ফান্দত পৰিল শ্যামকানু! চোতালৰ পৰাই সাৰি গ'ল টাৰ্চেল...

২৫ছেপ্টেম্বৰ, ২০২৫। জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগত শ্যামকানু মহন্তৰ ঘৰত এছ আই টিয়ে প্ৰথমবাৰ অভিযান চলাইছিল। প্ৰথম দিনটোত প্ৰায় ৭ঘন্টা ধৰি অভিযান চলাইছিল এছ আই টিৰ এটা দলে। গীতানগৰস্থিত শ্যামকানুৰ প্ৰসাদোতম

author-image
Asomiya Pratidin
New Update
new bikhekh protibedon 2024-Recovered

জুবিনৰ মৃত্যুৱে বহুজনৰ আঁৰৰ মুখা লাহে লাহে খুলি দিছে। ইমানদিনে সংস্কৃতিৰ নামত বেপাৰ কৰি অহা শ্যামকানুৰ ভয়ংকৰ জালিয়াতি আৰু বিত্তীয় অনিয়মৰ তথ্য জুবিনৰ মৃত্যুৱে পোহৰলৈ আনিলে। চৰকাৰী বিষয়াৰ ছীল-মোহৰৰ লগতে দুখনকৈ পান কাৰ্ডৰ লগে বহু তথ্য-পাতি উদ্ধাৰ কৰি শ্যামকানুৰ বিৰুদ্ধে কঠোৰ হৈছে তদন্তকাৰী দল। ইয়াৰ বিপৰীতে গুৱাহাটীত ৪দিন ৪ৰাতি থাকিও আইনৰ পৰা সাৰি গ'ল জুবিনক নিঃশেষ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা থকা টাৰ্চেল মিট্টাল। সকলোবোৰ সামৰি এক বিশেষ প্ৰতিবেদন...

২৫ছেপ্টেম্বৰ, ২০২৫। জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগত শ্যামকানু মহন্তৰ ঘৰত এছ আই টিয়ে প্ৰথমবাৰ অভিযান চলাইছিল। প্ৰথম দিনটোত প্ৰায় ৭ঘন্টা ধৰি অভিযান চলাইছিল এছ আই টিৰ এটা দলে। গীতানগৰস্থিত শ্যামকানুৰ প্ৰসাদোতম অট্টালিকাত ভূমি মহলাত থকা ব্যাৱসায়িক কাৰ্যালয়ত চলা তালাচীত এছ আই টিয়ে জব্দ কৰিছিল ভালেমান নথিপত্ৰ, ফাইল,লেপটপ আদি। এই তালাচীৰ পিছতে ঘৰটো ছীল কৰা হৈছিল।

২৬ছেপ্টেম্বৰ, ২০২৫। দ্বিতীয় দিনাও এছ আই টিৰ দলে অভিযা চলাইছিল শ্যামকানুৰ ঘৰত। তদন্তকাৰী বিষয়া ৰ’জী কলিতাৰ নেতৃত্বত অহা চি আই ডিৰ দলৰ অভিযানত এইবাৰ জব্দ কৰা হৈছিল শ্যামকানুৰ ব্যৱসায়ৰ ফাইল, সম্পত্তিৰ তথ্য। দণ্ডাধীশৰ উপস্থিতিত উক্ত দিনটোত তলা ভাঙি শ্যামকানুৰ ঘৰত প্ৰৱেশ কৰিছিল চি আই ডিৰ দল। উক্ত দিনটোতে শ্যামকানুৰ ঘৰত চি আই ডিয়ে উদ্ধাৰ কৰিছিল বিভিন্ন চৰকাৰী বিষয়াৰ চীল-মোহৰ।

জুবিন গাৰ্গৰ মৃ্ত্যুৰ ঘটনাৰ তদন্ত চলাবলৈ গৈ এনেদৰেই পোহৰলৈ আহিছিল শ্যামকানুৰ এনে কুৰ্কীতি। তদন্তকাৰী বিষয়াসকলো হৈ পৰিছিল হতবাক। টিভিৰ পৰ্দাত কেতিয়াও দুই নম্বৰী নকৰো বুলি কোৱা, সদায়েই উদ্যোগীকৰণ কথা কোৱা এগৰাকী লোকৰ ঘৰত এনে সামগ্ৰী উদ্ধাৰক লৈ চি আই ডি দলটোৰ মনত কৌতূহল বৃদ্ধি পাইছিল।

প্ৰসাদোতম ঘৰটোত চি আই ডিয়ে পুংখানুপুংখভাৱে চলোৱা তালাচীত উক্ত দিনটোত উদ্ধাৰ হৈছিল নিজৰ ব্যৱসায়িক স্বাৰ্থ শ্যমকানুৱে প্ৰস্তুত কৰা চৰকাৰী নিৰ্দেশনা। য’ত এনে চীল-মোহৰ ব্যৱহাৰ কৰি মহন্তই বিত্তীয় অনুদান সংগ্ৰহ কৰিছিল। চি আই ডিয়ে চৰকাৰী নিৰ্দেশনা আৰু ছীল-মোহৰ সমূহ পৰীক্ষা কৰি নিশ্চিত হয় যে এই সকলোবোৰ ভুৱা। ইয়াৰ জৰিয়তে শ্যামকানুৰ ভুৱা আৰু জালিয়াতিৰ তথ্য পোহৰলৈ আহে।

এই সমূহ তথ্য উদ্ধাৰৰ পাছতে চি আই ডিৰ SSP আছিফ আহমেদে শ্যামকানুৰ বিৰুদ্ধে দাখিল কৰিছিল অন্য এখন এজাহাৰ। শ্যামকানুৰ ঘৰত চি আই ডিয়ে  ২৮ টা ছীল-মোহৰৰ লগতে ভালেসংখ্যক নথি-পত্ৰ জব্দ কৰিছিল। অতিকৈ ভয়ংকৰ কথাটো আছিল যে,  শ্যামকানু মহন্তৰ প্ৰতিষ্ঠান 'ট্ৰেণ্ড এম এম এছ'ৰ নামত আছে দুখনকৈ পান কাৰ্ড।

লোকনিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তাৰ নামতো পোৱা গৈছিল ভুৱা ছীল-মোহৰ। এই সন্দৰ্ভতো শ্যামকানু মহন্তৰ বিৰুদ্ধে CID-এ পৃথককৈ ৰুজু কৰিছে গোচৰ।  CID য়ে  গোচৰ ৰুজু কৰি শ্যামকানুৰ বিৰুদ্ধে আৰোপ কৰিছে BNS ৰ ৭ টা ধাৰা ।  ৩১৬(5), 36(3), ৩৩৭, ৩৩৮, ৩৩৯, ৩৪০,৩৪১(১)৩৪২(১) ধাৰা আৰোপ কৰা হৈছে শ্যামকানুৰ বিৰুদ্ধে। 

ব্যাপক অৰ্থনৈতিক কেলেংকাৰীৰ তথ্য ইতিমধ্যে লাভ কৰিছে চি আই ডিয়ে। বিভিন্ন উচ্চ পদস্থ বিষয়াক শ্যামকানুৱে ঘৰত আয়োজন কৰা বিলাসী পাৰ্টিলৈ আমন্ত্ৰণ কৰি বিভিন্ন প্ৰক্ৰিয়াৰে প্ৰভাৱিত কৰিছিল। বিষয়াসকলৰ আগত দেশ-বিদেশৰ কথা কৈ, বিনিয়োগৰ সম্ভাৱনাৰ প্ৰসংগৰে ব্যৱসায়িক বন্ধু মহলৰ লাহ-বিলাসৰ কথাও উত্থাপন কৰিছিল। এনে পাৰ্টি শুৱনি কৰিবলৈ অৱধাৰিতভাৱে শ্যামকানুৰ এই পাৰ্টিত আছিল অসমৰ চেলিব্ৰিটীসকলো। 

এনেদৰেই চৰকাৰী বিষয়াসকলৰ সৈতে ঘনিষ্ঠতা বঢ়াই লুন্ঠনৰ বজাৰখন প্ৰসাৰিত কৰিছিল শ্যামকানুৱে। চৰকাৰী বিভাগ, গেছ নাইবা তৈলক্ষেত্ৰই নহয় ৰাজ্যৰ ভিন্ন জাতি-জনগোষ্ঠী উন্নয়নৰ বাবে চৰকাৰে গঠন কৰা উন্নয়ন পৰিষদৰ পৰাও ধন লুটাত কৃপনালি কৰা নাছিল শ্যামকানুৱে।

শেহতীয়াকৈ অভিযোগ উত্থাপিত হৈছে যে, চুতীয়া জাতিৰ খাদ্যভ্যাস আৰু কৃষ্টি সংস্কৃতি ৰঙালীত প্ৰদৰ্শন কৰাৰ বাবেই চুতীয়া জাতি উন্নয়ন পৰিষদৰ পৰা ২০লাখ টকা সৰকাইছিল শ্যামকানুৱে। এনেদৰেই সংস্কৃতিৰ নামত বেপাৰ কৰি অতি বিলাসী জীৱনৰ লগতে সমাজৰ এজন বিশিষ্ট উদ্যোগীৰ স্থান লাভ কৰিছিল শ্যামকানুৱে।

যি সময়ত জুবিন গাৰ্গে ৩কোটিৰ এটা ঘৰ নিৰ্মাণ কৰি জীৱনৰ অন্তিম মূৰ্হুতলৈকে শেষ কৰিব নোৱাৰিলে, তেনে সময়ত জুবিনক নিজৰ বেপাৰত ব্যৱহাৰ কৰা শ্যামকানুৱে বহু বছৰৰ পূৰ্বেই গুৱাহাটীৰ গীতানগৰত এক প্ৰসাদোতম ৪মহলীয়া অট্টালিকাত থাকিবলৈ লৈছিল। অন্য এক ব্যক্তিৰ নামত বহু সা-সম্পত্তি কৰাৰো অভিযোগ আছে শ্যামকানুৰ বিৰুদ্ধে। শেহতীয়াকৈ চৰ্চা হৈছে যে, শ্যামকানুৱে বহিঃৰাজ্যত এখন বিলাসী ৰেষ্টুৰেন্টো আৰম্ভ কৰিছে অন্য ব্যক্তিৰ নামত।

যদিও জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে শ্যামকানুৰ নাম সাঙুৰ খাইছে তথাপিও আইনী দৃষ্টিৰে শ্যামকানুৰ গুৰু শাস্তি নহয় বুলি সচেতন মহলে ইতিমধ্যেই আশংকা প্ৰকাশ কৰি আহিছিল। ইয়াৰ মাজতে জুবিনৰ মৃত্যু তদন্ত কৰিবলৈ গৈ অসম চৰকাৰ তথা আৰক্ষীৰ হাতত পৰা এনে কুৰ্কীতিৰ দস্তাবেজৰ বাবে এতিয়া আইনী দৃষ্টিত অধিক শলঠেকত পৰিব শ্যামকানু। বহুতে কৈছে যে, প্ৰত্যক্ষভাৱে নহ’লেও জুবিন গাৰ্গে মৃত্যুৰ পাছত পৰোক্ষভাৱে শ্যামকানুৰ আঁচল ৰূপ ৰাইজৰ আগলৈ আনিলে।

শ্যামকানুৰ বিৰুদ্ধে গুৰুতৰ অপৰাধত গোচৰ ৰুজু হোৱাৰ পাছত অধিক ক্ষীপ্ৰগতিত চলিছে তদন্ত। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে সিদ্ধাৰ্থ আৰু শ্যামকানুক আত্মসৰ্মপণৰ বাবে সময়সীমা বান্ধি দিছে। কিন্তু মুখ্যমন্ত্ৰীৰ এই সময়সীমাৰ পূৰ্বেই হয়তো গ্ৰেপ্তাৰ হ’ব পাৰে শ্যামকানু। জুবিন মৃত্যুৰ তদন্তৰ বাবে মঙলবাৰে ছিংগাপুৰলৈ ৰাওঁনা হ’ব এছ পি সুধাংকৰ সিং আৰু তৰুণ গোৱেল।

ছিংগাপুৰত শ্যামকানু ক’ত লুকাই আছে তাৰো অৱস্থিতি ধৰা পেলাইছে বুলি সোমবাৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে সদৰি কৰিছে। ছিংগাপুৰতে শ্যামকানুক গ্ৰেপ্তাৰ কৰাৰো ইংগিত প্ৰদান কৰিলে আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে। ভৱাতকৈ বহু বিস্ফোৰক তথ্য আৰক্ষীৰ হাতত পৰা বুলি কৈ সময়ত সকলো ৰাইজৰ আগত দাঙি ধৰাৰ প্ৰতিশ্ৰুতি দিলে আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে। 

উল্লেখ কৰা প্ৰয়োজন যে,  দুদিনৰ ভিতৰত শ্যামকানু মহন্তই আত্মসমৰ্পণ নকৰিলে ছিংগাপুৰতে গ্ৰেপ্তাৰ কৰা হব শ্যামকানুক। মুখ্যমন্ত্ৰীয়ে ইয়াক লৈ কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে অসম আৰক্ষীক। আনহাতে শ্যামকানুৰ বাহিৰও আন এগৰাকী পলাতক সিদ্ধাৰ্থ শৰ্মাই দিল্লীৰ পৰা পলাই কোনখন ৰাজ্যত আশ্ৰয় লৈছে তাৰো তথ্য পাইছে চৰকাৰে। সিদ্ধাৰ্থৰ বাবেও অসম আৰক্ষীয়ে দুটা দিনৰ সময় বান্ধি দিছে। 

এনেকৈয়ে এতিয়া শ্যামকানু আৰু সিদ্ধাৰ্থৰ বিৰুদ্ধে কঠোৰ হৈছে চৰকাৰ তথা প্ৰশাসন। ছিংগাপুৰৰ সৈতে আইনী প্ৰক্ৰিয়া তুৰাম্বিত কৰাৰ বাবে গৃহ মন্ত্ৰালয়লৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছে অসম চৰকাৰে। কিন্তু ইয়াৰ মাজতে জুবিনক লৈ প্ৰায় দুটা দশক বেপাৰ কৰি অহা পূৰ্বৰ মেনেজাৰ টাৰ্চেল মিট্টালৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।  

টাৰ্চেল মিট্টালৰ বিৰুদ্ধেও বহুকেইজন লোকে এজাহাৰ দিয়াৰ পাছতো টাৰ্চেলক তলবেই নকৰিলে অসম আৰক্ষীৰ তদন্তকাৰী বিষয়াই। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, সিদ্ধাৰ্থ শৰ্মা হৈছে টাৰ্চেল মিট্টালৰ প্ৰতিষ্ঠানৰ এগৰাকী কৰ্মচাৰীহে। সিদ্ধাৰ্থ শৰ্মাক জুবিনৰ মেনেজাৰ হিচাপে নিযুক্তি দিছিল টাৰ্চেল মিট্টালেই। এই দুয়োগৰাকী অনা অসমীয়া মিলি জুবিনক যন্ত্ৰৰ দৰে ব্যৱহাৰ কৰিছিল।

দুয়োগৰাকী অনা অসমীয়াই জুবিন গাৰ্গ মিউজিক এল এল পিৰ অংশীদাৰিত্বও লাভ কৰিছিল। এই সকলো আইনী প্ৰক্ৰিয়া মুম্বাইৰ পৰাই চোৱাচিতা কৰিছিল টাৰ্চেল মিট্টালে। প্ৰাপ্ত খবৰ অনুসৰি, জুবিন গাৰ্গৰ ছিমকাৰ্ডখন তেওঁলোকৰ নামলৈ আনিবলৈ এই দুয়োগৰাকীয়ে মিলি আবেদনো কৰিছিল টেলিকম বিভাগক।

এনেদৰেই জুবিনক ব্যৱহাৰ কৰাত নেতৃ্ত্ব প্ৰদান কৰা টাৰ্চেল মিট্টাল অসমলৈ জুবিন শেষকৃত্যত অংশ লৈ পুনৰ ঘূৰি গ’ল মুম্বাইলৈ। প্ৰাপ্ত খবৰ অনুসৰি, জুবিনক বিমান বন্দৰৰ পৰা যিখন এম্বুলেন্সত অনা হৈছিল তাতে বহি আছিল টাৰ্চেল। ২১ছেপ্টেম্বৰত গুৱাহাটীলৈ আহি ২৪ছেপ্টেম্বৰত মুম্বাইলৈ গৈছে টাৰ্চেল।

এই সময়খিনিত টাৰ্চেল সৰুসজাইৰ লগতে জুবিনৰ শেষকৃত্যস্থলী সোণাপুৰতো উপস্থিত আছিল। কাহিলীপাৰাৰ জুবিনৰ ঘৰতো এই আটাইকেইটা দিনত সময় কটাইছিল টাৰ্চেলে। মুকলিকৈ গুৱাহাটীত চলাফুৰা কৰি ৪দিন ৪ৰাতি কটাই যোৱাৰ পাছতো এই অনা অসমীয়া টাৰ্চেলৰ ছাঁটোকে গছকিব নোৱাৰিলে অসম আৰক্ষীৰ তদন্তকাৰী বিষয়াই।

এনেদৰেই এতিয়া আগবাঢ়িছে জুবিন মৃত্যুকাণ্ডৰ তদন্ত। ছিংগাপুৰত থকা ১১গৰাকী প্ৰৱাসী অসমীয়াকো সাঙুৰি লোৱা হৈছে এই তদন্তত। তদন্ত প্ৰক্ৰিয়া চলি থাকোতে আনুসংগিক বহু কথাই চৰ্চা লাভ কৰিছে। বহুতৰ মুখা খোল খাইছে। কিন্তু সকলোৱে আশা কৰিছে এই সকলোবোৰৰ মাজতো অধিক ক্ষীপ্ৰ আৰু কঠোৰভাৱে হওঁক জুবিন মৃত্যুৰ তদন্ত....

জুবিন গাৰ্গ