জাগীৰোড কাগজ কলৰ দশাই হ'ব নেকি শিলঘাট মৰাপাট কলৰ...

চিৰদিনৰ বাবে বন্ধ হৈ যোৱাৰ দিশত শিলঘাটৰ অসম সমবায় মৰাপাট কলটো। কলিয়াবৰৰ শিলঘাটৰ এই কলটো লাভজনকভাৱে পৰিচালনা হোৱাৰ ক্ষেত্ৰত চৰকাৰ, কৰ্তৃপক্ষ কোনোৱেই নল’লে ব্যৱস্থা। দুটা ইউনিট থকা কলটো দ্বিতীয় ইউনিটটো অত্যাধুনিক

author-image
Asomiya Pratidin
New Update
d2c3d4a1-2012-49c7-a12b-b639d475fa0b

অসম চৰকাৰে ৰাজ্যৰ ঔদ্যোগিক বিকাশৰ বাবে নানান পদক্ষেপ গ্ৰহণ কৰিছে। কিন্তু এনে সময়তে চিৰদিনৰ বাবে বন্ধ হৈ যোৱাৰ দিশত আগবাঢ়িছে  ঐতিহ্যপূৰ্ণ অসমৰ একমাত্ৰ সমাবায়ভিত্তিক মৰাপাট কলটো। ভিন্ন অজুহাতত কলিয়াবৰস্থিত শিলঘাট মৰাপাট কলটো অনিৰ্দিষ্টকালৰ বাবে বন্ধ ঘোষণা কৰা হৈছে।  এই সিদ্ধান্তৰ পাছতে দিশহাৰা হৈছে কলটোত কৰ্মৰত সহস্ৰাধিক কৰ্মচাৰী। কাৰ ভুলৰ বাবে এই দশা হ'বলৈ পালে শিলঘাটৰ এই কলটো। সবিশেষ সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন...

চিৰদিনৰ বাবে বন্ধ হৈ যোৱাৰ দিশত শিলঘাটৰ অসম সমবায় মৰাপাট কলটো। কলিয়াবৰৰ শিলঘাটৰ এই কলটো লাভজনকভাৱে পৰিচালনা হোৱাৰ ক্ষেত্ৰত চৰকাৰ, কৰ্তৃপক্ষ কোনোৱেই নললে ব্যৱস্থা। দুটা ইউনিট থকা কলটো দ্বিতীয় ইউনিটটো অত্যাধুনিক মেচিনেৰে উন্নীতকৰণ হৈছিল যদিও সেই ইউনিটৰ উৎপাদনৰ কাম দীৰ্ঘদিন ধৰি বন্ধ হৈ আছিল।

পুৰণি ইউনিটৰ উৎপাদন চলি আছিল যদিও ২০২৬বৰ্ষৰ জানুৱাৰীৰ শেষৰভাগত কল কৰ্তৃপক্ষই এই ইউনিটটোৰ উৎপাদনো কেচাঁ সামগ্ৰীৰ অভাৱত অনিৰ্দিষ্টকালৰ বাবে বন্ধ কৰাৰ কথা ঘোষণা কৰে। ফলত সহস্ৰাধিক কৰ্মচাৰী থকা মৰাপাট কলটো যে পুনৰ চলিব তাক লৈ গভীৰ ৰহস্যৰ সৃষ্টি হৈছে।

কলটোৰ কাৰ্যক্ষম কৰি ৰখাৰ বাবে কলিয়াবৰ সমষ্টিক প্ৰতিনিধিত্ব কৰা জনপ্ৰতিনিধি সকলেও কোনো পদক্ষেপ বা দাবী উত্থাপন কৰা পৰিলক্ষিত হোৱা নাই। অথচ এই কলটোৰ অন্তৰ্গত কলিয়াবৰৰ জনপ্ৰতিনিধি বৰ্তমান অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ এগৰাকী মন্ত্ৰী।

পূৰ্বতে এই সমষ্টিৰ পৰাই লোকসভাত প্ৰতিনিধিত্ব কৰা গৌৰৱ গগৈৰ দৰে সাংসদো মৌন হৈ ৰৈছে কলটোৰ প্ৰসংগত। এসময়ত এই সমষ্টিৰ পৰাই প্ৰতিনিধিত্ব কৰি মুখ্যমন্ত্ৰী হোৱা অগপৰ নেতা প্ৰফুল্ল কুমাৰ মহন্তেও ক্ষমতাত থকা সময়ত কলটোৰ ভৱিষ্যতক লৈ কোনো চিন্তা-চৰ্চা নকৰিলে।

2798afd4-147f-49be-a3fb-a9262b552417

তাৰ বিপৰীতে এচাম ৰাজনৈতিক নেতাৰ ঘনিষ্ঠ কলটোৰ বৰ্ড অৱ মেম্বাৰৰ সদস্য হৈ মৰাপাট কলটোৰ মৃত্যুমুখলৈ কেনেদৰে ঠেলি দিব পাৰি তাৰে কমিছনৰ অংকত ব্যস্ত হৈ পৰিছিল। সেই পৰিণামেই এতিয়া ভুগিছে শিলঘাটৰ ঐতিহ্যপূৰ্ণ এই মৰাপাট কলটোৱে।

আহোম ৰাজত্ব কালত এই কলিয়াবৰ আছিল ৰাজনৈতিক আৰু শাসনৰ দিশত অন্যতম গুৰুত্বপূৰ্ণ অঞ্চল। আহোম ৰজাই গুৱাহাটীকে ধৰি নামনি-মধ্য অসমৰ বিভিন্ন ঠাইৰ শাসন পৰিচালনা, যুদ্ধ পৰিচালনাৰ বাবে এই কলিয়াবৰকে এক কেন্দ্ৰৰূপে গঢ়ি তুলিছিল।

ৰাজ্যৰ ৰাজনীতিতো বহুকেইজন ক্ষমতাশালী নেতাৰ ৰাজনৈতিক বিচৰণভূমি আছিল কলিয়াবৰ। তাৰ পাছতো সেই অঞ্চলত থকা একমাত্ৰ মৰাপাট কলটো উত্তৰণৰ ক্ষেত্ৰত উদাসীন ভূমিকা গ্ৰহণ কৰা দেখা গল। নামত এজন পৰিচালন সঞ্চালক থাকিলেও বৰ্ড অৱ মেনেজমেন্টৰ ৩ বিশেষ সদস্যই এই মৰাপাট কলটো পৰিচালনা কৰাত সক্ৰিয় ভূমিকা পালন কৰিছিল।

282bc971-9399-4b83-ba13-995b5e19790e

তেওঁলোকৰ কথামতেই মৰাপাট কলটো শেহতীয়াকৈ কলিকতাৰ পুৰোহিত নামৰ এজন ব্যৱসায়ীক লীজত দিছিল। ব্যক্তিগতভাৱে পৰিচালনা কৰি পুৰোহিতে ইয়াৰ বাবদ দিয়া ধনেৰে এই মৰাপাট কলটোৰ এটা ইউনিট চলি আছিল।

জানিব পৰা মতে, মৰাপাট যোগানৰ ক্ষেত্ৰত কলটোৱে যোগানকাৰীক ৬কোটিৰো অধিক টকা দিবলৈ বাকী আছে। সেই ধন নোপোৱালৈকে মৰাপাট যোগান ধৰা নহয় বুলি যোগানকাৰী ঠিকাদাৰে মৰাপাট যোগান বন্ধ কৰি দিয়াৰ বাবে কলটো বন্ধ কৰিবলৈ বাধ্য হৈছে বুলি কৰ্মচাৰীসকলে জানিবলৈ দিছে।

মৰাপাটৰ দাম বৃদ্ধি আৰু বাংলাদেশৰ পৰা আমদানি হোৱা মৰাপাট দুই দেশৰ মাজৰ সংঘাতময় পৰিৱেশৰ বাবে অনাত সমস্যা হোৱাৰ বাবেও এই মৰাপাট কলটো বন্ধ কৰিব লগা হৈছে বুলি যুক্তি দিছে কৰ্তৃপক্ষই।

লক্ষ্যণীয় যে, নগাওঁ-মৰিগাঁও আদি অঞ্চলত যথেষ্ট পৰিমাণৰ মৰাপাট উৎপাদন হয়। পূৰ্বৰে পৰা সেই মৰাপাটেৰেই এই কলটোত উৎপাদন চলি আছিল। সময়ৰ সৈতে খোজ মিলাই মৰাপাট কলটোত বস্তাৰ লগতে আন অত্যাধুনিক মৰাপাটৰ পৰা তৈয়াৰ কৰা উৎপাদিত সামগ্ৰী উতপাদন কৰিব নোৱাৰাতো কলটোলৈ নামি অহা অন্যতম এক দুৰ্যোগৰ কাৰণ।

01bda328-9072-4b48-a1c2-287b474680b5

তাৰ উপৰিও পূৰ্বতে কাষতে থকা বহু চাহ বাগিছালৈ এই কলটোত উৎপাদিত সামগ্ৰী যোগান ধৰা হৈছিল। পৰ্যায়ক্ৰমে সেই চাহ বাগিছাসমূহো বন্ধ হৈ পৰাত সেই যোগানৰ পৰিমাণো হ্ৰাস পায়। ইয়াৰ লগতে কৰ্তৃপক্ষৰ অভিজ্ঞতাহীন পৰিচালনাৰ বাবে কলটোৰ ক্ৰমশঃ লোকচানৰ দিশে গতি কৰে।

পৰিচালনাৰে জড়িত কিছু লোকে কলটোৰ শ্ৰমিকক নিজৰ ডায়েৰী ফাৰ্মত নিয়োজিত কৰি মৰাপাট কলৰ ধনেৰে দৰমহা দি থকাও অভিযোগ আছে। শিলঘাটত থকা এই মৰাপাট কলটো দেশৰ একমাত্ৰ লাভত চলা সমবায় খণ্ডৰ মৰাপাট কল আছিল। ১৯৬৭চনত অসম সমবায় মৰাপাট কলৰ আধাৰশিলা স্থাপন কৰা হৈছিল। এই কলৰ উৎপাদন আৰম্ভ হৈছিল ১৯৭১চনত।

প্ৰাৰম্ভিক পৰ্যায়ত ১৫০ লাখ টকা ব্যয়ৰে স্থাপন কৰা কলটো ২০২০ বৰ্ষৰ ২ নবেম্বৰৰ পৰা বন্ধ হৈছিল। অৱশ্যে ইয়াৰ পূৰ্বেও ১৯৮৪চনত এই কলটো বন্ধ হৈ পৰিছিল। পৰৱৰ্তী সময়ত অসম চুক্তিৰ আধাৰত ৪ কোটি ৫৮ লাখ টকা ঘাটি পূৰাবৰ বাবে কেন্দ্ৰীয় চৰকাৰে ইয়াৰে ২ কোটি ৪০ লাখ ৬০ হাজাৰ টকা অনুদান দিয়াত সেই কলটোৰ কাম কাজ পুনৰ ১৯৮৬চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হৈছিল।

উল্লেখ্য যে, ১৯৮৫-৮৬ বৰ্ষত এই কলটোৱে ৪০.৫৩ লাখ টকা লোকচানৰ সন্মুখীন হৈছিল। ১৯৮৬-৮৭ বৰ্ষত সেই লোকচানৰ পৰিমান আছিল ২.২৫ লাখ টকা। অৱশ্যে ১৯৮৭-৮৯ চনত কলটোৱে লাভ কৰিছিল ৬.৫২ লাখ টকা।

গভীৰ আৰ্থিক অনাটনৰ মাজত চলি থকা এই কলটোৱে কিন্তু ১৯৯১চনৰ পৰা লাভৰ মুখ দেখিছিল। ১৯৯১-৯২ বৰ্ষত ০.৪২ লাখ টকা ৯২-৯৩ বৰ্ষত ১.৩৬ লাখ টকা, ৯৩-৯৪ বৰ্ষত ৭.১১ লাখ টকা, ৯৪-৯৫ বৰ্ষত ৯.২৯ লাখ টকা লাভ কৰিবলৈ সক্ষম হৈছিল।১৯৯৬-৯৭ বৰ্ষতো এই মৰাপাট কলটোৱে লাভৰ মুখ দেখিছিল। সেই বৰ্ষত মৰাপাট কলটোৱে লাভ কৰিছিল ২০.৪৫ লাখ টকা।

কলটোত থকা অধিকাংশ মেচিনেই ৫০ বছৰৰো অধিক পূৰণি হোৱাৰ বাবে উৎপাদন হ্ৰাস পাইছিল কলটোত।উল্লেখযোগ্য যে, এই মৰাপাট কলটো বন্ধ হোৱাৰ আগলৈকে গড়ে ১৯ টনকৈ মৰাপাটৰ সামগ্ৰী উৎপাদন হৈছিল। মুলতঃ এই কলটোত বি টি উইল, জুট বেগ, চুটলী, হেচিয়ান ক্লথ, চুপাৰী পেকিং, এটি উইল ক্লথ আদি প্ৰস্তুত কৰা হৈছিল।

মৰিগাঁও, নগাঁও আৰু খাৰুপেটীয়াত উৎপাদিত মৰাপাটৰ মাত্ৰ ৭-১০ শতাংশহে কলটোৱে ক্ৰয় কৰিছিল। বাকী মৰাপাট পশ্চিমবংগ বা আন ৰাজ্যৰ মৰাপাট কললৈ যায়। পঞ্জাৱ, হাৰিয়ানা, উত্তৰ-প্ৰদেশ, ছত্তীশগড় আদি ৰাজ্যৰ পৰা এই কলটোত প্ৰস্তুত কৰা বিটি উইল, জুট বেগৰ ক্ৰয়ৰ অৰ্ডাৰ আহে। প্ৰতি মাহত ১৬শৰ পৰা ১৭ শ কেৱল বিট উইলে যোগান ধৰিব লাগে যদিও, পুৰণি মেচিন আৰু কৰ্মচাৰীৰ মাজত দেখা দিয়া খামখেয়ালিৰ বাবেই এতিয়া দেশৰ ভিতৰতে আদৰ্শ ৰূপে স্থাপন কৰিব পৰা এই কলটো বন্ধ হৈ পৰিছে।

চাউলৰ বাবে ক্ৰয় কৰা বিটি উইল জুট বেগৰ এটা বেল্টত প্ৰায় ২৯০ কেজি ওজনৰ বস্তা থাকে। ৫০০ পৰ্যন্ত এই বস্তাৰ বজাৰ মূল্য প্ৰায় ২৭ হাজাৰ টকা। প্ৰতিটো বেগত ৫৪ টকাকৈ বিক্ৰী হয় এই বেগসমূহ। ইয়াৰ বিপৰীতে মৰাপাটৰ মূল্য ৬৩ টকা প্ৰতি কেজি হোৱাত আৰু বস্তাৰ মূল্য সেই অনুপাতে বৃদ্ধি নোহোৱাতো আন এক সমস্যা সন্মুখীন হৈছিল কলটো।

কৰ্তৃপক্ষই এই কলটো সম্প্ৰসাৰণৰ বাবে লেমিনেশ্যন ইউনিট এটা ২০০৫চনত আৰম্ভ কৰিছিল। কিন্তু কেইবছৰমান চলাৰ পাছতেই এই ইউনিটটো বন্ধ হৈ পৰিছিল। তাৰ প্ৰধান কাৰণ আছিল বস্তাসমূহত লেমিনেশ্যন কৰি সেই বস্তা চাহ বাগানসমূহক যোগান ধৰা হৈছিল। কিন্তু ৰহস্যজনকভাৱে চাহ বাগানসমূহে এনে বস্তা ব্যৱহাৰ বন্ধ কৰি দিয়াত এই ইউনিট স্থাপনৰ নামতো প্ৰায় ৫ কোটি টকা ব্যয় কৰিব লগা হৈছিল কলটোৱে।

কলটো কাৰ্যক্ষম কৰিবলৈ ১০-১৫ কোটি টকাৰ প্ৰয়োজন আছিল কল কৰ্তৃপক্ষক। কলটোত কৰ্মৰত কৰ্মী সন্থাৰ সভাপতি, সম্পাদক আৰু উপদেষ্টাই সদৰী কৰা মতে, প্ৰতিদিনাই ২৪ টন উৎপাদন হ'লে কলটো কোনো মতে চলি থাকিব পাৰিছিল।

ইফালে, কলটো চলাই থাকিবলৈ প্ৰতিমাহে ৫ কোটিৰো অধিক টকাৰ প্ৰয়োজন হয়। ইয়াৰে ১.৪০ কোটি টকা ব্যয় হয় কেৱল দৰমহাৰ নামত। ১৯৭১চনৰ ১৭ জানুৱাৰীত উৎপাদন আৰম্ভ হোৱা এই কলটোত আছে প্ৰায় ১২৮খন হেচিয়ান।

কিন্তু ২০১০-১১লৈকে সেই হেচিয়ানসমূহৰ সংখ্যা আছিল ৬০খন। ইয়াৰে ২৮খন হেচিয়ান বন্ধ হৈ আছে। এই হেচিয়ান সমূহতেই মৰাপাটৰ আঁহৰ পৰা প্ৰস্তুত কৰা সূঁতাৰে বোৱা হয় বস্তা। ২০১৯-২০ বৰ্ষৰ এপ্ৰিল মাহত এই কলটোত উৎপাদন হৈছিল ১৯.০৭৭ মেট্ৰিক টন বস্তা।

একেদৰে মে" মাহত ১৯.২৭৬ , জুনত ১৯.৬৫৯ মেট্ৰিক টনহে উৎপাদন কৰিবলৈ সক্ষম হৈছিল। গড়ে ২০.২১৩ টন সামগ্ৰী উৎপাদন কৰিলেও কলটোৰ পৰিচালনা কৰাত যথেষ্ট সমস্যা আছিল বুলি জনালে কল কৰ্তৃপক্ষই।

ৰাজ্য চৰকাৰকো কলটো পুনৰুজ্জীৱিত কৰিবলৈ কল কৰ্তৃপক্ষই এক প্ৰজেক্ট দাখিল কৰিছিল। সেই অনুসৰি ১০ কোটি টকা কলটোৰ বাবে ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল যদিও, এতিয়াও কল কৰ্তৃপক্ষই সেই ধন লাভ কৰা নকৰিলে।

২০০১-০২ বৰ্ষৰ পৰা ২০১১-১২ বিত্তীয় বৰ্ষলৈকে মৰাপাট কলটো লাভতেই চলি আছিল। ২০০১-০২ বৰ্ষত ৪৯.০৪ লাখ, ২০০২-০৩ বৰ্ষত ৭৩.০৮ লাখ, ০৩-০৪ বৰ্ষত ৮৫.১২ লাখ, ০৪-০৫ বৰ্ষত ৯১.৬০ লাখ টকা লাভ কৰিছিল কলটোৱে।

২০০৯-১০ বৰ্ষত ২০২.৬৯ লাখ টকা লাভ কৰিবলৈ সক্ষম হোৱা কলটোৱে ২০১১-১২ বৰ্ষতো ১০৬.২৫ লাখ টকা লাভৰ মুখ দেখিছিল। তেনে অৱস্থাৰ পৰা এই কলটোৰ আজিৰ দশা হোৱাৰ অন্যতম কাৰণ হিচাপে চিহ্নিত কৰিব পাৰি কলটোৰ সৈতে জড়িত হৈ থকা অদক্ষ বিষয়ববীয়া।

বৰ্তমান কলটোৰ বহু গুৰুত্বপূৰ্ণ পদত এনে কিছু লোক আছে যিসকল এনে কল পৰিচালনা কৰাৰ দিশত অভিজ্ঞ নহয়। সেইবোৰ দিশেও সম্ভাৱনাময় এই কলটোক নিশকটীয়া কৰি পেলাইছে। ৰাজনৈতিকভাৱে একাংশ লোকক ইয়াত সংস্থাপন দিয়াৰ চেষ্টা কৰে চৰকাৰে।

এতিয়া কথা হল, কৰ্মদক্ষ বুলি চৰ্চিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জাগীৰোডৰ ছেমিকণ্ডাক্টৰকে ধৰি ৰাজ্যত উদ্যোগিক বিপ্লৱৰ সূচনা কৰিছে। বহিঃ ৰাষ্ট্ৰৰ পৰা বিনিয়োগকাৰী আনি উদ্যোগিক ক্ষেত্ৰখনৰ ৰেহ-ৰূপ পৰিৱৰ্তনৰ উদ্যোগ লৈছে। সেইগৰাকী মুখ্যমন্ত্ৰীয়ে ঐতিহ্যমণ্ডিত এই শিলঘাট মৰাপাট কলটো পুণৰুজ্জীৱিত কৰিবলৈ গ্ৰহণ কৰিব নোৱাৰিবনে পদক্ষেপ! বিনিয়োগ কৰিব নোৱাৰিবনে ১০-১৫কোটি টকা!

সেই বিনিয়োগ সঠিকভাৱে কৰি অভিজ্ঞ লোকৰ হাতত কলটোৰ পৰিচালনাৰ দায়িত্ব তুলি দিয়েই ৰক্ষা পৰিব অসমৰ একমাত্ৰ সমাবায় ভিত্তিক স্থাপিত এই উদ্যোগটো। জাতীয় দল-সংগঠনসমূহেও শিলঘাটৰ মৰাপাট কলটোক লৈ সৰৱ আৰু উদ্বিগ্ন হোৱা দেখা পোৱা নাই। এই দিশত সেই দল-সংগঠনসমূহৰ ভূমিকা হব কলটোৰ বাবে এক সঞ্জীৱনি সদৃশ...

কলিয়াবৰ