১০ছেপ্টেম্বৰত মহাজাগতিক পৰিঘটনা নহয়! অসমৰ ৰাজনীতিত হ'ব মহাবিস্ফোৰণ...

কাইলৈ ১০ছেপ্টেম্বৰ, ২০২৫। কোনো মহাজাগতিক পৰিঘটনাৰ দিন নহয়, অসমৰ ৰাজনীতিত এক মহাবিস্ফোৰণৰ দিন। ৰাজ্যৰ ৰাজনীতিৰ দুই শীৰ্ষ নেতাৰ কেৰিয়াৰত চৰম প্ৰভাৱ পেলাব পৰা এটা দিন হৈছে ১০ছেপ্টেম্বৰ। এই

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
bikhekh protibedon web ap new format 2024

১০ছেপ্টেম্বৰ, ২০২৫। অসমৰ ৰাজনীতিৰ লগতে দেশৰ ৰাজনীতিৰ প্ৰেক্ষাপট কপাঁই তুলিব পৰা এটা দিন । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে অনা বিস্ফোৰক অভিযোগ উপযুক্ত তথ্য-পাতিৰে উদঙাই দিয়াৰ দিন। মাজত মাত্ৰ কেইটামান ঘন্টা বাকী। কি হ'ব ১০ছেপ্টম্বৰত। শেষ মূৰ্হূতত কি স্থিতিত আছে মুখ্যমন্ত্ৰী আৰু গৌৰৱ গগৈ। অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন।

কাইলৈ ১০ছেপ্টেম্বৰ, ২০২৫। কোনো মহাজাগতিক পৰিঘটনাৰ দিন নহয়, অসমৰ ৰাজনীতিত এক মহাবিস্ফোৰণৰ দিন। ৰাজ্যৰ ৰাজনীতিৰ দুই শীৰ্ষ নেতাৰ কেৰিয়াৰত চৰম প্ৰভাৱ পেলাব পৰা এটা দিন হৈছে ১০ছেপ্টেম্বৰ। এই দিনটোৰ বাবে অধীৰ আগ্ৰহেৰে বাট আছে সচেতন মহলৰ লগতে ৰাজ্যৰ সাধাৰণ নাগৰিকো। 

গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে থকা সকলো তথ্য-পাতি ১০ছেপ্টেম্বৰ, ২০২৫ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা কৰাৰ কথা। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই খোদ এই ৰাজনৈতিক চেলেঞ্জ মূৰ পাতি লৈছিল। গৌৰৱ গগৈয়েও দিছিল প্ৰত্যুত্তৰ। দুই নেতাৰ কথাৰ কটাকটি এতিয়া অৱসান পৰাৰ দিশে।

গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ তদন্ত কৰিবলৈ গঠন কৰা এছ আই টিয়ে এতিয়ালৈকে প্ৰতিবেদন দাখিল কৰা নাই। মুখ্যমন্ত্ৰীয়ে নিজেই ঘোষণা কৰিছিল যে, যদিহে ১০ছেপ্টেম্বৰ, ২০২৫ত তেওঁ গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে থকা লিংক প্ৰমাণ কৰিব নোৱাৰে, তেন্তে তেওঁ মুখ্যমন্ত্ৰীৰ পদবীয়ে নহয় ৰাজনীতিয়ো ত্যাগ কৰিব। এনেস্থলত নিৰ্ধাৰিত সময়লৈ মাজত মাত্ৰ কেইটামান ঘন্টা বাকী থকা অৱস্থাত সকলোৰে উৎকন্ঠা বৃদ্ধি পাইছে।

গৌৰৱ গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত চলি থকা এই যুঁজখনৰ সুবিধা লৈছে বিৰোধীয়ে। ৯ছেপ্টেম্বৰৰ দিনটোত এই সমগ্ৰ বিষয়ক লৈ পুনৰ যেন কটা ঘাঁত নিমখ ঢলাৰ দৰে কাম কৰিলে অখিল গগৈয়ে। শিৱসাগৰৰ বিধায়ক গৰাকীয়ে ১০ছেপ্টেম্বৰৰ দিনটোৰ গুৰুত্ব বুজিঁ কয় যে, কাইলৈ ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ বাবে ইতিহাসৰ এক উল্লেখযোগ্য দিন হিচাপে বিবেচিত হ'ব। 

অখিল গগৈয়ে লগতে কয় যে, ১০ছেপ্টেম্বৰ দিনটো এইকাৰণেই অতিকৈ গুৰুত্বপূৰ্ণ কাৰণ এই দিনটোৰ সৈতে দুগৰাকী নেতাৰ ভৱিষ্যত জড়িত হৈ আছে। হয় গৌৰৱ গগৈৰ ভৱিষ্যত জীৱন কাইলৈ ধ্বংস হ'ব, নহ'লে অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগৰ লগতে ৰাজনৈতিক জীৱন ত্যাগ কৰিব। এই দুটাৰ ভিতৰত যিকোনো এটা হোৱাটো খাতাং। সেয়েহে ৰাজ্যবাসীয়ে অতি সচেতনভাৱে এই দিনটোলৈ বাট চাইছে বুলি কয় অখিল গগৈয়ে।

ইফালে নিৰ্ধাৰিত সময় অতি ওচৰ চপাৰ লগে লগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইও। ১০ছেপ্টেম্বৰৰ দিনটোক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ৯ছেপ্টেম্বৰতো অতি আত্মবিশ্বাসেৰে সাংবাদিকৰ আগত মন বিনিময় কৰি কয় যে, আমি আলোচনা কৰিব লগা বিষয়টো অত্যন্ত গভীৰ। কিন্তু কংগ্ৰেছে এই বিষয়টো পাতলাবৰ বাবে কাইলৈ যোগদান কাৰ্যসূচীৰ আয়োজন কৰিছে। আচঁলতে মই উত্থাপন কৰা বিষয়টোক গাঁপ দিবলৈকে কংগ্ৰেছে এই আয়োজন কৰিছে।'

কিন্তু লক্ষ্যণীয়ভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে ১০ছেপ্টেম্বৰ, ২০২৫ত গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ সকলো কথা তথ্য সহকাৰে ৰাজহুৱা কৰিবনে নকৰে সেয়া সাংবাদিকৰ আগত স্পষ্টকৈ কোৱাৰ পৰা বিৰত থাকে।  এই প্ৰসংগত গৌৰৱ গগৈয়ে মন্তব্য কৰে যে,  মুখ্যমন্ত্ৰীৰ চিনেমা ফ্লপ হ’ব ৷ এইবোৰ ৰাজনৈতিক কামত লগাই অসম আৰক্ষীৰ অপব্যৱহাৰ কৰিছে মুখ্যমন্ত্ৰীয়ে ।

গৌৰৱ গগৈয়ে লগতে কয়, “১০ ছেপ্টেম্বৰ ফ্লপ, ফ্লপ, ফ্লপ... ফ্লপ চিনেমা হ’ব ৷ চিনেমা যেতিয়া ফ্লপ হয়, তেতিয়া পৰিচালক-প্ৰযোজকে ক্ষমা বিচাৰে যে আমি ইমান টকা খৰচ কৰি ফ্লপ চিনেমা দেখুৱালোঁ । কিন্তু আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে ক্ষমা নোখোজে । ফ্ল’প হ’লেও তেওঁ ক’ব আমি কেন্দ্ৰৰ পৰা আৰু ফ্লপ চিনেমা আনিম ৷ তেওঁলোকে সময় আৰু পইচাৰ অপচয় কৰিছে ৷ অসম আৰক্ষীয়ে কয়লা চিণ্ডিকেট ধৰিব পাৰিছে নেকি ? অসম আৰক্ষীক এইবোৰ ৰাজনৈতিক কাম লগাই অপব্যৱহাৰ কৰিছে ৷ আৰক্ষীক সঠিকভাৱে ব্যৱহাৰ কৰিলে ছিণ্ডিকেটকাৰীক ধৰিব পাৰিলেহেঁতেন ৷”

মুঠৰ ওপৰত নিৰ্ধাৰিত সময়লৈকে মাজত মাত্ৰ কেইটামান ঘন্টা বাকী থকাৰ পাছতো কোনো এগৰাকী নেতাই হাৰ মনা নাই। দুয়োগৰাকী নেতাৰ এই আত্মবিশ্বাস দেখি কোনোৱেই এতিয়ালৈকে দাঠি ক'ব পৰা নাই যে, ১০ছেপ্টেম্বৰত কোন ফ্লপ হ'ব আৰু কোন হিট হ'ব। সকলোৱে এতিয়া অধীৰ আগ্ৰহেৰে ৰৈ আছে সময়লৈ...

ড০ হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈ