প্ৰধানমন্ত্ৰীৰ মণিপুৰ ডায়েৰী...

মণিপুৰত সৃষ্টি হোৱা অশান্তজৰ্জৰ পৰিস্থিতিৰ প্ৰায় ২বছৰৰ পাছত মণিপুৰত ভৰি থলে প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ছুড়াচান্দপুৰত প্ৰধানমন্ত্ৰী মোডীয়ে এক বিশাল জনসভা সম্বোধন কৰি ৮৫০০কোটি টকাৰ প্ৰকল্পৰ কাম শুভাৰম্ভণি

author-image
Asomiya Pratidin
New Update
new bikhekh protibedon  1

২০২৩ৰ ভয়াৱহ পৰিস্থিতিৰ প্ৰায় দুবছৰৰ পাছত প্ৰধানমন্ত্ৰীয়ে ভৰি থলে মণিপুৰত। এই যাত্ৰাত বতৰেও দিলে বিথি-পথালি। কিন্তু সকলো প্ৰত্যাহ্বান নেওঁচি প্ৰধানমন্ত্ৰীয়ে মণিপুৰবাসীক দি গ'ল শান্তি-সমৃদ্ধিৰ বতৰা। মা ভাৰতীৰ এটুকুৰা মূল্যৱান মুকুতাঁৰ সৈতে ৰিজালে মণিপুৰক। প্ৰধানমন্ত্ৰীয়ে মণিপুৰত কি কি ক'লে, কি উপহাৰ দিলে মণিপুৰবাসীক। অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন...

মণিপুৰত সৃষ্টি হোৱা অশান্তজৰ্জৰ পৰিস্থিতিৰ প্ৰায় ২বছৰৰ পাছত মণিপুৰত ভৰি থলে প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ছুড়াচান্দপুৰত প্ৰধানমন্ত্ৰী মোডীয়ে এক বিশাল জনসভা সম্বোধন কৰি ৮৫০০কোটি টকাৰ প্ৰকল্পৰ কাম শুভাৰম্ভণি কৰিলে। বতৰৰ বিথিপঠালিক নেওঁচি প্ৰধানমন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনালে মণিপুৰবাসীয়ে।

বিশাল জনসভাত নৰেন্দ্ৰ মোডীয়ে মণিপুৰবাসীক আশ্বস্ত কৰি কয় যে, আপোনালোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। ভাৰতৰ চৰকাৰ আপোনালোকৰ সৈতে আছে, মই আছো আপোনালোকৰ সৈতে। মই সকলো সমুদায়কে শান্তিৰ পথ অনুসৰণ কৰিবলৈ বিনম্ৰতাৰে অনুৰোধ জনাইছো। 

২০২৩ৰ অশান্তজৰ্জৰ মণিপুৰৰ কথা সোঁঁৱৰণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে দুখ প্ৰকাশ কৰি কয় যে, দুবছৰৰ পূৰ্বে যি অৱস্থাৰ সূচনা হৈছিল, এয়া আছিল অতিকৈ দুভাগ্যজনক। আগন্তুক সময়ত যিকোনো পৰিস্থিতিত মই আৰু ভাৰত চৰকাৰ আপোনালোকৰ সৈতে আছো। 

মণিপুৰৰ  বাবে কেন্দ্ৰই ৰেলপথৰ লগতে অন্যান্য বাট-পথ উন্নয়নৰ বাবে বহু পৰিকল্পনা কৰাৰ কথাও সদৰি কৰে প্ৰধানমন্ত্ৰীয়ে। ২০১৪চনৰ পৰাই মণিপুৰৰ সৈতে যোগাযোগ উন্নত কৰাৰ ক্ষেত্ৰত জোৰ দি অহাৰ কথাও জনসভাত ব্যক্ত কৰে প্ৰধানমন্ত্ৰী মোডীয়ে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ভাৰত অচিৰেই বিশ্বৰ তৃতীয় বৃহত অৰ্থনীতিৰ দেশ হবলৈ গৈ আছে। ইয়াৰ লাভ দেশৰ প্ৰতিটো কোণৰ লোকে পাব বুলি মই সুনিশ্চিত কৰিলোঁ। মণিপুৰক সাহস আৰু বীৰৰ ভূমি বুলি অভিহিত কৰি তেওঁ লগতে কয়-  ইম্ফলৰ পৰা ছুড়াচান্দপুৰৰ লৈকে অহাৰ সময়ত জনতাৰ যি মৰম পালো, এয়া কেতিয়াও নাপাহাঁৰো। 

মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ ভুক্তভোগীকো সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে, মই ভুক্তভোগী সকলৰ সৈতেও মনৰ কথা পাতিছো। তেওঁলোকেও এখন নতুন মণিপুৰৰ সপোন  দেখিছে। তেওঁলোকৰ চকুতো নতুন সুৰুজৰ প্ৰভাতৰ ৰেঙণি দেখিছো। শান্তিৰ এই পথেই সকলোকে দিব সমৃদ্ধিৰ বতৰা। মণিপুৰক মা ভাৰতীয় মুকুটত থকা এটুকুৰা মূল্যৱান মুকুটাঁ বুলি অভিহিত কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ সুৰক্ষাত মণিপুৰৰ ভূমিকাৰ কথাও উল্লেখ কৰে। তেওঁ কয়. যে, দেশৰ সুৰক্ষাত মণিপুৰৰ অনেক কন্যা-সন্তানে কাম কৰি আছে। শেহতীয়াকৈ অপাৰেশ্যন সিন্দূৰতো মণিপুৰৰ অৱদান আছিল অতুলনীয়। মণিপুৰৰ শ্বহীদ দীপক ছিঙ্গাখামক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ত্যাগ দেশে সদায় মনত ৰাখিব বুলি কয়। 

দেশৰ বাবে মণিপুৰৰ ত্যাগ ভাৰতীয় সংস্কৃতিৰ অভিন্ন অংগ বুলি জনসভাত কয় প্ৰধামমন্ত্ৰীগৰাকীয়ে। মণিপুৰৰ যুৱশক্তিক সঠিক দিশেৰে আগুৱাই দিয়াৰ ক্ষেত্ৰত চৰকাৰে সদায়েই কাম কৰিব বুলিও কয় মোডীয়ে। মণিপুৰত বিকাশৰ বাবে শান্তি বৰ্তাই ৰখাতো প্ৰতিগৰাকী নাগৰিকে কৰ্তব্য হিচাপে বিবেচনা কৰিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে।

ইফালে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ সময়চোৱাত মণিপুৰত কংগ্ৰেছ আৰু এম পি পিয়ে বিৰোধ প্ৰদৰ্শন কৰে। প্ৰতিবাদকাৰীসকলে অভিযোগ উত্থাপন কৰে যে, প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণ শান্তিৰ বাবে নহয়, ৰাজনীতিৰ বাবেহে। প্ৰধানমন্ত্ৰীয়ে জনসভা সম্বোধন কৰা প্ৰায় ১০০মিটাৰ দূৰত প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে। 

মণিপুৰৰ জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী হেলিকপ্টাৰৰে উপস্থিত হোৱাৰ কথা আছিল যদিও প্ৰতিকূল পৰিৱেশৰ বাবে গাড়ীৰেই যাত্ৰা কৰিব লগা হ'ল। ইম্ফলৰ পৰা ছুডাচান্দপুৰলৈকে প্ৰায় ৬১কিলোমিটাৰ বাট গাড়ীৰেই যাব লগা হ'ল প্ৰধানমন্ত্ৰী। প্ৰায় ডেৰ ঘন্টা সময় গাড়ীৰে গৈ ছুড়াচান্দপুৰত উপস্থিত হয়গৈ প্ৰধানমন্ত্ৰীগৰাকী। এই বাটচোৱাত ভিন্ন স্থানত পথৰ কাষত প্ৰধানমন্ত্ৰী আদৰণি জনাই জনতাই। ইয়াৰ ভিতৰত আছিল কুকি সম্প্ৰদায়ৰ লোকসকলো। 

প্ৰধানমন্ত্ৰীৰ পৰা কি উপহাৰ পালে মণিপুৰবাসীয়েঃ 

মণিপুৰৰ চুৰাচান্দপুৰ জিলাত ৭৩০০ কোটিৰো অধিক মূল্যৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই প্ৰকল্পসমূহৰ ভিতৰত আছে ৩,৬৪৭ কোটি টকাৰ মণিপুৰ নগৰীয়া পথ, নিষ্কাশন আৰু সম্পত্তি ব্যৱস্থাপনা সংস্কাৰ পদক্ষেপ আৰু ৫৫০ কোটি টকাৰ মণিপুৰ ইনফ’টেক ডেভেলপমেণ্ট (MIND) প্ৰকল্প। 

লগতে ১৪২ কোটি টকা ব্যয় সাপেক্ষে উন্নীত হ’বলগীয়া ৯ খন কৰ্মৰত মহিলা হোষ্টেল আৰু ১০৫ কোটি টকা ব্যয় সাপেক্ষে উন্নীত হ’বলগীয়া ছুপাৰ স্পেচিয়েলিটি আৰু স্বাস্থ্যসেৱাৰ সুবিধাৰ আধাৰশিলা স্থাপন কৰে। 

প’লো খেলপথাৰ আৰু ইয়াৰ আশে-পাশে ৩০ কোটি টকা ব্যয় সাপেক্ষে আন্তঃগাঁথনি উন্নয়ন আৰু ১৬খন জিলাৰ আটাইকেইখন জিলাৰ ১২০খন বিদ্যালয়ৰ সা-সুবিধা সবল কৰাৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। 

মণিপুৰৰ বিভিন্ন প্ৰান্তত মুঠ ১০২ কোটি টকা ব্যয় সাপেক্ষে গ্ৰাম্য সংযোগ, শিক্ষা আৰু পৰ্যটনৰ সৈতে জড়িত বিভিন্ন প্ৰকল্পকো আধাৰশিলা স্থাপন কৰা পদক্ষেপৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল। 

ইম্ফলৰ খুমান লম্পক স্প’ৰ্টছ কমপ্লেক্সত ৩৬ কোটি টকা ব্যয়েৰে বহুমুখী ইনড’ৰ ষ্টেডিয়াম নির্মাণ আৰু ৫০২ কোটি টকা ব্যয়েৰে টেংগন’পাল অংশৰ ১০২এ ৰাষ্ট্রীয় ঘাইপথ উন্নীতকৰণো এই তালিকাত আছে৷

মণিপুৰ