২ লাখ কোটি টকাঃ কিমান ডাঙৰ অনলাইন গেমিঙৰ বজাৰখন...

লোকসভাত গৃহীত হ'ল 'অনলাইন গেমিং প্ৰচাৰ আৰু নিয়ন্ত্ৰণ বিধেয়ক ২০২৫'। ৰিয়েল মানি গেমিং প্লেটফৰ্মৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা এই বিধেয়কে ভাৰতীয় ক্ৰিকেট উদ্যোগৰ ৰাজহৰ ওপৰত

New Update
bikhekh protibedon 1

আমি ভৱাতকৈ বহু ডাঙৰ ভাৰতৰ অনলাইন গেমিঙৰ বজাৰখন। প্ৰায় ২লাখ কোটি টকাৰ এই বজাৰখন সম্পূৰ্ণৰূপে বন্ধ হৈ যাব। লোকসভাত গৃহীত হ'ল 'অনলাইন গেমিং প্ৰচাৰ আৰু নিয়ন্ত্ৰণ বিধেয়ক ২০২৫। এই অনলাইন গেমিঙৰ বজাৰখনে বছৰি ৩১,০০০ কোটি টকাৰ ৰাজহ আৰু ২০,০০০ কোটি টকাৰ জিএছটি প্ৰদান কৰে। এই নিষেধাজ্ঞাই ২০,০০০ৰো অধিক চাকৰি আৰু ৩০০ৰো অধিক কোম্পানীৰ বাবে সংকটৰ সৃষ্টি কৰিব পাৰে। অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন...

Advertisment

লোকসভাত গৃহীত হ'ল 'অনলাইন গেমিং প্ৰচাৰ আৰু নিয়ন্ত্ৰণ বিধেয়ক ২০২৫'। ৰিয়েল মানি গেমিং প্লেটফৰ্মৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা এই বিধেয়কে ভাৰতীয় ক্ৰিকেট উদ্যোগৰ ৰাজহৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলাব বুলি আশংকা কৰা হৈছে যিবোৰে ক্ৰিকেটৰ স্প’ন্সৰশ্বিপৰ বজাৰৰ এক গুৰুত্বপূৰ্ণ অংশ গঠন কৰে। 

এই বিধেয়কে ই-স্প’ৰ্টছ আৰু শৈক্ষিক গেমিঙক উৎসাহিত কৰিলেও ৰিয়েল মানি গেমিঙক অপৰাধ হিচাপে ঘোষণা কৰিছে। উল্লেখ্য যে এইধৰণৰ এক প্লেটফৰ্ম ড্ৰীম১১ ভাৰতীয় ক্ৰিকেট দলৰ টাইটেল স্প’ন্সৰ, যি প্ৰায় ৩৫৮ কোটি টকাৰ বিনিময়ত স্প’ন্সৰশ্বিপ প্ৰদান কৰে।

আনহাতে মাই১১চাৰ্কলে আইপিএলৰ ফেণ্টাচি গেমিং অধিকাৰৰ বাবে ৫ বছৰত ৬২৫ কোটি টকা প্ৰদান কৰিছে। এই প্লেটফৰ্মসমূহৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাই বিচিচিআইৰ কেন্দ্ৰীয় ৰাজহৰ ঘাটি, ফ্ৰেঞ্চাইজি ভিত্তিক লীগ আৰু খেলুৱৈৰ ব্যক্তিগত এণ্ডৰ্চমেণ্টৰ ওপৰত প্ৰভাৱ পেলাব।

অনলাইন গেমিং উদ্যোগৰ মূল্য বৰ্তমান ২ লাখ কোটি টকা, যিয়ে বছৰি ৩১,০০০ কোটি টকাৰ ৰাজহ আৰু ২০,০০০ কোটি টকাৰ জিএছটি প্ৰদান কৰে। এই নিষেধাজ্ঞাই ২০,০০০ৰো অধিক চাকৰি আৰু ৩০০ৰো অধিক কোম্পানীৰ বাবে সংকটৰ সৃষ্টি কৰিব পাৰে।

অল ইণ্ডিয়া গেমিং ফেডাৰেচনে প্ৰগতিশীল নিয়ন্ত্ৰণৰ পৰামৰ্শ দি গৃহমন্ত্ৰী অমিত শ্বাহক এই সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ অনুৰোধ জনাইছে। এই বিধেয়কে ক্ৰিকেটৰ উপৰি কাবাডী আৰু ফুটবলৰ ফ্ৰেঞ্চাইজি লীগৰ ৰাজহতো প্ৰভাৱ পেলাব।

ভাৰতৰ এই আইনৰ জৰিয়তে নিষিদ্ধ হ'ব বহুকেইটা অতিকৈ জনপ্ৰিয় এপ। ইয়াৰ ভিতৰত ড্ৰিম-১১ অন্যতম। এই এপটো গুগল প্লে ষ্টৰত প্ৰায় ১০কোটি লোকে ইতিমধ্যে ডাউনলড কৰিছে। বিশেষকৈ ক্ৰিকেট তথা আই পি এলৰ সময়ত এই ড্ৰিম-১১ৰ জৰিয়তে বহুলোকে যথেষ্ট পৰিমাণৰ ধন অৰ্জন কৰে। ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চিতো দেখা যায় এই ড্ৰিম-১১ৰ বিজ্ঞাপন।

My11circle নামৰ এপটোও এতিয়া এই আইনৰ আওতাত পৰি বন্ধ হব। ৫কোটিতকৈ অধিক লোকে এই স্পটৰ্ছ এপটো ব্যৱহাৰ কৰে। গুগল প্লে ষ্টৰত ইয়াৰ ৰেটিং হৈছে ৪.৩। ইয়াৰ উপৰিও HOWZAT নামৰ গেমিং এপটোও বন্ধ হব। ৫০লাখৰো অধিক লোকে ব্যৱহাৰ কৰে এই এপটো।

SG11 FANTASY, WINZO, GAMES 24*7, জংগলী ৰামি, জংগলী পকাৰ, পকাৰ বাজী, গেমছ ক্ৰাফট, MY TEAM 11ৰ দৰে এপছ এতিয়া বন্ধ হব ভাৰতত। উল্লেখ কৰা প্ৰয়োজন যে, এই গেমিং এপ সমূহক লৈ গ্ৰহণ কৰা সিদ্ধান্ত অল ইণ্ডিয়া গেমিং ফেডাৰেচনে প্ৰগতিশীল নিয়ন্ত্ৰণৰ পৰামৰ্শ দি গৃহমন্ত্ৰী অমিত শ্বাহক এই সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ অনুৰোধ জনাইছে।

এই বিধেয়কে ক্ৰিকেটৰ উপৰি কাবাডী আৰু ফুটবলৰ ফ্ৰেঞ্চাইজি লীগৰ ৰাজহতো প্ৰভাৱ পেলাব। নন-ক্ৰিকেট আৰু গ্ৰাছৰুট ক্ৰীড়াৰ পতনৰ সম্ভাৱনা থাকিব পাৰে। এই বিল পৰৱৰ্তী পৰ্যায়ত ৰাজ্যসভাৰ অনুমোদনৰ প্ৰয়োজন হ’ব।

ইফালে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে চৰকাৰে ই-স্প’ৰ্টছ আৰু অনলাইন ছ’চিয়েল গেমিঙক উৎসাহিত কৰিব বিচাৰে আৰু ইয়াৰ বাবে এক প্ৰাধিকৰণ গঠন কৰিব । অনলাইন গেমিং নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে এই বিশেষ বিধেয়ক গৃহীত কৰাৰ কথা চিন্তা কৰে ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে পইচাৰ বিনিময়ত খেলিব পৰা অনলাইন গেমসমূহ সম্প্ৰতি চিন্তাৰ বিষয় হৈ পৰিছে ৷ কাৰণ এনেধৰণৰ গেমসমূহে গ্ৰাহকৰ আসক্তি বৃদ্ধি কৰাৰ লগতে প্ৰৱঞ্চনা আৰু প্ৰতাৰণাতো ব্যৱহাৰ হৈছে ।যাৰ ফলত মানুহৰ আৰ্থিক লোকচানো হোৱা বুলি আলোকপাত কৰে মন্ত্ৰীগৰাকীয়ে ।

বিধেয়কখনৰ ওপৰত হোৱা আলোচনাত অংশগ্ৰহণ কৰিবলৈ বিৰোধী সদস্যসকলক আহ্বান জনাই অধ্যক্ষ ওম বিৰলাই কয় যে অনলাইন মানি গেমিঙৰ ফলত বহু পৰিয়াল ধ্বংস হোৱাৰ লগতে যুৱক-যুৱতীসকলৰ ভৱিষ্যতৰ ক্ষতি হৈছে । 

খবৰ কাকতৰ উদ্ধৃতি দি বৈষ্ণৱে কয় যে এনেধৰণৰ পইচাৰ বিনিময়ত খেলিব পৰা অনলাইন গেমৰ বাবে বহুজনে আত্মহননৰ দৰে পথ বাছি লোৱাৰো অভিযোগ উত্থাপন হৈছে ৷  চৰকাৰৰ মতে অনলাইন মানি গেমিঙৰ লগত জড়িত ভয়াৱহ পৰিণতি, যেনে- নিচা, আৰ্থিক লোকচান আনকি আত্মহননৰ দৰে কাৰ্যকলাপো ৰোধ কৰিব পৰা যাব ।

বিধেয়কখন বলবৎ হোৱাৰ পিছত নিয়মসমূহ অমান্য কৰিলে অনলাইন মানি গেমিঙৰ প্ৰস্তাৱ বা সুবিধা প্ৰদান কৰাৰ বাবে ৩ বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু/বা ১ কোটি টকা পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে। ধনৰ খেলৰ বিজ্ঞাপনৰ ফলত ২ বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু/বা ৫০ লাখ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে। ধনৰ খেলৰ সৈতে জড়িত বিত্তীয় লেনদেনত ৩ বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু/বা ১ কোটি টকা পৰ্যন্ত জৰিমনা বিহাৰ ব্যৱস্থা কৰা হৈছে। এনে অপৰাধৰ পুনৰাবৃত্তি কৰিলে ৩-৫ বছৰৰ কাৰাদণ্ড আৰু ২ কোটি টকা পৰ্যন্ত জৰিমনাকে ধৰি শাস্তি বৃদ্ধি পাব পাৰে।

অনলাইন বজাৰ