ধন-সম্পত্তিৰ বাবেই নিকট সহযোগীয়ে জুবিনক কৰিলে হত্যা!

অসমীয়াৰ হিয়াৰ আমঠু, যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব, বহুমুখী প্ৰতিভাধৰ জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্যজনক মৃত্যুৰ ঘটনাই অসমকেই নহয়, সমগ্ৰ বিশ্বত জোঁকাৰি গৈছে। যোৱা দুটা মাহ জুবিনৰ বন্দনা আৰু তেওঁৰ মৃত্যুৰ ঘটনাৰ ন্যায়

author-image
Asomiya Pratidin
New Update
new bikhekh protibedon 1 (4)

৮বছৰৰ শীতল মস্তিষ্কৰ এক পৰিকল্পিত ষড়যন্ত্ৰঃ জুবিনক ধন-সম্পত্তিৰ লোভত নিকট সহযোগীয়েই ছিংগাপুৰত হত্যা কৰিছিল। মুখ্যমন্ত্ৰীৰ এই বক্তব্যৰ পিছত ক্ষোভত জ্বলি উঠা নাই কিয় ৰাজ্যবাসী! ইয়াৰ আঁৰতো আছে নেকি কোনো ষড়যন্ত্ৰ?  এই সকলো বিষয় সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন...

অসমীয়াৰ হিয়াৰ আমঠু, যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব, বহুমুখী প্ৰতিভাধৰ জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্যজনক মৃত্যুৰ ঘটনাই অসমকেই নহয়, সমগ্ৰ বিশ্বত জোঁকাৰি গৈছে। যোৱা দুটা মাহ জুবিনৰ বন্দনা আৰু তেওঁৰ মৃত্যুৰ ঘটনাৰ ন্যায় বিচাৰি লক্ষ লক্ষ মানুহে অসম তথা সমগ্ৰ বিশ্বত প্ৰাৰ্থনা আৰু দাবী-আন্দোলন অব্যাহত ৰাখিছে।

ৰাজনৈতিক দল বিলাকেও জুবিনৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি সুকীয়া সুকীয়া কাৰ্যসূচী গ্ৰহণ কৰিছে। চৰকাৰে গঠন কৰা এছ আই টিয়ে ছিংগাপুৰৰ পৰা অসমৰ লৈকে দুই শতাধিক লোকক জেৰা কৰাৰ উপৰি ৭জনক মূল অভিযুক্তৰূপে গ্ৰেপ্তাৰ কৰি কাৰাগাৰত ৰাখিছে।

প্ৰত্যেকৰে দাবী এই ঘটনাৰ বাবে জগৰীয়াসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিব লাগে। যোৱা ২৫নৱেম্বৰ, মঙলবাৰৰ পৰা আৰম্ভ হোৱা বিধানসভাৰ শীতকালীন অধিৱেশনতো সকলোৱে এই দাবীকে দোহাঁৰিছে। এই ক্ষেত্ৰত লক্ষ্যণীয় কথাটো হ’ল চৰকাৰী পক্ষ, বিশেষভাৱে মুখ্যমন্ত্ৰীৰ বাহিৰে আন কোনেও আজিলৈকে জুবিনৰ মৃত্যুকাণ্ডক পোনপটীয়াকৈ হত্যাকাণ্ড বুলি অভিহিত কৰা নাই।

তাৎপৰ্যপূৰ্ণভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘটনাৰ এসপ্তাহৰ ভিতৰতে এয়া এক হত্যাকাণ্ড বুলি অভিহিত কৰিছিল। কেৱল সেয়েহে নহয় এছ আই টিয়ে মুখ্যমন্ত্ৰীৰ হাতত আংশিক প্ৰতিবেদন দাখিল কৰাৰ পাছত যোৱা ২৫নৱেম্বৰ, ২০২৫ত বিধানসভাৰ মজিয়াত জুবিনৰ মৃত্যুক এক হত্যাকাণ্ড বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে।

বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা এই কথাক ৰাজনৈতিক বিষয় বুলি উৰুৱাই দিব পৰা বিষয় নহয়। তেওঁ স্পষ্টভাৱে কৈছে যে, জুবিন গাৰ্গক হত্যাকাণ্ডৰ বাবে ৮বছৰৰ আগৰে পৰাই শীতল মস্তিষ্কৰে এক পৰিকল্পিত ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল। আৰু এই ষড়যন্ত্ৰৰ মূল সেনাপতি আছিল তেওঁৰ অতি নিকট সহযোগী।

ধন, সম্পত্তিৰ স্বাৰ্থতে মহান শিল্পীগৰাকীক এনেদৰে নিষ্ঠুৰভাৱে বিদেশৰ মাটিত হত্যা কৰা হ’ল বুলি মন্তব্য কৰি তেওঁ কয় যে, আহি থকা সময়ত আদালতৰ মজিয়াত দাখিল কৰিবলগীয়া অভিযোগনামাত সুস্পষ্ট প্ৰমাণসহ সমুদায় বিষয় দাখিল কৰা হ’ব। যি কথাই সমগ্ৰ ৰাজ্যত স্তম্ভিত কৰি তুলিব। 

জুবিনৰ মৃত্যুকাণ্ডৰ তদন্ত প্ৰক্ৰিয়াৰ অগ্ৰগতিৰ সন্দৰ্ভত এয়া এক বিস্ফোৰক তথ্য। আদালতৰ মজিয়াত সেই তথ্যই দোষীক কঠোৰ শাস্তি বিহাৰ ক্ষেত্ৰত কিমান সফল হয়, সেয়া সময়ত প্ৰমাণিত হব যদিও মঙলবাৰে সদনত মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰা এই বিস্ফোৰক তথ্য সমূহক লৈ সমগ্ৰ ৰাজ্য তথা বিৰোধী শক্তি আৰু দল-সংগঠনৰ মাজত যেনে এক জাগৰণৰ সৃষ্টি হ’ব লাগিছিল, লক্ষ্যণীয়ভাৱে সেয়া হৈ উঠা নাই। 

বিৰোধী ৰাজনৈতিক দল তথা অন্যান্য সংগঠন আৰু জুবিনপ্ৰেমী সকলেও যেন আদালতত ছাৰ্জশ্বিট দাখিল নোহোৱাৰ বাবেই মুখ্যমন্ত্ৰীৰ এই বক্তব্য ৰাজনৈতিক তৰল বক্তব্যৰ দৰে গণ্য কৰাৰ ফলত এনে পৰিৱেশৰ সৃষ্টি হৈছে তাক নুই কৰিব নোৱাৰি। কিন্তু যদিহে মুখ্যমন্ত্ৰীগৰাকীৰ বক্তব্য ১০০শতাংশ সচাঁ হয়, তেন্তে সময়ে ইয়াৰ বাবে কিন্তু জুবিনৰ ন্যায় বিচাৰি বাটে বাটে সমদল কৰা এই লোকসকলকো বিচাৰৰ কাঠগড়াত তুলিব।

সেয়া যিয়েই নহওঁক, মঙলবাৰে মুখ্যমন্ত্ৰীয়ে সদনত স্পষ্টভাৱে উল্লেখ কৰা তিনিটা বিষয়ে ৰাজ্যৰ সৰ্বসাধাৰণ লোকক বিশেষভাৱে জুবিনক অন্তৰৰে ভাল পোৱা লোকসকলক হতচকিত কৰাই নহয়, অতি সোনকালে ছবিখন ফটফটীয়া হৈ পৰাতো বিচাৰিছে। কিয়নো,  এতিয়ালৈকে বহুতে এয়া কাৰোবাৰ অৱহেলাৰ বাবে, আন একাংশই এয়া জুবিন গাৰ্গৰ আকোৰগোঁজ মনোভাৱৰ বাবে সংঘটিত হোৱা এক শোকাৱহ ঘটনা বুলিও ধৰি আছিল।

কিন্তু এয়া যদি সচাঁকৈয়ে ৮বছৰীয়া শীতল মস্তিষ্কৰ এক পৰিকল্পিত হত্যাকাণ্ড হয়, তেনেহ’লে সকলো ব্যক্তিয়েই তাৎক্ষণিকভাৱে এই হত্যাকাণ্ডৰ সৈতে জড়িত সকলোৰে ফাঁচীৰ দৰে কঠোৰতম শাস্তি বিহাটোৱে বিচাৰিব। 

দুভাগ্যৰ কথাতো হ’ল যোৱা মঙলবাৰৰ মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পিছত জুবিনৰ মৃত্যুক লৈ তোলপাৰ লাগি থকা ৰাজ্যখনত ক্ষোভিত জনতা, বিৰোধী শক্তি অথবা জুবিন প্ৰেমীসকলে তেনে পৰ্যায়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হোৱা নাই। অৱশ্যে প্ৰতিবাদৰ স্ফুলিংগই আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি কৰা আশংকা কৰাৰ বিৰোধিতা কৰা সকলেও পিছে মুখ্যমন্ত্ৰীৰ সুস্পষ্ট বক্তব্যৰ পিছত জুবিনৰ ঘটনাক লৈ জ্বলি-পকি থকা মানুহৰ মাজত প্ৰচণ্ড ক্ষোভৰ সৃষ্টি হোৱাতো আশা কৰিছিল।

ইয়াক লৈ ৰাজনীতি অথবা অতি কৌশলেৰে অপৰাধীৰ বিৰুদ্ধে সৃষ্টি হোৱা ক্ষোভ প্ৰশমনৰ বাবে যদি কোনোবাই চেষ্টা চলাইছে, সময়ে তেওঁলোককো ৰেহাই নিদিয়ে। অহা ৮ডিচেম্বৰত ফটফটীয়া হৈ পৰিব এই সকলো ষড়যন্ত্ৰ।

হিমন্ত বিশ্ব শৰ্মা জুবিন গাৰ্গ