/asomiyapratidin/media/media_files/2026/03/04/4e79ce5b-7408-4f66-9445-5c9beca644dc-2026-03-04-12-13-36.jpg)
মৃদুল কুমাৰ সন্দিকৈ
আজিৰ দিনত আটাইতকৈ বেছি বিৰোধী মিত্ৰতাক লৈ যদি ৰাজনীতি কৰিছে, সেইজনেই হৈছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। অখিল গগৈক কেন্দ্ৰ কৰি বিৰোধীৰ প্ৰস্তাৱিত মিত্ৰতাৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কৰা শেহতীয়া মন্তব্যবোৰ লক্ষ্যণীয়। অখিল গগৈয়ে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিলে তেওঁ ব্যক্তি স্বাৰ্থ ৰাজনৈতিক মুনাফা প্ৰতিফলিত হ’ব বুলি এক নেৰেটিভ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে এৰি দিছে।
একেজন মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছে ৪২জনীয়া প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰাৰ পাছত ৰাইজৰ দলৰ সভাপতিগৰাকীক দলটোৱে ৰাজনৈতিক ব্লেকমেইল কৰা বুলি সান্ত্বনা বাণীও এৰা নাই। এই সান্ত্বনা বাণীতে লুকাই আছে আনক এক ৰাজনৈতিক হেচাঁ। কিয়নো ইমানৰ পাছত অকণমান বিবেক থাকিলেও কোনো লোকে কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰে বুলি মুখ্যমন্ত্ৰীয়ে অখিল গগৈক কংগ্ৰেছৰ কাষৰ পৰা আঁতৰি প্ৰৰোচিত কৰিছে।
অখিল গগৈয়ে কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰিলে বিজেপিয়ে তাৰ সুযোগ গ্ৰহণ কৰিব পাৰিব ২০২৬ৰ নিৰ্বাচনত। সেয়েহে যিকোনো প্ৰকাৰে নগলা বৰফৰ টুকুৰা দুয়োপক্ষৰ মাজত মুখ্যমন্ত্ৰী শৰ্মাই নিক্ষেপ কৰিছে। প্ৰশ্ন হয়, কংগ্ৰেছৰ ইংগিতপূৰ্ণ সিদ্ধান্ত আৰু ৰাজনৈতিক সক্ৰিয়তাৰ পাছত অখিল গগৈয়ে এতিয়া কি কৰিব?
ৰাইজৰ দলে নিশ্চয় অকলেই নিৰ্বাচন খেলিব লাগিব! যিসকল শক্তিশালী প্ৰাৰ্থীৰ কথা তেওঁলোকে ইমানদিনে কৈ আহিছিল, সেই সকলক নিৰ্বাচনী ৰণত নমোৱাৰ বাদে আন বিকল্প দলটোৰ নেতৃত্বৰ হাতত নাই। মিত্ৰতাক পৃষ্ঠপোষকতা কৰা বিয়াগোম পৃষ্ঠপোষকসকলে এই পৰিস্থিতিত এতিয়া চত্ৰভংগ দিছে।
লক্ষ্যণীয়ভাৱে তেওঁলোক নীৰৱ হৈ পৰিছে। হোটেলে হোটেলে চাহ-মিঠাই খাই মিত্ৰতাৰ ৰূপৰেখা প্ৰস্তুত কৰা সকল যে মূলতঃ একো একোজন নপতা ফুকনহে আছিল সেয়া এতিয়া প্ৰমাণ হৈছে। দুয়োটা দলৰ মাজত এক সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ কংগ্ৰেছক বাধ্য কৰাব নোৱাৰিলে এই মিত্ৰতাৰ অংশীদাৰ হোৱাৰ সহযোগী হোৱা দলবোৰেও।
বিশেষকৈ লুৰীণজ্যোতি গগৈ, মনোৰঞ্জন তালুকদাৰ, জন ইংতি কাথাৰ, অজিত ভূঞা আদিয়ে এই সময়চোৱাত অখিল গগৈৰ হৈ কংগ্ৰেছৰ নেতৃত্বৰ সন্মুখত এষাৰো মুকলি মন্তব্য কৰা দেখা নগ’ল। নিৰ্বাচনৰ পাছত আকৌ বিয়াগোম বিশেষজ্ঞ সকল, মিত্ৰতাৰ ছদ্মবেশী পৃষ্ঠপোষকসকল সাৰ পাব।
নিৰ্বাচনত কোন সমষ্টিত, কোন দলৰ প্ৰাৰ্থীয়ে কিমান ভোট লাভ কৰিলে সেই ভোটৰ সংখ্যা যোগ-বিয়োগ কৰি মিত্ৰতা হোৱা হ’লে কি হ’লহেতেন তাৰ অস্ত্ৰোপচাৰ চলাব। তেতিয়ালৈকে বিজেপি বহু আগবাঢ়ি যাব। যি ৰাজনীতি গৌৰৱ গগৈয়ে অখিল গগৈক সংগী কৰি লৈ কৰিব বুলি আশা কৰা হৈছিল, সেই ৰাজনীতি বৰ্তমান সময়ত মুখ্যমন্ত্ৰীয়ে অখিল গগৈৰ প্ৰসংগৰে কংগ্ৰেছৰ লগত কৰি আছে।
অখিল গগৈ বহু ভুলৰ ভিতৰত তেওঁৰ নিজৰ বিশ্বাসযোগ্যতা ৰাজনৈতিকভাৱে প্ৰতিপন্ন কৰিব নোৱাৰাতো এই মিত্ৰতাই আনুষ্ঠানিক ৰূপ নোপোৱা অন্যতম কাৰণ। অসমত আঞ্চলিকতাৰ ৰাজনীতিৰ সম্ভাৱনা আৰু প্ৰাসংগিকতা থকাৰ পাছতো ইয়াক ৰাজনৈতিকভাৱে প্ৰতিষ্ঠা কৰিব পৰা নাই।
সেই আঞ্চলিক ৰাজনৈতিক শক্তিবোৰ এতিয়া নামতহে আছে। এনে শক্তিবোৰে আঞ্চলিকতাবাদক আগুৱাই নিব পৰাকৈ যি নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব লাগিছিল, সেই ভূমিকা পালন কৰিব নোৱাৰাৰ বাবেই ৰাষ্ট্ৰীয়তাবাদী দলবোৰে এই আঞ্চলিক শক্তিবোৰক নিজৰ কবলত ৰাখিছে।
অগপ এতিয়া বিজেপিৰ দৰে ৰাষ্ট্ৰীয়তাবাদী আঞ্চলিক দলৰ পুতলা হৈ পৰিছে। বিজেপিৰ সংগী হৈ দলটোৱে জাতীয়তাবাদক কেতিয়াবাই বন্ধকত থৈ কোনোমতে দুই-তিনিজন নেতাৰ সুবিধা অনুসৰি নামত এক ৰাজনৈতিক দল হৈ আছে। তৃণমুল পৰ্যায়ত ইয়াক লৈ প্ৰতিক্ৰিয়া হৈছে যদিও অগপৰ নেতৃত্বই বিজেপি মেৰপাঁকৰ পৰা দলটোক উলিয়াই অনাৰ শক্তি হেৰুৱাই পেলাইছে।
নীতি-আদৰ্শক বিসৰ্জন দিয়া অগপৰ দৰেই দশা হৈছে বড়ো ৰাজনীতিত আত্মপ্ৰকাশ কৰিয়েই আশাবাদৰ সঞ্চাৰ ইউ পি পি এল দলৰো। প্ৰমোদ বড়োৰ দুৰ্বল নেতৃত্বৰ বাবেই ইউ পি পি এল এতিয়া দিশহাৰা। বিজেপিয়ে সেই সুযোগ বুজি হাগ্ৰামা মহিলাৰীক বুকুৰ মাজলৈ টানি আনি প্ৰমোদ বড়োকো নিৰ্দিষ্ট দুৰত্বত ৰখা থৈছে।
ৰাজ্যসভাৰ তৃতীয়খন আসনত প্ৰমোদ বড়োক প্ৰেৰণ কৰিবলৈ লৈ দুয়োটা দলকে ৰাজনৈতিক পিঞ্জৰাত বন্দী কৰি পেলাইছে বিজেপিয়ে। বিজেপিৰ দৰে কংগ্ৰেছেও একেটা কামকেই কৰিছে। লুৰীণজ্যোতি গগৈক কংগ্ৰেছে ৰাজনৈতিক সংগী কৰি ৰাখিছে যদিও তেওঁ পূৰ্বৰ জাতীয়তাবাদী চিন্তা-চেতনাত কংগ্ৰেছৰ আচোঁৰ পৰিছে।
একেখন ৰাজনৈতিক পাশাখেলত অখিল গগৈকো কংগ্ৰেছে পৰাস্ত কৰি এনে এক পৰ্যায়লৈ ঠেলি দিছে যে, কংগ্ৰেছৰ ওচৰত অখিল গগৈয়ে কেইটামান সমষ্টি বিচাৰি ভিক্ষাৰ জোলোঙা লৈ থিয় হ’ব লগা হৈছে। ইয়াকো উপেক্ষা কৰি কংগ্ৰেছে বুজাই দিছে যে, অখিল গগৈ তেওঁলোকৰ বাবে কোনো ফেক্টৰ নহয়।
এয়া অসমৰ বাবে ৰাজ্য এখনৰ বাবে আজিৰ ৰাজনৈতিক বাস্তৱতা। এই ৰাষ্ট্ৰীয়তাবাদী শক্তিৰ ওচৰত মূৰ তুলি সগৌৰৱেৰে থিয় হ’ব পৰা আঞ্চলিক ৰাজনৈতিক শক্তিৰ নেতাৰ অভাৱ এতিয়া। বিগ ব্ৰাডাৰ হৈ এই ৰাষ্ট্ৰীয়তাবাদী দল দুটাই অগ্ৰাসী হাতেৰে জাতীয়তাবাদী ধ্বজ্বা কঢ়িয়াব খোজা নেতা সকলক কাবু কৰি পেলাইছে...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us