/asomiyapratidin/media/media_files/2025/08/15/swadi-2025-08-15-10-15-42.jpg)
কি পালো, কি নাপালো এইবোৰৰ হিচাপ কৰাতকৈ সমন্বয় আৰু সমৃদ্ধিৰে স্বাধীনতাৰ সোৱাদ প্ৰতিজন মানুহলৈ বোৱাই নিয়াৰ দিন। সকলো ধৰণৰ সংকীৰ্ণতা বিৰুদ্ধে সংকল্প লোৱাৰ দিন। যিসকলৰ ত্যাগৰে আমি আজি স্বাধীনতা উপভোগ কৰিছো সেই বীৰ সংগ্ৰামী সকলক সোৱৰণঁ কৰাৰ দিন আজি। অনন্য প্ৰত্যাহ্বান আৰু জটিলতাৰ সন্মুখীন হোৱা স্বত্বেও অসমৰ ৰাইজে স্বাধীনতাৰ সংগ্ৰামত দেশবাসীৰ সৈতে কান্ধত কান্ধ মিলাই থিয় দিছিল। সকলো সামৰি এক বিশেষ প্ৰতিবেদন...
স্বাধীনতাৰ উল্লাহ। ইংৰাজৰ দাসত্বৰ শিকলি ছিঙি স্বাধীনতা আজুৰি অনা এই পৱিত্ৰ দিনটোৰ অনুভূতি প্ৰতিগৰাকী ভাৰতীয়ৰ বুকুত সদায়েই সুকীয়া। আজিৰ এই দিনটোত প্ৰতিজন ভাৰতীয়ই মনত কঢ়িয়াই লৈ ফুৰে উল্লাহৰ এক ধ্বজা। যি ধ্বজাৰ শিহৰণ তিৰংগাৰ উত্তোলনত, ৰাষ্ট্ৰীয় সংগীতৰ সুৰত আৰু শব্দত বিদ্যমান।
দেশে আজি ৭৯সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে। দেশৰ ভিন্ন প্ৰান্তত অতি উলহ-মালেহেৰে উদযাপন কৰিছে এই বিশেষ দিনটো। আমি কি পালো, কি নাপালো এইবোৰৰ হিচাপ কৰাতকৈ সমন্বয় আৰু সমৃদ্ধিৰে স্বাধীনতাৰ সোৱাদ প্ৰতিজন মানুহলৈ বোৱাই নিয়াৰ দিন। সকলো ধৰণৰ সংকীৰ্ণতা বিৰুদ্ধে সংকল্প লোৱাৰ দিন। যিসকলৰ ত্যাগৰে আমি আজি স্বাধীনতা উপভোগ কৰিছো সেই বীৰ সংগ্ৰামী সকলক সোৱৰণঁ কৰাৰ দিন আজি।
স্বাধীনতাৰ দিৱসৰ দিনটোৱেই ন্যায়, সমতা, ভাতৃত্ববোধ আৰু ধৰ্ম নিৰপেক্ষতাৰ মানসিকতাৰে এক সমৃদ্ধ সমাজ গঢ়াৰ প্ৰতিশ্ৰুতি লোৱাৰ দিন। আমাৰ শিপাঁ খামুচি ৰদ আকোঁৱালি লোৱাৰ দিন হৈছে স্বাধীনতা দিৱস। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ উপৰিও অসমৰ বহু সংখ্যক বীৰ সংগ্ৰামীয়ে দেশৰ স্বাধীনতাৰ বাবে প্ৰাণ আঁকোৱালি দিছিল। অদম্য সাহসেৰে যুঁজিছিল পৰাক্ৰমী শত্ৰুৰ সৈতে। সেই সাহসক সৰোগত কৰি ভৱিষ্যতৰ পৰিকল্পনা কৰাৰ অৱকাশো আছে আজিৰ দিনটোতেই।
এনে সময় আছিল যে, ১৫আগষ্ট, ২৬ জানুৱাৰীৰ দৰে দিনটোত অসমৰ জনতাই এক শংকাৰ মাজেৰে পাৰ কৰিছিল। কিন্তু সময় সলনি হৈছে। স্বাধীনতাৰ অৰ্থ এতিয়া অসমৰ গাঁৱে-ভূঞেঁ প্ৰতিগৰাকী নাগৰিকে বুজিবলৈ লৈছে। সেয়েহে হয়তো অসমৰ প্ৰতিটো প্ৰান্তত পুৱাই দেশৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ ওলাই আহিছে সৰ্বস্তৰৰ জনতা। এয়া নিশ্চিতভাৱে শুভ লক্ষণ বুলিয়েই ক’ব পাৰি। জনতাৰ এই উল্লাহ দুগুণ কৰিছে ফৰকাল বতৰটোৱেও।
দেশৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত অসমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ভাৰতৰ এই পূব অংশত ১৯ শতিকাৰ প্ৰথমাৰ্ধত প্ৰথমবাৰৰ বাবে ব্ৰিটিছ বিৰোধী উত্থান ঘটিছিল। ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ পিছত অসমখন প্রত্যক্ষ ব্ৰিটিছৰ আধিপতাৰ অধীনলৈ আহিছিল। তেতিয়াৰ পৰা অসমৰ বহু স্বাধীনতাপ্রেমী লোকে বিদেশী আধিপত্যৰ পৰা মুক্ত হোৱা অনুভৱ কৰিবলৈ আৰম্ভ কৰিছিল।
ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্য অসমে এক সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য আৰু বিদেশী আক্ৰমণকাৰীৰ বিৰুদ্ধে প্ৰতিৰোধৰ ইতিহাস গৌৰৱান্বিত কৰে। ৰাজ্যখনৰ সুকীয়া ভৌগোলিক অৱস্থানে স্বাধীনতা আন্দোলনত জড়িত হোৱাৰ বাবে এক অনন্য পটভূমি প্ৰদান কৰিছিল। অসম ইয়াৰ বিভিন্ন জনসংখ্যাৰ বাবে জনাজাত আছিল, যাৰ ভিতৰত আছে বিভিন্ন থলুৱা সম্প্ৰদায়, আৰু অঞ্চলটোৰ সামাজিক-ৰাজনৈতিক গতিশীলতাই স্বাধীনতাৰ সংগ্ৰামত জটিলতাৰ স্তৰ যোগ দিছিল।
উনবিংশ শতিকাৰ আৰম্ভণিতে অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ভিন্নমতৰ বীজ ৰোপণ কৰা হৈছিল। গোপীনাথ বৰদলৈ, তৰুণ ৰাম ফুকন আৰু অম্বিকাগিৰি ৰয়ৰ দৰে নেতাসকলে অত্যাচাৰী নীতি আৰু স্থানীয় সম্পদৰ শোষণৰ বিৰুদ্ধে আন্দোলনৰ নেতৃত্ব দিছিল। তেওঁলোকৰ প্ৰচেষ্টাই এক বৃহত্তৰ আন্দোলনৰ ভেটি স্থাপন কৰিছিল যি ভাৰতৰ স্বাধীনতা সংগ্ৰামত গুৰুত্বপূৰ্ণ অৰিহণা যোগাব।
অসমত কেইবাটাও আইন অমান্য আৰু প্ৰতিবাদী আন্দোলন দেখা গৈছিল যিয়ে ব্ৰিটিছ শাসনৰ ভেটি কঁপাই তুলিছিল। ১৯২১ চনত কিংবদন্তি স্বাধীনতা সংগ্ৰামী বিষ্ণুপ্ৰিয়া দাসৰ নেতৃত্বত অসম বেংগল ৰেলৱে বৰ্জনে অহিংস প্ৰতিৰোধৰ শক্তি প্ৰদৰ্শন কৰিছিল। আন্দোলনটোৱে কেৱল ব্ৰিটিছ অৰ্থনৈতিক স্বাৰ্থত ব্যাঘাত জন্মাই নহয়, লগতে অসমবাসীৰ একতা আৰু সংকল্পও প্ৰদৰ্শন কৰিছিল।
১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনই ভাৰতৰ স্বাধীনতাসংগ্ৰামৰ এক টাৰ্ণিং পইণ্ট চিহ্নিত কৰিছিল। এই আন্দোলনত অসমে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, গোপীনাথ বৰদলৈ আৰু তৰুণ ৰাম ফুকনৰ দৰে নেতাই প্ৰতিবাদ আৰু ধৰ্মঘটৰ নেতৃত্ব দিছিল। মহাত্মা গান্ধীয়ে অহিংস গণ প্ৰতিবাদৰ আহ্বান জনোৱাৰ দ্বাৰা অনুপ্ৰাণিত হৈ অসমৰ ৰাইজে ধৰ্মঘট, প্ৰদৰ্শন আৰু আইন অমান্যৰ কাৰ্যকলাপ আয়োজন কৰিছিল যিয়ে ব্ৰিটিছ প্ৰশাসনৰ যন্ত্ৰপাতি স্থবিৰ কৰি তুলিছিল।
যদিও অহিংস প্ৰতিৰোধ স্বাধীনতা আন্দোলনত অসমৰ ভূমিকাৰ এক আধাৰশিলা আছিল, অঞ্চলটোৱে ইয়াৰ সশস্ত্ৰ সংগ্ৰামৰ অংশো প্ৰত্যক্ষ কৰিছিল। ১৯৪২ চনত ব্ৰিটিছ বিৰোধী আন্দোলনৰ সময়ত ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰামত "বীৰবালা" বুলি মৰমেৰে স্মৰণ কৰা কানাকলতা বৰুৱাই নিজৰ জীৱন ত্যাগ কৰিছিল। তাইৰ সাহসিকতা আৰু ত্যাগে প্ৰজন্মক অনুপ্ৰাণিত কৰি আছে।
ভাৰতৰ স্বাধীনতা আন্দোলনৰ বহল বৰ্ণনাত অসমৰ জনসাধাৰণে কৰা অপৰিসীম ত্যাগপ্ৰায়ে অজ্ঞাত হৈ পৰে। ভাৰতৰ আন প্ৰান্তত দেশবাসীক সমৰ্থন কৰাত অসমবাসীৰ ভূমিকা এই উদ্দেশ্যৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ প্ৰমাণ। বহুতো অসমকৰ্মীক ব্ৰিটিছ কৰ্তৃপক্ষই বন্দী কৰি কঠোৰ আচৰণৰ সন্মুখীন হৈছিল, তথাপিও তেওঁলোকৰ সাহস অটুট আছিল।
অসমত পুৰুষৰ দৰেই মহিলাসকলো ঘৰৰ চাৰিওবেৰৰ পৰা ওলাই আহি এই স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি দেশপ্ৰেমৰ এক নজিৰ সৃষ্টি কৰিছিল। অসমৰ সাহসী মহিলাসকলে বিভিন্ন পন্থাৰে বৃটিছৰ বিৰুদ্ধাচৰণ কৰিছিল, ইয়াৰে বহুকেইগৰাকীয়ে নিজৰ প্ৰাণ আহুতি দিছিল।
বৃটিছৰ বিৰুদ্ধে অসীম সাহসেৰে যুঁজি প্ৰাণ আহুতি দিয়া অসমৰ কেইগৰাকীমান মহিলা স্বাধীনতা সংগ্ৰামীৰ বিষয়ে কিছু কথা তলত উল্লেখ কৰা হ’ল-
কনকলতা বৰুৱা, গহপুৰঃ ‘মৃত্যু বাহিনী’ৰ এগৰাকী সক্ৰিয় সদস্যা, কনকলতা বৰুৱাই ২০ ছেপ্তেম্বৰ ১৯৪২ চনত গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ আহি বৃটিছৰ গুলীত গুলীবিদ্ধ হৈ মৃত্যুক সাবটি লৈছিল। সমদলৰ নেতৃত্ব দিয়া কনকলতা বৰুৱাৰ মৃত্যুৰ সময়ত বয়স আছিল মাথোঁ ১৮ বছৰ।
মালতী মেম (মাংৰি ওৰাং), লালমাটি, দৰংঃ চাহ বাগিছাৰ মদ নিবাৰণী আন্দোলনৰ এগৰাকী অন্যতম নেত্ৰী আছিল মালতী মেম ওৰফে মাংৰি ওৰাং। বৃটিছ প্ৰশাসনৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বেচ্ছাসেৱক সকলক সহায় কৰাৰ কথা গম পাই মালতী মেমক ১৯২১ চনত দৰং জিলাৰ লালমাটিত চৰকাৰী পক্ষই হত্যা কৰে।
দাৰিকী দাসী বৰুৱা, গোলাঘাটঃ আইন অমান্য আন্দোলনৰ এগৰাকী অগ্ৰণী নেত্ৰী গোলাঘাটৰ দাৰিকী দাসী বৰুৱায়ে নিচা বিৰোধী আন্দোলনৰো নেতৃত্ব দিছিল। এই আন্দোলনৰ লগত জড়িত থকাৰ অপৰাধত ১৯৩২ চনৰ ১ ফেব্ৰুৱাৰীত তেখেতক বৃটিছ চৰকাৰে গ্ৰেপ্তাৰ কৰে আৰু ৬ মাহৰ কাৰাবাসৰ হুকুম দিয়ে। গ্ৰেপ্তাৰৰ সময়ত গৰ্ভাৱস্থাত থকা এই গৰাকী সংগ্ৰামী মহিলাই চৰকাৰে আগবঢ়োৱা জামিনৰ সুবিধা অগ্ৰাহ্য কৰি দেশপ্ৰেমৰ এক অতুলনীয় চানেকি দাঙি ধৰিছিল। কাৰাবাসতে অসুস্থ হৈ ২৬ এপ্ৰিল, ১৯৩২ চনত তেখেতে মৃত্যুবৰণ কৰে।
ভোগেশ্বৰী ফুকননী, নগাওঁঃ নগাঁও জিলাৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী বলিষ্ঠ সংগঠক আছিল ভোগেশ্বৰী ফুকননী। ভাৰত ত্যাগ আন্দোলনৰ সময়ত বঢ়মপুৰত স্বাধীনতা সংগ্ৰামৰ নেতৃত্ব দিছিল ভোগেশ্বৰী ফুকননীয়ে। ১৯৪২ চনৰ ১৮ ছেপ্তেম্বৰত বঢ়মপুৰত ত্ৰিৰংগা পতাকা উত্তোলন কৰিবলৈ আগবাঢ়ি যাওতে পুলিচৰ গুলীত গুলীবিদ্ধ হয়। গুলীবিদ্ধ হোৱাৰ তিনিদিনৰ পাছত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে।
তিলেশ্বৰী বৰুৱা, ঢেকিয়াজুলিঃ ঢেকিয়াজুলিত ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰি মৃত্যুক সাৱটি লৈছিল তিলেশ্বৰী বৰুৱাই। ১৯২০ চনৰ ২০ ছেপ্তেম্বৰত ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ যোৱা সমদলকাৰীৰ উদ্দেশ্যে পুলিচে গুলীচালনা কৰাত গুলীবিদ্ধ হৈ থিতাতে মৃত্যুমুখত পৰিছিল তিলেশ্বৰী বৰুৱা। উল্লেখযোগ্য যে একেদিনাই গহপুৰত মৃত্যুবৰণ কৰিছিল কনকলতা বৰুৱাই।
ৰেৱতী লাহন, টিয়কঃ স্বাধীনতা আন্দোলনৰ এগৰাকী অগ্ৰণী সেনানী ৰেৱতী লাহনে ভাৰত ত্যাগ আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। ১৯৪২ চনৰ আন্দোলনত অংশগ্ৰহণ কৰি তেখেতে কাৰাবাস খাটিবলগীয়া হয় আৰু এই সময়ছোৱাতেই নিউম’নিয়া ৰোগত আক্ৰান্ত হৈ তেখেতৰ স্বাস্থ্য ভাগি পৰে। কাৰাবাস অন্ত পৰাৰ কিছুদিনৰ পাছতেই তেখেতৰ মৃত্যু ঘটে।
খহুলী দেৱী, ঢেকিয়াজুলিঃ ২০ ছেপ্তেম্বৰ, ১৯৪২ চনত ঢেকিয়াজুলি পুলিচ ফায়াৰিঙত গুলীবিদ্ধ হৈ খহুলী দেৱী আঘাতপ্ৰাপ্ত হয় আৰু পাছত মৃত্যুক সাবটি লয়।গুলীবিদ্ধ হোৱাৰ সময়ত খহুলী দেৱী আছিল সন্তানসম্ভৱা।
কুমলী দেৱী, ঢেকিয়াজুলিঃ তিলেশ্বৰী বৰুৱা আৰু খহুলী দেৱীৰ সৈতে মৃত্যুবৰণ কৰা অইন এগৰাকী সাহসী মহিলা আছিল কুমলী দেৱী। ভাৰত ত্যাগ আন্দোলনৰ বৃটিছ বিৰোধী সমদলত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি ১৯৪২ চনৰ ২০ ছেপ্তেম্বৰত ঢেকিয়াজুলি পুলিচ ফায়াৰিঙত গুলীবিদ্ধ হৈ মৃত্যুবৰণ কৰিছিল কুমলী দেৱীয়ে।
পদুমী গগৈ, ঢেকিয়াজুলিঃ ১৯৪২ চনৰ ২০ ছেপ্তেম্বৰৰ ঢেকিয়াজুলিৰ ভাৰত ত্যাগ আন্দোলনৰ সমদলত অংশগ্ৰহণ কৰা পদুমী গগৈ পুলিচৰ লাঠী চালনাত আঘাতপ্ৰাপ্ত হৈছিল। পাছত তেখেতক গ্ৰেপ্তাৰ কৰি ছমাহৰ কাৰাবাসৰ হুকুম দিয়া হৈছিল। কিন্তু লাঠীৰ দ্বাৰা আঘাতপ্ৰাপ্ত হৈ শৰীৰ ভাঙি পৰাত কাৰাবাসৰ অন্ত পৰাৰ পাছতে মৃত্যুবৰণ কৰে।
গোলাপী চুতিয়ানী, ঢেকিয়াজুলিঃ ১৯৪২ চনৰ ২০ ছেপ্তেম্বৰত ভাৰত ত্যাগ আন্দোলনৰ সমদলত অংশগ্ৰহণ কৰিছিল ঢেকিয়াজুলিৰ গোলাপী চুতিয়ানীয়ে। পুলিচে বাধা দিবলৈ গুলীচালনা কৰাৰ লগতে লাঠী চালনাও কৰিছিল। এই লাঠীচালনাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল গোলাপী চুতিয়ানী। পাছত এই আঘাতৰ ফলতে তেখেতৰ মৃত্যু ঘটে।
লীলা নেওগনী, লখিমপুৰঃ স্বাধীনতা সংগ্ৰামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা এগৰাকী মহিলা আছিল লীলা নেওগনী। লখিমপুৰত ভাৰত ত্যাগ আন্দোলনৰ বিভিন্ন কাৰ্যসূচীত অংশ লৈ বৃটিছৰ বিৰুদ্ধে আন্দোলন চলাই গৈছিল। ১৯৪২ চনৰ অক্টোবৰ মাহত বৃটিছ বিৰোধী একআন্দোলনত অংশগ্ৰহণ কৰি পুলিচৰ লাঠীচালনাত লীলা নেওগনী আঘাতপ্ৰাপ্ত হয় আৰু দুমাহৰ পাছত শেষ নিশ্বাস ত্যাগ কৰে।
থুনুকী দাস, ঢেকিয়াজুলিঃ ঢেকিয়াজুলিত ২০ ছেপ্তেম্বৰ (১৯৪২)ৰ ভাৰত ত্যাগ আন্দোলনৰ সমদলত অংশগ্ৰহণ কৰি লাঠীচালনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল থুনুকী দাস। কিছুদিনৰ পাছতে আঘাতপ্ৰাপ্ত থুনুকী দাসে শেষ নিশ্বাস ত্যাগ কৰে।
জালুকী কছাৰীয়নী, ঢেকিয়াজুলিঃ ভাৰত ত্যাগ আন্দোলনৰ সক্ৰিয় কৰ্মী আছিল জালুকী কছাৰীয়নী। ১৯৪২ চনত ২০ ছেপ্তেম্বৰৰ সমদলত অংশগ্ৰহণ কৰি পুলিচৰ দ্বাৰা বাওঁকান্ধত গুলীবিদ্ধ হৈ মৃত্যুবৰণ কৰে।
কন চুতিয়ানী, ঢেকিয়াজুলিঃ ১৯৪২ চনত ২০ ছেপ্তেম্বৰত ঢেকিয়াজুলি পুলিচ থানাত হোৱা লাঠিচালনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় এইগৰাকী স্বাধীনতা সংগ্ৰামী। সেই আঘাততে শৰীৰ ভাগি পৰাত কিছুদিনৰ পাছতে তেখেতে মৃত্যুবৰণ কৰে।
১৯৪৭ চনত ভাৰতৰ স্বাধীনতা আন্দোলনৰ সমাপ্তিয়ে ৰাষ্ট্ৰৰ বাবে এক নতুন যুগৰ আৰম্ভণি চিহ্নিত কৰিছিল। অসমে ৰাষ্ট্ৰ নিৰ্মাণ প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। গোপীনাথ বৰদলৈয়ে অসমৰ ৰাজনৈতিক দৃশ্যপট গঢ়াত আৰু নতুনকৈ স্বাধীন ভাৰতত ইয়াৰ একত্ৰীকৰণ নিশ্চিত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ ভূমিকা ত্যাগ আৰু সংকল্পৰ এক গাঁথা। অনন্য প্ৰত্যাহ্বান আৰু জটিলতাৰ সন্মুখীন হোৱা স্বত্বেও অসমৰ ৰাইজে স্বাধীনতাৰ সংগ্ৰামত দেশবাসীৰ সৈতে কান্ধত কান্ধ মিলাই থিয় দিছিল। আইন অমান্যৰ পৰা সশস্ত্ৰ প্ৰতিৰোধলৈকে, অসমৰ অৱদানে ভাৰতৰ ইতিহাসত অসমৰ নাম সোণালী আখৰেৰে লিপিৱদ্ধ হৈ আছে।