হিমন্ত ৩৬৫…

হিমন্ত ৩৬৫…

মৃদুল কুমাৰ সন্দিকৈ

এটা বছৰ কম সময় নহয়। বিজেপিৰ প্ৰতি ৰাইজৰ বহু বিশ্বাস আৰু আস্থাৰ প্ৰতিফলন ঘটিছিল শেহতীয়াকৈ অনুষ্ঠিত হোৱা অসম বিধানসভা নিৰ্বাচনৰ ফলাফলত। তেনে বিশ্বাস নিসন্দেহে কাৰোবাৰ ওপৰত যদি কৰিছিল সেই বিশ্বাস আছিল ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি।

সন্দেহো আছিল বহুতৰ। কিন্তু সেই সন্দেহ মাৰ গৈ বিশ্বাসৰ আধাৰত প্ৰগতি, উন্নয়ন আৰু প্ৰতিশ্ৰুতি ৰূপায়নৰ এক পৰিৱেশ ঘূৰি আহিব বুলিয়ে মানুহে আশা কৰিছিল। কিন্তু সেয়া বাস্তৱত এটা বছৰত ৰাইজে দেখা পালেনে? কিমান সফল হ'ল এই এবছৰীয়া কাৰ্যকালত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

বিজ্ঞাপন যদি আপুনি পঢ়িছে আৰু সেইবোৰ যদি বিশ্বাস কৰে তেনেহ'লে অসম আজি প্ৰগতিৰ পথত। চৌদিশে কেৱল উন্নয়ন। যি কৰিম বুলি কৈছে, তাকেই যেন কৰিবলৈ চেষ্টা কৰিছে ড০ হিমন্ত বিশ্ব শৰ্মাই। কিন্তু সেয়াই জানো প্ৰকৃত মূল্যায়ন।

গণি গণি ১লাখ চাকৰি দিম বুলি দিয়া প্ৰতিশ্ৰুতি সময়সীমা পাৰ হৈ গ'ল। যি কাৰনতেই নহওঁক, সেই প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। সাহায্য, অনুদান আদি দি আছে, আচঁনি ঘোষণা কৰিছে কিন্তু ধাৰৰ বোজা বাঢ়ি গৈছে।

ধাৰ কৰি আঁচনি ঘোষণাৰে, হিতাধিকাৰী সৃষ্টিৰে উন্নয়নৰ জয়ঢোল হয়তো বৰ বেছিদিন কোবাব নোৱাৰি। সাধাৰণ মানুহৰ মনত মিশ্ৰিত প্ৰতিক্ৰিয়া। সেয়া হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি নহলেও তেওঁৰ চৰকাৰখনৰ প্ৰতি কৰবাত নহয় কৰবাত ক্ষোভৰ উদগীৰণ হৈছে।

এই ক্ষোভ পঞ্জীভূত হৈ আছে বিভিন্ন কাৰনত। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভালদৰে জানে কাৰোবাক সুখী কৰাৰ কৌশল। প্ৰচাৰৰ দিশতো তেওঁ সচেতন। ৰাজ্যিক কেবিনেট বৈঠক ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰি নিতৌ ন ন ঘোষণাৰে চমক দিছে। ক্ৰিকেটৰ ভাষাত মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ 'ধোৱাধাৰ বেটিং'।

কিন্তু শেষ কি হ'ব? ফলাফল ভালনে বেয়া ৰূপত ধৰা দিব? চমক সৃষ্টিয়েই এই চৰকাৰে কাৰ্যকাল সামৰিব নেকি! এইবোৰ দিশো লক্ষ্য কৰিব লাগিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাদে তেওঁৰ মন্ত্ৰীসভাৰ কোনজন মন্ত্ৰীৰ হাতত আছে ক্ষমতা! কোনে নিজ ইচ্ছা অনুসৰি পালন কৰিব পাৰিছে দায়িত্ব!

কেৱল হিমন্ত বিশ্ব শৰ্মা হৈ পৰা নাইনে, এই চৰকাৰৰ কাৰ্যকাল? ম্লান পৰিছে প্ৰতিটো বিভাগৰ মন্ত্ৰী-বিষয়াৰ তৎপৰতা। এই ধৰণেই কিমান দিনলৈ আৰু চলিব চৰকাৰ? ১০ মে' ২০২২ত মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই শপত লোৱা ১টা বছৰ পূৰ্ণ হ'ব।

অন্য চৰকাৰতকৈ তেওঁৰ চৰকাৰৰ দিনত সাধাৰণ লোকৰ ওপৰত শোধোৱা মাধমাৰ বেছি হৈছে। উন্নয়নৰ শ্লোগান ঠিকেই দিছে কিন্তু ২০২২ৰ ৩১মাৰ্চৰ লৈকে ১,০৮,৩৪৭.২৭কোটি টকাৰ ধাৰত পোত গৈ থকা চৰকাৰে আৰু কিমান দিনলৈ ঋণ লৈ ৰাইজক ঘিউ খোৱাব।

এটা বছৰতে ১৫,২৭১.২৭কোটি টকাৰ ঋণ লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। আন মৌলিক আৰু সামাজিক দিশ বোৰৰ ক্ষেত্ৰতো কৰবাত নহয় কৰবাত স্বৈৰতন্ত্ৰই দেখা দিছে। মুল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰে বিফলতাৰ বাদে আন একো দাবী কৰিব নোৱাৰে।

চৰকাৰে ইচ্ছা গলেই ঘোষণা কৰে। সেই ঘোষণাবোৰ ভাল লগা হয়। কিন্তু তাৰ আংশিক সত্যক এনেদৰে বহুল প্ৰচাৰ কৰা হয় যে,. সেইবোৰ চৰকাৰে কৰা ভাল কাম বুলি ৰাইজৰ আগত তুলি ধৰা হয়। এইবোৰ দিশৰ মূল্যায়ন কৰি কৰা যায়, তেনেহলে এই চৰকাৰৰ প্ৰথমটো বছৰ দেখাত ভাল লাগিলেও নতুনত্বহীন কিছু স্বঘোষিত ঘোষণাৰ অন্তসাৰ শূণ্য।

ভাল লগা সকলো কথাই স্থায়ীভাৱে ভাল লগা নহয়। কৌশলপূৰ্ণভাৱে এটা দিশ উদঙাই দি ৰাইজৰ হাতচাপৰি লাভ কৰিলেও ইয়াৰ জৰিয়তে হ'ব পৰা কুপ্ৰভাৱক কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে। সেইবোৰ জাৰি-জোকাৰি ঢাকি থৈ কেৱল ভালটো দেখুৱাই প্ৰশংসা বুটলাতকৈ আনে দেখুৱাই দিয়া কথাবোৰো সমালোচনাৰ দৃষ্টিভংগীৰে গ্ৰহণ কৰি নিজকে সংশোধনৰ প্ৰশস্ত কৰে এই সময়বোৰে।

এয়া কেৱল আনুষ্ঠানিকতা। বিশ্বাসৰ পৰা বিশ্বাসহীনতালৈ বৰ বেছি দূৰ নহয়। একেদৰে মানুহৰ মৰমৰ পৰা মানুহৰ ঘৃণা বৰ ওচৰ চপা। সেই উপলদ্ধিৰে এটা বছৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সৰ্বত্ৰেই কেৱল তেওঁক তুলি ধৰাৰ বিপৰীতে এক সামুহিক উন্নয়নৰ দৃশ্যপট তৈয়াৰ কৰিবলৈ এক পৰিৱেশ গঢ়িব লাগিব। অন্যথাই ভাল ভাল বুলি নিজে আত্মপ্ৰবোধ লাভ কৰি থকাৰ সময়ত শেষত দেখা পাব কাষত থকা মানুহবোৰেই তেওঁৰ পৰা বহু দূৰৈত…

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in