ফিৰিঙতিৰ পৰা হ'ব পাৰে খাণ্ডৱ দাহঃ খেৰণিৰ জুইঁয়ে পুৰিব নেকি ২৬ৰ নিৰ্বাচনক...

অশান্ত খেৰণিলৈ স্বাভাৱিক পৰিৱেশ নামি আহিছে যদিও যি দাবীক লৈ এই ঘটনাক্ৰমৰ সূত্ৰপাত হৈছিল তাৰ সমাধানসূত্ৰ এতিয়াও বাহিৰ হোৱা নাই। ভূমি অধিকাৰ কেন্দ্ৰিক আৰু খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ দাবীত ভূমিপুত্ৰ কাৰ্বিসকলৰ সৈতে

author-image
Asomiya Pratidin
New Update
new bikhekh protibedon 1 (14)

অশান্ত খেৰণি ক্ৰমশঃ শান্ত হৈছে। সংঘাতৰ পাছত সকলো পক্ষই আলোচনাত বহিবলৈ সহমত পোষণ কৰিছে। ২৬ৰ নিৰ্বাচনৰ পূৰ্বে এয়া শুভ সংকেত নহয়। ইয়াৰ আলম লৈ অসমক কোনোবাই আৰু অধিক উত্তেজনা সৃষ্টি কৰাৰ ষড়যন্ত্ৰ কৰিব নেকি! তাৰ প্ৰতি সুক্ষ্ম দৃষ্টি ৰখাৰ প্ৰয়োজন হৈ পৰিছে। পশ্চিম কাৰ্বি আংলঙৰ শেহতীয়া ঘটনাৰাজিৰ পৰ্যালোচনাৰে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন...

অশান্ত খেৰণিলৈ স্বাভাৱিক পৰিৱেশ নামি আহিছে যদিও যি দাবীক লৈ এই ঘটনাক্ৰমৰ সূত্ৰপাত হৈছিল তাৰ সমাধানসূত্ৰ এতিয়াও বাহিৰ হোৱা নাই। ভূমি অধিকাৰ কেন্দ্ৰিক আৰু খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ দাবীত ভূমিপুত্ৰ কাৰ্বিসকলৰ সৈতে অখিলঞ্জীয়া লোকৰ এই সংঘাতে ৰাজনৈতিক দৃষ্টিকোণেৰেও বিশেষ তাতপৰ্য বহন কৰিছে।

স্বায়ত্বশাসিত পৰিষদৰ অন্তৰ্গত এই স্থানত যিসকল অখিলঞ্জীয়া লোকে বসবাস কৰি আহিছে আৰু তেওলোকৰ ভূমি অধিকাৰ প্ৰসংগটোক লৈ যেন ৰাজনৈতিক মেৰপাঁক আছে। যাৰ বাবে কাৰ্বি বা অখিলঞ্জীয়া এই লোকসকলৰ কোনো এটা পক্ষকেই সমাধানসূত্ৰ দিব পৰাকৈ চৰকাৰে এক গ্ৰহণযোগ্য স্থিতি ল’ব পৰা নাই।

উক্ত হিংসাত্মক ঘটনাত নিহত দুই পৰিয়াললৈ কাৰ্বি স্বায়ত্বশাসিত পৰিষদৰ পৰা ৫লাখ টকাকৈ ক্ষতিপূৰণ ইতিমধ্যে প্ৰদান কৰা হৈছে। এনে ক্ষতিপূৰণে কাৰ্বি আংলঙত সৃষ্টি হোৱা উত্তেজনা সাময়িকভাৱে প্ৰশমন কৰাৰ চেষ্টা কৰিলেও ই এক জটিল সমস্যা হৈয়ে ৰৈ গৈছে।

ইফালে প্ৰতিবাদকাৰীসকলে কাৰ্বি স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ পুৰণি বাসগৃহ জ্বলাই দিয়াৰ ঘটনাই প্ৰতিবাদকাৰীসকলৰ ক্ষোভৰ চূড়ান্ত বহিঃপ্ৰকাশ ঘটিছে। ঘটনাস্থলীত খোদ আৰক্ষী সঞ্চালকপ্ৰধান উপস্থিত হৈ প্ৰতিবাদকাৰীসকলক হাতযোৰ কৰি আলাপ আলোচনাৰ মাজেৰে সমস্যা সমাধান কৰিবলৈ জনোৱা আহ্বানৰ দৃশ্যপটে এই কথা প্ৰমাণ কৰি দিছে যে, আৰক্ষীও ব্যৱস্থা গ্ৰহণত সৰ্তক আৰু সজাগ হ’ব লগা হৈছে।

উত্তেজিত প্ৰতিবাদকাৰীসকলে খেৰণিৰ আশে-পাশে বহু বজাৰ আৰু ঘৰ জ্বলাই দিয়াৰ অভিযোগ তুলিছে অখিলঞ্জীয়া সেই অগ্ৰাসী লোকসকলে। খেৰণি এই অঞ্চলটো এক স্পৰ্শকাতৰ অঞ্চল। ইয়াৰ পৰা কেনেবাকৈ সংঘৰ্ষৰ এই জুইকুৰা আন অঞ্চললৈ বিয়পিলে সি গোষ্ঠীগত সংঘৰ্ষৰ ৰূপ পোৱাৰ সম্ভাৱনা আছে। 

সেয়েহে, অতীতৰ পৰা শিক্ষা লৈ চৰকাৰে ইয়াৰ এক গ্ৰহণযোগ্য সমাধান সূত্ৰৰ সন্ধান কৰিব লাগে। কাৰ্বি স্বায়ত্বশাসিত পৰিষদৰ নেতৃত্বই গ্ৰহণ কৰা ভূমিকাক লৈও কাৰ্বি আলংঙৰ বহু মানুহ নাৰাজ। আনকি কাৰ্বি জাতীয় সংগঠনৰ ছাত্ৰ নেতাই ডিঙিত চেণ্ডেলৰ মালা পিন্ধি নিজৰ গালত চৰিয়াই জাতিটোৰ বাবে একো কৰিব নোৱাৰিলো কৰা আক্ষেপ আৰু আত্মোপলদ্ধিয়ে বাস্তৱকে প্ৰতিফলিত কৰিছে।

যোৱা দুটা দিন উক্ত অঞ্চলত স্বাভাৱিক পৰিৱেশে বিৰাজ কৰিছে। সেনাই উত্তপ্ত অঞ্চলটো ফ্লেগমাৰ্চ কৰিছে। শান্তি শৃংখলা ৰক্ষা কৰিবলৈ প্ৰশাসনে আহ্বান জনাইছে। এইবোৰ উদ্যোগৰ মাজতে প্ৰশাসনে ইন্টাৰনেট সেৱা বন্ধ কৰি দিয়া ঘটনাই পাশ্ব প্ৰতিক্ৰিয়াও সৃষ্টি কৰিছে।

সন্মুখত ২০২৬ৰ অসম বিধানসভা নিৰ্বাচন। নিৰ্বাচনমুখী এই পৰিৱেশৰ মাজত কাৰ্বি আংলঙৰ পৰিৱেশক লৈ আন ৰাজনৈতিক দলবোৰো সক্ৰিয়া হৈ পৰিছে। সেই সক্ৰিয়তাই আন জাতি-জনগোষ্ঠীৰ মাজত সৃষ্টি কৰিব পাৰে বিভেদ আৰু সংঘৰ্ষৰ বীজ। খেৰণি কাণ্ডৰ আচিলাৰে সেই ৰাজনৈতিক সক্ৰিয়তা আন স্থানলৈ যাতে বিয়পিব নোৱাৰে তাৰ প্ৰতিও চৰকাৰে দৃষ্টি ৰাখিব লাগিব।

কাৰ্বি সকলৰ সৈতে অসমীয়া ৰাইজ নাই নেকি বুলি কাৰ্বি নেতৃত্বই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। অৱশ্যে এই ঘটনাৰ সন্দৰ্ভত কাৰ্বি সকলৰ সাংবিধানিক স্বাৰ্থ ৰক্ষাৰ বাবে এই যুঁজখনত কাৰ্বি সকলৰ সৈতে প্ৰায়বোৰ অসমৰ জাতীয় সংগঠনে মাত মাতিছে। 

মিছা খবৰ আৰু নেৰেটিভ যাতে সৃষ্টি নহয়, তাৰ বাবে এতিয়া খেৰণিৰ এই কাণ্ডৰ পাছত চৰকাৰেও গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে কৰা আন্দোলনক গুৰুত্ব দিয়াৰ সময় আহিছে। এনে খবৰো বিয়পি পৰিছে যে, কাৰ্বি আংলঙত এতিয়া কাৰ্বি সকলেই সংখ্যালঘু হৈ পৰিছে। 

স্বায়ত্বশাসিত পৰিষদখনত কাৰ্বি লোকৰ সংখ্যা ৩৬শতাংশ বুলি কোনোবাই খবৰ বিয়পাইছে। এইবোৰ কথা কিমান সচাঁ, তাৰো এক তদন্ত হ’ব লাগে। এটা কথা ঠিক যে, খিলঞ্জীয়াসকলৰ বিৰুদ্ধেই অখিলঞ্জীয়া কোনো লোকে ভয় ভাবুকি দিয়াৰ পৰিৱেশ কেতিয়াও কাম্য নহয়।

কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং