পঢ়ালো-শুনালো! কিন্তু...

নূপুৰ বৰাৰ দায়িত্ব নলয় পিতৃয়ে। আইনে যি শাস্তি দিয়ে তাকেই দিয়াতো কামনা কৰে পিতৃ কিনাৰাম বৰাই। অৱসৰ প্ৰাপ্ত অধ্যাপকগৰাকীৰ মন্তব্য- তাইক ভাল মানুহ হ’বলৈ শিকাইছিলো সৰুৰে পৰা। কেনেকৈ তাইৰ

author-image
Asomiya Pratidin
New Update
new bikhekh protibedon 1 (1)

পঢ়ালো-শুনালো ভাল মানুহ হ'বলৈ। কিন্তু দুৰ্নীতি কৰিবলৈ শিকোৱা নাছিলো-  দুৰ্নীতিপৰায়ণ এ চি এছ বিষয়া নূপুৰ বৰাৰ পিতৃয়ে আৱেগিক হৈ ক'লে এই কথা। অৱসৰপ্ৰাপ্ত অধ্যাপকগৰাকীয়ে কন্যাৰ শাস্তিৰো দাবী কৰিলে। শেহতীয়াকৈ তদন্ত প্ৰক্ৰিয়াই সামৰি লৈছে নূপুৰৰ পিতৃকো। সবিশেষ সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন...

নূপুৰ বৰাৰ দায়িত্ব নলয় পিতৃয়ে। আইনে যি শাস্তি দিয়ে তাকেই দিয়াতো কামনা কৰে পিতৃ কিনাৰাম বৰাই। অৱসৰ প্ৰাপ্ত অধ্যাপকগৰাকীৰ মন্তব্য- তাইক ভাল মানুহ হ’বলৈ শিকাইছিলো সৰুৰে পৰা। কেনেকৈ তাইৰ অধঃপতন ঘটিল এই কথা নাজানে পিতৃয়ে।

কন্যাই কৰা দুৰ্নীতিৰ কোনো উমান পোৱা নাছিল কিনাৰাম বৰাই। নিজৰ সংসাৰত ঘটি যোৱা দুৰ্যোগবোৰৰ মাজতে দিন অতিবাহিত কৰিছিল তেওঁ। এবছৰৰ মানৰ পূৰ্বে আত্মহনন কৰিছিল কিনাৰাম বৰাৰ পত্নী তথা নূপুৰ বৰাৰ মাতৃয়ে।

151397f2-cce9-4774-adb9-8716b479b23f

নূপুৰ বৰাৰ আছিল এজন কনিষ্ঠ ভাতৃ। ড্ৰাগছ আসক্ত আছিল সি। ৩মাহৰ পূৰ্বে পুত্ৰৰ মৃত্যুৰ পাছত গোলাঘাটৰ চহৰত থকা মূল ঘৰত থকা নাছিল কিনাৰাম বৰা। ওচৰতে এটা ভাড়াঘৰত বাস কৰিছিল তেওঁ। মাজে-সময়ে আহি চাই গৈছিল নিজৰ ঘৰটো।

ইফালে গোলাঘাটৰ এছ বি আই বেংকত থকা লকাৰটোৰ সন্দৰ্ভত কোনো তথ্য নাজানে বুলি জনালে নূপুৰৰ পিতৃয়ে। সেই লকাৰৰ চাবি নূপুৰৰ ওচৰতে থাকে বুলি জানিবলৈ দিলে তেওঁ। উল্লেখযোগ্য যে, নূপুৰ বৰাৰ পিতৃয়ে গোৰেশ্বৰ মহাবিদ্যালয়ত অধ্যাপনা কৰিছিল।

বুৰঞ্জী বিভাগৰ অধ্যাপক আছিল কিনাৰাম বৰা। অৱসৰৰ পাছত তেওঁ ঘূৰি গৈছিল গোলাঘাটলৈ। নূপুৰৰ শেহতীয়া কৰ্মকাণ্ডক লৈ অতিকৈ লজ্জিত পিতৃ কিনাৰাম বৰা। মুখ্যমন্ত্ৰী তদাৰকী কোষে অব্যাহত ৰাখিছে অভিযান। শুকুৰবাৰে পুৱা নূপুৰৰ পিতৃগৃহত অভিযানকাৰী দলে তালাচী চলায়।

এই পৰ্যন্ত নূপুৰৰ বিভিন্ন স্থানত তালাচী চলাই চি এম ভিজিলেন্সে উদ্ধাৰ কৰিছে নগদ ১কোটি ১৭লাখ টকা আৰু বহুকোটি টকাৰ মূল্য সোণ-হীৰাৰ অলংকাৰ। শুকুৰবাৰে আৰক্ষীৰ জিম্মা অন্ত পৰিব নূপুৰৰ। তাৰ মাজতেই নূপুৰে শেহতীয়াকৈ কৰ্মৰত গৰৈমাৰী ৰাজহচক্ৰৰ এজন লাট মণ্ডক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে

d2b69e66-1b05-47d1-af1d-69ed992260b3

অভিযোগ মতে, মাটিৰ কাম-কাজ কৰি দিয়াৰ বাবদ লাট মণ্ডলজনে উৎকোচ লৈছিল। সমান্তৰালভাৱে নূপুৰক লগত লৈ গৰৈমাৰী ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়ত আৰক্ষীয়ে অভিযান চলাই শুকুৰবাৰে। উল্লেখ্য যে, এই সমগ্ৰ তদন্তটোৰ ওপৰত চকু ৰাখিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাক বিষয়াজনৰ বিৰুদ্ধে ভিজিলেঞ্চৰ থানাত গোচৰ ৰুজু কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে ৭ আগষ্ট ২০২৫ত অনুমোদন জনাইছিল। অৰ্থাৎ প্ৰায় এমাহৰ পূৰ্বে নূপুৰ বৰাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ তদন্ত কৰি ফাইল নম্বৰ CMS(V) 19/ 2025যোগে মুখ্যমন্ত্ৰীয়ে সেউজ সংকেত প্ৰদান কৰে।

গৰৈমাৰীত ২০২৪ৰ নৱেম্বৰত ৰাজহ চক্ৰ বিষয়া হিচাপে যোগদান কৰা নূপুৰে ইয়াৰ পূৰ্বে কৰ্মৰত বৰপেটা ৰাজহ চক্ৰত সংঘটিত কৰিছিল ব্যপক অনিয়ম আৰু দুৰ্নীতি। সেই অনিয়মৰ অন্যতম সংগী আছিল লাটমণ্ডল সুৰজিৎ ডেকা।

042d87f8-ea56-470c-8c68-020e3f827e74

অভিযোগ অনুসৰি বৰপেটাত কৰ্মৰত হৈ থকাৰ সময়তে নূপুৰ বৰাই চৰকাৰী নিয়ম ভংগ কৰি ইণ্টাৰ ৰিলিজিয়াছ লোকৰ মাজত মাটি ক্ৰয়- বিক্ৰয়ত অনুমতি প্ৰদান কৰাই নহয়, এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছিল। চৰকাৰে বিশেষ নিৰ্দেশনাযোগে বৰপেটা সত্ৰৰ পৰা ৫ কিলোমিটাৰ ব্যসাৰ্ধৰ ভিতৰত বেলেগ বেলেগ ধৰ্মৰ মাজত মাটি ক্ৰয়- বিক্ৰয় কৰিব নোৱাৰিব বুলি কেবিনেটত লৈছিল সিদ্ধান্ত।

এই নিয়ম ভংগ কৰি কেৱল টকাৰ বাবে নূপুৰ বৰাই দিপীকা নাথ নামৰ মহিলাগৰাকীৰ মালিকনাধীন পট্টা নম্বৰ ৫১২, দাগ নং ৬২৩ৰ ৩ বিঘা, ৩কঠা, ১৫ লেচা মাটি নামজাৰি কৰাইছিল হায়াত খান নামৰ লোকজনৰ নামত। ২০২৪ৰ এপ্ৰিলৰ পৰা জুনৰ ভিতৰত এই মাটি নামজাৰি প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছিল।

ইয়াত বৃহৎ পৰিমাণৰ ধনৰ লেনদেন হৈছিল আৰু সেই প্ৰক্ৰিয়াটোত মাটিৰ দালাল, লাটমণ্ডল, মণ্ডল আৰু অন্যান্য বহু চৰকাৰী বিষয়া- কৰ্মচাৰী জড়িত হৈ আছিল। পত্ৰখনত উল্লেখ থকা মতে নূপুৰ বৰাৰ বিৰুদ্ধে উৎকোচ দাবী আৰু উৎকোচ লোৱাৰ বহু অভিযোগ মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই লাভ কৰিছিল আৰু তাৰ সত্যতাৰ সন্দৰ্ভত অনুসন্ধান চলাইছিল।

3faab696-d053-4ed5-b79f-6b293f27cde8

মাটিৰ পঞ্জীয়ন, লেন মিউটেচন, ডিমাৰ্কেচন, সীমা নিৰ্ধাৰণ আৰু মাটি সংক্ৰান্তিয় তথ্য সংগ্ৰহ বা কাম- কাজৰ বাবে ধন দাবী কৰিছিল নূপুৰ বৰাই। এয়া কোনো লোকৰ অভিযোগ নহয়, মুখ্যমন্ত্ৰী তদাৰকী কোষৰ পৰা প্ৰেৰণ কৰা পত্ৰত থকা কথাহে।

তদন্তৰ কালত নূপুৰ বৰাৰ যথেষ্ট সংখ্যক সা- সম্পত্তি থকাৰ কথা পোহৰলৈ আহিছে। তাৰ ভিতৰত নূপুৰ বৰাৰ সম্পত্তিৰ মূল্য তদন্তকাৰী বিষয়াই সংগ্ৰহ কৰা তথ্য অনুসৰি ১,৭৯, ৯২, ৮৫৬. ৩৬ বুলি উল্লেখ কৰা হৈছে। তেওঁৰ আয়ৰ উৎসতকৈ আহৰণ কৰা সম্পত্তিৰ পৰিমাণ ৪১৬.২৬ শতাংশ বেছি।

a02296f2-9553-4955-ba11-e2ff8b7e5919

গোলাঘাট