কাৰ্গিলত জিন্টু গগৈ শ্বহীদ হোৱা ২৫বছৰ হ’ল…

কাৰ্গিলত জিন্টু গগৈ শ্বহীদ হোৱা ২৫বছৰ হ’ল…
Published on
Updated on

তেওঁলোকৰ বাবে তেওঁ সদায়েই অমৰ। দেশৰ বাবে উছৰ্গা হ'ল এটা জীৱন। ২৫বছৰে সন্তানৰ অবিহনে কেনেদৰে আছে তেওঁৰ পিতৃ-মাতৃ। সন্তানৰ বীৰত্বক লৈ তেওঁলোকৰ বুকু এতিয়াও ফুলি উঠে। কেপ্তেইন জিন্টু গগৈৰ জীৱন পৰিক্ৰমা আৰু অন্য কিছু কথাৰে মৃদুল কুমাৰ সন্দিকৈৰ বিশেষ প্ৰতিবেদন...

তেওঁ তেওঁৰ বুকত থাকে, কাষত থাকে। মানুহগৰাকীয়ে ‘বেটা’ বুলি মাতিছিল তেওঁক। আজিৰ পৰা ২৫বছৰ পূৰ্বে আহিছিল এটা দুখবৰ। ‘বেটা’ আৰু নাই। কাৰ্গিলত শ্বহীদ হৈছিল তেওঁ। দেশৰ বাবে উছৰ্গা হ'ল এটা জীৱন। আন দিনাৰ দৰে তেওঁ আজিও সমাধিক্ষেত্ৰত এগছি বন্তি জ্বলালে। এই কাম সদায়েই কৰে। কিয়নো তেওঁ কাৰ্গিলৰ শ্বহীদ জিন্টু গগৈৰ মাতৃ।

ভাৰতীয় সেনা বাহিনীৰ এজন বীৰ যোদ্ধা আছিল জিন্টু গগৈ। ১৯৯৯চনত ৩০জুনত শত্ৰুসেনাৰ গুলীত বাটালিক চেক্টৰৰ কালাপথাৰত শ্বহীদ হৈছিল অসমৰ এই বীৰ জোৱানজন। তেওঁৰ মৃত্যুৰ খবৰহে আহিছিল প্ৰথম, বহুদিনলৈকে উদ্ধাৰ কৰিব পৰা নাছিল মৃতদেহ। তেতিয়াৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ বিশেষ উদ্যোগত জিন্টু গগৈৰ নশ্বৰদেহ উদ্ধাৰ কৰা হৈছিল।

জিন্টু গগৈ কেৱল সেনা বিষয়াই নাছিল। সৰুৰে পৰাই ভাল ছবি আকিঁছিল। মাতৃয়ে আজিও সংৰক্ষণ কৰি ৰাখিছে পুত্ৰই অকাঁ ছবিবোৰ। গোলাঘাটৰ ঘৰত জিন্টু গগৈয়ে ব্যৱহাৰ কৰা কোঠাত  চাদৰেৰে ঢাকি ৰাখিছে সেই ছবিসমূহ। কেৱল ছবিসমূহেই নহয়, জিন্টু গগৈয়ে ব্যৱহাৰ কৰা প্ৰত্যেকটো সম্পদ মাকৰ বাবে পুত্ৰৰ দৰেই আদৰৰ।

কায়িক অস্তিত্ব নহ'লেও পুত্ৰক বিচাৰি পাই তেওঁ এইবোৰৰ মাজত। সেয়েহে জিন্টু গগৈয়ে ব্যৱহাৰ কৰা হলদ'ল, সামৰিক পোছাক, তেওঁৰ আন কাপোৰ-কানি সকলোবোৰ সযতনে থৈ দিছে এনেকৈয়ে।  সৰুৰে পৰাই জিন্টু গগৈৰ লক্ষ্য আছিল সেনা হোৱাৰ। পিতৃ ভাৰতীয় বায়ু সেনাত কৰ্মৰত আছিল। জিন্টু গগৈয়ে পিতৃক অনুকৰণ কৰি কাঠৰ বন্দুক লৈ সৰুতে ওমলিছিল।

জিন্টু গগৈৰ ২৫ সংখ্যক মৃত্যু দিৱসৰ দিনা মাতৃৰ মনত পৰিছে সেই কথাবোৰ। কৈছিল জিন্টু গগৈৰ সেই শৈশৱৰ কথা-  মোৰ মনত আছে, এবাৰ তাক বন্দুক লগা হোৱা কাঠৰ বন্দুক এটা বনাই দিব লগা হৈছিল।' পঢ়া-শুনাত মেধাৰ লগতে অতি বিনয়ী আছিল জিন্টু গগৈ। সেনা বিষয়া হিচাপে যোগদান কৰাৰ পাছতো মাকেহে কিনি দিব লগা হৈছিল কাপোৰ-কানি।

কাৰ্গিললৈ যোৱাৰ পূৰ্বে দিল্লীত শেষবাৰৰ বাবে মাক-দেউতাকক সাক্ষাৎ কৰিছিল তেওঁ। সেয়াই আছিল জিন্টু গগৈৰ পিতৃ-মাতৃৰ সৈতে শেষ সাক্ষাৎ। দেউতাকে তেতিয়া জিন্টু গগৈৰ হাতত গুঁজি দিছিল ৭খন ৫০০টকীয়া নোট। তাৰে এখন জিন্টু গগৈয়ে তেওঁৰ লগত সযতনে ৰাখি থৈছিল।

যুদ্ধক্ষেত্ৰত মৃত্যু হওতেও জিন্টু গগৈৰ জেপত আছিল সেই স্মৃতি। দেউতাকে দিয়া ৫০০টকীয়া নোট এখন।  জিন্টু গগৈক হত্যা কৰি পাক সেনাই লৈ গৈছিল বিশেষ ৫টা সামগ্ৰী। কেপ্তেইন গগৈৰ পিতৃয়ে জানিবলৈ দিয়া মতে, সেই সামগ্ৰী কেইটা আছিল- তেওঁৰ ইনছাৰ্জ ৰাইফলটো, বাইনো'কুলাৰ, কেমেৰা, টুকুৰী আৰু পাৰ্থ ফাইণ্ডিং এটা ঘড়ী।

তিনি সংখ্যাৰ সৈতে আছিল জিন্টু গগৈৰ বিশেষ সম্পৰ্ক। সেই কথা বিশেষভাৱে লক্ষ্য কৰিছিল পিতৃয়ে। জিন্টু গগৈৰ জন্ম হৈছিল ১৯৭০চনৰ ২১ নৱেম্বৰত। অথাৎ তেওঁৰ জন্ম তাৰিখটো যোগ কৰিলে হয় ২+১=৩। তেওঁৰ মৃত্যু হৈছিল ৩০জুনত, সেই তাৰিখটো যোগ কৰিলও যোগফল হয় ৩। মৃত্যুৰ পূৰ্বে জিন্টু গগৈয়ে ৩জন পাক সেনাক গুলীয়াই হত্যা কৰিছিল। জিন্টু গগৈৰ মৃত্যুও হৈছিল শত্ৰু পক্ষৰ তিনিটা গুলীত। এয়া পিতৃয়ে কৰি থোৱা হিচাপ।

পিতৃৰ মতে জিন্টু গগৈৰ সৈতে এনে তিনিৰ অনেক সম্পৰ্ক আছে। কাৰ্গিলত নিয়োজিত জিন্টু গগৈৰ নেতৃত্বত ২৯জুন, ১৯৯৯ এটা দল গৈছিল কালাপথাৰলৈ। ইতিমধ্যে তাত শত্ৰুয়ে তাত অৱস্থান লৈছিল। নিশা জিন্টু গগৈ ওলাই গৈছিল সেই অভিযানত। গাৰোৱাল ৰাইফলছৰ লেন্স নায়ক মদন সিং, ৰাইফল মেন জয়দ্বীপ সিং, ৰাইফল মেন দ্বীৰেন্দ্ৰ লাল, ৰাজবীৰ সিং আছিল জিন্টু গগৈৰ সৈতে।

তেওঁলোক গৈ পাহাৰৰ শীৰ্ষ পোৱাৰ সময়তে চাৰিওফালৰ পৰা শত্ৰুসেনাই আগুৰি ধৰিছিল। শত্ৰুপক্ষই তেওঁলোকক আত্মসমৰ্পণৰ নিৰ্দেশ দিছিল। কিন্তু জিন্টু গগৈ আৰু তেওঁৰ সতীৰ্থসকলে শত্ৰুৰ হাতত আত্মসমপৰ্ণ নকৰিলে, সাহসেৰে যুদ্ধ কৰিছিল। গাত প্ৰথমটো গুলী লগাৰ পাছতো জিন্টু গগৈৰ হাতত থকা মেচিন গানটো স্তদ্ধ হোৱা নাছিল।

কাৰ্গিললৈ যোৱা ২০দিনৰ পূৰ্বে জিন্টু গগৈৰ অনুষ্ঠিত হৈছিল এগৰাকী যুৱতীৰ সৈতে বিয়াৰ আঙুঠি পিন্ধোৱা পৰ্ব। জিন্টুৰ মাতৃয়ে জানিবলৈ দিয়া মতে, জিন্টু গগৈৰ নশ্বৰদেহ অনাৰ সময়ত বগা সাঁজ পিন্ধি গোলাঘাটলৈ আহি তেওঁ শেষ শ্ৰদ্ধা জ্ঞাপন কৰিছিলহি। তেওঁৰ নাম আছিল অঞ্জলী পৰাশৰ। অৱশ্যে এতিয়া অঞ্জলী বিবাহপাশত আৱদ্ধ হৈছে আন এজন যুৱকৰ সৈতে। কিন্তু জিন্টু গগৈৰ পৰিয়ালৰ সৈতে আছে আজিও সম্পৰ্ক।

জিন্টু গগৈৰ জন্মদিন, কাৰ্গিল বিজয় দিৱস, জিন্টু গগৈৰ মৃত্যুৰ দিনৰ জিন্টু গগৈৰ মাতৃলৈ ফোন কৰে অঞ্জলীয়ে। জিন্টু গগৈৰ স্মৃতিয়ে আমনি কৰে মাতৃক। ঘৰৰ সন্মুখতে পুত্ৰক সমাধি দি তাতেই নিৰ্মাণ কৰি লোৱা সমাধিতে পিতৃ-মাতৃয়ে কটাই অধিক সময়। জিন্টু গগৈৰ অমৰত্বই মাকক এতিয়া সুখী কৰে। পু্ত্ৰৰ সমাধিক্ষেত্ৰত প্ৰাৰ্থনা কৰি কুশল কামনা কৰে দেশমাতৃৰ হকে সীমান্তত কৰ্তব্যত ব্যস্ত সেনা জোৱান-বিষয়াৰ।

তেওঁ আজি গৰ্ববোধ কৰে দেশৰ হকে প্ৰাণ আহুতি দিলে তেওঁৰ একমাত্ৰ পুত্ৰই। সেই গৌৰৱেৰে গৌৱাৰাম্বিত হৈ তেওঁ ভাৱে, সেই মৃত্যুয়ে তেওঁৰ পুত্ৰক কাঢ়ি নিয়া নাই, দি গ'ল অমৰত্ব। ২৫বছৰ কেনেদৰে পাৰ হ’ল গমেই নাপালে পৰিয়ালটোৱে। প্ৰতিটো মুৰ্হূতত জিন্টু গগৈক জীয়াই ৰাখিছে তেওঁলোকে। আমিহে যেন এদিন আৱেগৰ ঢল বোৱাই আজি পাহৰণিৰ গৰ্ভত হেৰুৱাই পেলালো অসমৰ এই বীৰ জোৱানক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in