/asomiyapratidin/media/media_files/2025/07/10/eeeeeww-2025-07-10-14-26-06.jpg)
ডাকে কৈ গৈছিল- যাৰ নাই গৰু, সি সবাতোকৈ সৰু। যদিও গৰুক লৈ এতিয়া ৰাজনীতি হয়, আচঁলতে গৰু হৈছে অসমীয়া সমাজৰ পূজ্য আৰু গ্ৰাম্য অৰ্থনীতিৰ পৰিকাঠামো তৈয়াৰ কৰা এটা সবল শক্তি। খেতিয়কৰ পৰিয়ালত খেতি-বাতিৰ উপৰিও বিপদৰ সময়ত গোহালিৰ গৰুকেইটাই কিমান সাহস দিয়ে, সেয়া হয়তো আনে নুবুজিব। অসমীয়া সমাজ, গ্ৰাম্য অৰ্থনীতি আৰু গৰুক লৈ আজিৰ এক বিশেষ প্ৰতিবেদন...
মানুহজনৰ নাম পদ্মেশ্বৰ! লখিমপুৰৰ কাঠবাৰী গাঁৱত ঘৰ। চাকৰি নাছিল যদিও পদ্মেশ্বৰৰ ঘৰখন একপ্ৰকাৰৰ নদন-বদনেই আছিল। গোহালিত গৰু, পুখুৰীত মাছ, বাৰীত তামোল-পাণ। নিমখকণৰ বাবে বাকী একোৰে বাবে পদ্মেশ্বৰে বৰ বেছি চিন্তা কৰিব লগা নহৈছিল।
এগৰাকী কন্যা, এজন পুত্ৰ আৰু পত্নীৰ সৈতে সুখেৰে বাস কৰিছিল তেওঁ। এদিন হঠাতে কন্যাৰ প্ৰচণ্ড পেট বিষ হ’ল। ততাতৈয়াকৈ চিকিৎসালয়লৈ নিলে। পেটৰ এক বিশেষ অসুখৰ বাবে অতি সোনকালে এটা সৰু অস্ত্ৰোপ্ৰচাৰৰ কৰিব লাগিব বুলি কলে চিকিৎসকে। যাৰ বাবে কমেও ৮০হাজাৰ মান টকাৰ প্ৰয়োজন হ’ব।
পদ্মেশ্বৰে দুবছৰীয়া দমৰা গৰু দুটা বিক্ৰী কৰি সেই ধনেৰে এই কাম সমাধা কৰাৰ কথা ভাৱিলে। গাঁৱৰে এটা বেপাৰীলৈ ফোন লগালে। বেপাৰীয়েও পিছদিনা পুৱাই গৰু দুটা আনিবলৈ যোৱাৰ কথা জনালে। পদ্মেশ্বৰে ভাৱিলে এটা ডাঙৰ বিপদৰ পৰা ৰক্ষা পৰিল।
কিন্তু ভৱা মতে সকলো নহল। তেনে সময়তে ৰাজ্যত প্ৰযোজ্য হ'ল গো-সুৰক্ষা আইন, ২০২১। গৰু বিক্ৰী কৰাৰ ক্ষেত্ৰত আহিল নিষেধাজ্ঞা। পদ্মেশ্বৰৰ গৰু নিবলৈ আহিম বুলি কোৱা বেপাৰীয়েও ফোন ৰিচিভ নকৰিলে। পৰ্যাপ্ত ধন গোটাব নোৱাৰিলে পদ্মেশ্বৰে। অৱশেষত সময়ত হস্পাতাললৈ নিব নোৱাৰাৰ ঘৰতে মৃত্যুক সাৱটি ল'লে পদ্মেশ্বৰৰ একমাত্ৰ কন্যাই।
এনেকৈয়ে আমি ক’ব নোৱাৰাকৈ অসমীয়া সমাজ জীৱনৰ সৈতে গৰুৰ এক সম্পৰ্ক আছে। এগৰাকী নিম্ন মধ্যবিত্তীয় বা খেতিয়কৰ পৰিয়ালৰ বাবে গৰু খেতিৰ উপৰিও অন্য সময়তো কিদৰে সাহস হৈ থিয় পাৰে তাৰ উদাহৰণ ওপৰৰ ঘটনাটোৱেই হয়তো যথেষ্ট।
গ্ৰামাঞ্চলত এনে আৰু বহু ঘটনা আছে। সন্তানৰ উচ্চ শিক্ষাৰ বাবে বিধৱা মাকে গোহালিৰ এটা গৰুক বেছি যাৱতীয় ধন যুগুতোৱাটো কোনো নতুন ঘটনা নহয়। ঠিক সেইদৰে এগৰাকী মহিলাই ঘৰৰ গৰুজনীৰ গাখীৰ অলপ অলপকৈ বেচি মাহটোৰ প্ৰয়োজনীয় ৰেচন কিনাটোও কোনো দুলৰ্ভ ঘটনা নহয়। সেয়েহে হয়তো ডাকে কৈ গৈছে যে- যাৰ নাই গৰু, সি সবাতোকৈ সৰু। আনকি অসমীয়া সমাজত কোনো মাংগলিক অনুষ্ঠানত আজিও আৰ্শীবাদত কোৱা হয় যে, গোহালিত গৰু, পুখুৰীত মাছ, বাৰীত তামোল-পাণে নদন বদন হৈ পৰক।
পোহনীয়া এই স্তনপায়ী প্ৰাণীবিধৰ পৰা খাদ্য হিচাপে মাংস আৰু গাখীৰ উৎপাদন কৰাৰ লগতে কৃষি কাৰ্যতো গৰুক ব্যৱহাৰ কৰা হয়। গৰুৰ নোম, চাল আদিৰ পৰা বহু প্ৰয়োজনীয় সামগ্ৰী প্ৰস্তুত কৰি দৈনন্দিন জীৱনত মানুহে ব্যৱহাৰ কৰি আহিছে। গৰুৰ গোবৰ ইন্ধন আৰু সাৰ হিচাপেও আমাৰ সমাজত ব্যৱহাৰ হয়। গৰুক বিশেষ ধৰ্মীয় মান্যতাও প্ৰদান কৰা হৈ আহিছে। অসমীয়া জাতীয় উৎসৱ ব'হাগ বিহুৰ প্ৰথম দিনে গৰু বিহু হিচাপে উদযাপন কৰাৰ নিয়ম আজিও আছে।
এই দিনটোত গৰুক গা ধোৱাই দীঘলতি-মাখিঅতী কোবাই গৰুৰ দীৰ্ঘায়ু আৰু নশক্তি কামনা কৰাতো এক পৰম্পৰা। চহা জীৱনত সেয়েহে গৰু এক সম্পদ ৰূপে ব্যৱহাৰিক অৰ্থত মানুহে গণ্য কৰিছিল। সময় আগবাঢ়িল। সমাজ জীৱনৰ আটাইতকৈ প্ৰয়োজনীয় এই জন্তুটোৰ গুৰুত্বও কমি আহিল।
এতিয়া পথাৰত হাল বাবলৈ গৰুৰ সলনি ট্ৰেক্টৰ ব্যৱহাৰ কৰা হয়। হঠাৎ গৰুৰ গুৰুত্ব চহা জীৱনত কমি আহিলেও, আন এক স্থানত গৰুৱে গুৰুত্ব লাভ কৰিলে। সৰুতে পঢ়াশালিত গৰুৰ বিষয়ে ৰচনা লিখিতে লিখা হৈছিল- গৰু এবিধ চাৰি ঠেঙীয়া ঘৰচীয়া জন্তু। কিন্তু এতিয়া সময় সলনি হ'ল।
ৰাজনীতিত আটাইতকৈ চৰ্চিত আৰু বিতৰ্কিত প্ৰাণীবিধেই হৈ পৰিল গৰু। গৰুক কেন্দ্ৰ কৰি চলা এই ৰাজনীতি আৰু বিতৰ্কই এচাম লোকৰ ধৰ্মীয় গৌড়ামী আৰু ৰাজনীতিক সংকীণতাক এনেদৰে তুলি ধৰিছে যে, মানুহ নামৰ সেই সকলো গৰু সদৃশ জন্তুলৈ অৱনমিত হোৱাৰ এক পৰিৱেশ সৃষ্টি হৈছে।
গো হত্যা বন্ধ কৰা, গো মাংস বন্ধ কৰা আদি দাবীৰে ৰাজনীতি কৰা এচাম লোকে গৰুক ধৰ্মীয় দৃষ্টিকোণেৰে এনে বিতৰ্কৰ কেন্দ্ৰবিন্দুলৈ টানি অনাৰ পাছত সদ্যহতে ৰাজনীতিত গৰু প্ৰাসংগিক হৈ উঠিল। গো হত্যা বন্ধ কৰাৰ দাবীৰ সৈতে ধৰ্মীয় চিন্তা চেতনা সানমিহলি হৈ পৰাৰ বাবে ই ধৰ্মীয় মেৰুকৰণৰ এক কাৰক হৈ পৰিল। অথচ গৰু নামৰ এই জনপ্ৰিয় জন্তু বিধে হয়তো নাজানে যে তাক লৈ এতিয়া সৰৱ চৰ্চা চলে ছ'চিয়েল মিডিয়াতো।
এই ৰাজনীতিক এক কথাত 'গৰু ৰাজনীতি' বুলিও ক'ব পাৰি। গৰুক লৈয়ে এতিয়া হয় ডাঙৰ ডাঙৰ কেলেংকাৰী। গো মাতাক উদ্ধাৰহে কৰিছো বুলিও বহু নেতা-মন্ত্ৰীয়ে হস্তগত কৰে চৰকাৰী আচঁনিৰ নামত অহা উন্নত প্ৰজাতিৰ গৰু। সেই বিষয় বাৰু এই প্ৰতিবেদনত ইমানতে ইতি পেলালো।
গৰু পথাৰ পৰা গোহালীৰ পৰা আহি ৰাজনৈতিক অভিসন্ধিযুক্ত কিছু লোকৰ মনত এনেদৰে থিতাপি ল'লেহি যে তেওঁলোকৰ বাবেই গো মাতা সৰ্বস্ব শ্ল'গানে বিচিত্ৰতাৰ মাজত ঐক্যতাৰ সন্ধান দিয়া সাতাম পুৰুষীয়া সমাজখনত হিন্দু-মুছলমানৰ বিভেদৰ বীজ সিচি দিছে।
অসমীয়া সমাজ জীৱনত গৰুৰ প্ৰভাৱ এনেদৰে আছে যে- গালি-গালাজতো গৰুক ব্যৱহাৰ কৰা হৈছিল। ফঁকৰা যোঁজনাসমূহতো গৰুৰ উপস্থিতি মন কৰিব লগা। যেনে- আছে গৰু নাবায় হাল, থকাতকৈ নথকাই ভাল।
একেদৰে অসমীয়া গ্ৰাম্য জীৱনত প্ৰচলিত আন এক প্ৰভাৱশালী বাক্যাংশ আছিল- 'এশ গৰু মাৰিলে বাঘৰো মৰণ'। সেইবোৰৰ মাজৰ পৰা ৰাজনীতিলৈ লৈ অহা 'গৰু'ৱে সদায় বিভেদৰ কথা কয়। গ্ৰাম্য জীৱন আৰু আৰ্থসামাজিক পৰিৱেশত আটাইতকৈ গুৰুত্বপূৰ্ণ ৰূপে বিবেচিত গৰু এক ৰাজনৈতিক জন্তুলৈ পৰিণত হোৱাৰ কাৰণ গো মাংস।
গো মাংস ভক্ষণ কৰাতো এক স্বাভাৱিক খাদ্যই আছিল। বৈদিক যুগত এই গো ধন আছিল মানুহৰ মুল সম্পত্তি। ঋক বেদত সেই সময়ৰ প্রধান দেৱতা ইন্দ্ৰক SAVIOUR OF THE CATTLE হিচাপে অংকণ কৰা হৈছে।
বৈদিক যুগত গো মাংস খোৱা এই প্রথা বা গো হত্যা ভাৰতীয় সমাজত বন্ধ হয় জৈন আৰু বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তনৰ যোগেৰে। কেৱল হিন্দু ধৰ্মই নহয়, ৰোমাণ, ইজিপ্ত আদি সভ্যতাতো গৰুক পৱিত্ৰ বুলি জ্ঞান কৰা হয়।
গো মাংস কেন্দ্ৰিক আজিৰ সংঘাতৰ সূত্ৰপাত মুলতঃ ব্ৰিটিছৰ আমোলত গঢ় লৈ উঠিছিল। ব্ৰিটিছ শাসনৰ সময়ত ইংৰাজে গৰুক প্রথম এক ৰাজনৈতিক জন্তু ৰূপে চিহ্নিত কৰি গো মাংস খোৱাতো হিন্দু সকলৰ বাবে যে অধৰ্মৰ প্ৰতীক তাক তুলি ধৰিছিল অতি কৌশলেৰে।
ইয়াৰে পৰিণতিত ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সময়ত হিন্দু চিপাহী সকলে হঠাৎ বিদ্ৰোহৰ সূচনা কৰা অন্যতম কাৰণ আছিল গৰু। ইংৰাজে দিয়া কাৰ্টিজত গৰু আৰু গাহৰীৰ চৰ্বি আছে বুলি চলা প্ৰচাৰৰ বাবে হিন্দু আৰু মুছলমান দুই সম্প্ৰদায়ৰ চিপাহী সকল ব্ৰিটিছ বিদ্বেহী হৈ উঠিছি।
১৮৮০দশকত গো প্ৰচাৰৰ সম্পূৰ্ণ সূত্ৰপাত কৰিছিল আৰ্যসমাজৰ প্ৰৱৰ্তক দয়ানন্দ সৰস্বতীয়ে। তেওঁ দেশজুৰি গো সুৰক্ষা সভা আৰু গোশালা স্থাপন কৰিছিল। কিন্তু এইগৰাকী আৰ্যসমাজৰ প্ৰতিস্থাতা বা প্ৰৱৰ্তকৰ উদ্দেশ্য নাছিল হিন্দু-মুছলমানক ভাগ ভাগ কৰা।
সেয়েহে সৰস্বতীৰ এই অভিযানক লৈ চিন্তিত হোৱা নাছিল মুছলমান সকল। ব্ৰিটিছ সকলে গৰুক পৱিত্ৰ জন্তু হিচাপে ঘোষণা কৰি ইয়াক হত্যা কৰাতো অপৰাধ বুলি ঘোষণা কৰিলেও সেই সময়ত এলাহাবাদ উচ্চ ন্যায়ালয়ে চৰকাৰৰ ঘোষণাক খাৰিজ কৰি দিছিল।
এনে বিপৰীত স্থিতিয়ে গৰু কেন্দ্ৰিক এক বিভাজনৰ সৃষ্টি কৰে। যাৰ বাবে গৰুক লৈ এক সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হয়। সেই সময়ত দেশজুৰি চলা এনে সাম্প্ৰদায়িক সংঘৰ্ষত ১০০ৰো অধিক লোকৰ মৃত্যু হৈছিল।
কিন্তু বৰ্তমান ভাৰতীয় ৰাজনীতিত এক অংগ হৈ পৰা গৰু আৰু গো সুৰক্ষা অভিযানৰ মুল লক্ষ্য হৈ পৰিল মুছলান সকলৰ বিৰুদ্ধে এক ইচ্ছাকৃত বিদ্বেষ ভাৱ সৃষ্টি কৰাৰ প্ৰৱণতা। সেই বিতৰ্ক বিভিন্ন সময়ত সৃষ্টি হৈছে।
এনেবোৰ ঘটনা- উপ ঘটনাৰে আজি গৰু কেন্দ্ৰিক যিবোৰ বাকবিতণ্ডা সৃষ্টি হৈছে সেই পৰিৱেশ গৰু নামৰ এই উপকাৰী জন্তুবিধক ৰাজনৈতিক গিনি পিগ সজাই মানুহৰ চিন্তা চেতনাত এক সংকীৰ্ণ ভাৱ ধাৰাৰে ধৰ্মীয় গৌড়ামী বিস্তাৰ কৰাৰ চেষ্টাত বহু লোক লিপ্ত হৈ পৰিছে।
ভাৰতৰ আন ঠাইত এনে কথা বতৰা থাকিলেও অসমত কিন্তু গৰু কেন্দ্ৰিক বিতৰ্ক কেতিয়াও সৃষ্টি হোৱা নাছিল। এইটো ঠিক একাংশ অসাধু ব্যৱসায়ীয়ে ধনৰ আশাত ৰাজ্যৰ বহু গো ধন বিদেশলৈ চালান দি এক চোৰাং বেহা আৰু চিণ্ডিকেট গঢ় লৈ তুলিছে। সেই চিণ্ডিকেটৰ অংশ হৈছে প্ৰশাসনৰো কিছু লোক।
ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ আৰু ব্যৱস্থা গ্ৰহণ কৰাতো প্ৰয়োজন। কিন্তু গৰুক এক ৰাজনৈতিক জন্তু ৰূপে প্ৰক্ষেপ কৰি শংকৰ-আজানৰ আদৰ্শৰে গঠিত এই সমাজত ৰাজনৈতিক স্বাৰ্থ পূৰণ কৰিব বিচৰা সকলৰ তেনে প্ৰৱণতাৰ বিৰুদ্ধে সকলোৱে ঐক্যবদ্ধভাৱে থিয় দিয়া উচিত।
গৰু আমাৰ সদায় পূজনীয় আছিল আৰু পূজনীয় হৈ থাকিব। দেশৰ আন ঠাইত নাই যদিও, অসমীয়া মানুহে জাতি-ধৰ্ম নিৰ্বিশেষে বহাগ বিহুৰ দিনা গৰুক গা ধুৱাবলৈ নি গৰুক যি সন্মান প্ৰদৰ্শন কৰে সেয়াই আমাৰ পৰিচয়...