/asomiyapratidin/media/media_files/2025/08/13/ujyhh-2025-08-13-10-28-32.jpg)
কৰ্কট ৰোগত আক্ৰান্ত ৰোগীৰ উপৰিও এতিয়াৰে পৰা অসমত এই ৰোগৰ চিকিৎসাই কোঙা কৰিব ৰোগীৰ পৰিয়ালক। ভাড়া ঘৰত আগধন দিয়াৰ দৰেই কৰ্কট ৰোগৰ চিকিৎসাৰ বাবেও এতিয়াৰে পৰা অসমত দিব লাগিব আগধন। কেৱল সেয়াই নহয় কেমথেৰাপিৰ নামত এতিয়াৰে পৰা ৫০ হাজাৰ টকা ভৰিব লাগিব৷ আইচিইউৰ মাচুল ১৫০০ টকাৰ পৰা ৪ হাজাৰ টকালৈ বৃদ্ধিৰ লগতে তেজ পৰীক্ষাৰ মাচুল ১২০০ ৰ পৰা ২৪০০ টকালৈ বৃদ্ধি কৰা হৈছে। সকলো সামৰি এক বিশেষ প্ৰতিবেদন...
ভাড়া ঘৰ নাইবা কোনো অন্য গুৰুত্বপূৰ্ণ বস্তু কিনোতে আগ ধন দিয়াৰ এক নিয়ম আছে। যদিহে আগধন নিদিয়ে বহু বস্তু, সামগ্ৰী সময়ত ক্ৰয় কৰিব নোৱাৰি। কিন্তু চিকিৎসাৰ বাবে আগধন দিয়াৰ কথা আপুনি বাৰু কেতিয়াবা শুনিছেনে! যদিহে শুনা নাই এতিয়াৰে পৰা কৰ্কট ৰোগৰ চিকিৎসা কৰাবলৈ গ'লে আপুনি প্ৰথমেই জমা দিব লাগিব আগধন।
কৰ্কট ৰোগৰ সৈতে যুজি থকা এটা পৰিয়ালেহে জানে, তেওলোকে কি পৰিস্থিতিৰ মাজেৰে সময় পাৰ কৰে। কিন্তু এই সকলোবোৰলৈ পিঠি দি কৰ্কট ৰোগত চিকিৎসাৰ বাবে আগধনৰ লগতে মাচুল বৃদ্ধি কৰি ৰোগী তথা ৰোগীৰ পৰিয়ালক কোঙা কৰিবলৈ ফন্দি পাতিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে৷
এতিয়া চৰকাৰী চিকিৎসা সেৱাৰ মাধ্যমেৰে চৰকাৰে ধন ঘটি ৰাজকোষ টনকিয়াল কৰিব খুজিছে৷ যাৰ বাবে সাধাৰণ মানুহৰ বাবে এতিয়া উন্নত চিকিৎসা গ্ৰহণ কৰাটো সহজসাধ্য হৈ থকা নাই৷ জীৱনদায়িনী ঔষধৰ আকাশলংঘী মূল্যবৃদ্ধিৰ ফলত অসমৰ নাগৰিকে ত্ৰাহি ত্ৰাহি কৰাৰ সময়তে এইবাৰ অসমৰ মানুহক বৰ্বাদ কৰিবলৈ আন সিদ্ধান্ত গ্ৰহণ কৰিছে এইখন চৰকাৰে৷
এইবাৰ কৰ্কট ৰোগীৰ চিকিৎসাৰ বাবে নিৰ্মিত ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানে কেইবাগুণো মাচুল বৃদ্ধি কৰিছে৷ এতিয়াৰ পৰা পঞ্জীয়ন মাচুল, ভৰ্তিৰ পূৰ্বে আগধন ভৰিব লাগিব৷ পূৰ্বে বিনামূলীয়া হৈ থকা কেমথেৰাপিৰ নামত এতিয়াৰ পৰা বৃহৎ ধন ভৰিব লাগিব ৰোগীৰ পৰিয়ালে৷
কেমথেৰাপিৰ নামত এতিয়াৰে পৰা ৫০ হাজাৰ টকা ভৰিব লাগিব৷ এতিয়াৰ পৰা কৰ্কট ৰোগীৰ পৰিয়ালে চৰকাৰী ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত কেমথেৰাপিৰ বিনিমিয়ত মাটি-ঘৰ বিক্ৰী কৰি হ’লেও ৫০ হাজাৰ টকাকৈ ভৰিব লাগিব৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চৌহদত থকা ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানে হঠাতে হঠকাৰী সিদ্ধান্ত লৈ হোৰাহোৰে চিকিৎসা মাচুল বৃদ্ধি কৰিছে৷
যাক লৈ ৰোগী আৰু ৰোগীৰ পৰিয়ালৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ খাদ্য-বস্তুৰ ভয়াৱহভাৱে মূল্যবৃদ্ধি হোৱাত মানুহৰ চৌকা জ্বলাব নোৱাৰা অৱস্থা হোৱাৰ সময়তে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানে হঠাতে হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰি কেইবাগুণোমাচুল বৃদ্ধি কৰিছে৷ পঞ্জীয়ন মাচুল ১০০ টকাৰ পৰা ৩৬০ টকালৈ বৃদ্ধি কৰিছে কৰ্কটপ্ৰতিষ্ঠানে৷ কেৱল পঞ্জীয়ন মাচুলেই নহয় এতিয়াৰ পৰা ৰোগী ভৰ্তি হোৱাৰ সময়ত ১০ হাজাৰ টকা ৰোগীৰ পৰিয়ালে জমা কৰিব লাগিব৷
পঞ্জীয়ন মাচুল আৰু ভৰ্তি মাচুলেই নহয় বিছনাৰ মাচুলো বৃদ্ধি কৰিছে৷ চিকিৎসা সেৱাৰ মাচুল বৃদ্ধি কৰি জেনেৰেল বেডৰ মাচুল ২০০ ৰ পৰা ১৫০০ টকালৈ বৃদ্ধি কৰিছে৷ এজনীয়া কেবিনৰ মাচুল ৩০০০ টকাৰ পৰা ৪৫০০ টকালৈ বৃদ্ধি কৰিছে৷ বহু বিছনাযুক্ত কেবিনৰ মাচুল ২০০০ টকাৰ পৰা ৩ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে৷
আইচিইউৰ মাচুল ১৫০০ টকাৰ পৰা ৪ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে৷ তেজ পৰীক্ষাৰ মাচুল ১২০০ ৰ পৰা ২৪০০ টকালৈ বৃদ্ধি কৰা হৈছে৷ চিটি স্কেনৰ মাচুল ৪৫০০ টকাৰ পৰা ৬৫০০ টকালৈ বৃদ্ধি কৰা হৈছে৷ মিঞা খেদা অভিযান আৰু উচ্ছেদৰ ৰাজনীতিক লৈ অসমবাসীক ব্যস্ত কৰি ৰখাৰ সময়তে গোপেন হোৰাহোৰে চৰকাৰী চিকিৎসালয়ৰ মাচুল বৃদ্ধি কৰিলে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে৷
অশোক সিংহলে স্বাস্থ্য বিভাগৰ দায়িত্ব পোৱাৰ পিছতে বিভাগটোত অৰাজক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ অভিযোগৰ মাজতে বিভাগটোৱে কৰ্কট ৰোগীৰ পৰিয়ালক লুটিবলৈ এনেদৰে সিদ্ধান্ত গ্ৰহণ কৰাত এতিয়া সমগ্ৰ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।