চীন, আমেৰিকাতকৈ ওপৰত জুবিনক লৈ চলা অসমৰ ডিজিটেল আন্দোলন...

৩০দিন সম্পূৰ্ণ হ'ল। পাৰ হ'ল ৭২০ ঘন্টা। প্ৰিয় শিল্পীজনক হেৰুৱাই কোটি কোটি অনুৰাগী আজিও মৰ্মাহত।  জুবিন গাৰ্গৰ মৃত্যুক লৈ অনুৰাগীৰ মনত যিমান বিষাদে থিতাপি লৈছিল, সেই বিষাদ বৃদ্ধি কৰিছিল তেওঁৰ ৰহস্যজনক মৃত্যুয়ে। কাষতে

author-image
Asomiya Pratidin
New Update
new bikhekh protibedon 1 (1)

তেওঁ নোহোৱা হোৱা এমাহ পাৰ হ'ল। বিগত ৩০দিনত সামাজিক মাধ্যমত তেওঁৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি লাখ লাখ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। এমাহত ২মিলিয়ন লোক তথা ২০লাখ লোকে ব্যৱহাৰ কৰিছে justice for zubeen garg শীৰ্ষক হেছটেগ। ন্যায় বিচাৰি সামাজিক মাধ্যমত এনেদৰে কৰা প্ৰতিবাদৰ ভিতৰত শীৰ্ষত আছে এই আন্দোলনটো। বিশ্বত  কেনেদৰে সৃষ্টি হৈছিল এই হেছটেগৰ আন্দোলন। কোনে প্ৰথমে আৰম্ভ কৰিছিল এই হেছটেগৰ ব্যৱহাৰ। জুবিন গাৰ্গৰ হেছটেগ আন্দোলনৰ পৰা হেছটেগৰ উদ্ভাৱনৰ লৈকে সকলো সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন..

৩০দিন সম্পূৰ্ণ হ'ল। পাৰ হ'ল ৭২০ ঘন্টা। প্ৰিয় শিল্পীজনক হেৰুৱাই কোটি কোটি অনুৰাগী আজিও মৰ্মাহত।  জুবিন গাৰ্গৰ মৃত্যুক লৈ অনুৰাগীৰ মনত যিমান বিষাদে থিতাপি লৈছিল, সেই বিষাদ বৃদ্ধি কৰিছিল তেওঁৰ ৰহস্যজনক মৃত্যুয়ে। কাষতে থকা মুখা পিন্ধা এচামে তিলতিলকৈ মৃত্যুৰ ফালে লৈ গৈ আছিল বিৰল প্ৰতিভাৰ অধিকাৰী সংগীতৰ ঈশ্বৰ পুত্ৰজনক। 

বিগত ৩০টা দিনে জুবিন গাৰ্গৰ মৃত্যুৰ সঠিক তদন্ত বিচাৰিছে অনুৰাগীসকলে। মৃত্যুৰ পিছতে অভিযোগ উত্থাপিত হোৱা সকলোবোৰক লৈ চৰকাৰে আইনী ব্যৱস্থা গ্ৰহণ কৰিলেও যেন সুখী নহয় অনুৰাগীসকল। প্ৰাণৰ শিল্পীজনক হৃদয়ৰ পৰা কাঢ়ি নিয়া সেই প্ৰতিগৰাকী অভিযুক্তক লৈ অনুৰাগীসকলে বিচাৰিছে কঠোৰতকৈ কঠোৰ শাস্তিৰ। 

জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ আহিছিল ১৯ছেপ্টেম্বৰ, ২০২৫ত। মৃত্যুৰ খবৰ বিয়পি পৰাৰ প্ৰায় তিনি দিনৰ পিছৰ পৰা আৰম্ভ হৈছিল জুবিন গাৰ্গক ৰহস্যজনক মৃত্যুৰ সঠিক তদন্তৰ বাবে- justice for zubeen garg শীৰ্ষক এক ডিজিটেল আন্দোলনৰ। সামাজিক মাধ্যম বিশেষকৈ ফেচবুকত justice for zubeen garg হেছটেগ ব্যৱহাৰ কৰা আৰম্ভ হৈছিল ২২ছেপ্টেম্বৰ, ২০২৫ৰ পৰা।

যিমানেই দিন বাগৰিল, সিমানেই জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যও বৃদ্ধি পালে। কাষতে আপোন বুলি জুবিনে যাক আকোৱালি লৈছিল, তাৰ মাজতেই ওলাল কাল শতৰু। মানুহৰ মনত উতকন্ঠা অধিক বৃদ্ধি পালে। জীৱিত কালত সদায়েই অন্যায়ৰ বিৰুদ্ধে স্থিতি লোৱা জুবিনে মৃত্যুৰ পাছতো মুখা খুলি গ'ল এজনৰ পাছত সিজনৰ।

মুখাৰ আঁৰৰ মুখ দেখি মানুহবোৰৰ মনত অধিক ক্ষোভে স্থান ল'লে। পৰিস্থিতি, পৰিৱেশ চাই আইনে কোনো সিদ্ধান্ত দিয়াৰ পূৰ্বেই সকলো পতিয়ন গ'ল যে, জুবিন গাৰ্গক আচঁলতে হত্যা কৰাহে হৈছিল। ডিজিটেলৰ যুগত ডিজিটেলী আৰম্ভ কৰা এই যুঁজখন আগবাঢ়িল। 

বিগত ৩০টা দিনত অৰ্থাত ১৯ছেপ্টেম্বৰ, ২০২৫ৰ পৰা ১৯অক্টোবৰ, ২০২৫ৰ লৈকে সামাজিক মাধ্যমত justice for zubeen garg হেছটেগ ব্যৱহাৰ কৰা লোকে অভিলেখ গঢ়ি দখল কৰিলে প্ৰথম স্থান। এমাহত ২মিলিয়নৰো অধিক লোকে সামাজিক মাধ্যমত justice for zubeen garg হেছটেগ ব্যৱহাৰ কৰি জুবিনৰ ন্যায় প্ৰাপ্তিৰ বাবে চলা যুঁজখন অধিক শক্তিশালী কৰিলে।

উল্লেখ কৰা প্ৰয়োজন যে, এতিয়ালৈকে হেছটেগৰ ইতিহাসত কোনেও justice শব্দটো ইমান বৃহত সংখ্যক লোকে ব্যৱহাৰ কৰা নাই। justice শব্দটো ব্যৱহাৰ কৰি লিখা হেছটেগৰ ইতিহাসত প্ৰথমস্থানত আছে justice for zubeen garg।  ইয়াৰ পিছতে দ্বিতীয় স্থানত আছে-  justice for zara । প্ৰায় ১.৩মিলিয়ন লোকে সামাজিক মাধ্যমত ব্যৱহাৰ কৰিছে  justice for zara শীৰ্ষক হেছটেগটো।

হেছটেগৰ ইতিহাসত justice শব্দটো ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত তৃতীয় স্থানত আছে-   justice for pelestine । প্ৰায় ৭লাখ ৫৩হাজাৰ লোকে সামাজিক মাধ্যমত ব্যৱহাৰ কৰিছিল  justice for pelestine শীৰ্ষক হেছটেগ। গতিকে এই দিশৰ পৰা এতিয়ালৈকে ন্যায় বিচাৰি বিশ্বৰ সবাতোকৈ বৃহত ডিজিটেল আন্দোলনটো হৈছে - #justice for zubeen garg  ।

এতিয়া জানো আহক এই হেছটেগৰ জন্ম কেনেকৈ হৈছিলঃ 

ছ’চিয়েল মিডিয়াত হেচটেগৰ আধুনিক ব্যৱহাৰৰ প্ৰস্তাৱ প্ৰথম ২০০৭ চনত গুগলৰ প্ৰাক্তন ডেভেলপাৰ ক্ৰীছ মেছিনাই টুইটাৰত আগবঢ়াইছিল। তেওঁৰ উদ্দেশ্য আছিল এটা মেটা টেগ ব্যৱস্থা সৃষ্টি কৰা যিয়ে ব্যৱহাৰকাৰীসকলক নিৰ্দিষ্ট পৰিঘটনা বা বিষয়ৰ সৈতে জড়িত গতিশীল বিষয়বস্তু অনুসৰণ কৰিবলৈ অনুমতি দিব।

প্ৰথম অৱস্থাত টুইটাৰে এই ধাৰণাটোক খাৰিজ কৰিছিল। কিন্তু সেই বছৰৰ শেষৰ ফালে কেলিফৰ্ণিয়াৰ বন্য অগ্নিকাণ্ডৰ সময়ত #sandiegofire হেচটেগে টান লাভ কৰে, ই ব্যৱহাৰকাৰীসকলক আপডেট শ্বেয়াৰ কৰাত, আপোনজনৰ স্থান নিৰ্ণয় কৰাত আৰু সুৰক্ষাৰ তথ্য নিৰীক্ষণ কৰাত সহায় কৰে।

এই সফলতাই হেচটেগটোৰ সম্ভাৱনা প্ৰদৰ্শন কৰিলে, যাৰ ফলত ফেচবুক, ইনষ্টাগ্ৰাম আৰু টিকটকৰ দৰে প্লেটফৰ্মত ইয়াক বহলভাৱে গ্ৰহণ কৰা হ’ল।  তেতিয়াৰ পৰাই হেচটেগসমূহৰ ব্যৱহাৰ কথোপকথনৰ সমন্বয়, সম্প্ৰদায় গঠন আৰু প্ৰতিবাদৰ আয়োজনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়, যাৰ ফলত ব্যৱহাৰকাৰীসকলে সামাজিক আৰু ৰাজনৈতিক আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ সক্ষম হয়।

হেছটেগৰ ব্যৱহাৰ হোৱা বিশ্বৰ অন্যতম কেইটামান সফল ডিজিটেল আন্দোলনঃ

১. #BlackLivesMatter

ব্লেক লাইভছ মেটাৰ আন্দোলনে আমেৰিকাত আৰক্ষীৰ বৰ্বৰতা আৰু আফ্ৰিকান-আমেৰিকানসকলৰ হত্যাকাণ্ডৰ অন্ত পেলাবলৈ আহ্বান জনাই #BlackLivesMatter হেছটেগটো প্ৰথমে আৰম্ভ কৰিছিল এলিচিয়া গাৰ্জা, পেট্ৰিছ কালৰ্ছ আৰু অপাল টমেটিয়ে।  ১৭ বছৰীয়া ট্ৰেভন মাৰ্টিনক গুলীয়াই হত্যা কৰা জৰ্জ জিমাৰমেনৰ বিচাৰ আৰু পিছলৈ দোষমুক্ত কৰাৰ প্ৰতিক্ৰিয়া হিচাপে ব্যৱহা হৈছিল এই হেছটেগ । ২০১৪ চনত মিছৌৰীৰ ফাৰ্গুচনত মাইকেল ব্ৰাউনক গুলীয়াই হত্যা কৰাৰ পিছত আৰু এৰিক গাৰ্নাৰৰ মৃত্যুৰ গোচৰত গ্ৰেণ্ড জুৰীয়ে আৰক্ষী বিষয়া ডেনিয়েল পেন্টালিঅ'ক অভিযোগনামা দাখিল নকৰাৰ পিছত এই হেচটেগটোৰ পুনৰুজ্জীৱন ঘটে । ইয়াক লৈ আমেৰিকাত এক বৃহত আন্দোলনৰ সূচনা হৈছিল। 

২. #MeToo

এই হেচটেগটো ২০১৭ চনত ভাইৰেল হৈ বিশ্বজুৰি বিয়পি পৰে। যাৰ ফলত যৌন নিৰ্যাতন আৰু আক্ৰমণৰ বিৰুদ্ধে কথা-বতৰা আৰু ব্যৱস্থা গ্ৰহণৰ সূচনা হয়। উল্লেখ কৰা প্ৰয়োজন যে, এই হেছটেগটো ১৯মিলিয়ন মানুহে ব্যৱহাৰ কৰি প্ৰতিবাদ কৰিছিল

৩. #ShoutYourAbortion

#ShoutYourAbortion হৈছে টুইটাৰত ব্যৱহৃত এটা হেচটেগ আৰু ছ'চিয়েল মিডিয়া অভিযান যিয়ে গৰ্ভপাতৰ অভিজ্ঞতা থকা মহিলাসকলক ইয়াৰ চাৰিওফালে থকা মৌনতা ভংগ কৰিবলৈ উৎসাহিত কৰে। আমেৰিকান লেখিকা লিণ্ডী ৱেষ্ট আৰু বন্ধু আমেলিয়া ব'ন' আৰু কিম্বাৰ্লি মৰিছনে প্লেণ্ড পেৰেণ্টহুড ২০১৫ চনৰ আণ্ডাৰকাভাৰ ভিডিঅ' বিতৰ্কৰ পিছত প্লেণ্ড পেৰেণ্টহুডৰ ধন বন্ধ কৰাৰ বাবে আমেৰিকাৰ হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছৰ প্ৰচেষ্টাৰ প্ৰতিক্ৰিয়া স্বৰূপে এই হেচটেগটো সৃষ্টি কৰিছিল।

৪. #WomensMarch

২০১৭ চনৰ ২১ জানুৱাৰীত নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ বাক্যবাণৰ প্ৰতি সঁহাৰি জনাই আনুমানিক ২৬ লাখ ব্যক্তিয়ে বিশ্বজুৰি সমদল উলিয়াইছিল। এই পদযাত্ৰা মূলতঃ ফেচবুকৰ জৰিয়তে অনলাইনযোগে আয়োজন কৰা হৈছিল। এতিয়া বছৰি সংঘটিত হোৱা মহিলা মাৰ্চৰ লক্ষ্য হৈছে শান্তিপূৰ্ণ প্ৰতিবাদৰ জৰিয়তে মানৱ অধিকাৰৰ প্ৰতি সজাগতা আৰু পোষকতা কৰা আন আন হেচটেগ আন্দোলনৰ দৰেই #WomensMarch ৰ অনলাইন উপস্থিতি আছে। আন্দোলনৰ এটা ফেচবুক পেজ আছে যিটো সক্ৰিয়, মহিলা মাৰ্চ নামেৰে পৰীক্ষা কৰা হৈছে, যিটো ২০১৬ চনৰ ২০ নৱেম্বৰত সৃষ্টি কৰা হৈছিল। ২০১৯ চনৰ ২ এপ্ৰিললৈকে এই হেছটেগ ৮ লাখতকৈ অধিক ব্যক্তিয়ে ব্যৱহাৰ কৰিছে।

৫. #iloooklikeanengineer

২০১৫ চনৰ আগষ্ট মাহত #iloooklikeanengineer অভিযান আৰম্ভ হয়। লিংগ বিষয়ৰ আলোচনাক প্ৰসাৰিত কৰিবলৈ আইছিছ আঞ্চালীয়ে এই আন্দোলন আৰম্ভ কৰিছিল। তেওঁ কাম কৰা কোম্পানীটোৰ বিজ্ঞাপন অভিযানত তেওঁৰ মুখখন দেখা পোৱাৰ সন্দৰ্ভত হোৱা প্ৰতিক্ৰিয়াৰ প্ৰতি সঁহাৰি জনাই আঞ্চলীয়ে এই হেচটেগটো তৈয়াৰ কৰিছিল। #iloooklikeanengineer সৃষ্টিৰ এবছৰৰ পাছত ২ লাখ ৫০ হাজাৰ লোকে এই হেচটেগটো ব্যৱহাৰ কৰিছিল। 

এনেদৰেই ডিজিটেলৰ যুজত ডিজিটেলীভাৱেই মানুহে কৰি আহিছে ভিন্ন প্ৰসংগক লৈ প্ৰতিবাদ। ইয়াৰ সুফলো পাইছে। জুবিন গাৰ্গক মৃত্যুৰ ন্যায়ৰ বাবে মাত্ৰ ৩০দিনত ২মিলিয়ন হেছটেগেও এক অভিলেখ গঢ়িছে। পৰিস্থিতি-পৰিৱেশ চাই এটা কথা ক'ব পাৰি যে, আগন্তুক সময়ত জুবিনক লৈ আৰম্ভ হোৱা এই ডিজিটেল আন্দোলন আৰু অধিক শক্তিশালী হোৱাৰ দিশে...

    জুবিন গাৰ্গ