/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/H-YPPP.jpg)
ৰাজ্য চৰকাৰৰ নিৰ্দেশত অসম আৰক্ষীয়ে ২০ ছেপ্টেম্বৰৰ নিশাৰে পৰা বৰ্তমানলৈকে ৰাজ্যৰ সকলো জিলাৰ পৰা ৫ শতাধিকৰো অধিক দালাল তথা ভূ-মাফিয়াক আটক কৰিছে। একে নিশাই এইদৰে দালাল আৰু ভূ-মাফিয়াক আটক কৰি চৰকাৰে একপ্ৰকাৰে চমক সৃষ্টি কৰিছে। কিন্তু দালালসকলক আটক কৰাৰ পিছতেই এতিয়া বিভিন্ন ধৰণে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰশ্ন উত্থাপন হৈছে চৰকাৰে ৰাজনৈতিক চমক সৃষ্টিৰ বাবেই এখন পৰিকল্পিত নাটক ৰচনা কৰিছে নেকি? কিয় এতিয়াও ডাঙৰ ডাঙৰ ভূ-মাফিয়া তথা দালালক আটক কৰা নাই? এনে চৰ্চাৰ সময়তেই সমগ্ৰ বিষয়টোক লৈ অসমৰ বুদ্ধিজীৱি, দল-সংগঠনৰ নেতাৰ প্ৰতিক্ৰিয়াৰে অসমীয়া প্ৰতিদিন ডিজিটেলৰ তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেইদিনমান পূৰ্বে গুৱাহাটীত অনুষ্ঠিত কৰিছিল এখন বিশেষ বৈঠক। ৰাজ্যৰ ৰাজহ চক্ৰ সমূহৰ বিষয়াৰ উপস্থিতিত অনুষ্ঠিত হোৱা সেই বৈঠকত মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছিল, প্ৰতিটো ৰাজহ চক্ৰ কাৰ্যালয়ত থকা দালালক ২ অক্টোবৰত গামোচা পিন্ধাই বিদাই দিয়ক।মুখ্যমন্ত্ৰীৰ সেই আহ্বানৰ পিছতে তৈয়াৰ কৰা হৈছিল প্ৰতিটো ৰাজহ বিভাগৰ কাৰ্যালয়ত থকা দালালৰ এক তালিকা।
৭০০ ৰো অধিক দালালৰ তালিকা প্ৰস্তুত কৰি ২০ ছেপ্টেম্বৰৰ নিশাৰ পৰা অসম আৰক্ষীয়ে অভিযান চলাই প্ৰতিখন জিলাৰে পৰা প্ৰায় ৫ শতাধিকৰো অধিক দালালক আটক কৰিলে। এক প্ৰকাৰে ৰাজ্যৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ত থকা সকলো দালালক একে সময়তে আটক কৰি চমক সৃষ্টি কৰিলে ৰাজ্য চৰকাৰে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে ঘোষণা আৰু তাৰ পিছত ৫ শতাধিক দালালক আটক কৰা কাৰ্যত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কোনোৱে যদি চৰকাৰে চমক সৃষ্টিৰে এইদৰে দালালক আটক কৰা কাৰ্যক সমৰ্থন জনাইছে আন একাংশই আকৌ চৰকাৰে এইদৰে দালাল আটক কৰি কেৱল চমক সৃষ্টিৰে মূল সমস্যাৰ পৰা ৰাইজক আঁতৰাই ৰখাৰ কৌশল বুলি অভিহিত কৰিছে।
ৰাজ্যৰ প্ৰতিটো ৰাজহ চক্ৰ বিভাগত মাটিক কেন্দ্ৰ কৰি দীৰ্ঘদিনৰে পৰা দালালৰ দপদপনি অব্যাহত আছিল। সাধাৰণ ৰাইজে ৰাজহ চক্ৰ বিভাগৰ পৰা প্ৰয়োজনীয় সাধাৰণ এখন নথি সংগ্ৰহৰ বাবেও পৰিশোধ কৰিব লগীয়া হৈছিল ধন। আনহাতে মাটিৰ বেচা-কিনা কৰা, নামজাৰি কৰা আদি কামৰ বাবে দিবলগীয়া হৈছিল শকত অংকৰ ধন।
কেৱল সেয়াই নহয়, মাটিৰ গৰাকীৰ অজ্ঞাতেই বক্ৰ পথেৰে ৰাজহ চক্ৰ কাৰ্যালয়ত অসাধু চক্ৰই এজনৰ নামত থকা মাটি আন এজনৰ নামলৈ নিয়াৰ দৰে ঘটনাও সংঘটিত হৈ আহিছে। মুঠৰ ওপৰত ৰাজহ চক্ৰ কাৰ্যালয়ত চলি আহিছিল কেৱল দুৰ্নীতি। চৰকাৰী দৰমহা পোৱাৰ পিছতো এই কাৰ্যালয়ৰ কৰ্মচাৰীয়ে ধন নাপালে সাধাৰণ ৰাইজৰ কোনো কাম কৰি নিদিয়ে।
২০ ছেপ্টেম্বৰৰ নিশা অসম আৰক্ষীয়ে সমগ্ৰ ৰাজ্যত অভিযান চলাই আটক কৰা দালালৰ তালিকাত কিন্তু এনেধৰনণে দালালিত লিপ্ত হোৱা বহু লোককেই গ্ৰেপ্তাৰ কৰিলে। কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হৈছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এই দালাল বোৰেই ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দালালিত লিপ্ত হয় নেকি? এইসকল প্ৰকৃততে কিমা ডাঙৰ দালাল? তেওঁলোকৰ বাবেই সাধাৰণ ৰাইজৰ ৰাজচহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত বিভিন্ন দুৰৱস্থাৰ সৃষ্টি হয় নেকি? কিদৰে এইসকলে নিৰ্দিষ্ট এটা কাৰ্যালয়ত খোপনি পুতি অনিয়ম, অনীতি সংঘটিত কৰিব পাৰিছে?
সাধাৰণ ৰাইজৰ লগতে দল, সংগঠন, বিৰোধী ৰাজনৈতিক দলে দাবী কৰিছে চৰকাৰে আটক কৰা এই দালালসমূহ প্ৰকৃততে পুঠী-খলিহনাহে।ৰৌ-বৰালী এতিয়াও মুকলি মনে ঘূৰি আছে। চৰকাৰৰ ভিতৰে, বাহিৰে, মন্ত্ৰীৰ সোঁৱে-বাওঁৱে হাস্যমুখে ঘূৰি আছে। এইসকল দালালক কিন্তু এতিয়াও আৰক্ষীয়ে আটক কৰা নাই। গুৱাহাটী মহানগৰীত ভূ-মাফিয়া হিচাপে চিহ্নিত হৈ পৰা পৃথানি, জৈন, লুহীয়া আদিৰ দৰে লোকসকলক আৰক্ষীয়ে আটক কৰা নাই।
গুৱাহাটী মহানগৰীৰ কাষতে থকা ভূমি এইসকল ভূ-মাফিয়াই অনিয়ম, অনীতিৰে বিভিন্ন প্ৰকাৰে নিজৰ হাতলৈ নিছে। এইসকলৰ বিৰুদ্ধে বিভিন্ন থানাত ৰুজু হৈ আছে গোচৰ। কিন্তু এনে লোকসকলক এতিয়াও আৰক্ষীয়ে চুবলৈ সক্ষম হোৱা নাই। সেয়েহে প্ৰশ্ন উঠিছে এই সকল লোকে কাৰ আশবীৰ্দ লাভ কৰিছে?
সমান্তৰালকৈ ভূমিক কেন্দ্ৰ কৰি ৰাজহ চক্ৰ কাৰ্যালয়ত সৃষ্টি হোৱা দালাল চক্ৰৰ একাংশ লোকক আৰক্ষীয়ে আটক কৰিছে যদিও ৰাজহ চক্ৰ কাৰ্যালয়ৰ মণ্ডলকে ধৰি ৰাজহ চক্ৰ বিষয়াৰ লৈকে দুৰ্নীতিত লিপ্ত হোৱা বিষয়া কৰ্মচাৰীক আটক কৰা নাই বা তেওঁলোকৰ বিৰুদ্ধে কোনো তদন্ত কৰা নাই। এইসকলক কৰ্মচাৰী, বিষয়াৰ সহযোগিতা অবিহনে এই দালাল চক্ৰই ইমান সাহসেৰে তথা মুকলি মনেৰে দপদপাই থাকিব নোৱাৰে।
মন কৰিবলীয়া যে শেহতীয়াকৈ ৰাজ্যত গা কৰি উঠিছিল মানৱ দেহৰ অংগ সৰবৰাহৰ এখন অবৈধ বজাৰ। মৰিগাওঁ, নগাওঁ, ডিব্ৰুগড়কে ধৰি একাংশ ৰাজ্যত মানৱ অংগৰ এই অবৈধ বজাৰ গঢ়ি উঠিছিল। অৰ্থৰ অভাৱত, ঋণগ্ৰস্ত বহুলোকে এই নিজ দেহৰ অংগ অসাধু চক্ৰৰ কৱলত পৰি বিক্ৰী কৰিছিল। এই সমগ্ৰ বিষয় সংবাদ মাধ্যমত পোহৰলৈ অহাৰ পিছতে সমগ্ৰ দেশ জুৰি সৃষ্টি হৈছেল প্ৰতিক্ৰিয়া। কিন্তু লক্ষ্যণীয় ভাৱে এই মানৱ অংগৰ অবৈধ বজাৰখনৰ লগত জড়িত হৈ থকা দালালৰ বিৰুদ্ধে তদন্ত কি পৰ্যায়ত আছে বা এই বজাৰখনৰ বিৰুদ্ধে কি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিলে সেই বিষয়ে ৰাজ্য চৰকাৰৰ ফালৰ পৰা সবিশেষ জনোৱা হোৱা নাই।
এটাৰ পিছত আন এটা নতুন ইছ্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে চমক।চৰকাৰে গ্ৰহণ কৰা এটা পদক্ষেপক সাধাৰণ ৰাইজে বিচাৰ বিবেচনা কৰি এটা সিদ্ধান্তত উপনীত হোৱাৰ পূৰ্বেই আন এটা বিষয়ৰ ওপৰত চমক সৃষ্টি কৰে। কিন্তু সেই নিৰ্দিষ্ট বিষয়টো পৰৱৰ্তী সময়ত কি পৰ্যায়ত গৈ উপনীত হয় বা তাৰ প্ৰতিক্ৰিয়া কি হয় সেই বিষয়ে চৰ্চা নহয়।
সেইয়া য়িয়েই নহওক কিয় ৰাজহ চক্ৰ কাৰ্যালয়ৰ লগত জড়িত হৈ থকা এই দালাল সকলক আৰক্ষীয়ে আটক কৰাৰ পিছত এতিয়া সাধথাৰণ ৰাইজে দাবী কৰিছে কেৱল পুঠী-খলিহনাক আটক কৰি চমক সৃষ্টি কৰিলেই নহব। ৰৌ-বৰালীকো আটক কৰিব লাগিব। অন্যথা এয়া কেৱল এক মক বুলিয়েই ভাবি লবলৈ বাধ্য হ'ব।
ইতিমধ্যে ৰাজ্য চৰকাৰখনৰ কিছুমান কাম-কাজক কেন্দ্ৰ কৰি ৰাইজৰ মাজত কথাই চৰ্চা চলিছে। আনহে নালাগে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়েই ভূ-মাফিয়া তথা দালালক নিজ দললৈ গামোচা পিন্ধাই আদৰণি জনোৱা বুলিও মুকলি চৰ্চা চলি আছে। একেদৰে আৰক্ষীৰ হাতত আটক হোৱা এজন দালালেও মুখ্যমন্ত্ৰী গৰাকীয়ে পূৰ্বে দালালৰ জৰিয়তেই চাহ বাগান ক্ৰয় কৰিছিল বুলি দাবী কৰিছে।
এনে পৰিস্থিতিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই দালালৰ বিষয়টোক কিদৰে আগুৱাই নিয়ে, কিদৰে অনিয়ম, অনীতিত জড়িত হোৱা দালালৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষ্যণীয়। এই প্ৰতিবেদনত কেৱল সাধাৰণ ৰাইজৰ চিন্তাক হে তুলি ধৰা হৈছে। ৰাজ্যৰ সচেতন মহলে এই বিষয়টোত কিদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেই বিষয়ে জানিবলৈ আমি টেলিপোনৰ জৰিয়তে কাষ চাপিছিলো বিশিষ্ট বুদ্ধিজীৱিৰ লগতে জাতীয় সংগঠনৰ নেতৃত্বৰ। তেওঁলোকৰ এই বিষয়ত থকা প্ৰতিক্ৰিয়া আছিল এনেধৰণ…
হীৰেন গোহাঁইঃ মাটিৰ দালালৰ বিষয়ে মোৰ কোনো জ্ঞান নাই। বোধহয় যদি কাৰোবাক মাটি লাগে আৰু কোনোবাই যদি মাটি ক্ৰয় কৰিব বিচাৰে তেওঁলোকক মাটিৰ বিক্ৰেতা আৰু গ্ৰাহক যোগাৰ কৰি দিয়াজনেই মাটিৰ দালাল। তেওঁলোকে এই কামৰ বাবে কমিছন যদি লয়, এনে কাম আন ক্ষেত্ৰত আইন মতে হৈ থাকে। মাটিৰ ক্ষেত্ৰত কিবা বাধা আছে যদি নাজানো। কিন্তু যদি দালালজনে এটুকুৰা মাটিকে তিনিজনক বিক্ৰী কৰে বা চৰকাৰী মাটি, ফৰেষ্টৰ মাটি বিক্ৰী কৰে, সেইটো অপৰাধ হ'ব। ইয়াৰ বাবে এটা নিয়ম থাকিব লাগে। যিসকলে দলালি কৰে তেওঁলোকে এইদৰে বদমাচি কৰিলে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তেওঁলোকে নিৰ্দিষ্ট নিয়ম মানি কাম কৰিব লাগে। মাটিৰ দালাল কৰি কোটি কোটি টকাৰ গৰাকী হৈছে, নিশ্চয় খুব এটা ভাল কামৰ দ্বাৰা হোৱা নাই। কোনোৱে যদি মাটি কিনা আৰু বিক্ৰী কৰাৰ ক্ষেত্ৰত সেৱা আগবঢ়ায় তেনে আপত্তিজনক কথা নহয়।আজি কালি দালাল বৰ বেয়া শব্দ হৈছে।দালাল মানে ব্ৰকাৰ (Broker)। তেওঁলোকে ভালদৰে নীতি নিয়ম মানি কাম কৰিলে অসুবিধা হ'ব নালাগে। যিসকলক দালালৰ নামত আটক কৰিলে তেওঁলোকৰ ক্ষেত্ৰত কি তদন্ত হৈছে সেইয়া জানিব লাগে। সংবাদ মাধ্যমে এই বিষয়ত খবৰ কৰিব লাগে। তেওঁলোকক কি গোচৰত আটক কৰিছে, কাৰ গোচৰৰ ভিত্তিত আটক কৰিছে জানিব লাগে।
শংকৰজ্যোতি বৰুৱাঃ মাটিৰ দালালক আটক কৰিছে খবু ভাল কাম কৰিছে। কিন্তু মাটিৰ দালালৰ লগত জড়িত মূল ব্যক্তি কেইজনক গ্ৰেপ্তাৰ কৰিব পৰা নাই। যিকেইজনে খাটি খাই আছে তেওঁলোকক হে আটক কৰিছে। যি কেইজনক আমি ভূ-মাফিয়া বুলি জানো, মন্ত্ৰী এম এলৰ সোঁৱে-বাওঁৱে থাকে সেই কেইজনক আটক কৰিব পৰা নাই। তেওঁলোকক আটক কৰিবলৈ সাহস নোহোৱা হৈছে। যিকেইজনে মাটিৰ লগত জড়িত কাম কৰি দিয়ে তেওঁলোকক আটক কৰি ভূ-মাফিয়া আটক কৰিছো বুলি চৰকাৰে ঢাক-ঢোল বজাই আছে। আমি আহ্বান জনাইছো যে অসমৰ সকলো ঠাইতে জৈন,আগৰৱালা, পৃথানি এনেকুৱাধৰণৰ যিসকল ডাঙৰ ডাঙৰ ভূ-মাফিয়া আছে তেওঁলোকক আটক কৰি সত সাহস দেখুৱাবলৈ আমি মুখ্যমন্ত্ৰীক আহ্বান জনাইছো।
পলাশ চাংমাইঃ দালাল আটক কৰিছে, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সমৰ্থন কৰিছো।দালাল কেৱল মাত্ৰ যে বেচৰকাৰী পৰ্যায়তে আছে তেনে নহয়। চৰকাৰী পৰ্যায়ৰ দালাল বোৰক এতিয়াও ধৰিব পৰা নাই। চৰকাৰী পৰ্যায়ৰ দালালে যদি অনুমোদন নজনাই বা সহযোগিতা নকৰে তেতিয়াহলে এনেধৰণে বেচৰকাৰী যিবোৰ দালাল সেই দালালে কেতিয়াও দালালি কৰিব নোৱাৰিলে হেতেন। গতিকে মই ভাৱো বেচৰকাৰী দালাল বোৰৰ যিমান দোষ আছে তাতকৈ বহু বেছি দোষ আছে চৰকাৰী দালাল বোৰৰ। বেচৰকাৰী যিবোৰ দালালে, যি দুৰ্নীতি কৰিছে সেই সুবিধা কোনে কৰি দিছে? চৰকাৰি দালাল বাৰেই কৰি দিছে। গতিক মই ভাৱো সকলো বিভাগতে থকা চৰকাৰী দালাল বোৰক চিহ্নিত কৰিব পৰাটোহে প্ৰধান কাম। আজিকালি চৰৰাকে বহু দালালক অনুজ্ঞাপত্ৰ দিয়ে। দালাল মানে কেতিয়াও দুৰ্নীতি নহয়।দালালি, দুৰ্নীতি কৰিছে চৰকাৰী পৰ্যায়ত।দুৰ্নীতি যদি নকৰে দালালিও এটা সঠিক পণ্ঠা হ'ব পাৰে। কাৰণ কিবা এটা কাম কৰি দিয়াৰ বিনীময়ত কেইটামান টকা দিয়াটো দালালি বুলি কব নোৱাৰি। কোনো এটা কামত সহযোগিতা কৰি দিয়াটো দালালি নহয়। দালালি কৰিছে চৰকাৰী পৰ্যায়ত। চৰকাৰী কাৰ্যালয়ত মানুহৰ কাম নকৰি বিষয়াই ঘোচ লোৱাটোহে দালালি।
ভাস্কো ডি শইকীয়াঃ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ মাটিৰ দালাল ধৰাৰ নামত ৰাজনৈতিক চমক দিয়াৰ চেষ্টা কৰিছে। আমি দেখা পাইছো শেহতীয়াকৈ যিসকল লোক ধৰা পৰিছে তেওঁলোক পুঠী-খলিহনাহে।প্ৰকৃত ৰৌ-বৰালি এতিয়াও জালত পৰা নাই। যি প্ৰক্ৰিয়াৰে এই মাটিৰ দালালক ধৰাৰ এটা প্ৰক্ৰিয়া চলিছে তাৰ পৰা আমি নিশ্চিত হৈছো কোনো মাটিৰ বৃহৎ দালাল জালত নপৰে। আমি জানো যে, অসমৰ বৃহৎ বৃহৎ মাটিৰ দালাল, ভূ-মাফিয়াই মাটিৰ অবৈধ ব্যৱসায় কৰি আহিছে। বিশেষকৈ বহু বণিয়াই কৃষি ভূমি অবৈধভাৱে ক্ৰয় কৰি অনা কৃষি কাৰ্যত ব্যৱহাৰৰ বাবে বিক্ৰী কৰি আছে।
এনেকুৱা অনেক ভূ-মাফিয়া আৰু মাটিৰ দালাৰ বিৰুদ্ধে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বহু পূৰ্বে তথ্য, প্ৰমাণেৰে চৰকাৰক অৱগত কৰিছিলো, আৰক্ষী থানাত গোচৰ দিছিলো। কিন্তু দুৰ্ৰভাগ্যজনকভাৱে সেইসকলৰ প্ৰতি পূৰ্বৰ কংগ্ৰেছ চৰকাৰে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আৰু এতিয়াৰ চৰকাৰেও সেইসকলৰ প্ৰতি ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা নাই। তাৰ পৰিৱৰ্তে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেৱল ৰাজনৈতিক চমক দিবলৈ গৈ কিছু সংখ্যক দালালক গ্ৰেপ্তাৰ কৰিছে।
মাটিৰ দালালক গ্ৰেপ্তাৰ কৰাটো আদৰণীয় কিন্তু আমি কব বিচাৰিছো যে কেৱল পুঠী-খলিহনা ধৰিলেই নহব। হিমন্ত বিশ্ব শৰ্মাই যদি সচাকৈয়ে মাটিৰ অবৈধ ব্যৱসায় উৎখাত কৰিব বিচাৰিছে তেনেহলে যিসকল বৃহৎ ভূ-মাফিয়া আছে সেইসকলক গ্ৰেপ্তাৰ কৰক। শেহতীয়াকৈ যদি আমি চাও এ আই ইউ ডি এফ দলৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱা ফণী তালুকদাৰৰ বিৰুদ্ধে অলেখবাৰ সংবাদ মাধ্যমত আৰু বিভিন্নজনে তথ্য প্ৰমাণ সহকাৰে অবৈধ মাটি ব্যৱসায়ৰ অভিযোগ উত্থাপন কৰি আহিছে।
আমি দেখা পাইছো যে অসমৰ সৰ্ববৃহৎ মাটি দালাল বুলি স্বীকৃত এই জন ফণী তালুকদাৰক বিজেপি দললৈ ৰঙা দলিচা পাৰি দিছে। এনেকুৱা ঘটানাবোৰে প্ৰমাণ কৰে যে হিমন্ত বিশ্ব শৰ্মাৰ এইখন এখন ৰাজনৈতিক চমক প্ৰচাৰ কৰা নাটকৰ বাহিৰে একো নহয়। তেওঁৰ সচাকৈয়ে যদি সদিচ্ছা আছে তেনেহলে তেওঁলোকৰ দলত সদ্যহতে যোগদান কৰা অসমৰ সৰ্বজন চিহ্নিত মাটিৰ দালাল ফণী তালুকদাৰক আটক কৰি তেওঁলোকে সাহস দেখুৱাওক। ২০১৩-১৪ চনত আমি লুহীয়া পৃথানি, জৈন আদিকে ধৰি অৰ্ধশতাধিক ভূ-মাফিয়াৰ বিৰুদ্ধে চৰকাৰক তথ্য সহকাৰে অভিযোগ দাখিল কৰিছিলো।আৰক্ষী থানাত কৃষি ভূমি অনা কৃষি কাৰ্যত ব্যৱহাৰ কৰাৰ দালালিৰ বিৰুদ্ধে গোচৰ তৰিছিলো। সেইবোৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক।