/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/spcl-face-jjhh-mrid-ol.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/aaita.jpg)
জীৱনৰ কি মায়া। জীৱন যেন এক ছায়া। সকলো কেৱল মৰীচিকা। এয়া বৃদ্ধাগৰাকীৰ অনুভৱ। তেওঁৰ জীৱনে এনে কাহিনীয়ে কয়। এদিন তেওঁৰ আছিল সুখৰ সংসাৰ। সুখ-সমৃদ্ধিৰে ভৰি আছিল ঘৰ। তেওঁৰ স্বামীৰ নাম আছিল শোষণ চন্দ্ৰ চেতিয়া। প্ৰাথমিক বিদ্যালয় এখনৰ শিক্ষক আছিল তেওঁ। এটা ল'ৰা, তিনিজনী ছোৱালী। এখন সম্পূৰ্ণ ঘৰ।
ৰঙা-বগা আইতাগৰাকীৰ অভাৱ নাছিল। গাঁৱৰ ঘৰত এটা চাকৰি, ধানে ভৰা এটা ভঁৰাল, গোহালিত গৰু, ল'ৰা-ছোৱালী, খেতি-বাতি এইবোৰেইতো সম্পূৰ্ণ হয় গ্ৰাম্য জীৱন। হঠাৎ বৃদ্ধাগৰাকীৰ স্বামীৰ মৃত্যু হ'ল। তাৰপাছত আইতাগৰাকীৰ একমাত্ৰ পুত্ৰৰো শুই থকা অৱস্থাতেই মৃত্যু ঘটিল । সম্পূৰ্ণ হৈ থকা ঘৰখন মুহূৰ্ততেই খালী হৈ পৰিল। তিনিজনী ছোৱালী আৰু আইতাগৰাকী ঘৰখনত থাকিল।
শিৱসাগৰ জিলাৰ বকতা মৌজাৰ নেমুগুৰি থানাৰ অন্তৰ্গত গোসাঁইগাঁৱত ঘৰ বৃদ্ধাগৰাকীৰ। ইমান দুখ! তাৰ পাছতো আৰু দুখ আহিবলৈ বাকী আছিল। তিনিওজনী ছোৱালীয়ে লাহে লাহে মানসিকভাৱে কম-বেছি পৰিমাণে ভাৰসাম্যহীন হৈ পৰিল। চিকিৎসা ব্যৱস্থাও কৰা হৈছিল। তাৰে সৰু গৰাকীৰ অৱস্থা অধিক বেয়াৰ ফালে ঢাল খালে। কিছুদিনৰ পূৰ্বে তেওঁক ডিব্ৰুগড়ৰ এখন মানসিক ৰোগ চিকিৎসালয়ত চিকিৎসা কৰি ঘৰলৈ অনা হৈছিল। অলপ ভাল পাইছিল যদিও, পুনৰ সেই ৰোগে দেখা দিলে। তাৰপাছত সকলো যান্ত্ৰনা ভোগ কৰিবলগা হৈছে এইগৰাকী বৃদ্ধাই।
তেওঁক চাব লাগিছিল জীহঁতে, কিন্তু এতিয়া তেওঁ চাব লাগে তিনিজনী জীক। বয়স তেওৰ যথেষ্ট হৈছে। ঘৰখনৰ মূল মানুহজনীয়ে এতিয়া এলাগী। অকণমান কথাতে মাকক মাৰপিট কৰে বিশেষকৈ সৰু কন্যাই। কেতিয়াবা খাবলৈ দিয়ে, কেতিয়াবা খাবলৈ নিদিয়ে। কি অসহ্যকৰ জীৱন এয়া তেওঁৰ বাবে। কৰো বুলি একো এটা কৰিব নোৱাৰে তেওঁ ঘৰখনত। ঘৰৰ মূল মানুহজনী হৈও তেওঁ ঘৰত অস্তিত্ব নাই। চৌদিশে কেৱল বিশৃংখল…।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/aaita9.jpg)
পথটোত বহি থকা বৃদ্ধাগৰাকীক প্ৰথম আৱিষ্কাৰ কৰা যুৱকজন আছিল কণচেং বৰুৱা। তেওঁ সন্তোষ কোঁৱৰ নামৰ এজন যুৱকৰ সৈতে মঙলবাৰে পুৱা ১০.৩০ মান বজাত সেই উপ-পথটোৰে নেমুগুৰি থানালৈ গৈছিল। তেতিয়াই দেখিছিল বৃদ্ধাগৰাকীক। তেওঁলোকে বৃদ্ধাগৰাকীক ঘৰত থৈ অহাৰ প্ৰস্তাৱ দিছিল। কিন্তু তেওঁ যাব নিবিচাৰিলে। সেই যান্ত্ৰনা তেওঁ জানে। একো ক'ব নোৱাৰে কাকো। এয়া নিৰ্যাতন বুলিও ক'ব পাৰি নোৱাৰি নাজানে। মানসিকভাৱে ভাৰসাম্যহীন তিনিগৰাকী কন্যা সন্তানৰ মাৰ, চৰ-ভুকু কিমান দিন সহ্য কৰিব তেওঁ। এনে পৰিস্থিতি হ'লেই তেওঁ পলাই আহে ঘৰৰ পৰা। মঙলবাৰেও সেইদৰে পলাই আহিছিল বৃদ্ধাগৰাকী। এনে অভিজ্ঞতা নিজ মুখেৰে কৈছিল কনচেং বৰুৱা আৰু সন্তোষ কোঁৱৰৰ আগত-
জীৱন এয়া! জীৱনে কি দিছে এই বৃদ্ধাগৰকীক? শেষ বয়সত মাথোঁ যান্ত্ৰণা। কনচিং আৰু সন্তোষে বৃদ্ধাগৰাকীক লৈ গৈছিল কাষৰৰ এঘৰলৈ। ঘৰত তেওঁক থৈ আহিব বিচাৰিছিল। কিন্তু নগ'ল। যিজনৰ ঘৰলৈ বৃদ্ধাগৰাকীক নিয়া হ'ল তেওঁ আইতাগৰাকীক চিনি পায়। নাম তেওঁৰ প্ৰিয় গগৈ। বৃদ্ধাগৰাকীৰ সন্দৰ্ভত কথা পাতোতে তেওঁ ক'লে- তেওঁৰ ঘৰলৈ আগতেওঁ এনে পৰিস্থিতিত পৰি এই বৃদ্ধি গৰাকী আহিছিল।পাৰ্যমানে তেওঁ সহায় কৰে। মঙলবাৰেও ব্যতিক্ৰম নহ'ল। ওচৰৰ দুগৰাকী আশা কৰ্মী আগবাঢ়ি আহিল। তেওঁৰ গাতো ধুৱাই দিলে। বোকাৰে সমগ্ৰ কাপোৰ-কানি লেতেৰা হৈছিল। সেইবোৰ সলাবলৈ প্ৰিয় গগৈৰ পৰিয়ালে আন এযোৰ কাপোৰ দিলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/aaita2.jpg)
প্ৰিয় গগৈক বৃদ্ধাগৰাকীৰ জীৱন কাহিনী সুধিছিলো। তেওঁ কৈছিল যিখিনি জানে- 'তেওঁ আমাৰ চিনাকি। নাম গুণলতা চেতিয়া। কেবাদিনো আহি আমাৰ ঘৰত আছেহি। ঘৰৰ অৱস্থা আপোনালোকে নেদেখিলে কল্পনা কৰিব নোৱাৰে। তিনিজনী ছোৱালী। তিনিওৰে মানসিক ৰোগ আছে। এওঁক খুব মাৰে। কি কৰিব? ঘৰৰ পৰা ওলাই আহে। ডিব্ৰুগড়তো তিনিওগৰাকী জীয়েকক চিকিৎসা কৰিছিল। সৰুজনী এতিয়াও ভাল হোৱা নাই। তেওঁক ডিব্ৰুগড়লৈ আকৌ নিয়া কথা আছিল। কিন্তু নগ'ল। কেতিয়াবা বিপদে-আপদে ময়ে সহায় কৰো। কিন্তু সদায় চাবলৈ মোৰো নিজৰে অৱস্থা কাহিল।মই কিডনীৰ ৰোগীৰ। সপ্তাহত তিনিবাৰকৈ ডাইলেচিছ কৰিব লাগে। এইখিনিৰ মাজতে বৃদ্ধাগৰাকীৰ কথাও চিন্তা কৰিব লগা হয়। ঘৰত মাৰপিট হ'লে তেওঁ কান্দি কান্দি আহি ওলাইহি। আমি ভাত-পানী খোৱাই আকৌ থৈ আহো। নিজ চকুৰে দেখি আহিছো, তেওঁ কি সমস্যাৰ সন্মুখীন হৈ আছে। কোনোবাই কিবা এটা কৰা হ'লে ভাল আছিল। হাতত যি থাকে সেয়েৰে পিটে সৰুজনী ছোৱালীয়ে। হস্কিলে-মস্কিলে মই যি পাৰো সহায় কৰো। বেয়াও লাগে। এতিয়া মই ইয়াতকৈ বেছি কৰিব পৰা অৱস্থাতো নাই। কোনোবাই ভালকৈ উদ্যোগ লৈ এই ছোৱালী তিনিওজনীৰ চিকিৎসা ব্যৱস্থা কৰিব লাগিছিল। আপোনালোকৰ জৰিয়তে মই অনুৰোধ জনাও কোনোবা দল-সংগঠন বা চৰকাৰে বিষয়টো মনযোগ দিয়ক। বৰ নৰক যান্ত্ৰণাত ভুগিছে এইগৰাকী বৃদ্ধাই।'
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/aaita10.jpg)
জীৱনৰ এনে কাহিনীবোৰ আজি-কালি ঘৰে ঘৰে। কোনোবাই সামৰি থৈ দিয়ে, কাৰোবাৰ বাবে এই ঘটনাবোৰ অসহ্যকৰ হয়। বৃদ্ধাগৰাকীক প্ৰথম দেখা আৰু পথৰ কাষৰ পৰা উদ্ধাৰ কৰি অনা কনচেং বৰুৱাৰ একেই কথা। স্থায়ীভাৱে এই সমস্যাৰ সমাধান কৰিবলৈ চৰকাৰ বা আন সামাজিক সংগঠনে আগবাঢ়ি আহিব লাগে। আইতাগৰাকীক ঘৰলৈ যাব নোখোজে। তেওঁৰ মনত প্ৰচণ্ড ভয়। কিজানি ঘৰত গৈ আকৌ একেই পৰিস্থিতিৰ সন্মুখীন হয়।
মানুহৰ মাজত এতিয়া এনেবোৰ সমস্যাই গঢ় লৈ উঠিছে। যিবোৰ সমস্যাত ভাৰাক্ৰান্ত হৈছে বহু পৰিয়াল। সেইসকলৰ কথা ভবা অৱকাশ আজি বেছিভাগ লোকৰেই নাই। মনুষ্যত্বৰ সন্ধানত এনেবোৰ সামাজিক আৰু পৰিয়ালকেন্দ্ৰিক সমস্যা সমাধানৰ বাবে ব্যৱস্থা বা উদ্যোগ চৰকাৰে গ্ৰহণ কৰিবই লাগিব। আইতাগৰাকীয়ে বিচাৰে তেওঁ গুচি যাব বৃদ্ধাশ্ৰমলৈ। স্থানীয়ভাৱে কিছু লোকে মৰাণৰ এটা বৃদ্ধাশ্ৰমৰ সৈতে বৃদ্ধাগৰাকীক আশ্ৰয় দিবলৈ কথা পাতিছে। কিন্তু বৃদ্ধাগৰাকীৰ আশ্ৰয় পালেও তেওঁৰ তিনিজনী মানসিক ৰোগত আক্ৰান্ত কন্যাৰ কি অৱস্থা হ'ব? সেয়াও চিন্তনীয় বিষয়।
নেমুগুৰিৰ গুণলতা চেতিয়াৰ জীৱন কাহিনী এয়া। সময়ে দি যোৱা বিষাদ গাঁথা সাৱতি তেওঁ জী আছে কোনোমতে। স্বামী-পুত্ৰক হেৰুৱাই তেওঁ এতিয়া দিশহাৰা। তেওঁক লাগে অকণমান মৰম, অকণমান সহায়। কন্যাৰ প্ৰহাৰে তেওঁৰ জীৱন আৰু দুৰ্বিহময় কৰি তুলিছে। মানবীয় প্ৰমূল্য কোনোবা এঠাইত হেৰাই গৈছে। জীৱনৰ বোজাই তেওঁক বিধ্বস্ত কৰি পেলাইছে। আজিৰ জীৱন পদ্ধতিত এইবোৰ ঘটনা প্ৰায়ে দেখিবলৈ পোৱা যায়। আজিৰ পৰা ৪-৫ দশকৰ আগৰ অসমীয়া সমাজ ব্যৱস্থাত এনে দৃশ্য আছিল অপ্ৰত্যাশিত। এতিয়া বাটে-ঘাটে এনেবোৰ ঘটনাই পুনৰাবৃত্তি হৈ আছে। মানুহৰ সম্পৰ্ক আজি এক উদাসহীন সম্বন্ধৰ মাজত ৰৈ গৈছে। য'ত আন্তৰিকতা নাই, আবেগ আৰু অনুভূতিও নাথাকে। তেনে সম্পৰ্কৰ মাজত দায়ৱদ্ধতা, সহনশীলতাৰ অভাৱ ঘটে। সেই অভাৱ দিনকদিনে বাঢ়ি আহিছে। সমাজ বিজ্ঞানীসকলৰ মতে, মানুহ এক জীৱন্ত তেজ-মঙহেৰে গঢ়া যন্ত্ৰ হৈ পৰিছে! এয়া কম পৰিতাপৰ কথা নহয়।
গুণলতা চেতিয়া পৰিয়ালৰ সদস্যৰ দ্বাৰা নিৰ্যাতনৰ বলি হোৱা উদাহৰণ। তেওঁৰ সৰু কন্যা মানসিক ৰোগী। সেয়ে তেওঁ মাকক মাৰপিট কৰে নিয়মীয়াকৈ। কন্যাৰ ভয়ত ঘৰত সোমাবলৈ ভয় কৰে এইগৰাকী বৃদ্ধাই। কিন্তু মানসিক বিকাৰগ্ৰস্ত নোহোৱাকৈয়ে সুস্থ-সবল পুত্ৰ-কন্যাই যেতিয়া মাক-দেউতাকক ৰাস্তাৰ মাজত ডাষ্টবিনলৈ জাৱৰ দলিওৱাৰ দৰে দলিয়াই থৈ যায়, তেন্তে তাত মানৱতাৰ স্থান ক'ত? যি গৰাকী মাতৃয়ে তুলি-তালি ডাঙৰ-দীঘল কৰে, যিজন পিতৃয়ে পৰিশ্ৰমৰ মাজেৰে পুত্ৰৰ জীৱনৰ আধাৰশিলা গঢ়ে তেওঁলোক দুয়ো ঈশ্বৰতকৈ কম নহয়। তেনেস্থলত পিতৃ-মাতৃক নিৰ্যাতন চলাবলৈ সেই সকল পুত্ৰ-কন্যাৰ মানসিকতা কিমান তলৰ পৰ্যায়ৰ হ'ব লাগিব?
মানুহৰ মাজৰ সম্পৰ্কবোৰত ঘূণে ধৰিছে। অসমীয়া সমাজত সম্পৰ্কবোৰ আছিল সুদৃঢ়। আমাৰ সমাজ ব্যৱস্থাই আমাক অনুশাসনৰ দোলেৰে বান্ধি থৈছিল। সেই অনুশাসন এতিয়া আধুনিকতাই গ্ৰাস কৰিছে। মানুহৰ প্ৰতি মানুহৰ থাকিব লগা মৰ্যাদাবোধ হেৰাই গৈছে। গাঁৱত জ্যেষ্ঠজনে যিমান ভুল নকৰিলেও কনিষ্ঠজনে হাত উঠাব নোৱাৰিছিল। তাৰ কাৰণ এটাই আছিল- ডাঙৰৰ গাত হাত উঠাব নাপায়। তেনে বহু 'নাপায়'য়ে সমাজখনক নিয়ন্ত্ৰণ কৰিছিল। এতিয়া সেইবোৰ অতীত হোৱাৰ পথত। গ্ৰাম্য জীৱনবোধৰ পৰা এনে সামাজিক শিষ্টাচাৰ হেৰাই গৈছে। বাইক এখন নিদিয়াৰ বাবে, চাইকেল এখন নোপোৱাৰ কাৰণে পুত্ৰই পিতৃক হত্যা পৰ্যন্ত কৰা ঘটনা ঘটিছে। য'ত পিতা-পুত্ৰৰ মাজৰ সেই সম্পৰ্ক এখন বাইক বা এখন চাইকেলৰ মাজতে সীমাৱদ্ধ হৈ পৰিছে।
নেমুগুৰিৰ এই বৃদ্ধাগৰাকী এতিয়া অসহায়। এফালে বয়সৰ ভৰ, তিনিজনী ৰোগীয়া কন্যাৰ চিন্তা আৰু নিজৰ প্ৰাণৰ মমতা। সকলো সহ্য কৰি শেষত অসহায় হৈ তেওঁ ক'বলৈ বাধ্য হৈছে- 'মোক যদি কোনোবাই বৃদ্ধাশ্ৰম এখনলৈ লৈ যায়, মই শান্তি পাম।' লগতে তেওঁ এয়াও কৈছে- 'ইহঁত তিনিজনী, বিশেষকৈ সৰুজনীৰ চিকিৎসা ব্যৱস্থা কৰিব পাৰিলে ভাল আছিল…।'
এই কৰুণ গাঁথাৰে ভৰা জীৱনৰ আহ্বান শুনিবনে কোনোবাই? গুণলতা চেতিয়াক বৃদ্ধাশ্ৰমত আশ্ৰয় আৰু তিনি ৰোগীয়া কন্যাৰ চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ নোলাবনে কোনো এজন হৃদয়বান লোক বা দল-সংগঠন।
'কি ক'বি বোপাই, সৰুজনী ছোৱালীৰ ভয়ত মই ঘৰতে সোমাব নোৱাৰো। খেদি খেদি মাৰে মোক। কি যান্ত্ৰণাত ভোগিছো, বুজাব নোৱাৰো। পাৰে যদি কোনোবাই কিবা এটা কৰক।'- এই কাতৰ আহ্বানে উদঙাই দিয়ে তেওঁৰ জীৱনৰ বাস্তৱক। লগতে ইয়াকো কয় তেওঁ- 'সুস্থ মগজুৰে তাই এইবোৰ নকৰে…।'
বৃদ্ধাগৰাকীৰ এই অসহায় দেখিও নেদেখাৰ ভাও জুৰি থাকিব পাৰিব জানো কোনোবা…