৮৬: বয়সক কাবু কৰি জিলিকিল সৰোজনী আবু...

কথা এটা কোৱানা, সাধু এটা শুনোৱানা, অ’ আইতা খুন্দা তামোল অকণ দিয়ানা’-  নাতি-নাতিনীৰ সৈতে মৰম, আবদাৰে এইদৰে কথা পতাৰ সময় তেওঁৰ। এই বয়সত তেওঁৰ দৰে মানুহে সাধাৰণতে লয় হৰিনাম।

author-image
Asomiya Pratidin
New Update
e6330922-78ce-4bbe-8889-7bae22aee489

মৃদুল কুমাৰ সন্দিকৈ

‘কথা এটা কোৱানা, সাধু এটা শুনোৱানা, অ’ আইতা খুন্দা তামোল অকণ দিয়ানা’-  নাতি-নাতিনীৰ সৈতে মৰম, আবদাৰে এইদৰে কথা পতাৰ সময় তেওঁৰ। এই বয়সত তেওঁৰ দৰে মানুহে সাধাৰণতে লয় হৰিনাম। গাহ্যস্থ জীৱন সামৰি উদাসীন পৃথিৱীত পৰিভ্ৰমণ কৰাৰ সময় বুলি ভাৱে বহুতে। 

সেইবোৰ বিপৰীতে অৱস্থান লৈ নিজক আগুৱাই নিয়া এগৰাকী আইতাৰ ব্যতিক্ৰমী কাহিনী এয়া। খবৰটো দুদিনমানৰ পূৰ্বেৰ কটন বিশ্ববিদ্যালয়ৰ এজন চিনাকি অধ্যাপকে দিছিল। খুবেই প্ৰেৰণাদায়ক এক খবৰ। চৌদিশৰ পৰা অহা হতাশাই ভৰা খবৰবোৰৰ বিপৰীতে এটা ইতিবাচক খবৰ।

বয়স- ৮৬। আইতাৰ বয়স- ৮৬। নলবাৰী বৰনদ্দীত ঘৰ এইগৰাকী আইতাৰ। তিনি পুত্ৰৰে এখন সুখৰ ঘৰ। স্বামী অৱশ্যে নাই। স্বামীৰ নাম আছিল দেৱানন্দ শৰ্মা। ১৫বছৰ মান হ’ল তেওঁ এই সংসাৰ এৰি যোৱা। বৰপুত্ৰ এগৰাকী কৃষি বিজ্ঞানী তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনষ্ঠ বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ অধ্যাপক। নাম- ড০ মনোজ কুমাৰ শৰ্মা।

প্লেন্ট বিডিং এণ্ড জেনেটিক চমুকৈ পি বি জি পঢ়ায় তেওঁ। অন্তত্য মেধাৱী আৰু এগৰাকী অতি দায়িত্বশীল অধ্যাপক। আন এজন পুত্ৰ ড০ শিখৰ কুমাৰ শৰ্মা। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক। তথ্য-প্ৰযুক্তি বিভাগৰ প্ৰাক্তন মুৰব্বী তথা প্ৰযুক্তি ডীন পদত অধিষ্ঠিত। সৰু পুত্ৰ থাকে গুৱাহাটীতে। বৃত্তিত তেওঁ এজন চৰকাৰী বিষয়া। সৰু পুত্ৰ প্ৰণৱ কুমাৰ শৰ্মা খণ্ড উন্নয়ন বিষয়া। 

অভাৱ বা চিন্তা তেওঁৰ একোৱেই নাই। সমৃদ্ধশালী এটা পৰিয়াল। কিছুদিনৰ পূৰ্বে গুৱাহাটী বিশ্ববিদ্যালয়ে দূৰসংযোগ পাঠ্যক্ৰমৰ স্নাতকোত্তৰ শ্ৰেণীৰ ফলাফল ঘোষণা কৰিলে। বিৰাট স্ফূৰ্তি আইতাৰ। কোনোবা নাতি বা নাতিনীয়ে সুখ্যাতিৰে পৰীক্ষাত উৰ্ত্তীণ হোৱাৰ বাবে এই আনন্দ-স্ফূৰ্তি নহয়। ইয়াৰ কাৰণ তেওঁ নিজে।

কিয়নো, ঘোষণা কৰা ফলাফলত উৰ্ত্তীণ হোৱা নম্বৰবোৰৰ ভিতৰত তেওঁৰ ৰোল নম্বৰ ০১২৩০১৯১ জ্বিলিকি আছিল। GUCDOEৰ জৰিয়তে তেওঁ পৰীক্ষাত উৰ্ত্তীণ হৈছে। মুঠ ৪০০ নম্বৰৰ ভিতৰত তেওঁ লাভ কৰিছিল ১৮৮ নম্বৰ। 

প্ৰথম ছেমিষ্টাৰত তেওঁ SGPA আছিল ৫.০০। দ্বিতীয় ছেমিষ্টাৰত সেয়া বৃদ্ধি হৈছিল ৬.২৫লৈ। তৃতীয় ছেমিষ্টাৰত ৫.২৫ আৰু চতুৰ্থ ছেমিষ্টাৰত একেই ৫.২৫ SGPA লৈ তেওঁ উৰ্ত্তীণ হ’ল। কিউমেলেটিভ গ্ৰেড পইন্ট এভাৰেছ চমুকৈ CGPA হ’লগৈ ৫.৪৪ । 

৮৬বছৰত এনেদৰে অধ্যয়ন কৰি স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰা উদাহৰণ দেশতেই বিৰল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ আটাইতকৈ বেছি বয়সত অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লোৱা এইগৰাকী আইতাৰ নাম সৰোজনী ভাগৱতী। এয়া তেওঁৰ প্ৰথমটো স্নাতকোত্তৰ ডিগ্ৰীও নহয়।  ৭২বছৰ বয়সত তেওঁ ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।

পঢ়াৰ প্ৰতি তীব্ৰ হেপাঁহ তেওঁৰ সৰুৰে পৰাই আছিল। সন্দিকৈ কলেজ স্নাতক শ্ৰেণী পঢ়িছিল। তেতিয়া তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়লৈ গৈছিল। সেই বিশ্ববিদ্যালয়ত কৰ্মৰত হৈ আছিল তেওঁৰ ভাতৃ তথা অৰুণাচল বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অন্নদা ভাগৱতী। 

গুৱাহাটী বিশ্ববিদ্যালয়ত এম এ পঢ়িম বুলি কিতাপ পত্ৰও গোটাইছিল। বিশেষ কাৰণত বৰনদ্দীৰ ঘৰলৈ উভতি যাব লগা হৈছিল। তাতেই বৰনদ্দী উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰতিষ্ঠাতা শিক্ষকৰূপে যোগদান কৰিছিল। ভেন্সাৰ স্কুলৰ শিক্ষয়ত্ৰী হৈয়ে নীৰৱে অৱসৰ লৈছিল।

শিক্ষাৰ প্ৰতি থকা সেই হেপাঁহ তেওঁ তাৰ পাছতো এৰি দিয়া নাছিল। দূৰ শিক্ষাৰ জৰিয়তে হ’লেও দুটাকৈ স্নাতকোত্তৰ গ্ৰহণ কৰি তেওঁ দেখুৱাই দিলে মন কৰিলেই সকলো সম্ভৱ। যি সময়ত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত ছাত্ৰী হিচাপে নামভৰ্তি কৰিছিল, সেই সময়ত তেওঁৰ পুত্ৰ আছিল বিশ্ববিদ্যালয়খনৰ অধ্যাপক। মাতৃ ছাত্ৰী, পুত্ৰ অধ্যাপক।

মানুহে অভিনন্দনেৰে তেওঁক উপচাই পেলাইছে। সেই সকলোবোৰ তেওঁ সাদৰেৰে গ্ৰহণ কৰিছে। শিকাৰ কোনো নিৰ্দিষ্ট বয়স নাই। বয়স কেতিয়াও শিক্ষাৰ হেঙাৰ হ’ব নোৱাৰে। সেই প্ৰমাণেই কৰি নতুন প্ৰজন্মৰ বাবে এক আদৰ্শৰ প্ৰতীক হৈ এতিয়া জ্বিলিকিছে আইতা সৰোজনী ভাগৱতী…

নলবাৰী