১৯৫০তেই ফটোগ্ৰাফীৰে আলোড়ন সৃষ্টি কৰা মানুহজন গ'লগৈ...

মৃত্যুৰ আগমূৰ্হূতৰ লৈকে তেওঁ সৃষ্টিৰ অন্বেষণ কৰাৰ কথা কৈছিল। লগতে কৈছিল এগৰাকী শিল্পীয়ে শ্ৰেষ্ঠ শিল্পৰ বাবে আজীৱন দৌৰি ফুৰে। খালী চকুৰ বাদেও তেওঁ কেমেৰাৰ লেন্সেৰে চাইছিল এই পৃথিৱীখনক।

author-image
Asomiya Pratidin
New Update
854e2901-5155-4dae-b22b-f6657d947a62

অসম তথা উত্তৰ-পূব ফটোগ্ৰাফী ক্ষেত্ৰখনত এক নতুন যুগৰ সূচনা কৰিছিল তেওঁ। ১৯৫০চনতে ফটোগ্ৰাফীক পেচা হিচাপে গ্ৰহণ কৰিছিল তেওঁ। ফটোগ্ৰাফীৰ জৰিয়তেই আন্তৰ্জাতিক খ্যাতিও অৰ্জন কৰিছিল তেওঁ। কেমেৰাৰ লেন্সৰ মাজতে সৃষ্টি সপোন ৰচিব জনা এইগৰাকী  চিত্ৰশিল্পী নলিনীকান্ত বৰুৱাৰ দেহাৱসানৰ খবৰ আহিল নতুন বছৰৰ প্ৰথমটো সপ্তাহতে। শিল্পীগৰাকীৰ জীৱনৰ কিছু কথা সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন...

মৃত্যুৰ আগমূৰ্হূতৰ লৈকে তেওঁ সৃষ্টিৰ অন্বেষণ কৰাৰ কথা কৈছিল। লগতে কৈছিল এগৰাকী শিল্পীয়ে শ্ৰেষ্ঠ শিল্পৰ বাবে আজীৱন দৌৰি ফুৰে। খালী চকুৰ বাদেও তেওঁ কেমেৰাৰ লেন্সেৰে চাইছিল এই পৃথিৱীখনক। কেতিয়াবা যদি প্ৰকৃতিৰ মাজত, কেতিয়াবা মানুহৰ মাজত তেওঁ সন্ধান কৰিছিল আনে নেদেখা শিল্পৰ।

অসমৰ ফটোগ্ৰাফী জগতখনৰ অন্যতম এগৰাকী পুৰোধা ব্যক্তিৰ মাজত তেওঁ আছিল অন্যতম। নাম তেওঁৰ নলিনী কান্ত বৰুৱা। সৰুৰে পৰাই ফটোগ্ৰাফীৰ প্ৰতি তেওঁৰ আছিল বিশেষ চখ। তেওঁৰ সেই চখ পূৰণ কৰাত নেদেখা জনেও কৰিছিল সহায়।  ৯ বছৰ মান বয়সত কুপন সংগ্ৰহ কৰি লণ্ডনৰ প’লচন বাটাৰ কোম্পানীৰ পৰা বৰুৱাই এটা ক’ডাক কেমেৰা উপহাৰ স্বৰূপে পাইছিল।সেই কেমেৰাৰে তৃতীয় শ্ৰেণীত পঢ়ি থাকোঁতেই তেওঁ ফটো তোলাৰ কাম আৰম্ভ কৰিছিল। 

দশম শ্ৰেণীত পঢ়ি থাকোঁতেই পিতৃৰ বিয়োগ ঘটাত আনুষ্ঠানিক শিক্ষা সিমানতে সামৰি নলিনী বৰুৱাই পৰিয়ালৰ দায়িত্ব মূৰ পাতি ল’ব লগা হয়। ১৯৫০ চনত জখলাবন্ধাত এটা ফটো ষ্টুডিঅ’ খুলি শিল্পীগৰাকীয়ে ব্যৱসায়ভিত্তিক ফটোগ্ৰাফাৰৰ জীৱন আৰম্ভ কৰে। ১৯৫৭ চনত বৰুৱাই তেজপুৰত এটা আধুনিক ষ্টুডিঅ’ৰ শুভাৰম্ভ কৰে।

১৯৫০চনতে ফটোগ্ৰাফীৰ পেচা হিচাপে লৈ জীৱন আৰম্ভ কৰা এই গৰাকী শিল্পীয়ে অন্তিম মূৰ্হুতৰ লৈকে সেই কামতেই নিজক নিয়োগ কৰিলে। অৱশেষত ২০২৬ৰ ৬জানুৱাৰীত জীৱন যাত্ৰা সামৰিলে তেওঁ। তেওঁৰ বিয়োগত এতিয়া সমগ্ৰ ৰাজ্যত শোকৰ ছাঁ পৰিছে। মৃত্যুৰ আগমূৰ্হুতৰ লৈকে তেজপুৰ ফটোগ্ৰাফী ক্লাবৰ মূখ্য উপদেষ্টাৰ দায়িত্বও পালন কৰিছিল তেওঁ।

নলিনী বৰুৱাৰ জন্ম হয় ১৯৩১ চনৰ ২২ এপ্ৰিলত শোণিতপুৰ জিলাৰ দুলুং চাহ বাগিচাত। তেওঁৰ পিতৃ আছিল চিকিৎসক কমলাকান্ত বৰুৱা আৰু মাতৃ ঘৃতমালা বৰুৱা। শিল্পীগৰাকীয়ে ৫০ৰ দশকতেই বিশেষ ফটোগ্ৰাফীৰে উত্তৰ-পূব ভাৰততে আলোকচিত্ৰ শিল্পৰ এক নতুন যুগৰ সূচনা কৰিছিল। তেওঁক ক’লা-বগা আলোকচিত্ৰৰ ওজা হিচাপে গণ্য কৰা হয়। ২০১৬ চনলৈকে তেওঁ নিজাববীয়াকৈ ৪৯খন প্ৰদৰ্শনী অনুষ্ঠিত কৰিছিল। ২০১৪ চনত শিল্পীগৰাকীয়ে বিষ্ণু ৰাভা বঁটাও প্ৰদান কৰা হৈছিল।

১৯৬৮ চনত তেজপুৰৰ হেম বৰুৱা ভৱনত নলিনী বৰুৱাৰ প্ৰথমখন আলোকচিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হয়। ইয়াৰ পিছত তেজপুৰ, লখিমপুৰ, বৰপেটা, টিহু, গুৱাহাটী আদিকে ধৰি অসমৰ বিভিন্ন ঠাইত তেওঁৰ আলোকচিত্ৰ এককভাৱে প্ৰদৰ্শিত হয়। ১৯৭৬ চনত দিল্লীত আৰু ইয়াৰ পৰৱৰ্তী সময়ত কলকাতা আৰু মুম্বাইতো শিল্পিগৰাকীয়ে প্ৰদৰ্শনী অনুষ্ঠিত কৰে। ১৯৭৭ চনত তেওঁ আমেৰিকাৰ ফটোগ্ৰাফী ছ’চাইটীৰ পৰা জাৰ্নেল এৱাৰ্ড লাভ কৰে।

 ১৯৮৩ চনত ইটালীত আৰু ১৯৯৩ চনত আমেৰিকাৰ তিনিখন ঠাইত অনুষ্ঠিত আন্তৰ্জাতিক প্ৰদৰ্শনীত নলিনী বৰুৱাই অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰে। ২০০১ চনত লণ্ডনত অনুষ্ঠিত আন্তৰ্জাতিক প্ৰদৰ্শনীত অংশ লৈ ‘আনৱাণ্টেড বেবী’ (অবাঞ্চিত কেঁচুৱা) নামৰ এখন ফটোৰ বাবে তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। ইটালীত অনুষ্ঠিত ইণ্টাৰনেচনেল কালাৰ শ্লাইড প্ৰদৰ্শনীতো তেওঁ ক্লাব পুৰস্কাৰ লাভ কৰিছিল। ‘পেং অফ বাৰ্থ’ (জন্ম যন্ত্ৰণা) শীৰ্ষক আলোকচিত্ৰৰ বাবে তেওঁ ইটালীৰ এচোচিয়েচন কালচাৰেল চাৰ্কোলৰ তৰফৰ পৰা স্বৰ্ণ পদক লাভ কৰিছিল।

ইলাষ্ট্ৰেটেড ৱিকলী অফ ইণ্ডিয়া, লণ্ডনৰ ফটোগ্ৰাফী ইয়েৰ বুক, জাৰ্মানীৰ ফটোগ্ৰাফী অৱ মেগাজিন ছ’চাইটিৰ দ্বাৰা প্ৰকাশিত আলোচনীৰ বেটুপাততো বৰুৱাৰ আলোকচিত্ৰই স্থান পাইছে। শিল্পীগৰাকীৰ আলোকচিত্ৰসমূহ একত্ৰিত কৰি ‘ইমেজেছ’ শীৰ্ষক এখন গ্ৰন্থও প্ৰকাশ পাইছে। নলিনী বৰুৱাই ন্যুড ফটোগ্ৰাফী বা আলোকচিত্ৰত নগ্নতাৰ কলাত্মক উপস্থাপনেৰে অসমৰ আলোকচিত্ৰৰ জগতখনত এক নতুন ধাৰাৰ সৃষ্টি কৰিছিল।

হোমেন বৰগোহাঞিয়ে এইক্ষেত্ৰত তেওঁক যথেষ্ট সমৰ্থন আগবঢ়াইছিল। ক’লা-বগা আলোকচিত্ৰত নলিনী বৰুৱাৰ দক্ষতা অতুলনীয় বুলি কোৱা হয়। কেট ট্ৰায়’ (তিনিটা মেকুৰী), মিচিং বিহু ডাঞ্চ, পেং অফ বাৰ্থ (জন্ম যন্ত্ৰণা), আনৱাণ্টেড বেবী (অবাঞ্চিত কেঁচুৱা), আচামিজ গাৰ্ল, দ্য চিম্বল, ফেয়াৰৱেল আদি তেওঁৰ প্ৰখ্যাত আলোকচিত্ৰ।

চিত্ৰশিল্পী