'মহাদেৱী'য়ে কপঁনি তুলিছে আম্বানীৰ সম্ৰাজ্যত!

এজনী হাতীৰ প্ৰতি ৰাইজৰ মৰমৰ ওচৰত হাৰি গল ধনাঢ্য আম্বানীৰ পৰিয়াল।  মহাৰাষ্ট্ৰৰ কোলহাপুৰৰ এটা জৈন মঠত থকা মহাদেৱী নামৰ হাতীজনীক ৰাইজৰ বিৰোধিতা সত্বেও কিছুদিনৰ পূৰ্বে গতাই দিয়া হৈছিল আম্বানীৰ ’বনতাৰা’ক৷ মৰমৰ

New Update
ujjjsss

এজনী হাতী আৰু ৰাইজৰ মৰমৰ আগত যেন নতশিৰ হ'ল আম্বানীৰ পৰিয়াল। মহাদেৱী নামৰ হাতীজনীক বনতাৰালৈ নিয়াৰ পাছতে  আৰম্ভ কৰা যুঁজখনত যেন কিছুদূৰলৈকে সফলতা লাভ কৰিলে ৰাইজে। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে দিলে এক বিশেষ ৰায়। অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন...

Advertisment

এজনী হাতীৰ প্ৰতি ৰাইজৰ মৰমৰ ওচৰত হাৰি গ'ল ধনাঢ্য আম্বানীৰ পৰিয়াল।  মহাৰাষ্ট্ৰৰ কোলহাপুৰৰ এটা জৈন মঠত থকা মহাদেৱী নামৰ হাতীজনীক ৰাইজৰ বিৰোধিতা সত্বেও কিছুদিনৰ পূৰ্বে গতাই দিয়া হৈছিল আম্বানীৰ ’বনতাৰা’ক৷ মৰমৰ হাতীজনীক বিলাসী চিৰিয়াখানাত গতাই দিয়াত জাঙুৰ খাই উঠিল কোলহাপুৰবাসী৷ গাওবাসীয়ে সিদ্ধান্ত লৈছিল আম্বানীক আটাইতকৈ দুৰ্বল অংশত তেওঁলোকে আঘাত কৰিব।

সিদ্ধান্তমৰ্মেই জিলাখনৰ ৭৪৩ খন গাঁৱৰ ৰাইজে বৰ্জন কৰিলে ৰিলায়েন্সৰ সকলো সামগ্ৰী৷ একেদিনাই জিঅৰ ছিম এৰি এয়াৰটেলৰ ছিম  গ্ৰহণ কৰিলে ৭০০০ লোকে৷ এনে অৱস্থা হৈছিলগৈ যে, এয়াৰটেলে চাহিদা পূৰণৰ বাবে বিশেষ ষ্টল খুলিব লগা হৈছিল৷

মহাদেৱীৰ বাবে একত্ৰিত হৈ পৰিছিল জৈন সমাজ৷ মহাৰাষ্ট্ৰৰ ৰাজনীতিটো ইয়াৰ প্ৰভাৱ পৰিছিল। ৰাইজৰ ঐক্যবদ্ধ প্ৰতিবাদৰ ফলত কপিঁ উঠিছিল আম্বানীৰ পৰিয়াল।  মহাদেৱীক ওভটাই দিবলৈ বনতাৰা কৰ্তৃপক্ষ সন্মত হৈছিল যদিও ঘূৰাই দিয়া নাছিল।

অৱশেষত ৰাইজে কাষ চাপিছিল উচ্চতম ন্যায়ালয়ৰ। সোমবাৰে উচ্চতম ন্যায়ালয়ে গুজৰাটৰ জামনগৰত থকা ৰিলায়েন্স ফাউণ্ডেশ্যনৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ্বাসন কেন্দ্ৰ বনতাৰাৰ বিষয়ত প্ৰাক্তন ন্যায়াধীশ জে চেলামেশ্বৰৰ নেতৃত্বত বিশেষ তদন্তকাৰী দল (এছ আই টি)ৰ তদন্তৰ নিৰ্দেশ দিয়ে।

ভাৰত আৰু বিদেশৰ পৰা জীৱ-জন্তু, বিশেষকৈ হাতী অধিগ্ৰহণ আৰু বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২, আৰু চিৰিয়াখানাৰ নিয়ম মানি চলাকে ধৰি কেইবাটাও বিষয় পৰীক্ষা কৰি প্ৰতিবেদন দাখিল কৰিবলৈ এছ আই টিক নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে।

কলহাপুৰৰ মন্দিৰৰ পৰা বনতাৰালৈ স্থানান্তৰিত কৰাৰ বিতৰ্কৰ পিছত দাখিল কৰা দুখন পিআইএলৰ ওপৰত ন্যায়াধীশ পংকজ মিঠাল আৰু পি বি ভাৰলেৰ বিচাৰপীঠে এছআইটি গঠনৰ নিৰ্দেশ দিয়ে। বিচাৰপীঠে এছ আই টিক বনতাৰাৰ ‘পৰীক্ষণ আৰু পৰিদৰ্শন’ কৰিবলৈ কয় আৰু নিৰ্দেশ দিয়ে যে গুজৰাটৰ বন বিভাগৰ সচিবে এছ আই টিক সম্পূৰ্ণ সহায় আৰু সহযোগিতা নিশ্চিত কৰিব লাগিব। 

বিচাৰপীঠে স্পষ্ট কৰিলে যে,  এছ আই টিয়ে আদালতক তথ্য বিচাৰি উলিওৱাত সহায় কৰিবলৈহে অনুমতি দিয়া হৈছে যাতে প্ৰকৃত বাস্তৱিক অৱস্থা নিৰ্ণয় কৰিব পৰা যায়। যাতে আদালতে পৰৱৰ্তী যিকোনো আদেশ সঠিক আৰু শুদ্ধ ৰূপত জাৰি কৰিব পাৰে। 

বিচাৰপীঠে আঙুলিয়াই দিয়ে যে,  এই আবেদন দুখন কেৱল কাকত, ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা বাতৰি আৰু  বেচৰকাৰী সংস্থা, বন্যপ্ৰাণী সংগঠনৰ বৈচিত্ৰ্যপূৰ্ণ অভিযোগৰ ওপৰত ভিত্তি কৰি দিছে নেকি সেয়াও স্পষ্ট হ’ব লাগিব। এই ক্ষেত্ৰত এছ আই টিয়ে পুংখানুপুংখভাৱে তদন্ত কৰি আদালতত জমা দিব লাগিব। এছ আই টিক তদন্ত চলাই অহা ১২ ছেপ্টেম্বৰৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

উচ্চতম ন্যায়ালয়ে এছ আই টি গঠন কৰি দিয়াৰ সন্দৰ্ভত বনতাৰাইও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বনতাৰাই এক বিবৃতি প্ৰকাশ কৰি কয়-  মাননীয় উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশক আমি সৰ্বোচ্চ সন্মানেৰে স্বীকাৰ কৰিছো। স্বচ্ছতা, মমতা আৰু আইন সম্পূৰ্ণ মানি চলাৰ প্ৰতি বনতাৰা প্ৰতিশ্ৰুতিবদ্ধ।  আমাৰ মিছন আৰু গুৰুত্ব অব্যাহত আছে জীৱ-জন্তুৰ উদ্ধাৰ, পুনৰ্বাসন আৰু যত্ন লোৱা। 

আমি বিশেষ তদন্তকাৰী দলটোক সম্পূৰ্ণ সহযোগিতা আগবঢ়াম আৰু আমাৰ সকলো প্ৰচেষ্টাৰ মূলতে সদায় জীৱ-জন্তুৰ কল্যাণ ৰাখি আমাৰ কাম আন্তৰিকতাৰে অব্যাহত ৰাখিম। আমি অনুৰোধ কৰিছো এই প্ৰক্ৰিয়াটোত কোনো অইন কথা যাতে সংলগ্ন নহয়, ইয়াৰ পৰিৱৰ্তে আমি সেৱা আগবঢ়োৱা জীৱ-জন্তুৰ স্বাৰ্থত এই তদন্ত সফলভাৱে সম্পন্ন কৰিবলৈ দিয়া হওক।

এনেকৈয়ে এতিয়া ধনাঢ্য আম্বানীৰ বিৰুদ্ধে আৰম্ভ কৰা যুঁজখনত জয়ৰ দিশে আগবাঢ়িছে এজনী হাতী আৰু ৰাইজ। সঠিক পথ আৰু একগোট হৈ থাকিলে ৰাইজৰ প্ৰতিবাদক যে কোনেও নতশিৰ কৰিব নোৱাৰে, সেই কথা পুনৰ প্ৰমাণ হ’ল...

অনিল আম্বানী মুকেশ আম্বানী নীতা আম্বানী