/asomiyapratidin/media/media_files/2025/07/07/new-bikhekh-protibedon-1-1-2025-07-07-17-42-02.jpg)
তাৰিখৰ পিছত তাৰিখ। উজনিৰ কেইবাখনো জিলাৰ বাবে ভয় আৰু শংকাৰ কাৰণ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈ নুঠেহে নুঠে। ৬হাজাৰ কোটি টকাৰ প্ৰকল্প ব্যয়েৰে আৰম্ভ হোৱা এই বান্ধটোৰ ব্যয় হৈছেগৈ ২৬হাজাৰ কোটি টকা। পৰিস্থিতি এনেদৰেই থাকিলে ইয়াৰ ব্যয় ৩২হাজাৰ কোটিলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। প্ৰাকৃতিক নানান দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ পানীৰ দৰে ধন খৰছ হৈছে এই প্ৰকল্পটোত। ডিম্পুল বৰগোহাঁইৰ এক প্ৰতিবেদন...
গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প। আনুষ্ঠানিকভাৱে ২০০৫ চনৰ জানুৱাৰী মাহত নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল এই প্ৰকল্পটোৰ। এই নদীবান্ধটো কেতিয়াকৈ সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ উঠিব তাক লৈ হয়তো এন এইচ পি চি কৰ্তৃপক্ষও এতিয়া বিবুধিত আছে।
বহুবাৰ এন এইচ পি চিয়ে এই নদীবান্ধটোক লৈ তাৰিখ নিৰ্ধাৰণ কৰি দিছে যদিও প্ৰতিবাৰেই যেন বুমেৰাং হৈছে এই সকলো ঘোষণা। যিমানেই দিন বাগৰিছে সিমানেই প্ৰকল্পটোৰ ব্যয়ৰ পৰিমাণো বৃদ্ধি পাইছে। ইমান প্ৰকাণ্ড আৰু শক্তিশালী নদীবান্ধৰ বাবে উক্ত পাহাৰ উপযুক্ত নোহোৱাৰ বাবেই প্ৰতিটো বাৰিষাত হোৱা পাহাৰ খননে ব্যয় পৰিমাণ অত্যাধিক কৰিছে।
২০০৫চনত এই নদীবান্ধটোৰ প্ৰকল্প ব্যয় নিৰ্ধাৰণ কৰা হৈছিল ৬২৮৫ কোটি টকা। নদীবান্ধটোক লৈ থকা শংকা আৰু বিপদৰ বাহিৰেও ৰাজভৰাঁলৰ পৰা অত্যাধিক ধন ব্যয় কৰি আছে এই প্ৰকল্পটোত। নদীবান্ধটোক কাৰ্যক্ষম কৰি তোলাত বাৰে বাৰে প্ৰাকৃতিক বাধাৰ সন্মুখীন হৈছে এন এইচ পি চি। যাৰবাবে ৬,২৮৫কোটি টকাৰ ব্যয় নিৰ্ধাৰণ কৰা এই নদীবান্ধটোত এতিয়ালৈকে খৰছ কৰা হৈছে ২৬হাজাৰ কোটি টকা।
২০০০ মেগাৱাট বিদ্যুত উৎপাদন কৰিব পৰা এই প্ৰকল্পটোত থাকিব ৮টা ইউনিট। প্ৰতিটো ইউনিটে বিদ্যুৎ উৎপাদন কৰিব ২৫০মেগাৱাটকৈ। এই ৮টা ইউনিটৰ ভিতৰত তিনিটা ইউনিটৰ কাম ২০২৫ৰ জুন মাহৰ ভিতৰত আৰম্ভ কৰাৰ কথা আছিল যদিও এইবাৰো বিফল হ’ল এন এইচ পি চি।
৮টা ইউনিটৰ ভিতৰত বাকী ৫টা ইউনিটৰ কাম ২০২৬ৰ মে মাহৰ ভিতৰত পৰ্যায়ক্ৰমে আৰম্ভ কৰাৰ কথা আছিল যদিও সেই আশাও এতিয়া অতিকৈ ক্ষীণ। আনহাতে ২০২৫ৰ জুনৰ পৰা এই তিনিটা ইউনিটৰ কাম কিয় আৰম্ভ কৰা নহ’ল তাক লৈ স্পষ্টীকৰণো দিছে ৰাষ্ট্ৰীয় জলবিদ্যুৎ শক্তি নিগমে।
নিগমে সদৰি কৰিছে যে, এই তিনিটা ইউনিট বিদ্যুৎ উৎপাদনৰ বাবে সম্পূৰ্ণৰূপে সাজু। ৰাষ্ট্ৰীয় বান্ধ সুৰক্ষা প্ৰাধিকৰণৰ পৰা চূড়ান্ত অনুমতিৰ বাবেহে তেওঁলোক অপেক্ষা কৰি আছে।‘ এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, ২০১১ৰ পৰা ২০১৯লৈ ৰাজ্যত ব্যাপক প্ৰতিবাদৰ বাবে বন্ধ হৈ আছিল নদীবান্ধৰ কাম। কিন্তু ২০১৯ৰ অক্টোবৰৰ পৰা পুনৰ জোৰদাৰ গতিৰে আগবাঢ়িছিল নদীবান্ধৰ কাম।
বান্ধটোৰ সম্পূৰ্ণ হৈ উঠাত লেহেমীয়া এই গতিধাৰা দেখি বিশ্লেষক সকলে বান্ধটোৰ ব্যয় আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে। ২০২৬ৰ মে মাহলৈকে যদিহে এই বান্ধটো কাৰ্যক্ষম হৈ নুঠে, তেন্তে ইয়াৰ ব্যয় ৩২হাজাৰ কোটি টকা পৰ্যন্ত হ’ব পাৰে।
ব্যয়ৰ এই পৰিমাণ অত্যাধিক হ’লেও আচৰিত হবলগীয়া একো নাই। কিয়নো ২০০৫চনত ৬হাজাৰ কোটি টকীয়া ব্যয়েৰে আৰম্ভ হোৱা এই প্ৰকল্পটোৰ ২০১৯চনত প্ৰকল্প ব্যয় বৃদ্ধি হৈছিল ১৯৯৯২.৪৩কোটি টকালৈ। ২০২৪চনত এই প্ৰকল্পটোৰ ৯৩শতাংশ কাম সম্পূৰ্ণ হৈ উঠালৈকে ব্যয় আছিল ২০,৮৩৪কোটি টকা।
ইয়াৰ পিছতে এন এইচ পি চিয়ে ২২হাজাৰ কোটি টকাত এই প্ৰকল্প সম্পূৰ্ণ হৈ উঠিব বুলি কেন্দ্ৰক জনাইছিল। কিন্তু তাৰপিছতো বৃদ্ধি পালে ব্যয়। বৰ্তমানলৈকে এই প্ৰকল্পটোত খৰছ কৰা হৈছে ২৬হাজাৰ কোটি টকা। ব্যয়ৰ পৰিমাণ বৃদ্ধি হোৱাৰো আছে অলেখ কাৰণ। উদাহৰণস্বৰূপে কিছুদিনৰ পূৰ্বে পাহাৰ খঁহি অহাৰ ফলত ধ্বংস হৈ পৰা গাৰ্ডৱাল পুণৰ নিৰ্মাণৰ বাবেই এন এইচ পি চিয়ে খৰছ কৰিব লগা হৈছিল ১০০কোটি টকা।
এন এইচ পি চিৰ শেষ পৰিকল্পনা আছিল ২০২৪ চনৰ ডিচেম্বৰৰ ভিতৰত বান্ধটো সম্পূৰ্ণ কৰি বিদ্যুৎ উৎপাদন আৰম্ভ কৰা, কিন্তু প্ৰাকৃতিক বাধাই ইয়াক বাধা দিছিল। বান্ধ নিৰ্মাণৰ বাবে অপৰিহাৰ্য ডাইভাৰচন সুৰংগসমূহ প্ৰাকৃতিক দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্ত হোৱাৰ ফলত পাঁচটাৰ ভিতৰত মাত্ৰ এটাহে কাৰ্যক্ষম হৈ আছিল।
২০২৩ চনৰ ২৭ অক্টোবৰত হোৱা এক বৃহৎ ভূমিস্খলনে একমাত্ৰ কাৰ্যকৰী ডাইভাৰচন সুৰংগটো বন্ধ কৰি দিয়ে, যাৰ ফলত মূল বান্ধটোৰ ভিতৰলৈ আৰু বাহিৰলৈ পানীৰ প্ৰবাহ নিয়ন্ত্ৰণ কৰা বাকী স্পিলৱে ৰেডিয়েল গেট স্থাপনত বাধাৰ সৃষ্টি হয়। ২০২৪ চনৰ বাৰিষাত মথাউৰিটোৰ ওপৰেৰে পানী বৈ যোৱাৰ বাবে ৰেডিয়েল গেট সম্পূৰ্ণৰূপে স্থাপন কৰিব পৰা নগ’ল, কাৰণ একমাত্ৰ কাৰ্যকৰী ডাইভাৰচন সুৰংগটো বন্ধ আছিল। এনেবোৰ ভিন্ন প্ৰতিকূল পৰিস্থিতিৰ বাবে বাৰে বাৰে থমকি ৰব লগা হৈছে এন এইচ পি চি।
যদিহে এই বান্ধটোৰ প্ৰকল্প ব্যয় ৩২হাজাৰ কোটি টকালৈ বৃদ্ধি পায়, তেন্তে দেশৰ ইতিহাসত একাদশ সৰ্বাধিক ব্যয় হোৱা জলবিদ্যুৎ প্ৰকল্প হিচাপে পৰিগণিত হব এই প্ৰকল্পটো। এফালে উজনিৰ কেইবাখনো জনজীৱন নিঃশেষ কৰিব বুলি ভয়, শংকাৰে জীৱন কটোৱা মানুহ আৰু আনফালে ৰাজভৰাঁলৰ ধন পানীৰ দৰে খৰছ হৈছে এই প্ৰকল্পটোত।
অৱশ্যে শেহতীয়াকৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সৈতে বান্ধটোৰ সুৰক্ষাক লৈ বিশেষজ্ঞ আৰু এন এইচ পি চিৰ মাজত হোৱা আলোচনাত কি দিশ পোহৰলৈ আহে তালৈ বাট চাইছে সকলোৱে। কিন্তু প্ৰকৃতিয়ে বাৰে বাৰে বাধা দিয়াৰ পাছতো এই বান্ধটো ৩২হাজাৰ কোটি টকাৰে সম্পূৰ্ণ হৈ উঠিলেও সকলো ধন নিমিষতে পানীৰ দৰেই উটি যাব নেকি বুলিও শংকা কৰিছে বহুজনে...