ছেঃই কুকুৰ ছেঃই...

বিভিন্ন স্বাস্থ্য সম্পৰ্কীয় ৱেবছাইটত উপলব্ধ তথ্য অনুসৰি বিশ্বজুৰি প্ৰতি বছৰে জলাতংক ৰোগত প্ৰায় ৫৫,০০০ৰ পৰা ৬০,০০০ মানুহৰ মৃত্যু ঘটে ৷ যদি আমি জলাতংক ৰোগত হোৱা মৃত্যুৰ পৰিসংখ্যা বিবেচনা কৰোঁ

author-image
Asomiya Pratidin
New Update
new bikhekh protibedon 2024 (1)

কুকুৰ প্ৰাণীবিধেই মৰমল'গা। প্ৰভু ভক্ত এই প্ৰাণীবিধক লৈ শেহতীয়াকৈ মানুহৰ মাজত মৰম অতিপাত গতিত বৃদ্ধি পাইছে। এতিয়া দিন এনে আহিছে যে, নিজে গৰমত শুলেও ঘৰৰ পোহনীয়া কুকুৰটোক এচি ৰূমত শুৱায়। কিন্তু এই কুকুৰক লৈ শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে দিলে এক কঠোৰ নিৰ্দেশ। সবিশেষ পঢ়ক এই প্ৰতিবেদনত...

গৃহস্থ যেতিয়া শুৱে, তেতিয়া ওৰে নিশা পহৰা দিয়ে কুকুৰে। কিন্তু সময় এতিয়া সলনি হৈছে, এতিয়া গৃহস্থই শুৱাৰ আগতেই আৰামত টোপনি যায় ঘৰৰ পোহনীয়া কুকৰটো। এনে নহয় যে, আগৰ দিনত কুকুৰক মৰম কৰা নাছিল, কিন্তু এতিয়াৰ দৰে একেটা ৰূমত শুবলৈ বা একেখন কাহীঁতে খাবলৈ দিয়া নাছিল। বিগত কেইটামান বছৰৰ পৰা কুকুৰৰ প্ৰতি মানুহৰ প্ৰীতি অতিপাত বৃদ্ধি পোৱা দেখা গৈছে। 

জীৱ-জন্তুৰ প্ৰতি মানুহৰ এনে মৰম- আদঁৰ কোনো বেয়া কথা নহয়। বৰঞ্চ নিমাখিত এনে প্ৰাণীবোৰৰ প্ৰতি মানুহ সদয় হোৱাতো সমাজৰ বাবেই শুভ লক্ষণ। কিন্তু এনে বহু গৃহস্থও আছে, যিসকলে ধুনীয়া হৈ থকা অৱস্থাত ঘৰৰ ভিতৰত আলফুঁলে ৰখা কুকুৰটোক বয়স বঢ়াৰ পিছত পদপথত এৰি দিয়ে। ইয়াৰ মাজতে অৱশ্যে পদপথৰ এনে কুকুৰবোৰক যতন লোৱা মানুহৰো অভাৱ নাই।

কুকুৰৰ প্ৰতি মানুহৰ মনত বৃদ্ধি পোৱা এনে প্ৰীতিৰ মাজতে দেশৰ উচ্চতম ন্যায়ালয়ে যোৱা ১১আগষ্ট, ২০২৫ত প্ৰদান কৰিলে এক বিশেষ ৰায়। আদালতে এই ৰায় অৱশ্যে দিল্লীক লৈহে প্ৰদান কৰিছিল। ন্যায়ালয়ে কৈছিল যে, দিল্লীৰ পদপথ, ৰাস্তাই-ঘাটে ঘূৰি ফুৰা প্ৰায় ১০লক্ষাধিক কুকুৰক অচিৰেই ৰাস্তা-ঘাটৰ পকা আঁতৰ কৰি বিশেষ স্থানলৈ স্থানান্তৰ কৰিব লাগে। 

জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ন্যায়ালয়ে এই নিৰ্দেশনা প্ৰদান কৰা বুলি উল্লেখ কৰিছিল। ন্যায়াধীশ জে বি পাডৰীৱালা আৰু ন্যায়াধীশ আৰ মহাদেৱন বিচাৰপীঠে এই নিৰ্দেশনা প্ৰদান কৰিছিল। এই বিচাৰপীঠে অতিৰেই দিল্লী নগৰ নিগমক এই কুকুৰবোৰক ৰাস্তা-ঘাটৰ পৰা আঁতৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল। 

এই বিচাৰপীঠে মত ব্যক্ত কৰিছিল যে, এনে কুকুৰৰ কামোৰৰ বাবেই ৰাস্তাৰে যোৱা বহুলোকৰ দেহলৈ ৰোগ সংক্ৰমণ হোৱাৰ লগতে বহুলোকৰ মৃ্ত্যু পৰ্যন্ত হৈছে। এই বিষয়টো অতিকৈ চিন্তাঃজনক। গতিকে এই সমগ্ৰ বিষয়টোৰ গভীৰতা উপলদ্ধি কৰি দিল্লী প্ৰশাসনে অচিৰেই ব্যৱস্থা গ্ৰহণ কৰক।

উচ্চতম ন্যায়ালয়ৰ এই ৰায়ৰ পিছতে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।  ন্যায়ালয়ৰ এই ৰায়ৰ বিৰোধিতাৰে ভিন্ন সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল।  পশু পৰিচৰ্যা বহু সংগঠনে পশু পৰিচৰ্যা আৰু অধিকাৰ আইনৰ দোহাঁই দি এই নিৰ্দেশ উঠাই ল’বলৈ দাবী জনাইছিল। 

দেশজুৰি সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ অন্তত উচ্চতম ন্যায়ালয়ে পুনৰ শুনানি গ্ৰহণ কৰিছিল এই বিষয়টোত। এই বিষয়টোক লৈ উচ্চতম ন্যায়ালয়ৰ অন্য এখন বিচাৰপীঠে শুনানি গ্ৰহণ কৰে ১৪আগষ্ট, ২০২৫ত। তিনিজনীয়া এই বিচাৰপীঠে পূৰ্বৰ নিৰ্দেশনাকে বাহাল ৰাখে আৰু দিল্লীৰ লগতে কাষৰীয়া সকলো অঞ্চলৰ বাটে-ঘাটে থকা কুকুৰবোৰক আঁতৰোৱাৰ নিৰ্দেশ দিয়ে।

ন্যায়াধীশ বিক্ৰম নাথ, সন্দীপ মেহতা আৰু এন বি অঞ্জাৰিয়াৰ বিচাৰপীঠে গ্ৰহণ কৰা পুণঃশুনানিত কয় যে, এয়া কোনো লঘু বিষয় নহয়। বছৰি ৩৭লাখ আৰু প্ৰতিদিনে ১০হাজাৰ মানুহক আমাৰ দেশত কুকুৰে কামুৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, ভাৰতত বছৰি ১৮হাজাৰ লোকৰ কুকুৰে কামোৰাৰ পাছত জলাতংকৰ বাবে মৃত্যু হৈ আহিছে। গতিকে এই বিষয়টোক গুৰুত্ব সহকাৰে লৈ আমি পূৰ্বৰ নিৰ্দেশ বাহাল ৰাখিছো।

পশু জন্ম নিয়ন্ত্ৰণ (এবিচি) নিয়ম ২০২৩ অনুসৰি বন্ধ্যাকৰণ আৰু প্ৰতিষেধক পৰিকল্পনা কৰা সত্ত্বেও দিল্লীৰ প্ৰায় ১০ লাখ অঘৰী কুকুৰৰ আধাতকৈও কম কুকুৰক বন্ধ্যাকৰণ কৰা হৈছে। ফলত জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আশা কৰা ধৰণৰ ফলাফল লাভ কৰিব পৰা নাই। ২০২৩ চনৰ তুলনাত দিল্লীত কুকুৰে কামোৰাৰ সংখ্যা ১৪৩% বৃদ্ধি পাইছে।

বিভিন্ন স্বাস্থ্য সম্পৰ্কীয় ৱেবছাইটত উপলব্ধ তথ্য অনুসৰি বিশ্বজুৰি প্ৰতি বছৰে জলাতংক ৰোগত প্ৰায় ৫৫,০০০ৰ পৰা ৬০,০০০ মানুহৰ মৃত্যু ঘটে ৷ যদি আমি জলাতংক ৰোগত হোৱা মৃত্যুৰ পৰিসংখ্যা বিবেচনা কৰোঁ তেন্তে ভাৰতত প্ৰতি বছৰে এই কাৰণতে প্ৰায় ২০ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছে ৷ আনহাতে দক্ষিণ-পূব এছিয়াৰ আন দেশসমূহত এই সংখ্যা ৬৫% পৰ্যন্ত ৷

উচ্চতম ন্যায়ালয়ে লগতে প্ৰতিবাদকাৰীসকলক এই কথাও স্পষ্ট কৰি দিয়ে যে, আমি বাটে-পথে ঘূৰি ফুৰা কুকৰবোৰক মৰাৰ কথা কোৱা নাই। বৰঞ্চ বিশেষ ব্যৱস্থাৰে বিজ্ঞানসন্মত ঠাইত ৰখাৰ কথাকে উল্লেখ কৰিছো। গতিকে বিষয়টো সকলোৱে বুজি কাম কৰিব লাগে।

মুঠৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানৰ পাছতে এতিয়া কুকুৰ শূণ্য হ’ব দিল্লীৰ ৰাজপথ। ক্ৰমাম্বয়ে এই নিৰ্দেশনা দেশৰ আন চহৰসমূহতো পালন কৰিব লাগিব। অসমৰ প্ৰায়কেইজন ব্যস্ত চহৰ তথা অঞ্চলত এনে ব্যৱস্থা গ্ৰহণ কৰাৰ পোষকতা কৰিছে বহুতে।

পদপথৰ কুকুৰৰ এনে সন্ত্ৰাসৰ বাবেই এসময়ত নগাঁৱৰ কলংপৰীয়া বাতৰিকাকতৰ সম্পাদকে প্ৰাণ হেৰুৱাব হৈছিল। কিছুদিনৰ পূৰ্বে গোলাঘাটৰ এগৰাকী মহিলাকো পদপথত ঘূৰি ফুৰা এদল কুকুৰে অতি বেয়াকৈ কামুৰি চোঁচৰাই লৈ গৈছিল। অসমতো বছৰি প্ৰায় অৰ্ধশতাধিক লোকৰ মৃ্ত্যু হয় জলাতংক ৰোগত আক্ৰান্ত হৈ। 

গুৱাহাটীৰো বহু ব্যস্ত অঞ্চলত এনে কুকুৰ দলে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। ৰাজধানী চহৰখনত এই বিষয়টোক লৈ যিদৰে চৰ্চা হ’ল, অসমৰ প্ৰেক্ষাপটতো ইয়াক অধিক গুৰুত্ব সহকাৰে লোৱাৰ স্থল আছে। জীৱ-জন্তুৰ প্ৰতি সদয় হোৱাতো অতিকৈ জৰুৰী, কিন্তু ইয়াৰ সমান্তৰালভাৱে আমি সাৱধান হোৱাৰো প্ৰয়োজন...

উচ্চতম ন্যায়ালয়