰ্দেশত কি ওলাইছিল? নে মেনেজ হ’ল এইবোৰ? জিলাখনত ইমান সংখ্যক এ চি এছ বিষয়া থকাৰ পাছতো নূপুৰক কিয় ৰাজহ চক্ৰ বিষয়াৰূপে বদলি কৰা হৈছিল? পাৰ্থ প্ৰতিম বৰ্মণ নামৰ বিষয়াগৰাকীৰ বিৰুদ্ধে দুৰ্নীতিৰ বহু অভিযোগ আছে। পুনৰ তেওঁ বিৰ্তকত। এইজন বিষয়াক কিয় মানকাচৰত ৰাজহ চক্ৰ বিষয়া কৰা হৈছিল? ফুলজাৰি কেচত অভিযুক্ত এইজন বিষয়া। 

তেনে দুৰ্নীতিগ্ৰস্ত বিষয়াসকলেই হেনো পায় ভাল পোষ্টিং। অভিযোগ মতে, ভাল এটা পোষ্টিঙৰ বাবেও দিব লাগে ৩০-৪০লাখ টকা। যদি সেয়াই হয়, ধন ঘটাৰ অভিযানতে ব্যস্ত হৈ পৰে এচাম উচ্চ পদস্থ বিষয়া। চৰকাৰৰ চকুত ধূলি দি তেওঁলোকে চলাই লুন্ঠন। 

যদি সচাঁই প্ৰশাসনক দুৰ্নীতিমুক্ত কৰাৰ কথা চৰকাৰে চিন্তা কৰিছে, তেনে সম্পত্তিৰ হিচাপ দাখিলৰ পৰাই আৰম্ভ কৰিব লাগিব অভিযান। এই প্ৰক্ৰিয়াক ভালুকৰ সাঙি কৰাৰ সলনি বিষয়াসকলৰ প্ৰকৃত আয় আৰু সম্পত্তিৰ সঠিক তথ্য আহৰণৰ বাবে বিশেষ তদন্তকাৰী গোটো গঠন কৰিব লাগিব। তেওঁলোকৰ নজৰত এই সকল বিষয়া থাকিলে অন্তঃত সম্পত্তিৰ পাহাৰ গঢ়া বিষয়াসকল সেই ৰাডাৰত ধৰা পৰিব। 

তেওঁলোকে দাখিল কৰা সম্পত্তিৰ তালিকা দেখিলে এনে লাগিব- দুখীয়া, দুখীয়া... অতিকৈ দুখীয়া, আমাৰ এইসকল চৰকাৰী বিষয়া। কিন্তু বাস্তৱত তেওঁলোক ধনীয়েই নহয়, মহাধনী আৰু কোটি কোটি স্থাৱৰ, অস্থাৱৰ সম্পত্তিৰ গৰাকী...

অসম গুৱাহাটী