শান্তুনু কৌশিক বৰুৱাৰ চেঞ্চুৰী...

নাম- শান্তুনু কৌশিক বৰুৱা। কাম- সাংবাদিক, লেখক। কোৱা হয় মানুহজনক জীৱন্ত তথ্যকোষ। তথ্য আৰু খবৰ থাকে তেওঁৰ লেখাত। এক নিৰ্দিষ্ট শ্ৰেণীৰ পাঠক থাকে তেওঁৰ কিতাপৰ। তেওঁ কিতাপবোৰৰ শিৰোনামেই কয় এই কামবোৰ কিমান গুৰুত্বপূৰ্ণ আৰু কষ্টকৰ। 

author-image
Asomiya Pratidin
New Update
new bikhekh protibedon 1 (15)

১০০ হ’বগৈ তেওঁৰ গ্ৰন্থৰ সংখ্যা। তথ্য আৰু জ্ঞানৰ অন্বেষণৰ এক অনন্য যাত্ৰা। লেখাই তেওঁৰ এতিয়া জীৱনৰ একমাত্ৰ জীৱিকা। জানেনে, তেওঁৰ বিষয়ে?  সেই বিশেষ লেখকগৰাকীক লৈ মৃদুল কুমাৰ সন্দিকৈৰ এই প্ৰতিবেদন...

নাম- শান্তুনু কৌশিক বৰুৱা। কাম- সাংবাদিক, লেখক। কোৱা হয় মানুহজনক জীৱন্ত তথ্যকোষ। তথ্য আৰু খবৰ থাকে তেওঁৰ লেখাত। এক নিৰ্দিষ্ট শ্ৰেণীৰ পাঠক থাকে তেওঁৰ কিতাপৰ। তেওঁ কিতাপবোৰৰ শিৰোনামেই কয় এই কামবোৰ কিমান গুৰুত্বপূৰ্ণ আৰু কষ্টকৰ। 

অনিসন্ধিৎসু পাঠক, ছাত্ৰ-ছাত্ৰীৰ বাবে তেওঁৰ গ্ৰন্থ মানেই আকৰ্ষণৰ কেন্দ্ৰবিন্দু। ১৯৯৫চনত তেওঁ এখন কিতাপ লিখিছিল। এজন বিজ্ঞানীৰ জীৱনী আছিল সেইখন। নাম আছিল- মেঘনাথ সাহা। বাণী মন্দিৰে প্ৰকাশ কৰিছিল এইখন গ্ৰন্থ।

তাৰ পাছত তেওঁ কলম এৰি দিয়া নাই। আনতকৈ পৃথক বিষয়বস্তুৰে, শুদ্ধ আৰু সঠিক তথ্যৰে পাঠকক উপহাৰ দিছে ইখনৰ পাছত সিখন গ্ৰন্থ। কলেজত পঢ়ি থকাৰ সময়তেই তেওঁ জড়িত হৈ আছিল ঐক্যতান বিনোদন কেন্দ্ৰ নামৰ এটা অনুষ্ঠানৰ সৈতে।

যোৰহাটৰ কথা আছিল সেয়া। সম্ভৱত ১৯৮৪চনৰ কথা। ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে এই অনুষ্ঠানৰ জৰিয়তে মত-বিনিময় কৰোতে তেওঁলোকক সুধিব দিছিল প্ৰশ্ন। কিছু প্ৰশ্নৰ উত্তৰ তেওঁ দিব পাৰিছিল, বহুবোৰ প্ৰশ্নৰ উত্তৰ তেওঁৰ হাততো নাছিল।

এতিয়াৰ দৰে তেতিয়া ইন্টাৰনেট সেৱা নাছিল। পুথিভৰাঁললৈ গৈ সংগ্ৰহ কৰিছিল তথ্য। বিজ্ঞজনক সুধিছিল নজনা বহুবোৰ প্ৰশ্নৰ উত্তৰ। সেই অভ্যাস তেওঁৰ থাকি গ’ল। ১৯৮৬চনত নতুন অসম বিলাসিনীত যোগদান কৰিলে তেওঁ স্থানীয় সংবাদদাতা হিচাপে।

বুধবাৰৰো স্থানীয় সংবাদদাতা আছিল সেই সময়তে। তাৰ পাছত শিশু আলোচনী মৌচাকৰ সৈতে জড়িত হৈ পৰিছিল। নতুনকৈ প্ৰকাশ পোৱা নতুন দৈনিক নামৰ কাকতখনত যোৰহাটৰ পৰা তেওঁ কাম কৰিছিল। 

কাকতখনৰ স্বত্বাধিকাৰী সূৰ্য হাজৰিকাই তেওঁক মাতি আনিলে গুৱাহাটীলৈ। কাকতখনত তেওঁ যোগদান কৰিলে উপ সম্পাদক হিচাপে। আৰম্ভ হৈছিল এনেকৈয়ে আনুষ্ঠানিক সাংবাদিকতা। তাৰ পাছত তেওঁ প্ৰতিদিন, আজিৰ দৈনিক বাতৰি, এদিনৰ সংবাদ, ইয়ং এন ই কাকত-আলোচনীৰ সৈতে জড়িত হৈছিল।

২০১৩চনত আনুষ্ঠানিক সাংবাদিকতা এৰি লেখা-মেলাতে মনোনিৱেশ কৰিলে। এতিয়া তেওঁৰ লেখা-মেলাই নিচা আৰু পেচা। ৯৯খন গ্ৰন্থ ইতিমধ্যে প্ৰণয়ন কৰিছে। ১০০ নম্বৰৰ গ্ৰন্থখন প্ৰকাশৰ বাবে সাজু হৈছে। 

সেইখন গ্ৰন্থ অসমৰ সংবাদ পত্ৰক লৈ। সঞ্জীৱন প্ৰকাশনে প্ৰকাশ কৰিব লগা এই গ্ৰন্থখনৰ নাম- সময়ৰ বঙিয়াইদি অসম সংবাদপত্ৰৰ সংগ্ৰাম আৰু উত্তৰণ (অৰুণ উদয়ৰ পৰা একবিংশ শতিকাৰ সূচনালৈ) । 

এই গ্ৰন্থখনত অসমৰ বাতৰি কাকত, আলোচনী, ই মেগাজিন আদিৰ কথা সবিস্তাৰে আৰু তথ্য সহকাৰে উল্লেখ কৰিছে। ১৫শ শতিকাতে শংকৰদেৱৰ দিনত আছিল বাতৰি সোধাৰ প্ৰথা। তাৰ পৰাই আৰম্ভ কৰিছে সংবাদ মাধ্যমৰ ইতিহাস।

আছে তাত বিশ্ব আৰু ভাৰতীয় সংবাদ মাধ্যমৰ ইতিহাসৰ সন্দৰ্ভত সংক্ষিপ্ত আলোকপাত। লগতে এই গ্ৰন্থখনত সন্নিৱিষ্ট কৰিছে ২৩০০খন কাকত-আলোচনীৰ নাম, প্ৰকাশৰ চন, সম্পাদক আৰু ইয়াৰ বিষয়বস্তু সন্দৰ্ভত। 

নিসন্দেহে এইখন হ’ব এখন তেওঁৰ দ্বাৰা প্ৰণয়ন কৰা সংৰক্ষণযোগ্য গ্ৰন্থ। আঁচলতে এইখন গ্ৰন্থই তেওঁৰ প্ৰথম লিখা গ্ৰন্থ আছিল। ১৯৮৬চনতে আৰম্ভ কৰিছিল এই গ্ৰন্থৰ কাম। সেইবোৰ প্ৰৱন্ধ কাকত আলোচনীত প্ৰকাশো হৈছিল। পৰিকল্পনা কৰিও যোৱা ৪০বছৰে গ্ৰন্থখন প্ৰকাশ কৰিব পৰা নাছিল।

এই সময়চোৱাত হোৱা পৰিৱৰ্তন আৰু সংগ্ৰহ কৰা নতুন নতুন তথ্যৰে ২০২৫ৰ লৈকে সামৰি তেওঁ ১০০তম গ্ৰন্থখন পাঠকৰ বাবে আগবঢ়াই দিছে। শান্তুনু কৌশিক বৰুৱা বুলি ক’লেই বহুবোৰ গ্ৰন্থ চকুৰ আগত ভাঁহি আহে।

তেওঁৰ ৯৯খন গ্ৰন্থৰ তালিকা এইখনঃ-  ১. সংক্ষিপ্ত অসমীয়া বিশ্বকোষ (১)/ ২. সংক্ষিপ্ত অসমীয়া বিশ্বকোষ (২)/  ৩. সংক্ষিপ্ত অসম বিশ্বকোষ (১)/  ৪. অসম অভিধান/  ৫. সংজ্ঞা অভিধান / ৬. সংক্ষিপ্ত অসম বুৰঞ্জীকোষ/ ৭. পৃথিবী পৰিক্ৰমা (১)/ ৮. বিশ্ব পৰিক্ৰমা/ ৯. তথ্যকোষত ভূপেন হাজৰিকা/ ১০. সাহিত্যৰ জ্ঞানকোষ/ ১১. সহস্রাব্দৰ বিশ্ব/ ১২. অসমীয়া বুক অব ৰেকৰ্ডছ/ ১৩. অভিলেখত অসম আৰু অসমীয়া/  ১৪. বিশ্ব ঐতিহ্য/ ১৫. অসমৰ ঐতিহা /১৬. অসমৰ কীৰ্তিচিহ্ন /১৭. জীৱনীকোষ /১৮. মেঘনাদ সাহা /১৯. বিশ্বৰ বৰেণ্য বিজ্ঞানী /২০. বৰণীয় বিজ্ঞানী /২১. প্রখ্যাত লোকৰ অখ্যাত কথা/ ২২. লেখক-সাংবাদিকৰ গাইড /২৩. বিজ্ঞানৰ কি কিয় কেনেকৈ কোন আৰু কেতিয়া /২৪. কোনে কেতিয়া ক'ত কেনেকৈ কি আবিষ্কাৰ কৰিছিল /

২৫. ২৫১ কি কিয় কেনেকৈ /২৬. ভূগোলৰ কি কিয় কেনেকৈ কোন আৰু কেতিয়া জ্ঞান-বিজ্ঞানৰ /২৭. কি /২৮. ক'ত/ ২৯. কিয়/ ৩০. কোন/ ৩১. কেতিয়া/ ৩২. সৌৰজগতৰ কথা/ ৩৩.  Assam Year Book/ ৩৪. অসম ইয়েৰ বুক/ ৩৫. ভাৰত ইয়েৰ বুক/ ৩৬. Assam-a Hand Book/  ৩৭. সাহিত্যৰ ইয়েৰ বুক /৩৮. নতুন জানানে /৩৯. বিজ্ঞানৰ জানানে/ ৪০. বুৰঞ্জীৰ জানানে/ ৪১. সাহিত্যৰ জানানে /৪২. অকণিৰ বর্ণমালা অআকখ /৪৩ 50 Favourite Stories for Young Readers /৪৪. বং-বিৰঙৰ এমুঠি সাধু/ ৪৫. মামা মোক কোৱাচোন/ ৪৬. ১২১ বিস্ময়/ ৪৭. জ্ঞানাঞ্জন/ ৪৮. বনলতা নলেজ বেংক-  ইতিহাস /৪৯. জীৱন-পৰিচিতি/ ৫০. বিজ্ঞান 

৫১. ভূগোল /৫২. সাধাৰণ জ্ঞান/ ৫৩. সাহিত্য /৫৪. চৰাই /৫৫. কিতাপ/ ৫৬. সভ্যতা/ ৫৭. বাতৰিকাকত/ ৫৮. ৰে'ল গাড়ী/ ৫৯. সময়/ ৬০. নদ-নদী/৬১. পর্বত-পাহাৰ/ ৬২. সাগৰ-মহাসাগৰ/ ৬৩. ইন্টাৰনেট/ ৬৪. অসম বুৰঞ্জীৰ নানা কথা/ ৬৫. বিশ্ব ইতিহাসৰ স্মৰণীয় ৩৬৬ দিন/ ৬৬. আধুনিক অসমীয়া ৰচনা বিচিত্রা/ ৬৭. আধুনিক অসমীয়া ৰচনা সমগ্র /৬৮. TET গাইড (১) /৬৯. TET গাইড (২) /৭০. ২০০০ চনৰ কুইজ/ ৭১. জ্যোতি কুইজ/ ৭২. অসম কুইজ /৭৩. বুদ্ধি-যুক্তি /৭৪. শব্দৰ সাধু /

৭৫. Unique's GK, Current Affairs etc /৭৬. অসম বিচিত্রা /৭৭. মটৰ গাড়ী /৭৮. RPG's GK/ ৭৯. Objective GK /৮০. আমাৰ জ্ঞান-ভাণ্ডাৰ (১)/ ৮১. আমাৰ জ্ঞান-ভাণ্ডাৰ (২) /৮২. আমাৰ জ্ঞান-ভাণ্ডাৰ (৩) /৮৩. আমাৰ জ্ঞান-ভাণ্ডাৰ (৪) /৮৪. আমাৰ জ্ঞান-ভাণ্ডাৰ (৫)/ ৮৫. আমাৰ জ্ঞান-ভাণ্ডাৰ (৬) /৮৬. আমাৰ জ্ঞান-ভাণ্ডাৰ (৭) /৮৭. অৰুনোদই বিজ্ঞান /৮৮. আমাৰ গণিত/ ৮৯. Guide for TET cum Recruitment Test /৯০. Guide for BEd Common Entrance Test/ ৯১. অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য/ ৯২. বহুবিকল্পী প্রশ্নোত্তৰ /৯৩. অসম: বহুবিকল্পী প্রশ্নোত্তৰ ৯৪./ সাধাৰণ জ্ঞান /৯৫. সাম্প্রতিক ঘটনাৱলী /৯৬. বৰগীত (সম্পাদিত) /৯৭. গাঁৱলৈ আহিলো ঘূৰি (সম্পা.) /৯৮. অসমৰ পৰিৱেশ/ ৯৯. আমাৰ শৰীৰ এটা আচৰিত মন্ত্র ।

অসমত লিখি খাব পৰা পৰিৱেশ নাই বুলি বহুতে কয়। সেই কথা তেওঁ বিশ্বাস নকৰে। কিতাপ লিখিয়েই তেওঁ এতিয়া ভাল উপাৰ্জন কৰে। কিতাপ লেখাৰ টকাৰেই চলি আছে সুন্দৰকৈ। তেওঁৰ বিশ্বাস নকৰে যে অসমত কিতাপ পঢ়া মানুহৰ সংখ্যা কমিছে।

তেওঁৰ যুক্তি কিতাপ মানুহে নপঢ়িলে অনুষ্ঠিত নহয় ইমানবোৰ গ্ৰন্থমেলা। তেওঁৰ মতে, শেহতীয়া অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলাত ৭কোটিৰো অধিক টকাৰ মূল্যৰ কিতাপ বিক্ৰীয়েই প্ৰমাণ কৰে কিতাপ পঢ়া মানুহ আছে আৰু থাকিব।

লিখা-মেলাক জীৱিকা কৰিব পাৰি এইখন অসমত। ইয়াৰ বাবে লিখকজনে কি লিখিব, কাৰ বাবে লিখিব সেয়া ঠিক কৰি ল’ব লাগিব। তথ্য আৰু জ্ঞানৰ অন্বেষণৰ বিপৰীতে তেওঁৰ পৰা আন গ্ৰন্থ পাঠকে পাবনে বুলি জানিব বিচৰাত তেওঁ সুধিলে- কেনে গ্ৰন্থৰ কথা কৈছা?

বহুতে জানিব বিচাৰে সাৰে থকা সময়খিনি এইবোৰ কামতেই ব্যস্ত থকা মানুহজনে লিখিব নেকি তেওঁৰ জীৱন কাহিনী। বিনম্ৰতাৰে তেওঁ উত্তৰ দিলে- মোৰ দৰে মানুহৰ জীৱন কাহিনী দুপৃষ্ঠাতেই অন্ত পৰিব।  সেয়া তেওঁৰ সৰলতা। পাঠকৰ বাবে কিন্তু এক বিস্ময়ৰ নাম- শান্তুনু কৌশিক বৰুৱা...

কিতাপ