'জুবিন আদৰ্শ'ৰ প্ৰতিফলন...

জুবিন গাৰ্গে এনে এখন অসমৰ সপোন দেখিছিল, য’ত জাত-পাত, ধনী দুখীয়াৰ ভেদাভেদ নাছিল। যোৱা কেইটাত জুবিন অনুৰাগীসকলে দেখুৱাই দিলে যে অসমত সকলো এক হৈ আছে আৰু থাকিব। য’ত জাতি নাই

author-image
Asomiya Pratidin
New Update
zaxmm

জুবিনে কি বিচাৰিছিল? কি আদৰ্শৰে সমাজখন পৰিচালিত হোৱাতো বিচাৰিছিল জুবিনে? জাতি-ধৰ্ম, ধনী-দুখীয়াৰ ভেদাভেেদহীন এখন বৰ অসম গঢ়াৰ সপোন দেখা জুবিনৰ জীৱিত কালৰ পৰা আমি কি কি আদৰ্শৰে তেওঁক জীয়াই ৰাখিব পাৰো। তেওঁৰ মৃত্যুয়ে জুবিনৰ কোনবোৰ আদৰ্শ আৰু অধিক উজ্বল কৰিলে। অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন..

২০২২ৰ বিহুৰ এখন অনুষ্ঠান। জুবিনক চাবলৈ লক্ষাধিক মানুহৰ সমাগম। জুবিনক ওচৰৰ পৰা চুবলৈ, কাষৰ পৰা চাবলৈ জনতাৰ ঠেলা-হেঁচা। এসময়ত পৰিস্থিতি অধিক অৱনতি ঘটিল। বেৰিকেড ভাঙি সোমাই আছিল একাংশ জুবিন অনুৰাগী। আৰক্ষীয়ে পৰিৱেশ নিয়ন্ত্ৰণ কৰাত নামিল। একাংশই আৰক্ষীক কৰা বেয়া ব্যৱহাৰ দেখি জুবিনে গাৰ্গে কৰ্তব্যৰ খাতিৰতহে তেওঁলোকে এনে কৰিব লগা হৈছে মঞ্চৰ পৰাই বুজাইছিল। সকলোৱে বুজিছিল কথাবোৰ। 

বাক্সাত বুধবাৰে যি পৰিস্থিতিৰ উদ্ভৱ হ’ল, সেয়া নিশ্চয়কৈ জুবিনৰ আদৰ্শ হ’ব নোৱাৰে। হত্যা-হিংসাৰ পৰা ওৰে জীৱন সকলোকে আতঁৰত থাকিবলৈ প্ৰতিখন মঞ্চতে আহ্বান জনোৱা শিল্পীগৰাকীৰ আত্মাইও হয়তো আজিৰ পৰিস্থিতিৰ বাবে দুখ পাইছে। কি পৰিস্থিতি, কি কাৰকৰ বাবে এনে পৰিস্থিতিৰ উদ্ভৱ হ’ল, তাৰ সঠিক কাৰণ এতিয়াও পোহৰলৈ অহা নাই। ইতিমধ্যে অসম আৰক্ষীৰ তৰফৰ পৰা সদৰি কৰা হৈছে যে, উক্ত সময়ত তাত উপস্থিত থকা সকলো বিষয়াৰ বিৰুদ্ধে তদন্ত হ’ব।

জুবিন নোহোৱা হোৱা যোৱা ২৬টা দিনত সমগ্ৰ অসমত যি পৰিস্থিতি সেয়া চিৰদিনলৈ সকলোৱে মনত ৰাখিব। প্ৰাণৰ শিল্পীগৰাকীক বিদায় দিবলৈ জাতি-ধৰ্ম, ধনী-দুখীয়া সৰ্বস্তৰৰ ৰাইজ যিদৰে সমিলমিলেৰে ওলাই আহিছিল। এনে পৰিৱেশ দেখি পত্নী গৰিমা গাৰ্গেও হাতযোৰ কৰি কৈছিল যে, জুবিনে দেখা বৰ অসমৰ সপোনটো মই আজি সাকাৰ ৰূপত দেখিলো।

জুবিন আছিল খাৰাংখাচ। ৰাজনীতিৰ জংক-পংক কথা জুবিনে বুজি নাপাইছিল। সেয়েহে যেতিয়াই বেয়া পাইছিল তেতিয়াই মঞ্চৰ পৰাই মুকলি গালি পাৰিছিল সকলো ৰাজনৈতিক দলকে। কেতিয়াবা যদি বিজেপিক বটলা মাল বুলি কৈছিল, কেতিয়াবা আকৌ কংগ্ৰেছক কটাক্ষ কৰিছিল। অসম জাতীয় দল-সংগঠনকো মুকলিকৈ সকলো কথা কব পৰা মানুহজনেই আছিল জুবিন। 

জুবিন গাৰ্গে এনে এখন অসমৰ সপোন দেখিছিল, য’ত জাত-পাত, ধনী দুখীয়াৰ ভেদাভেদ নাছিল। যোৱা কেইটাত জুবিন অনুৰাগীসকলে দেখুৱাই দিলে যে অসমত সকলো এক হৈ আছে আৰু থাকিব। য’ত জাতি নাই, ভাষা নাই ধৰ্ম নাই। জুবিনৰ শেষ যাত্ৰাতো নাছিল ধনী-দুখীয়াৰ মাজৰ সীমাডাল। সকলো এক হৈছিল, একমাত্ৰ এটা কাৰণত যে, তেওঁলোক জুবিন প্ৰেমী। 

জুবিন জীয়াই থাকোতে প্ৰায় সকলোৰে মনত এটা ধাৰণা আছিল যে, জুবিন প্ৰেমী মানেই উশৃংখল, উদণ্ড। কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ শুনি গুৱাহাটীত সমবেত হোৱা ১৫-২০লাখ জুবিন প্ৰেমীৰ বাবে এটাও অঘটন সংঘটিত হোৱা নাছিল। অতি শৃংখলাৱদ্ধতাৰ লগতে সকলো শান্তিপূৰ্ণভাৱে জুবিনক বিদায় দিছিল। 

তেওঁৰ নশ্বৰ দেহ আদৰিবলৈ তিনি কোটি মানুহে দুটাকৈ বিনিদ্ৰ ৰজনী পাৰ কৰিছিল। বিমান বন্দৰৰ বাহিৰত, ৰেলৱে’ ষ্টেচনত, অভাৰব্ৰিজৰ তলত, ফুটপাথত, চলন্ত বাছ আৰু ট্ৰেইনত, ঘৰৰ চোতালত, বাৰাণ্ডাত, বেলকনিত, শেতেলীত। তেওঁৰ মৃতদেহ দেখি কৰ্ত্তব্যৰত আৰক্ষী কান্দোনত ভাগি পৰিছিল, টিভি ৰিপৰ্টাৰৰ চকুৰে চকুপানী বৈছিল, ষ্টুডিঅ’ত এংকৰৰ মাত থোকাথোকি হৈছিল। 

ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ পৰা উধাতু খাই অহা লাখ লাখ জুবিন প্ৰেমীৰ না দুৰ্ঘটনা সংঘটিত হ’ল, না কৰবাত কাজিয়াত লিপ্ত হ’ল। বেদনাসিক্ত মনেৰে প্ৰাণৰ শিল্পীগৰাকীক সকলোৱে বিদায় দিয়ে জুবিনে ওৰেটো জীৱন বিচৰাৰ দৰেই। এয়াই আছিল জুবিনৰ আদৰ্শৰ প্ৰতিফলন।

হিন্দু-মুছলমানক লৈ অসমত সৃষ্টি হোৱা বিভেদৰ জালখন জুবিনৰ মৃত্যুয়ে ফালি পেলাইছিল। নামঘৰ, গীৰ্জা, মন্দিৰ, মছজিদ সকলোতে জুবিনৰ গান বাজিছিল। জুবিনৰ মৃত্যুৰ পাছতে গোলাঘাটৰ কোনোবা নামঘৰত যদি কোনোবাই শৰাই দিছিল, নলবাৰীৰ বল্টুটত থকা মছজিদতো জুবিনৰ আত্মাৰ বাবে সমূহীয়া দোৱাৰ আহ্বান কৰা হৈছিল। জাতি-বৰ্ণ-ধৰ্ম নিবিশেৰ্ষে জুবিন কি পৰ্যায়লৈ শিপাইছিল এয়াই প্ৰমাণ। জুবিনৰ আদৰ্শ আছিল এনেকুৱা।

ধৰ্মৰ অতিপাত ৰক্ষণশীলতাক জুবিনে জীৱিত কালত কেতিয়াও সমৰ্থন কৰা নাছিল। গীত, চিনেমাৰ জৰিয়তে সময়ে সময়ে তেওঁ ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। ইছলাম ধৰ্মত এগৰাকী মৌলবীয়ে গান গোৱাৰ উপৰিও গান শুনাতো নিষেধাজ্ঞা থাকে। কিন্তু জুবিনৰ বাবেই কোনোবা মৌলবীয়েও ছিঞৰি চিঞৰি গাইছিল জুবিনৰ গান। ইমান ভালপোৱা, ইমান হেপাঁহ, এইবোৰে আছিল জুবিনৰ মূলধন। জাতি-বৰ্ণ-ভাষা নিৰ্বিশেষে মানুহক হিচাপে মানুহ হিচাপে ভাল পাব লাগে, এয়া আছিল জুবিনৰ আদৰ্শ।

বৰ অসমৰ সপোন দেখিছিল তেওঁ। উজনি-নামনিক লৈ কোনোদিন কৰা নাছিল মন্তব্য। উজনিৰ মঞ্চত যদি কৈছিল- সকলো এক হৈ থকাৰ কথা, নামনিতো কৈছিল সেই একেই কথাই। সেয়েহে হয়তো জুবিনৰ মৃত্যুৰ খবৰ পাই উজনি-নামনিৰ পৰা দৌৰি আহিছিল সকলো। পাহাৰ-ভৈয়ামত কান্দোনৰ ৰোল উঠিছিল। কাৰ্বি, ডিমাছা, ৰাভা, বড়ো, কছাৰী, মেচ সকলো জাতি-জনজাতিয়ে জুবিনৰ আদ্যশ্ৰাদ্ধ পাতিছিল, আছিল উপবাসে। একতাৰে সকলোকে বান্ধিবলৈ চেষ্টা কৰিছিল জুবিনে, তাৰেই প্ৰতিফলন এয়া। এয়া আছিল জুবিনৰ আদৰ্শ।

মৃত্যুৰ পাছত সকলোৱে কৈছে, জুবিনৰ সমানৰ হ’ব নোৱাৰে কোনো। জুবিনৰ সমান মুক্তহস্তে দান কৰিব নোৱাৰে কোনেও। জুবিনৰ সমান উদাৰ কোনো হ’ব নোৱাৰে। সমাজৰ তথাকথিত ধনী মানুহৰ লগত থকাতকৈ দুখীয়াৰ লগত থাকি ভাল পাও পোৱা জুবিনৰ বাবে আজি ৰাস্তাৰ কাষত থকা ভিক্ষাৰীগৰাকীয়েও সিমানেই কান্দিছে, যিসকলে বিলাসী ৰূমৰ কোঠাত থাকি জুবিনক হেৰুওৱাৰ দুখ কৰিছে। সমাজৰ সকলো স্তৰৰ মানুহৰ মনত শিপাই আছিল জুবিন। খাটিখোৱা মানুহৰ লগত জুবিনৰ আছিল মিলা-মিছা। সাধাৰণ লোকৰ সৈতে জুবিনে পাতিছিল মনৰ কথা। সেয়েহে আজি জুবিনৰ ন্যায়ৰ বাবে সৰ্বস্তৰৰ ৰাইজ ওলাই আহিছে। সমাজখনৰ ধনী-দুখীয়াক এক কৰি যোৱা জুবিনৰ এই আদৰ্শক আমি সৰোগত কৰিব লাগিব। 

জুবিনে অসমীয়া সাংস্কৃতিক জগতখনত অনন্য মাত্ৰা দিছিল। অসমীয়া চিনেমাক পুনৰ এবাৰ বাণিজ্যিকভাৱে প্ৰাণ দিছিল জুবিনে। দৌৰি দৌৰি যাম, অসমীয়া চিনেমা চাম- শীৰ্ষক শ্লোগানেৰে অসমীয়া ছবি উদ্যোগত সঞ্জৱনী ঢালিছিল জুবিনে। অসমীয়া ভাষাৰ উচ্চাৰণ-ব্যৱহাৰক লৈ সদায়েই অতি সচেতন আছিল জুবিন। সেয়েহে তেওঁৰ গীতৰ উচ্চাৰণৰ লগতে শব্দৰ ব্যৱহাৰক লৈ বাৰে বাৰে সুধিছিল অভিজ্ঞসকলক। অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতি থকা জুবিনৰ তেনে আদৰ্শক আমি জীয়াই ৰাখিব লাগিব।

জুবিনে বহু দি গৈছে আমাক। এতিয়া তাক সংৰক্ষণ কৰাৰ দায়িত্ব আমাৰ।  অসমীয়াৰ বাবে লিখি, সুৰেৰে সজাই গ’ল এটাৰ পাছত এটাকৈ গান। প্ৰেমৰ গান আৰু বিৰহৰ গান,  সুখৰ গান আৰু বিষাদৰ গান, নৈশব্দৰ গান আৰু কোলাহলৰ গান. জীৱনৰ গান আৰু মৃত্যুৰ গান, শৈশৱৰ গান আৰু যৌবনৰ গান,  গৌৰৱৰ গান আৰু গ্লানিৰ গান,  স্বপ্নভংগৰ গান আৰু প্ৰতিশ্ৰুতিৰ গান,  কষ্টৰ গান আৰু সংগ্ৰামৰ গান,  বিপ্লবৰ গান আৰু স্বাধীনতাৰ গান। সম্পুৰ্ণ থলুৱা শব্দৰে থলুৱা সুৰেৰে। লোকগীত, টোকাৰি গীত, বনগীতৰ কেছেটেৰে দোকান ভৰি পৰিল। বজাৰত জ্যোতি সংগীত, ৰাভা সংগীত, পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত, ভুপেন্দ্ৰ সংগীত আকৌ বাজিব ধৰিলে।
 

আজি সকলোৰে মনত এটাই উপলদ্ধি। জুবিন আমাৰ বাবে কি আছিল? এক কথাত জুবিন গাৰ্গ অসমীয়াৰ আবেগ আছিল, অসমীয়াৰ পৰিচয় আছিল, অসমীয়াৰ স্বাভিমান আছিল, অসমীয়াৰ অহামিকা আছিল, অসমীয়াৰ জাত্যাভিমান আছিল, অসমীয়াৰ অহংকাৰ আছিল। জুবিন গাৰ্গ আচলতে সকলো অসমীয়াৰে ঘৰৰ ল’ৰা আছিল।  যাৰ উৎপাতৰ বাবে আমি তেওঁক সমালোচনা কৰিছিলো, যাৰ বহুৱালিত অতীষ্ঠ হৈ আমি তেওঁক গালি পাৰিছিলো।

সেইবাবেই তেওঁৰ মৃত্যুত তেওঁৰ গানেৰে মুখৰিত হৈ পৰে ৰাজ্যৰ আকাশ-বতাহ। প্ৰতিখন গাঁও, প্ৰতিখন নগৰ, প্ৰতিটো পথ, প্ৰতিটো গলিত তেওঁৰ ফটো লগোৱা হয়। প্ৰতিটো পদূলিত তেওঁৰ নামত চাকি জ্বলে। দোকান-পোহাৰ, ৰাজহুৱা যাতায়ত স্বতস্ফূতভাৱে বন্ধ হৈ পৰে। ক্ৰিকেট বলিয়া দেশখনৰ এখন ৰাজ্যই পাহৰি যায় সেইদিনা এখন ক্ৰিকেট মেচ আছিল। ৰাইজৰ হাজাৰ বিদ্ৰোহকো ভ্ৰক্ষেপ নকৰা প্ৰবল প্ৰতাপী ৰাজ্যৰ মূখ্যমন্ত্ৰীজনে ক’বলৈ বাধ্য হয়, যুৱকজনৰ শেষ যাত্ৰা ৰাইজৰ ইচ্ছা মতেই হ’ব। ৰাইজৰ অধিকাৰ কি আৰু ইয়াৰ গুৰুত্বও যেন জুবিনে মৃত্যুৰ জৰিয়েই গ’ল। এয়া আছিল জুবিন আদৰ্শ। 

আমি এই আদৰ্শক জীয়াই ৰাখিব লাগিব। হাজাৰটা নেতিবাচক প্ৰভাৱৰ মাজতো আমি জুবিনে বিচৰা শান্তি, সমৃদ্ধিশালী বৰ অসম জুবিনৰ আত্মাক প্ৰতিদান হিচাপে দিব লাগিব। শৰতৰ শেৱালি ফুলা এনে অসমখন এনেকৈয়ে ৰখাৰ দায়িত্ব আমাৰ প্ৰত্যেকজন অসমীয়াৰ নাই জানো?

জুবিন গাৰ্গ