/asomiyapratidin/media/media_files/2025/10/27/ujjjd-2025-10-27-22-29-49.jpg)
বজাৰত ইলিচ মাছ দেখিলেই ছাগে আপুনিও কাষ চাপি যায়! কিন্তু ইলিচৰ কেজি ১৮০০-২০০০টকা বুলি শুনাৰ পাছতে ইলিচ খোৱাৰ হেপাঁহ তাতেই সামৰি থয়। কিন্তু ভাৱি চাৱকচোন, ২০০টকা কেজিতেই যদি আপুনি ইলিচ মাছ পায়, তেন্তে কেনে মজা হ'ব। ইলিচ মানে এলাপচা ইলিচ নহয়! বিশ্ব বিখ্যাত পদ্দা নদীৰ ইলিচ মাছ আপুনি অসমত পাব মাত্ৰ ২০০টকা কেজিত। কেনেকৈ সম্ভৱ এয়া, পঢ়ক আমাৰ দক্ষিণ শালমাৰাৰ প্ৰতিবেদকে প্ৰস্তুত কৰা এই প্ৰতিবেদনত...
সম্ভান্ত মাছৰ যদি এখন তালিকা প্ৰস্তুত কৰা হয় তেন্তে প্ৰথম তিনিটা স্থানৰ ভিতৰত নাম থাকিব ইলিচ মাছৰ। সোৱাদৰ ক্ষেত্ৰত ইলিচ মাছ হৈছে অদ্বিতীয়। ইলিচৰ সোৱাদ যিয়ে এবাৰ লৈছে ওৰে জীৱন সেই সোৱাদ তেওঁৰ জিভাই পাহৰিব নোৱাৰে। সোৱাদৰ সমান্তৰালভাৱে ইলিচ মাছৰ আছে বহু ঔষধী গুণ। বিশেষকৈ হাপানী ৰোগৰ ক্ষেত্ৰত ইলিচ মাছ অতিকৈ উপকাৰী।
ইলিচ মাছ হৈছে বাংলাদেশৰ জাতীয় মাছ। এই মাছ বঙালী সকলৰ মাজত অতি জনপ্ৰিয়। যদিও ইলিচ এবিধ সামূদ্ৰিক মাছ, কিন্তু কণী পাৰিবলৈ নদীত প্ৰৱেশ কৰে। খাদ্য হিচাপে ইলিচ ভাৰতৰ বিভিন্ন ৰাজ্য যেনে, পশ্চিমবংগ, উৰিষ্যা, ত্ৰিপুৰা আৰু অসমত অত্যন্ত জনপ্ৰিয় মাছ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/27/e9a89910-cfd3-49b7-8ba6-ca06bbb4c2c5-2025-10-27-22-35-24.jpeg)
জনাই জানে যে, অতি সোৱাদযুক্ত ইলিচ মাছৰ বাবে বিশ্ব বিখ্যাত হৈছে পদ্দা নদীৰ ইলিচ। পদ্দা নদীৰ ইলিচৰ চাহিদা অন্য নদীৰ মাছতকৈ বহু গুণে বেছি। গুৱাহাটীৰ উপৰিও ভাৰত তথা বিদেশতো পদ্দা নদীৰ ইলিচ বুলি ক'লেই বহুতে দামেই নুুসুধে। কিন্তু ইয়াৰ মাজতে মাত্ৰ তিনিশ টকা দৰত বাংলাদেশৰ পদ্দা নদীৰ ইলিচেৰে ভৰিছে নামনি অসমৰ প্ৰায়বোৰ বজাৰ।
বিশেষকৈ দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ব্ৰহ্মপুত্ৰত এতিয়া ইলিচ মাছৰ উজান উঠিছে। প্ৰতি বছৰে বান আৰু দুৰ্গাপূজাৰ পাচতেই বিশেষকৈ অক্টোবৰ পৰা নবেম্বৰ মাহত প্ৰায় ১৫ দিনলৈ বাংলাদেশৰ পদ্দা নদীৰ পৰা ব্ৰহ্মপুত্ৰৰে উজাই আহে ইলিচ মাছৰ জাক।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/27/8bb8af15-9d22-4424-9631-34765f1626a5-2025-10-27-22-35-35.jpeg)
অসমৰ বিশেষকৈ দক্ষিণ শালমাৰা-মানকাচৰ আৰু ধুবুৰীৰ পৰা শদীয়ালৈ এই সময়ছোৱাত দেখা যায় ইলিচ মাছৰ উজান। বিশেষকৈ দক্ষিণ শালমাৰা-মানকাচৰ আৰু ধুবুৰী জিলাৰ চৰ এলেকা সমূহত থকা নদীৰ পাৰে পাৰে মাছৰ পাইকাৰৰ যথেষ্ট ভীৰ হোৱা পৰিলক্ষিত হয়।
পাইকাৰী সকলে নদী ঘাটত মাছমৰীয়া সকলৰ পৰা আকাৰ হিচাপে ২০০-২৫০ টকাৰ পৰা ৬০০-৭০০ প্ৰতিকেজি দৰত ইলিচ মাচ ক্ৰয় কৰি অধিক লাভত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়ত প্ৰেৰণ কৰে। ইফালে চৰ এলেকাৰ বজাৰ সমূহতো সাধাৰণ গ্ৰহকৰ যথেষ্ট ভিৰ হয় । অত্যাধিক দামত পাচলি ক্ৰয় কৰাতকৈ সুস্বাদু ইলিচ মাচ কম দামত ক্ৰয় কৰে গ্ৰাহক সকলে। হাটশিঙিমাৰীৰ লগতে হাজিৰহাটৰ মাছবজাৰত বৰ্তমানে ৩০০ টকাত উপলব্ধ ইলিচ মাছ ।
সৰু আকাৰৰ মাছ ৩০০ টকা কেজিত বিক্ৰী হোৱাৰ লগতে ৪০০-৫০০ টকা দৰত বিক্ৰীয় হয় আধা কেজি ওজনৰ ইলিচ । একেদৰে ১ কেজি ওজনৰ ইলিচ মাছ বজাৰত ১০০০-১৩০০ টকা দৰত বিক্ৰী হবলৈ ধৰিছে। সাধাৰণতে বজাৰত ইলিচ মাছ কিনিবলৈ হলে ১২০০-১৮০০ টকা কেজিত কিনিব লাগে। কিন্তু প্ৰতিবছৰে বিশেষকৈ অক্টোবৰ মাহত এই অঞ্চলত ইলিচ মাছৰ উজান উঠাত গ্ৰাহক সকলে কম দামত ক্ৰয় কৰিব পাৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/27/ed154596-b78b-4ca8-921d-d6eb3feef337-2025-10-27-22-35-51.jpeg)
বজাৰত একাংশ গ্ৰাহকে আমাৰ আগত দাবী কৰা মতে, বৰ্তমানে অধিক দামত শাক-পাচলি ক্ৰয় কৰাতকৈ ৩০০ টকা কেজিত ইলিচ মাছ ক্ৰয় কৰাটো লাভজনক । ফলস্বৰূপে কম টকাত সুস্বাধু ইলিচ মাছ এতিয়া প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে উপলব্ধ হৈ পৰিছে। ইফালে কেৱল বজাৰতেই গ্ৰাহকৰ ভীৰ নহয়, ব্ৰহ্মপুত্ৰত এতিয়া মাছধৰা সকলৰ মাজতো বৃদ্ধি পাইছে চৰম ব্যস্ততা।
এখনকৈ নাওত দুজনকৈ মাছমৰীয়া জাল লৈ ইলিচ ধৰিবলৈ ব্ৰহ্মপুত্ৰত শ শ মাছমৰীয়া এতিয়া পুৱাৰ পৰা আবেলিলৈ ব্যস্ত হৈ পৰে। একাংশ স্থানত উৰে নিশা ব্ৰহ্মপুত্ৰত মাছ ধৰি পুৱা মাছৰ পাইকাৰৰ ওৰচত বিক্ৰী কৰে । কোনোবা মাছমৰিয়াই যদি দিনটোত ৫ কেজি ইলিচ মাছ ধৰিবলৈ সক্ষম হয়, কোনোবা জনে আকৌ ১০-১৫ কেজিলৈ ইলিচ মাছ ধৰি পাইকাৰৰ ওচৰত বিক্ৰী কৰে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/27/9602ea99-ed0a-4d71-8202-b7d8c432807e-2025-10-27-22-36-06.jpeg)
আন আন বছৰৰ তুলনাত এইবাৰ মাছৰ দাম অলপ কম হোৱাৰ বাবে বজাৰত মাছৰ চাহিদা বৃদ্ধি পাই বজাৰ সমূহত সাধাৰণ গ্ৰাহকৰ ভিৰত যথেষ্ট পৰিমানে বৃদ্ধি পাবলৈ ধৰিছে। মুঠৰ ওপৰত কম দামত অৰ্থাত দুই-তিনিশ টকা দৰত ইলিচ মাছ খাবলৈ হলে এতিয়া আপুনি দক্ষিণ শালমাৰা-মানকাচৰলৈ আহিব লাগিব।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/27/dba571a7-d35a-4f7e-bbae-666b80e77556-2025-10-27-22-36-19.jpeg)
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us