/asomiyapratidin/media/media_files/2025/12/11/ujjdd-2025-12-11-13-34-35.jpg)
স্মাৰ্ট চিটি গুৱাহাটীৰ মাজ মজিয়াত থকা বিশ্বৰ অন্যতম এটা শক্তিশালী বিত্তীয় প্ৰতিষ্ঠান ষ্টেট বেংকৰ উত্তৰ-পূবৰ এটা কাৰ্যালয় বিগত ৪০ঘন্টা ধৰি জ্বলি আছে। কোটি কোটিৰ নগদ ধনৰ লগতে মূল্যৱান কাগজ-পত্ৰ, সোণ, ৰূপ, হীৰাৰ বহু কোটিৰ অলংকাৰৰ লকাৰ থকা ষ্টেট বেংকৰ গ্ৰাহকসকলৰ মাজত এতিয়া হাঁহাকাৰ লাগিছে। কিন্তু গ্ৰাহকক আশ্বস্ত কৰিবলৈ কোনো ব্যৱস্থাই গ্ৰহণ কৰা নাই বেংক কৰ্তৃপক্ষ নাইবা বিভাগীয় চৰকাৰী বিভাগে। সকলো পক্ষৰ দায়িত্বহীনতা আৰু গ্ৰাহকৰ দুঃচিন্তাৰ সামগ্ৰিক পৰিৱেশক সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন...
বিগত প্ৰায় ৪০ঘন্টা ধৰি জ্বলি আছে গুৱাহাটীৰ মাজমজিয়াত থকা স্বাগতা স্কোৱেৰ। অতি গুৰুত্বপূৰ্ণ আৰু ব্যস্ততাপূৰ্ণ জি এছ ৰোডত থকা কেইবামহলীয়া এই বিশাল অট্টালিকাটোত জুই নিৰ্বাপন কৰিব পৰা নাই অগ্নিনিৰ্বাপক বাহিনীয়ে। চৰকাৰে দাবী কৰাৰ দৰে গুৱাহাটীৰ দৰে স্মাৰ্ট চিটিত সংঘটিত এটা অগ্নিকাণ্ডক বিগত ৪০ঘন্টা ধৰি নিয়ন্ত্ৰণলৈ আনিব নোৱাৰোতো বিভাগীয় কৰ্তৃপক্ষৰ চৰম দুৰ্বলতাৰ বাহিৰে আন একো নহয়।
অসমৰ ইতিহাসত সৰ্বাধিক ক্ষয়-ক্ষতি হোৱা অগ্নিকাণ্ডসমূহৰ তালিকাত এই ঘটনাটোও অন্যতম। কিয়নো ৬মহলীয়া এই বিশাল অট্টালিকাটোৰ প্ৰথম দুটা মহলা শ্বোহম এম্পৰিয়াম নাম এটা বিশাল কাপোৰৰ বিপনী থকাৰ বিপৰীতে ওপৰৰ ৪টা মহলাত আছিল ভাৰতীয় ষ্টেট বেংকৰ বহুকেইটা গুৰুত্বপূৰ্ণ শাখা আৰু বিভাগ।/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/11/c87cf760-7ebb-420a-983e-87367e04abcd-2025-12-11-13-48-27.jpeg)
ভাৰতীয় ষ্টেট বেংকৰ উত্তৰ-পূবৰ সবাতোকৈ গুৰুত্বপূৰ্ণ কাৰ্যালয় আছিল এইটো। ষ্টেট বেংকৰ বাণিজ্যিক শাখা, পাৰ্ছনেল বেংকিং, স্মল এণ্ড মিডিয়াম এন্টাৰপ্ৰাইজেছ ছেন্ট্ৰেলাইজড ক্ৰেডিট চেন্টাৰ, গৃহ ঋণ কেন্দ্ৰ, গৃহ ঋণ ছেলছ টীম, গুৱাহাটীৰ মেট্ৰ ৰিজঅ’নেল অফিচ আৰু গুৱুহাটীৰ প্ৰশাসনীয় শাখাৰ কাৰ্যলয় আছিল এই অট্টালিকাটোত।
ইমানবোৰ গুৰুত্বপূৰ্ণ বিভাগ আৰু শাখা থকাৰ পাছতো এই অট্টালিকাটোত সুৰক্ষাগত সকলো সুবিধা উপলদ্ধ আছিলনে? তাক লৈ এতিয়া উত্থাপিত হৈছে প্ৰশ্নৰ। অতি গুৰুত্বপূৰ্ণ এই অট্টালিকাটোত পুৰণি বা ক্ৰুটিপূৰ্ণ বিদ্যুত সংযোগৰ ফলতেই এনে ভয়ংকৰ কাণ্ড সংঘটিত হবলৈ পালে নেকি? জুই নিৰ্বাপনৰ বাবে অত্যাধুনিক ব্যৱস্থা উপলদ্ধ আছিলনে অট্টালিকাটোত? আদি কেতবোৰ বহু প্ৰশ্নৰ অৱতাৰনা হৈছে এই ঘটনাটোৰ পিছত।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/11/42c6542b-f3c9-427b-a5bc-f6f844fb655d-2025-12-11-13-48-49.jpeg)
কিন্তু লক্ষ্যণীয়ভাৱে ইমান এটা ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পাছতো ৰাজ্য চৰকাৰৰ গৃহ বিভাগ তথা বিভাগীয় কৰ্তৃপক্ষই ইয়াক লৈ চকুত লগা কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। অগ্নিকাণ্ডৰ সম্ভাৱ্য কাৰণ অগ্নিনিৰ্বাপক বাহিনীৰ একাংশ বিষয়াই সদৰি কৰিছে যদিও বাতৰি লিখা পৰৰ লৈকে ভাৰতীয় ষ্টেট বেংকেই হওঁক বা চৰকাৰী বিভাগীয় কৰ্তৃপক্ষই হওঁক কোনো কথাই আনুষ্ঠানিকভাৱে ৰাজহুৱা কৰা নাই।
সকলো দিশ পুংখানুপুংখভাৱে চোৱাচিতা কৰি অট্টালিকাটোৰ গৰাকীৰ ওপৰতো কোনো ব্যৱস্থাই গ্ৰহণ কৰা নাই প্ৰশাসনে। তাৰ বিপৰীতে সকলো পক্ষই অৱলম্বন কৰিছে নীৰৱতা। সকলো পক্ষৰ এনে গা এৰা মনোভাৱে ভয় আৰু শংকা বঢ়াইছে এই বেংকৰ সৈতে জড়িত সাধাৰণ লোকসকলৰ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/11/024765d6-6126-4994-bac2-1e07c5abd50e-2025-12-11-13-49-06.jpeg)
স্বাগতা স্কোৱেৰৰ ভাৰতীয় ষ্টেট বেংকৰ এই চাৰিমহলীয়া শাখা আৰু বিভাগবোৰত থকা গুৰুত্বপূৰ্ণ নথি-পত্ৰ, লকাৰ আদিক লৈ গ্ৰাহকৰ মাজত হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰাপ্ত খবৰ অনুসৰি, দৈনিক বহুকোটি টকাৰ লেনদেন হয় এই শাখা আৰু বিভাগবোৰত। ডিজিটেল লেনদেনৰ উপৰি ইয়াত থকা লকাৰ বোৰত দৈনিক ৮-১০কোটি টকা লেনদেন হয়।
এই বাণিজ্যিক কমপ্লেক্সটোৰ চতুৰ্থ মহলাত আছে গৃহ ঋণ কেন্দ্ৰ। কামৰূপ মহানগৰ জিলাৰ এলেকাত ভাৰতীয় ষ্টেট বেংকৰ পৰা গৃহ ঋণ লৈ যিসকল গ্ৰাহকে ফ্লেট, মাটি আদি ক্ৰয় কৰিছে, তেওঁলোকৰ দলিল, চুক্তিপত্ৰসমূহ এই গৃহ ঋণ কেন্দ্ৰ লকাৰতে আছিল।
বেংকসমূহৰ লকাৰ দৰাচলতে অগ্নি প্ৰতিৰোধী যদিও বিগত প্ৰায় ৪০ঘন্টা ধৰি জ্বলি থকা অগ্নিকাণ্ডত এই লকাৰসমূহত থকা সামগ্ৰীসমূহ নিৰাপদ হৈ আছেনে নাই, তাক লৈও সন্দিহান সকলো। কেৱল কাগজ-পত্ৰই নহয় ষ্টেট বেংকৰ আন বহুকেইটা শাখাৰ লকাৰত আছিল মূল্যৱান সোণ-ৰূপ আৰু হীৰাৰ বহু কোটি টকাৰ সামগ্ৰী।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/11/e0bc823b-f39a-461f-8ae9-d95cbc108c98-2025-12-11-13-49-22.jpeg)
এতিয়া এই সকলোবোৰক লৈ দুচিন্তাত পৰিছে গ্ৰাহকসকল। বেংক কৰ্তৃপক্ষই গ্ৰাহকসকলক আশ্বস্ত কৰিব পৰাকৈ কোনো কথা ৰাজহুৱা কৰা নাই। আনহাতে ৰাজ্যৰ বিৰোধী দলসমূহে এই ঘটনাক লৈ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে।
মনোহৰ জালান আৰু সন্দীন জালানৰ মালিকানাধীন এই শ্বোহম এম্পৰিয়ামৰ কাপোৰৰ শ্বৰূমৰ উপৰিও আছিল বিশাল কাপোৰৰ গুদাম। যাৰ বাবে এই জুই অতি বিধ্বংসী হৈ পৰে বুলি সদৰি কৰে অগ্নিনিৰ্বাপক বাহিনীয়ে। বেংকৰ গ্ৰাহকসকলে চৰকাৰক তথা মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছে যে, অচিৰেই এই ঘটনাৰ তদন্ত কৰি তেওঁলোকক এই দুচিন্তাৰ পৰা মুক্ত কৰক...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us