/asomiyapratidin/media/media_files/2025/11/10/ujjjd-2025-11-10-00-06-32.jpg)
ডিম্পুল বৰগোহাঁই
মহাবাহুৰ ওপৰত গুৱাহাটীৰ আকাশত ৯নৱেম্বৰ, ২০২৫ত ভাৰতীয় বায়ু সেনাই প্ৰদৰ্শন কৰিলে শক্তি। ৯৩সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি বায়ু সেনাই আয়োজন কৰিছিল এই এয়াৰ শ্ব'। ৭৫খন যুজাঁৰু বিমানেৰে ভাৰতীয় বায়ু সেনাই গুৱাহাটীৰ আকাশ-বতাঁহ কপাই তুলিলে।
গুৱাহাটীৰ আকাশত তথা উত্তৰ-পূবৰ দুৱাৰ মুখত ভাৰতীয় বায়ু সেনাৰ এই শক্তি প্ৰদৰ্শনে কেৱল ইয়াতেই যে কপঁনি তুলিছে তেনে নহয়। এই কপঁনি গৈ স্পৰ্শ কৰিছেগৈ উত্তৰ-পূবৰ ভূখণ্ডৰ ওপৰত লুলুপ দৃষ্টি ৰখা বাংলাদেশ আৰু চীনৰ বুকু। চিকেন নেক'ৰ ওপৰত সঘনাই চকু দি অহা চুবুৰীয়া দেশসমূহক বায়ু সেনাই যেন পৰোক্ষভাৱে এক সকিয়নীহে প্ৰদান কৰিলে!
চিকেন নেক'ক লৈ বাংলাদেশ আৰু চীনৰ কু অভিসন্ধিৰ কথা নতুনকৈ কোৱাৰ হয়তো প্ৰয়োজন নাই। চলে-বলে চিকেন নেকক নিজৰ কৰিবলৈ বাংলাদেশে আনকি পাকিস্তানৰো সহায় বিচাৰিছে। অতি সন্তৰ্পণে শিলিগুৰি এই কৰিডৰৰ নিচেই কাষতে চীনৰ সহযোগত এয়াৰ বেছ নিৰ্মাণৰ পৰিকল্পনা হাতত লৈছে ঢাকাই।
শিলিগুৰি কৰিডৰ যাক চিকেন নেক বুলিও কোৱা হয়, তাৰ পৰা লালমনিৰহাট বিমান ঘাটিলৈ দূৰত্ব মাত্ৰ ১৩৫ কিলোমিটাৰ। যিহেতু শিলিগুৰি কৰিড’ৰ ভাৰতৰ উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু মূল ভূখণ্ডৰ মাজত একমাত্ৰ স্থল সংযোগ, সেয়েহে এই কৰিডৰটোক লৈ বিশ্বৰ ভূ-ৰাজনীতি আৰু ভূ-কৌশল বিশেষজ্ঞসকলৰ মাজত বিভিন্ন আলোচনাৰ বিষয় হৈ পৰিছে।
৬০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই কৰিডৰৰ কিছু অংশ মাত্ৰ ২০-২২ কিলোমিটাৰহে বহল। ইয়াৰ দুয়োফালে নিচেই কাষতে দুখন বিদেশ ৰাষ্ট্ৰ। এফালে নেপাল, আনফালে বাংলাদেশ। অলপ আঁতৰলৈ আহিলে আছে ভূটান। ইয়াৰ পৰা চীন সীমান্তৰ সীমাও ১০০ কিলোমিটাৰতকৈও কম। অৰ্থাৎ চিকেন নেকৰ এই সংকীৰ্ণ ভূমিৰ চাৰিওফালে আৰু চাৰিখন বিদেশ ৰাষ্ট্ৰ।গতিকে ভূ-কৌশলগত দৃষ্টিকোণৰ পৰা শিলিগুৰি কৰিডৰটো অতি ‘সংবেদনশীল’।
দ্বিতীয় বিশ্বযুদ্ধৰ সময়তে শিলিগুৰি কৰিডৰৰ নিচেই কাষতে বৰ্তমানৰ বাংলাদেশৰ লালমনিহাটত নিৰ্মাণ কৰা হৈছিল এটা বিমান ঘাটি। এই বিমান ঘাটি বৰ্তমান সম্পূৰ্ণ ৰূপে নিষ্ক্ৰিয় হৈ আছে। এই ঘাটিটোকে পুনৰ সক্ৰিয় কৰি তোলাৰ পৰিকল্পনা ঢাকাৰ। ১৯৩১ চনতে ব্ৰিটিছ বায়ুসেনাই নিৰ্মাণ কৰা এই বিমানঘাটি দ্বিতীয় বিশ্বযুদ্ধ অন্ত পৰাৰ পিছতে বন্ধ হৈ পৰে।
দেশ বিভাজন হোৱাৰ পিছত ১৯৫৮ চনত তেতিয়াৰ পাকিস্তান চৰকাৰে এই বিমান ঘাটি পুনৰ অসামৰিক যাত্ৰী সেৱাৰ বাবে মুকলি কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত ইয়াক সক্ৰিয় কৰি ৰাখিবলৈ সমৰ্থ নোহোৱা পাকিস্তান চৰকাৰে পুনৰ বন্ধ কৰি দিয়ে। শ্বেইখ হাছিনাৰ কাৰ্যকালত পৰিত্যক্ত এই বিমানঘাটিত এখন বিশ্ববিদ্যালয়হে নিৰ্মাণৰ কথা ঘোষণা কৰিছিল। য’ত বিমান পৰিবহণ, মহাকাশ প্ৰযুক্তিৰ শিক্ষাৰ ব্যৱস্থাৰ কথা কোৱা হৈছিল।
শ্বেইখ হাছিনাৰ এই সিদ্ধান্ত আছিল বাংলাদেশৰ দৰে এখন দেশৰ ভৱিষ্যত প্ৰজন্মৰ বাবে অতি গুৰুত্বপূৰ্ণ। কিন্তু শ্বেইখ হাছিনাৰ পতনৰ পিছতে মহম্মদ ইউনুছৰ প্ৰশাসনে শ্বেইখ হাছিনাৰ সেই সিদ্ধান্তক বাতিল কৰি ইয়াক পুনৰ কাৰ্যক্ষম কৰাতহে অধিক গুৰুত্ব প্ৰদান কৰিছে।
মহম্মদ ইউনুছৰ এনে তৎপৰতাৰ আঁৰত আছে ভাৰত বিৰোধী এক গভীৰ ষড়যন্ত্ৰ। এই বিমানঘাটিৰ ভৌগলিক অৱস্থান কেইবাটাও কাৰণত অতি গুৰুত্বপূৰ্ণ। প্ৰত্যক্ষভাৱে ভাৱে ভাৰতৰ সৈতে সংঘাতত লিপ্ত হ’ব নিবিচৰা বাংলাদেশে সেয়ে কৌশলগত ভাৱে অতি সংবেদনশীল এই চিকেন নেকৰ কাষতে চীনৰ সহায়ত বিমানঘাটি সক্ৰিয় কৰি ভাৰতক চাপত ৰাখিব বিচাৰিছে।
ব্যৱসায়ীক কাৰণত এই বিমানঘাটি পুনৰ সক্ৰিয় কৰিবলৈ চেষ্টা কৰাৰ কথা কৈছে যদিও দৰাচলতে ইউনুছে চিকেন নেকৰ কাষলৈ আহিবলৈ চীনক সুযোগ সৃষ্টি কৰি দিছে। অৰুণাচল, ছিকিমত আগ্ৰাসী হৈ পৰা চীনক শিলিগুৰিৰ কাষলৈ আহিবলৈ সুযোগ কৰি দি বাংলাদেশে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলক অধিক সংবেদেনশীল কৰি তুলিবলৈ বিচাৰিছে।
যদিও এই বিমান ঘাটিক ব্যৱসায়ীক কাৰণত পুনৰ মুকলি কৰা কথা কোৱা হৈছে তথাপিও কিন্তু যিকোনো মুহূৰ্ততে ইয়াক সামৰিক ঘাটি হিচাপে ব্যৱহাৰ কৰিব পাৰিব। এতিয়ালৈকে চীনে কেৱল উপগ্ৰহৰ ছবিৰ জৰিয়তেহে শিলিগুৰি কৰিডৰ সম্পৰ্কে তথ্য লাভ কৰি আহিছিল। যি তথ্য আছিল বহু অস্পষ্ট। কিন্তু বাংলাদেশৰ বিমানবন্দৰ পুনৰুজ্জীৱিত কৰাৰ নামত যদি চীনে লালমণিৰহাটত সক্ৰিয় হোৱাৰ সুযোগ লাভ কৰে তেন্তে শিলিগুৰি কৰিড’ৰত তীক্ষ্ণ দৃষ্টি ৰাখিব পাৰিব। ৰাডাৰ ব্যৱস্থা ব্যৱহাৰ কৰিও বিভিন্ন তথ্য সংগ্ৰহ কৰিব পাৰিব।
চীন আৰু বাংলাদেশৰ এনে কু অভিসন্ধিৰ মাজতে গুৱাহাটীত ভাৰতীয় বায়ু সেনাই এই শক্তি প্ৰদৰ্শনেৰে চুবুৰীয়া ৰাষ্ট্ৰক যেন মহাবীৰ লাচিতক আগত লৈ এক শক্তিশালী সকিয়নী প্ৰদান কৰিলে। গুৱাহাটীত ভাৰতীয় বায়ুসেনাৰ এই শক্তি প্ৰদৰ্শন কেৱল এক এয়াৰ শ্ব' নহয় l ই এক স্পষ্ট বাৰ্তা- 'চিকেন নেকত চকু নিদিবা' ।
উল্লেখ কৰা প্ৰয়োজন যে, ইতিমধ্যে শিলিগুৰি কৰিডৰত লাখৰ ঘৰত সেনা মোতায়ন কৰিছে ভাৰতীয় সেনাই । আহি আছে সেনাৰ তিনিটা নতুন বাহিনী। চীনৰ সীমান্তলৈকে অজস্ৰ অত্যাধুনিক যুজাৰু বিমানৰ অৱতৰণ শিবিৰ আৰু এয়াৰ ফৰ্চ ষ্টেচন সাজু কৰি তোলা হৈছে ।
এনে সময়ত গুৱাহাটীৰ আকাশত ৰাফেল, চুখয়, তেজছ, আপাচি, গ্লোব মাষ্টাৰ, মিড এয়াৰ ৰি-ফুৱেলিং এয়াৰক্ৰাফ্ট, ধ্ৰুৱ হেলিকপ্টাৰ, AWACS চাৰভিলেন্স এয়াৰক্ৰাফ্ট, জাগোৱাৰ আদিৰ সমৰ সজ্জা দেখি ভাৰতৰ তথা উত্তৰ-পূবৰ মাটিত চকু দি থকা সকলৰ বুকুত যে কপঁনি উঠিছে সেয়া নিশ্চিত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us