বুটাম টিপিলেই বাজি উঠিব লোক বাদ্য! কি কি বিশেষত্ব আছে জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহৰ...

অসমৰ সাংস্কৃতিক নৱজাগৰণত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিশাল অৱদান অসমীয়াই কেতিয়া নাপাহৰে । গুৱাহাটীৰ মাজমজিয়াত কৃষি

author-image
Asomiya Pratidin
New Update
3a83ddba-d235-48b4-acea-29a9db36eee0

গুৱাহাটীত নিৰ্মাণ হ'ল উত্তৰ-পূবৰ ভিতৰতে বৃহৎ আৰু অত্যাধুনিক এক প্ৰেক্ষাগৃহ। যাৰ নাম জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহ। ৫ হাজাৰ আসনযুক্ত ৪৫ বিঘা এলেকাজুৰি ২৯১ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই প্ৰেক্ষাগৃহ। প্ৰেক্ষাগৃহটোত বুটাম টিপিলেই বাজি উঠিব লোক বাদ্য। অত্যাধুনিক এই প্ৰেক্ষাগৃহটোত কি কি আছে, এক বিশেষ প্ৰতিবেদন...

অসমৰ সাংস্কৃতিক নৱজাগৰণত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিশাল অৱদান অসমীয়াই কেতিয়া নাপাহৰে । গুৱাহাটীৰ মাজমজিয়াত কৃষি বিভাগৰ কাৰ্যালয়ৰ সমীপত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক সন্মান জনাই ৰাজ্য চৰকাৰে ৫ হাজাৰ আসনযুক্ত এটা সুন্দৰ কলা মন্দিৰ নিৰ্মাণ কৰিছে।

604572187_1298958172039528_903911048786130274_n

জ্যোতি-বিষ্ণুৰ নামেৰে নিৰ্মাণ হোৱা এই প্ৰেক্ষাগৃহটো উত্তৰ-পূবৰ ভিতৰতে বৃহৎ আৰু অত্যাধুনিক । যাৰ নাম দিয়া হৈছে- জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ। ৪৫ বিঘা এলেকাজুৰি ২৯১ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই প্ৰেক্ষাগৃহ।

605778081_1298958112039534_861246498412106291_n (1)

অত্যাধুনিক প্ৰেক্ষাগৃহটোত থাকিব সন্মিলন ভৱন, অত্যধুনিক দৃশ্য-শ্ৰা ব্যৱস্থা, ডিজিটেল আন্তঃগাঁথনিকে ধৰি বহুবোৰ উন্নত মানৰ ব্যৱস্থা থাকিব। এই প্ৰেক্ষাগৃহৰ বাহিৰত ৯ হাজাৰ বৰ্গ মিটাৰৰ এখন বাগিচা আছে । য'ত মিউজিকেল ফাউণ্টেইন, ফুড ক'ৰ্ট আদি থাকিব ।

603845583_1298958032039542_5759309468192568741_n

কেৱল এয়াই নহয়, মিউজিকেল ফাউণ্টেইনত একাৰে জ্যোতিপ্ৰসাদ আৰু বিষ্ণু ৰাভাৰ গীত বাজি থাকিব । চাৰিখন ফুড কৰ্টো থাকিব । প্ৰেক্ষাগৃহত অনুষ্ঠান নাথাকিলে ৰাইজে এই কলা মন্দিৰটোৰ অভিজ্ঞতা ল'ব পাৰিব ।

তদুপৰি প্ৰেক্ষাগৃহৰ দুয়োফালে জ্যেতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিমূৰ্তি থাকিব । প্ৰেক্ষাগৃহটোত সোমাৱাৰ লগে লগে এখন আটকধুনীয়া ভিডিঅ' স্কীন বিভিন্ন অনুষ্ঠান দেখুৱাই থকা হ'ব ।
১১ হাজাৰ বৰ্গ মিটাৰ সামৰি থকা কলা মন্দিৰটোত অত্যাধুনিক দৃশ্য শ্ৰাব্য থাকিব ।

605712024_1282307650614970_8764023361410393849_n

মঞ্চখনত এক লাখ ৱাটৰ প্ৰফেচনেল চাউণ্ড চিষ্টেম থাকিব । তদুপৰি সৰু কনভেনশ্যন চেণ্টাৰ থাকিব । য'ত অনুষ্ঠানৰ পূৰ্বে আখৰা কৰিব পাৰিব । প্ৰেক্ষাগৃহৰ ভিতৰত অনুষ্ঠান লাইভ কৰাৰ ব্যৱস্থা আছে । তাৰোপৰি এটা অতিথিশালাৰ ব্যৱস্থাও আছে এই প্ৰেক্ষাগৃহত ।

605533686_1282308160614919_2294381320920479369_n

প্ৰেক্ষাগৃহটোত বিদ্যুতৰ সলনি সৌৰ শক্তি ব্যৱহাৰ কৰা হব । চ’লাৰ পেনেল লগোৱা হৈছে । য'ৰ পৰা প্ৰতিদিনে ১১৯৩১ কিলোৱাটকৈ শক্তি আহৰণ কৰিব পৰা যাব । কলা মন্দিৰত অনুষ্ঠান নাথাকিলেও দৰ্শনাৰ্থীয়ে বাহিৰলৈ আহি মিউজিক ফাউণ্টেইনৰ অভিজ্ঞতা ল'ব পাৰিব ।

94b4ec70-9a2d-4ef7-9647-46e6b5e453e8

প্ৰেক্ষাগৃহৰ ভিতৰত প্ৰৱেশ কৰাৰ লগে লগে অসম গৌৰৱ এশিঙীয়া গঁড়ে আদৰণি জনাব । প্ৰেক্ষাগৃহৰ বাহিৰত অসমৰ আপুৰুগীয়া বাদ্য ৰখাৰ ব্যৱস্থা ৰখা হৈছে । বাদ্যবোৰৰ কেনেকুৱা মিউজিক হয় সেইবোৰ চাব পাৰিব । এখন স্কীন থাকিব, সেই স্কীনখনৰ বুটাম টিপিলেই বাদ্যযন্ত্ৰৰ মিউজক বাজি উঠিব ।

f852ec2e-cc1d-42db-8cd4-40750c22737e

উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে আটাইতকৈ ডাঙৰ এই প্ৰেক্ষাগৃহটো ২৯ডিচেম্বৰ, ২০২৫ত মুকলি কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। এই প্ৰেক্ষাগৃহটোত বিভিন্ন অনুষ্ঠানৰ সুবিধাৰ উপৰিও অসমৰ চহকী সংস্কৃতিৰ সমল উপলভ্য হ'ব।

ড০ হিমন্ত বিশ্ব শৰ্মা