/asomiyapratidin/media/media_files/2026/01/04/093a59d8-6ca5-415d-8646-78ade09c2919-2026-01-04-13-05-56.jpg)
মৃদুল কুমাৰ সন্দিকৈ
ভাল খবৰবোৰ সাধাৰণতে বৰ লাহে লাহে প্ৰচাৰ আৰু প্ৰসাৰ হয়। তাৰ বিপৰীতে বেয়া আৰু নেতিবাচক কথাবোৰ বতাহৰ গতিত ক্ষীপ্ৰতাৰে দৌৰে। শনিবাৰ, দুপৰীয়া ভাগত অসমীয়া প্ৰতিদিনৰ কাৰ্যালয়লৈ আহিছিল কাব্যনীল তালুকদাৰ। লগত আছিল তেওঁৰ পিতৃ।
শেহতীয়াকৈ কাব্যনীলে এটা নতুন এপ প্ৰস্তুত কৰিছে। এই এপটোৱে অসমীয়া ভাষালৈ ডিজিটেল মাধ্যমত যুগান্তকাৰী পৰিৱৰ্তন আৰু চমক আনিব। কাব্যনীলে তেওঁৰ ভাতৃ ইন্দ্ৰনীল তালুকদাৰৰ সৈতে প্ৰস্তুত কৰা এপটোৰ বিষয়ে চমুকৈ বিৱৰণ দাঙি ধৰিছিল।
সেই সময়ত কাব্যনীলে কৈ থকা কথাবোৰ তেওঁলোকে প্ৰস্তুত কৰা এপটোৰ জৰিয়তে ভইচৰ পৰা লিখিত ৰূপ দিয়া হৈছিল। কাব্যনীলে কথাবোৰ কৈ গৈছিল আৰু আখৰ-AI নামৰ এপটোৰ ৰেকৰ্ডিং বুটাম টিপি তাক ইউনিকডৰ লিখিত ৰূপলৈ ৰূপান্তৰ কৰা হৈছিল।
তেনেদৰে ৰূপান্তৰ কৰা এই এপটোৰ সন্দৰ্ভত কাব্যনীলৰ কথাখিনি আছিল এনেধৰণৰ- পৰিকল্পনাটো আৰম্ভ হৈছিল যেতিয়া কৃত্ৰিম বুদ্ধিমত্তা পৃথিৱীত বিকশিত হৈছিল। সেই সময়ত আমি নতুন কৃত্ৰিম বুদ্ধিমত্তা প্ৰযুক্তিসমূহ পৰীক্ষা কৰি আছিলোঁ। তেতিয়া ইংৰাজী ভাষাত ই যথেষ্ট সূক্ষ্মভাৱে কাম কৰিব পাৰিছিল, যেনে চেট জি পি টি বা জেমিনাই।
কিন্তু আমাৰ ভাষাসমূহত ই সঠিকভাৱে কাম কৰা নাছিল, বহুতো ভুল কৰিছিল। তেতিয়া আমি ভাবিলোঁ যে এনে এটা প্লেটফৰ্মৰ প্ৰয়োজন, যিটো কোনো শিকিব নালাগে। পোনপটীয়াকৈ ইংৰাজীত লিখিলে সঠিকভাৱে অনুবাদ কৰি দিব পাৰে। সেয়েহে আমি প্ৰথমে প্লেটফৰ্মটো নিৰ্মাণ কৰিলোঁ।
তাৰপিছত আমি উপলব্ধি কৰিলোঁ যে, কণ্ঠস্বৰৰো প্ৰয়োজন, সেয়েহে কণ্ঠস্বৰৰ সুবিধাও সংযোজন কৰা হ’ল। বৰ্তমান, যদি আপোনালোকৰ পৰা প্ৰতিক্ৰিয়া পোৱা যায়, সেই অনুসৰি নতুন সুবিধাসমূহ সংযোজন কৰি ইয়াক ক্ৰমাৎ উন্নত কৰি লৈ যোৱা হ’ব। ই ভুল কৰিব পাৰে, কিন্তু প্ৰতিটো ভুলেই সংশোধনযোগ্য। ই কেৱল এটা নিৰ্দিষ্ট প্ৰসংগত ভুল কৰিব পাৰে, সেয়েহে ইয়াক সৰু ভুল বুলি গণ্য কৰিব পাৰি।
অসমীয়া ভাষাত আজিৰ ডিজিটেল মাধ্যমৰ যুগত এনে এক প্ৰয়াস অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ইতিবাচক খবৰ। কল্পনা কৰি চাওকচোন, এই এপটোৰ জৰিয়তে এটা মাত্ৰ বুটাম টিপি আপুনি আপোনাৰ মনৰ কথাবোৰ কৈ যাব আৰু এপটোৱে শুদ্ধ আৰু সঠিক ৰূপত আপোনাক লিখিব দিব।
কিমান ইতিবাচক খবৰ হ’ব পাৰে এয়া। লিখক, সাংবাদিক বা আন সাধাৰণ লোকৰ বাবে এই এপ অত্যন্ত উপযোগী। অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰ আছিল কাব্যনীল। ৰুবিকছ কিউবৰ বিশ্ব চেম্পিয়ন আছিল এইজন কাব্যনীল।
গুৱাহাটী মহানগৰীৰ লুইত নগৰৰ বাসিন্দা কাব্যনীলে কটন বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ বিষয়ত স্নাতক ডিগ্ৰী গ্ৰহণ কৰি এই উদ্ভাৱনৰ সৈতে জড়িত হৈ পৰিছে ভাতৃ ইন্দ্ৰনীলৰ সৈতে মিলি। এপটো ব্যৱহাৰকাৰীসকলৰ বাবে প্ৰথম এসপ্তাহ বিনামূলীয়া যদিও পৰৱৰ্তী সময়ত গ্ৰাহকে সাপ্তহিক, মাহেকীয়া, বছেৰেকীয়া আৰু আজীৱনৰ বাবে কিছু ধন ব্যয় কৰি ক্ৰয় কৰিব লাগিব।
কম্পিউটাৰ আৰু এনন্ডইয়ড মোবাইলত এই এপ ব্যৱহাৰৰ উপযোগী হৈছে আৰু পৰৱৰ্তী সময়ত IOSৰ বাবেও উপযোগী কৰি তুলিব। এতিয়ালৈকে প্ৰায় ১৮হাজাৰ লোকে এই এপ ব্যৱহাৰ কৰি সুফল পাইছে। ২০২৫ৰ ৩০জানুৱাৰীত প্ৰথম এই এপটো মুকলি কৰি দিয়া হৈছিল।
তাৰ পূৰ্বে তেওঁলোকে ইংৰাজী আৰু অসমীয়া ভাষাৰ এখন ই-অভিধান এই এপৰ জৰিয়তে প্ৰস্তুত কৰি উলিয়াইছিল। আখৰ নামৰ সেই ই-অভিধানখন ২০২১তে তেওঁলোকে প্ৰস্তুত কৰিছিল। সেই অভিধানৰ এপটোত আছে ৪৭হাজাৰ শব্দ আৰু ৮০০ ফকৰা-যোঁজনা।
ইন্দ্ৰনীল-কাব্যনীলৰ আখৰ-AI এপ যিসকলে ব্যৱহাৰ কৰিছে, তেওঁলোক হতাশ হোৱা নাই। ইয়াৰ শুদ্ধতা আৰু সঠিক শব্দৰ প্ৰয়োগ মনকৰিবলগা। এই এপতে আছে আন কিছু সুবিধা। এ আইৰ জৰিয়তে কন্ঠস্বৰৰ জৰিয়তে লিখা লেখাবোৰ এটা বুটা টিপি ইয়াৰ ক্ৰিয়েটিভ, সৰল, দীঘল-ছুটী আৰু শুৱলা কৰিব পাৰি।
আছে ইয়াৰ সৈতে অসমীয়া, বঙালী, হিন্দী, ইংৰাজীলৈ অনুবাদ কৰিব পৰাৰ সুবিধা। এসপ্তাহৰ বাবে এই এপৰ সুবিধা গ্ৰহণ কৰিবলৈ ভৰিব লাগিব- ২০০টকা, এমাহৰ বাবে- ৬০০টকা, এবছৰৰ বাবে- ২৪০০টকা আৰু আজীৱন ইয়াৰ সুবিধা লাভ কৰিবলৈ ৩০০০টকা দিব লাগিব গ্ৰাহকে।
অৱশ্যে এ আই কনটেন্ট জেনেৰেশ্যনৰ বাবে পৃথক টোকেনৰ ব্যৱস্থা আছে। সেয়া অতি কম মূল্যত উপলদ্ধ কৰা হৈছে। কন্ঠস্বৰৰ জৰিয়তে লেখা কথাবোৰ কপি আৰু শ্বেয়াৰ কৰিব পাৰি সহজতে। অসমীয়া ভাষাত ইমান দিনে প্ৰয়োজনীয় এই এপটো এবছৰৰ পূৰ্বেই তেওঁলোকে প্ৰস্তুত কৰি উলিয়াইছিল যদিও তাৰ প্ৰচাৰ আৰু প্ৰসাৰ যিধৰণে হ’ব লাগিছিল তেনেধৰণে হোৱা নাই।
এই এপটোৰ নামৰ সন্দৰ্ভত কাব্যনীলে ক’লে- আখৰে যিহেতু ভাষা এটাৰ আৰম্ভণি। সেয়েহে এই এপটোৰ নাম তেওঁলোকে আখৰ ৰাখিলে। ভৱিষ্যতে ইয়াক আৰু অধিক উন্নত ৰূপত পৰ্যায়ক্ৰমে প্ৰস্তুত কৰিবলৈ চেষ্টা চলাই গৈছে বুলি জানিবলৈ দিয়ে কাব্যনীলে।
এইবোৰ কাম যদি কাব্যনীল আৰু তেওঁৰ ভাতৃয়ে আমেৰিকা, লণ্ডনত থাকি কৰিলেহেতেঁন, তেতিয়া ইয়াৰ গুৰুত্ব আৰু সমাদৰ বেলেগ পৰ্যায়ত লাভ কৰিলেহেঁতেন। মেধাৱী ছাত্ৰদ্বয়ে অসমতেই থাকি অসমীয়া ভাষাৰ বাবে পৰিৱৰ্তনকামী এপ প্ৰস্তুত কৰাৰ বাবেই হয়তো মানুহে ইয়াৰ গুৰুত্ব উপলদ্ধি কৰা নাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us