অকলশৰীয়া নহয় ইৰাণ! আমেৰিকাক আক্ৰমণ কৰিব পৰাকৈ কোনে দিছে সাহস...

যুদ্ধ আৰু প্ৰেমত সকলো সম্ভৱ। ইয়াত ভয়-শংকাৰ স্থান নাই। প্ৰতিপক্ষক বধিবলৈ যিকোনো পন্থা অৱলম্বন কৰাটোৱেই হৈছে ইয়াৰ মূলনীতি। কোন পক্ষৰ কেনেদৰে আৰু কিমান ক্ষতি হৈছে সেয়া এই দুয়োটা ক্ষেত্ৰত যেন গুৰুত্বহীন।

author-image
Asomiya Pratidin
New Update
jdjdj

১০টা দিন অতিক্ৰম কৰিলে ইৰাণ-ইজৰাইলৰ যুদ্ধই। মধ্য প্ৰাচ্যৰ যুদ্ধকালীন পৰিৱেশত কোন দেশ কাৰ পক্ষত থিয় দিছে? আমেৰিকাই মুকলিকৈ সহায় কৰিছে ইজৰাইলক? কিন্তু অকলশৰে আছে জানো ইৰাণ? কোন দেশৰ শক্তিৰে শক্তিৱান হৈ আমেৰিকাৰ দৰে দেশক আক্ৰমণ কৰিবলৈ সাহস পালে ইৰাণে! সবিশেষ এই প্ৰতিবেদনত...

প্ৰেম আৰু যুদ্ধত সকলো সম্ভৱ। ইয়াত ভয়-শংকাৰ স্থান নাই। প্ৰতিপক্ষক বধিবলৈ যিকোনো পন্থা অৱলম্বন কৰাটোৱেই হৈছে ইয়াৰ মূলনীতি। কোন পক্ষৰ কেনেদৰে আৰু কিমান ক্ষতি হৈছে সেয়া এই দুয়োটা ক্ষেত্ৰত যেন গুৰুত্বহীন। বিগত প্ৰায় ১০দিন ধৰি মধ্য প্ৰাচ্যৰ পৰিস্থিতি দেখিও বিশ্বই অনুধাৱন কৰিছে যুদ্ধৰ প্ৰৱণতা কিমান ভয়াৱহ হব পাৰে!

২০২৬ৰ ২৮ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছিল ইৰাণ-ইজৰাইলৰ যুদ্ধ। দিন বাগৰাৰ লগে লগে যুদ্ধৰ ভয়াৱহতা বৃদ্ধি পাইছিল। প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে দুয়োখন দেশক সমৰ্থন আৰু সহযোগিতা কৰা দেশৰ সংখ্যা বাঢ়িছিল। সংগীৰ সাহস পাই দুয়োখন দেশৰ যুদ্ধৰ প্ৰৱণতা আৰু অধিক বৃদ্ধি পাইছিল। তীব্ৰতৰ হৈছিল আক্ৰমণ-প্ৰত্যাক্ৰমণ।

১০দিনীয়া যুদ্ধত কাৰ কিমান ক্ষতিঃ

মধ্য প্ৰাচ্যত এই অশান্ত পৰিৱেশৰ মাজত সমগ্ৰ বিশ্বৰ বহু ক্ষতি হৈছে। ভিন্ন সৰু সৰু দেশত বহুলোকৰ প্ৰাণহানি হোৱাৰ লগতে জীৱনলৈ নামি আহিছে বিভীষিকা। চৰকাৰী তথ্য অনুসৰি, এই যুদ্ধত এতিয়ালৈকে প্ৰায় ৩হাজাৰ লোকৰ প্ৰাণ হৈছে বুলি প্ৰকাশ পালেও আঁচলতে এই সংখ্যাই ইতিমধ্যে ৫০হাজাৰৰ ঘৰ অতিক্ৰম কৰিছে বুলি জানিবলৈ পোৱা গৈছে।

চৰকাৰী তথ্য অনুসৰি,  ইৰাণৰ ১২০০ৰো অধিক লোক নিহত হৈছে আৰু আঘাতপ্ৰাপ্ত হৈছে ১০সহস্ৰাধিক লোক। প্ৰায় ১২ বছৰৰ বয়সৰ ২০০ কিশোৰ, ২শতাধিক মহিলাৰ মৃত্যু হৈছে এই যুদ্ধৰ ফলত। তদুপৰি আহত হৈছে ১৪০০ৰো অধিক মহিলা-যুৱতী। 

আনফালে এই যুদ্ধৰ ফলত ইৰাণৰ স্বাস্থ্য খণ্ডৰ বিস্তৰ ক্ষতিসাধন হৈছে। তেওঁ জনায় যে- দেশখনৰ ২৫খনকৈ হাস্পতালৰ গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে। লগতে ১৮টা জৰুৰীকালীন স্বাস্থ্য কেন্দ্ৰ আৰু ১৪খন এম্বুলেন্স সম্পূৰ্ণৰূপে ধ্বংস হৈছে। ইৰাণৰ প্ৰায়বোৰ এলেকাতেই বন্ধ হৈ পৰিছে ইন্টাৰনেট সেৱা। 

যুদ্ধৰ ফলত ইৰাণৰ তুলনাত ইজৰাইলৰ পৰিস্থিতি কিছু উন্নত যদিও তাতো কমেও ১৫গৰাকী লোকৰ মৃত্যুৰ বাতৰি পোৱা গৈছে। বেইট শ্বেমেছত হোৱা প্ৰভাৱকে ধৰি ড্ৰোন আৰু মিছাইল আক্ৰমণৰ ফলত শ শ লোক আহত হৈছে। অতি জৰুৰী কাম নহ'লে ইজৰাইলত কোনো নাগৰিকক ঘৰৰ বাহিৰলৈ ওলোৱাত নিষেধাজ্ঞাও জাৰি কৰা হৈছে।

ইৰাণ- ইজৰাইলত যুদ্ধত প্ৰভাৱিত হোৱা অন্য দেশসমূহঃ

ইৰাণ- ইজৰাইল যুদ্ধৰ মাজত হঠাতে অতি সক্ৰিয়ভাৱে প্ৰৱেশ কৰিছিল আমেৰিকাই। আমেৰিকাই নিজক প্ৰতিপত্তি দেখুৱাবলৈ গৈ ইজৰাইলৰ পক্ষ লৈ ইৰাণক আক্ৰমণ কৰিছিল। দৰাচলতে ইৰাণৰ সৈতে আমেৰিকাৰ সম্পৰ্ক পূৰ্বৰে পাই তিক্ত আছিল। ২০২০ত আমেৰিকা-ইৰাণৰ মাজত আক্ৰমণ-প্ৰত্যাক্ৰমণ হৈছিল। তাৰ প্ৰতিশোধ পূৰাবলৈকে আমেৰিকাই অনাধিকাৰ প্ৰৱেশ কৰিছিল এই যুদ্ধত।

কিন্তু যুদ্ধত প্ৰৱেশ কৰি লোকচান হ'ল আমেৰিকাৰ।  ৩মাৰ্চৰ নিশাৰ পৰা ৫মাৰ্চৰ পুৱা লৈকে এই সময়চোৱাত ইৰানে আমেৰিকাক দিছিল বহুকেইটা মোক্ষম আঘাত। এই সময়চোৱাত ইৰানে আমেৰিকাৰ ৯টা সৈন্য বাহিনীৰ ঘাটি উৰুৱাই দিয়ে। ইৰানৰ আক্ৰমণত বহু সেনা আহত হোৱাৰ লগতে ৬গৰাকীকৈ সৈনিকৰ মৃত্যু হৈছে।

ট্ৰাম্পে সপোনতো ভৱা নাছিল যে ইৰানে তেওঁলোকৰ ওপৰত এনে প্ৰত্যাক্ৰমণ কৰিব। ইৰানক আক্ৰমণ কৰিবলৈ যোৱা ৪খনকৈ যুজাঁৰু বিমানো ধ্বংস কৰি দিয়ে ইৰানী সেনাই। ৩টাকৈ আমেৰিকাৰ দূতাবাসৰ কাৰ্যালয়তো বোমাৰে উৰুৱাই দিয়ে ইৰানে।  ইৰানৰ এই আক্ৰমণত বহু হাজাৰ কোটিৰ টকাৰ যুজাঁৰু সামগ্ৰী সম্পূৰ্ণৰূপে নষ্ট হৈছে আমেৰিকাৰ। আমেৰিকাইও ইয়াৰ প্ৰত্যুত্তৰত আক্ৰমণ অব্যাহত ৰাখিছে।

আমেৰিকাৰ বাহিৰেও এই যুদ্ধত ক্ষতিগ্ৰস্ত হৈছে বহু সৰু সৰু দেশ।  লেবানন, ইৰাক, ছিৰিয়া, চৌদি আৰব, সংযুক্ত আৰব আমিৰশ্বাহী, বাহৰেইন, কাটাৰ, কুৱেইটৰ দেশতো পৰিছে মিছাইল। প্ৰাণহানি হৈছে বহুজনৰ। লেবাননত  হিজবুল্লাহ আৰু অন্যান্য আন্তঃগাঁথনি লক্ষ্য কৰি ইজৰাইলী আক্ৰমণত শ শ লোকৰ মৃত্যু হৈছে।

আনহাতে ইৰাকৰ কুৰ্দি অঞ্চলতো চলিছে ধ্বংসলীলা।  ইউ এ ই, চৌদি আৰব, বাহৰেইন, কাটাৰ, কুৱেইট আদিতো বহু অট্টালিকা ধ্বংস হৈছে। যাৰ বাবে ইয়াৰ অৰ্থনীতি একেবাৰে ভাগি পৰিছে। ছিৰিয়া, তুৰস্কৰ দৰে দেশত হাজাৰ হাজাৰ ড্ৰোণেৰে চলিছে আক্ৰমণ।

এইদৰে মধ্যপ্ৰাচ্যৰ প্ৰায়বোৰ দেশ যুদ্ধৰ বাবে ক্ষতিগ্ৰস্ত হৈছে । তেলকে আদি কৰি অন্যান্য সকলো ইন্ধন আমদানি-ৰপ্তানি কৰা জাহাজৰ ওপৰতো চলিছে আক্ৰমণ। মধ্য প্ৰাচ্যৰ মুখ্য সাগৰীয় পথ হৰমুজ ইতিমধ্যে প্ৰায় অচল হৈ পৰিছে।

কোন দেশ আছে কাৰ পক্ষতঃ 

ইজৰাইলৰ পক্ষত কোন কোন দেশঃ এই যুদ্ধকালীন সময়ত ইজৰাইলৰ মুখ্য শক্তিটোৱেই হৈছে আমেৰিকা। আমেৰিকাৰ সহায় লৈয়ে ইৰাণৰ ওপৰত বীৰত্ব দেখুৱাইছে ইজৰাইলে। আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, এই যুদ্ধৰ বাবে আমেৰিকাই প্ৰতিদিনে ব্যয় কৰিছে ১বিলিয়ন ডলাৰকৈ। 

প্ৰকাশিত খবৰ অনুসৰি, ইৰাণৰ আভ্যন্তৰীণ কন্দলৰো সুযোগ লৈছে ইজৰাইল আৰু আমেৰিকাই। ইজৰাইল এটা পক্ষই বৰ্তমানৰ চৰকাৰ আৰু নেতৃত্বৰ বিৰোধিতা কৰে। যাৰ বাবে তেওঁলোকে তলে তলে হাত মিলাইছে আমেৰিকাৰ সৈতে। এই কথা স্পষ্ট হ'ল তেতিয়া, যেতিয়া ট্ৰাম্পে ইৰাণৰ বাবে নতুন নেতৃত্বৰ বাচনি কৰাৰ কথা কৈছিল।

আমেৰিকাৰ বাহিৰেও ইজৰাইলৰ সৈতে আছে মধ্য প্ৰাচ্যৰ প্ৰায় ৮খন দেশৰ প্ৰত্যক্ষ-পৰোক্ষ সমৰ্থন। ইংলেণ্ড, ফান্স, জাৰ্মানী, ছৌদি আৰৱ, ডুবাই আৰু বাহৰেইনৰ দৰে দেশে ভিন্ন প্ৰকাৰে সমৰ্থন কৰি আছে ইজৰাইলক। কানাডা, অষ্ট্ৰেলিয়াৰ দৰে দেশেও আওপকীয়াকৈ সমৰ্থন কৰি আছে ইজৰাইলক। 

ইৰাণৰ পক্ষত কোন কোন দেশঃ 

ইৰাণৰ পক্ষত প্ৰত্যক্ষভাৱে আমেৰিকাৰ দৰে সহায় কৰা কোনো শক্তি নাই যদিও পৰোক্ষভাৱে সমৰ্থনত আছে চীন আৰু ৰাছিয়া। চীনে পৰোক্ষভাৱে ইৰাণক অৰ্থনৈতিকভাৱে সহায় কৰি আহিছে। আনফালে ৰাছিয়াই আমেৰিকাৰ সৈতে শত্ৰুতা বজাই ৰাখিবলৈকে এই যুদ্ধত ইৰাণৰ সমৰ্থনত থিয় দিছে। আনকি কেইবাখনো আন্তঃৰাষ্ট্ৰীয় মঞ্চত ইৰাণৰ সপক্ষে যুক্তিও দিছে ৰাছিয়াই।

ইৰাণৰ পক্ষত থকা সৰু সৰু দেশসমূহ হৈছে লেবানন, য়েমেন, চিৰিয়া, ইৰাক, তুৰ্কীৰ দৰে দেশ। হামাছৰ দৰে দেশেও তলে তলে এই যুদ্ধত সহায় কৰি আছে ইৰাণক। অৱশ্যে কোনো দেশেই আমেৰিকাৰ দৰে এই যুদ্ধত ইৰাণক সহায় কৰিবলৈ ওলাই অহা নাই।

ভাৰতৰ স্থিতি মৌন কিয়ঃ

মধ্য প্ৰাচ্যৰ সৈতে অৰ্থনৈতিক দিশৰ পৰা আদি কৰি সকলো দিশতে ভাৰত সম্পৰ্ক এৰাব নোৱাৰা। যুদ্ধৰ পিছতে ৫০হাজাৰৰো অধিক ভাৰতীয় কামৰ পৰা দেশলৈ ঘূৰি অহাৰ তথ্য সদৰি কৰিছে বৈদেশিক মন্ত্ৰণালয়ে। এতিয়াও লাখ লাখ ভাৰতীয়ই কাম কৰি আছে মধ্য প্ৰাচ্যৰ এই দেশসমূহত। যাৰ বাবে ভাৰতে এই যুদ্ধকালীন পৰিস্থিতিত নিৰপেক্ষ হৈ থকাৰ লগতে মৌন ব্ৰত পালন কৰিছে। 

ইৰাণ নাইবা ইজৰাইল এই দুয়োখন দেশৰ সৈতে ভাৰতৰ সম্পৰ্ক অতি ভাল। ব্যৱসায়ৰ ক্ষেত্ৰত এই দুয়োখন দেশৰ সৈতে ভাৰতৰ সম্পৰ্কৰ কথা সকলোৱে জানে। ভাৰতৰ প্ৰতিৰক্ষা প্ৰযুক্তিৰ সৈতে ইজৰাইলৰ সম্পৰ্ক বহুদিনীয়া। ভাৰতৰ অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণৰ বাবে নিৰ্ভৰযোগ্য দেশৰ ভিতৰত প্ৰথম স্থানত আছে ইজৰাইল। 

আনহাতে ব্যৱসায়ৰ ক্ষেত্ৰত ইৰাণ হৈছে ভাৰতৰ সবাতোকৈ সুবিধা আৰু লাভজনক দেশ। তেল তথা ইন্ধনৰ লগতে জাহাজৰ পৰিবহন তথা বাণিজ্যৰ ক্ষেত্ৰত ইৰাণ ভাৰতৰ বাবে সোণৰ কণী পৰা হাঁহ বুলি ক'লেও ভুল কোৱা নহ'ব। গতিকে দুয়োখন দেশকেই নিজৰ হাতত ৰখাৰ স্বাৰ্থত ভাৰতে যুদ্ধৰ ক্ষেত্ৰত এতিয়ালৈকে নিৰপেক্ষ আৰু মৌন ভূমিকা পালন কৰিছে। 

ইৰাণ ইজৰাইল যুদ্ধ ইৰাণ