/asomiyapratidin/media/media_files/2025/10/03/new-bikhekh-protibedon-2025-10-03-18-12-50.jpg)
চেনিকুঠীৰ কৃষ্ণ ভৱন। শ্যামকানু মহন্তৰ ট্ৰেণ্ড এম এম এছ প্ৰাইভেট লিমিটেডৰ পুৰণি কাৰ্যালয়। যদিও এই কাৰ্যালয়টো ট্ৰেণ্ড এম এম এছ প্ৰাইভেট লিমিটেডৰ বুলি সকলোৱে জানে, আঁচলতে ইয়াত চলিছিল ৫টা ভিন ভিন কোম্পানীৰ কাম। নামত লাভবিহীন সামাজিক, সাংস্কৃতিক কামৰ সংস্থা বুলি জাহিৰ কৰিলেও এই কাৰ্যালয়টোত বিটিচিৰ পানী যোগান, হাইড্ৰ পাৱাৰৰ বহু কোটি কোটি টকাৰ ঠিকাৰ কাম চলিছিল। এক অদৃশ্য শক্তিৰে বলীয়ান হৈ শ্যামকানুৱে সকলো ক্ষেত্ৰতে আধিপত্য বিস্তাৰ কৰিছিল। কৃষ্ণ ভৱনৰ এই কাৰ্যালয়টো হঠাতে সলনি কৰি নিজা ঘৰলৈ কাৰ্যালয় স্থানান্তৰ কৰিছিল শ্যামাকানুৱে। তাৰ পিছতে অবাধে কৰি হৈছিল বেআইনী বহু কাম। সবিশেষ সামৰি এক প্ৰতিবেদন...
ট্ৰেণ্ড এম এম এছ প্ৰাইভেট লিমিটেড- শ্যামকানু মহন্তই এই প্ৰতিষ্ঠানটোৰ জৰিয়তেই কোটি কোটি টকা চৰকাৰী ধন শৰাধ কৰিছিল। এই কথা ইতিমধ্যে পোহৰলৈ আহিছে। লাভবিহীন সামাজিক-সাংস্কৃতিক স্বেচ্ছাসেৱী সংস্থা হিচাপে ২০২২ৰ৩০মাৰ্চত পঞ্জীয়ন কৰা হৈছিল এই সংস্থাটোৰ।
২০২২চনৰ পৰাই ট্ৰেণ্ড এম এম এছ প্ৰাইভেট লিমিটেডে আয়োজন কৰি আহিছে ৰঙালী আৰু নৰ্থ ইষ্ট ফেষ্টিভেল। ট্ৰেণ্ড এম এম এছ প্ৰাইভেট লিমিটেডে আয়োজন কৰা প্ৰথমটো অনুষ্ঠান আছিল ৰঙালী-২০২২। তাৰ পিছতে নৰ্থ ইষ্ট ফেষ্টিভেল-দিল্লী, নৰ্থ ইষ্ট ফেষ্টিভেল-ভিয়েটনাম, নৰ্থ ইষ্ট ফেষ্টিভেল বেংকক আয়োজন কৰা হৈছিল পৰাই ট্ৰেণ্ড এম এম এছ প্ৰাইভেট লিমিটেডৰ বেনাৰত।
২০২৫ৰ নৰ্থ ইষ্ট ফেষ্টিভেল-ছিংগাপুৰৰো আয়োজক আছিল ট্ৰেণ্ড এম এম এছ প্ৰাইভেট লিমিটেড। লাভবিহীন সামাজিক-সাংস্কৃতিক স্বেচ্ছাসেৱী সংস্থা হিচাপে পঞ্জীয়ন কৰাই এই কোম্পানীৰ জৰিয়তেই কোটি কোটি টকা শৰাধ কৰি বিশাল সম্ৰাজ্যৰ গৰাকী হৈছিল শ্যামকানু।
২০২৪চনৰ মাজ ভাগলৈকে ট্ৰেণ্ড এম এম এছ প্ৰাইভেট লিমিটেডৰ ঠিকনা আছিল গুৱাহাটীৰ চেনিকুঠীৰ কে কে ভট্ট ৰোডৰ কৃষ্ণ ভৱন। ঘৰ নং আছিল ৩৩। তিনিমহলীয়া এই কৃষ্ণ ভৱনৰ একেবাৰে তলৰ মহলাত আছিল শ্যামকানু মহন্তৰ ট্ৰেণ্ড এম এম এছ প্ৰাইভেট লিমিটেডৰ অফিচ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/03/7fc1d2f9-82ff-4344-8ec5-8f483be56104-2025-10-03-17-58-58.jpeg)
২০২৪ৰ আগষ্ট-চেপ্টেম্বৰ মাহত এই অফিচটো এৰিছিল শ্যামকানু মহন্তই। ইয়াৰ পৰিৱৰ্তে গীতানগৰৰ ৪মহলীয়া নিজা বাসভৱনলৈ স্থানান্তৰিত কৰিছিল ট্ৰেণ্ড এম এম এছ প্ৰাইভেট লিমিটেডৰ কাৰ্যালয়টো। গীতানগৰৰ নিজ বাসভৱনলৈ কিয় ৰাজহুৱা এটা কাৰ্যালয় কিয় স্থানান্তৰ কৰিলে, সেয়াও সন্দেহজনক।
শেহতীয়াকৈ চি আই ডিয়ে শ্যামকানুৰ নিজ বাসগৃহত থকা ট্ৰেণ্ড এম এম এছ প্ৰাইভেট লিমিটেডৰ অফিচত বহু বিস্ফোৰক নথি-পত্ৰৰ লগতে চৰকাৰী বিষয়াৰ ছীল-মোহৰ উদ্ধাৰ কৰিছিল। সচেতন মহলে সন্দেহ কৰিছে যে, কৃষ্ণ ভৱনত এনেবোৰ বেআইনী কাম কৰিবলৈ কিছু অসুবিধা হোৱাৰ সূত্ৰেই হয়তো নিজৰ ঘৰলৈ স্থানান্তৰ কৰিছিল কাৰ্যালয়টো।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/03/c0e72d64-3c5c-4a5d-95b4-6688ae2cca0d-2025-10-03-17-52-29.jpeg)
আনফালে বহু চৰকাৰী উচ্চ পদস্থ বিষয়াক আমন্ত্ৰণ কৰি গীতানগৰৰ বিলাসী বাসভৱনত নৈশ পাৰ্টিৰ আয়োজন কৰিছিল শ্যামকানু মহন্তই। বহু চেলিব্ৰেটীকো আমন্ত্ৰণ জনোৱা হৈছিল। এনে পাৰ্টিতেই ট্ৰেণ্ড এম এম এছ প্ৰাইভেট লিমিটেডৰ বহু কাম চৰকাৰী বিষয়াৰ পৰা আদায় কৰিবলৈ সুবিধা হোৱাৰ সূত্ৰেই হয়তো চেনিকুঠীৰ কাৰ্যালয় নিজৰ ঘৰলৈ উঠাই লৈ গৈছিল শ্যামকানুৱে।
যদিও ২০২২ত ট্ৰেণ্ড এম এম এছ প্ৰাইভেট লিমিটেডৰ জন্ম হৈছিল তাৰ পূৰ্বৰে পৰাই শ্যামকানুৱে অন্য এক প্ৰতিষ্ঠানৰ জৰিয়তে কৰি আছিল কাম। ২০০৯চনৰ ১৩নৱেম্বৰত পঞ্জীয়নভুক্ত হোৱা এই প্ৰতিষ্ঠানটোৰ নাম আছিল ট্ৰেণ্ড এডেভাইচাৰী প্ৰাইভেট লিমিটেড। ২০১১চনৰ পৰা এই প্ৰতিষ্ঠানটোৰ অধ্যক্ষ আৰু সঞ্চালকৰ দায়িত্ব আছিল শ্যামকানু মহন্তৰ লগতে তেওঁৰ পত্নী।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/03/3f70eb80-fe08-47aa-bb68-0d1514930a84-2025-10-03-18-00-00.jpeg)
প্ৰাপ্ত খবৰ অনুসৰি, ট্ৰেণ্ড এম এম এছ প্ৰাইভেট লিমিটেডৰ পূৰ্বে ট্ৰেণ্ড এডেভাইচাৰী প্ৰাইভেট লিমিটেডৰহে কাৰ্যালয় আছিল চেনিকুঠীৰ এই কৃষ্ণ ভৱন। ট্ৰেণ্ড এডেভাইচাৰী প্ৰাইভেট লিমিটেডেও অসম পৰ্যটন বিভাগ, গড়কাপ্তানি বিভাগ আৰু বি টি চিৰ পানী যোগান আচঁনিৰ বহু কাম কৰিছে। সেই কামসমূহৰ গুণগণ মান নিৰূপণৰ সময়ো এতিয়া আহি পৰিছে।
ইফালে ট্ৰেণ্ড এম এম এছ প্ৰাইভেট লিমিটেডৰ কাৰ্যালয় নিজা ঘৰলৈ স্থানান্তৰিত কৰোতে কেইবাগৰাকী যুৱক-যুৱতীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাও অভিযোগ উত্থাপিত হৈছে শ্যামকানুৰ বিৰুদ্ধে। নিজ ঘৰলৈ কাৰ্যালয় স্থানান্তৰ কৰাৰ পিছতে শ্যামকানুৱে বহু যুৱতীক কাৰ্যালয়ৰ কামৰ বাহনাৰে নৈশ পাৰ্টিলৈ আমন্ত্ৰণ কৰাৰ কথাও সদৰি কৰিছে প্ৰতিবেশীয়ে।
আনফালে ট্ৰেণ্ড এম এম এছ প্ৰাইভেট লিমিটেডৰ চেনিকুঠীৰ এই কাৰ্যালয়টোতে আছিল শ্যামকানু আৰু তেওঁৰ পত্নী অনিতা ডেকা মহন্তৰ মালিকানাধীন অন্য ৩টা কোম্পানীৰ কাৰ্যালয়। কৃষ্ণ ভৱনৰ উক্ত কাৰ্যালয়টোতে কাম চলিছিল ENLIGHTENED ADVISORS PRIVATE LIMITED, TIRAP HYDROPOWER COMPANY PRIVATE LIMITED, PATKAI ENERGY COMPANY PRIVATE LIMITEDৰ লগতে MMS ADVISORY PRIVATE LIMITED, TREND MMS PRIVATE LIMITEDৰ কাম।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/03/ujjjdd-2025-10-03-17-55-03.jpg)
মুঠৰ ওপৰত ট্ৰেণ্ড এম এম এছ প্ৰাইভেট লিমিটেডৰ নাম থাকিলেও শ্যামকানু আৰু তেওঁৰ পত্নীৰ নামত আছে ৫টা কোম্পানী। সামাজিক, সাংস্কৃতিকৰ পৰা আদি কৰি বি টি চিৰ পানী যোগান, গেছ পাইপ সংস্থাপনৰ লৈকে সকলো ক্ষেত্ৰতে প্ৰভাৱ বিস্তাৰ কৰি কোটিপতি হৈছিল শ্যামকানু।
২০২৪ৰ মাজভাগলৈকে শ্যামকানুয়ে সকলো কাম চলাই আছিল চেনিকুঠীৰ এই সৰু কাৰ্যালয়টোৰ পৰাই। কিন্তু তাৰ পিছৰে পৰাই গীতানগৰৰ চাৰিমহলীয়া অট্টালিকাৰ একবাৰে তলৰ মহলত শ্যামকানুৱে সাজিছিল বিলাসী কাৰ্যালয়। তাৰ পৰাই এক অদৃশ্য শক্তিৰ সহায়ত শ্যামকানুৱে সকলো ক্ষেত্ৰতে মেলি দিছিল দুৰ্নীতিৰ জাল।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/03/d479f708-49e7-409d-a26e-76865a6aafb5-2025-10-03-17-55-52.jpeg)
বৰ্তমান শ্যামকানুৰ সেই পুৰণি কাৰ্যালয়ত এতিয়া তলা। কৃষ্ণ ভৱনৰ একেবাৰে তলৰ মহলাৰ ১ আৰু ২নং ৰূমত থকা শ্যামকানুৰ পুৰণি কাৰ্যালয়ত এতিয়াও কোনো পুৰণি ফাইল পৰি আছে নেকি, সেয়াও বিচাৰ্য বিষয়। অৱশ্যে উক্ত ঘৰটোত কাৰ্যালয় থাকোতে নিশা কোনো পাৰ্টিৰ আয়োজন হোৱা নাছিল বুলি সদৰি কৰিছে ঘৰটোৰ প্ৰতিবেশীয়ে।
সেয়া যি কি নহলেওঁ, শেহতীয়াকৈ শ্যামকানুৰ ট্ৰেণ্ড এম এম এছ প্ৰাইভেট লিমিটেডৰ নাম চৰ্চাত থাকিলেও শ্যামকানু আৰু তেওঁৰ পত্নী যে ৫টাকৈ কোম্পানীৰ মালিক সেয়া পোহৰলৈ আহিছে। এই ৫টা কোম্পানীৰ আছিল এটা কাৰ্যালয়। সেই কাৰ্যালয়ৰ ঠিকনা- চেনিকুঠীৰ কৃষ্ণ ভৱন, ঘৰ নং-৩৩। এতিয়াও এই আটাইকেইটা প্ৰতিষ্ঠানৰ ৱেবচাইটত উল্লেখ আছে এই তথ্য।