/asomiyapratidin/media/media_files/2026/02/06/f7df3ad8-71ed-4771-a6cf-7b967f98df5d-2026-02-06-18-40-33.jpeg)
অনিয়মকেই নিয়ম কৰি অসমৰ দ্বিতীয় ৰাজধানী ডিব্ৰুগড়ত চলি আছে অবৈধ বালি খনন। বুঢ়ীদিহিঙৰ অস্তিত্ব বিপন্ন কৰি জনজীৱনলৈ ভাবুকি কঢ়িয়াই অনা এই কাৰ্যক লৈ নিমাত বন বিভাগৰ বিষয়া, মন্ত্ৰী-আমোলা সকলো। ৰাইজৰ বিৰোধিতা, দল-সংগঠনৰ প্ৰতিবাদকো কেৰেপ নকৰে অদৃশ্য শক্তিৰে বলিয়ান এই চক্ৰটোৱে। পূৰ্বতকৈ দুগুণ উৎসাহেৰে বুঢ়ীদিহিঙৰ কেইবাটাও বালিমহলত সকলো নীতি-নিয়ম জলাঞ্জলি দি কৰি গৈছে খনন। কাৰ আশীষ আছে এই চক্ৰটোৰ শিৰত? সবিশেষ সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ দ্বিতীয়খন প্ৰতিবেদন...
বালি মাফিয়াই বুঢ়ীদিহিঙৰ বুকু খনন কৰি কেনেকৈ উদং কৰিছে সেই সন্দৰ্ভত ইতিমধ্যে প্ৰথমখন প্ৰতিবেদনত সবিস্তাৰে প্ৰকাশ পাইছিল অসমীয়া প্ৰতিদিন ডিজিটেলত। উজনি অসমৰ সচেতন মহল আৰু দল-সংগঠনে ধাৰাবাহিক বিৰোধিতা আৰু বন বিভাগক ব্যৱস্থা গ্ৰহণৰ বাবে বাৰম্বাৰ আহ্বান জনোৱাৰ পাছতো অবাধে এতিয়াও চলি আছে বালি খনন।
অসমীয়া প্ৰতিদিন ডিজিটেলৰ সাংবাদিকে ডিব্ৰুগড় জিলা বন বিষয়া গৰাকীক এই বিষয়ৰ সন্দৰ্ভত বাৰে বাৰে যোগাযোগ কৰিবলৈ চেষ্টা কৰা স্বত্বেও কোনো সহাঁৰি প্ৰদান কৰা নাই বিষয়াগৰাকীয়ে। বহিঃৰাজ্যৰ নন্দ কুমাৰ নামৰ এই জিলা বন বিষয়াগৰাকীৰ অভয়বাণী লৈয়ে বালি মাফিয়াসকলে দুগুণ উৎসাহেৰে পুনৰ অবৈধ খনন অব্যাহত ৰাখিছে বুলি স্থানীয় ৰাইজে দাবী কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/06/4a6dbfa4-abdc-4cfe-a504-b369e15390c5-2026-02-06-18-29-29.jpeg)
অবৈধ খনন প্ৰক্ৰিয়াৰ বিৰুদ্ধে ভিন্ন দল-সংগঠনে এই বন অনা অসমীয়া বন বিষয়াগৰাকীক লিখিতভাৱে অভিযোগ দি আহিছে যদিও কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উঠিছে। ডিব্ৰুগড় আটাছুৱে কেইবাবাৰো বন বিষয়াগৰাকীক অবৈধ বালি খনন বন্ধ কৰাৰ বাবে লিখিতভাৱে আহ্বান জনোৱাৰ পাছতো কমিছনৰ অংকত ৰাইজৰ দাবীলৈ পিঠি দিছে নন্দ কুমাৰে।
ভিন্ন দল-সংগঠনে কৰা অভিযোগ অনুসৰি, ডিব্ৰুগড় বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত বুঢ়ীদিহিং নদীত অবৈধ বালি খননৰ বাবে বালি মাফিয়াক ৰঙা দলিচা পাৰি দিয়াত সহায় কৰিছে PCCF এন আনন্দেও। বন বিভাগৰ উচ্চ পদস্থ এই বিষয়াগৰাকীয়েও এই দিশসমূহত কাঢ়া দৃষ্টি ৰাখিব লাগে যদিও এক অদৃশ্য শক্তিৰ সৈতে মিলি সহায় কৰি গৈছে এই বালিমাফিয়া চক্ৰক।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/06/b2cf1466-9cf8-4cbc-90bb-4c929a0f81de-2026-02-06-18-29-44.jpeg)
আমি পূৰ্বৰ প্ৰতিবেদনতে উল্লেখ কৰিছিলো যে, নীতি বৰ্হিভূতভাৱে চৰকাৰী সকলো নীতি-নিয়ম জলাঞ্জলি দি জনস্বাস্থ্য আৰু প্ৰকৃতি ধ্বংসযজ্ঞ অব্যাহত ৰখা এই চক্ৰটোৰ মূৰত আছে বিয়াগোম এক ৰাজনৈতিক চক্ৰৰ হাত। যাৰ বাবে ৰাইজ তথা দল-সংগঠনৰ বিৰোধিতাৰ পাছতো শ শ ডাম্পাৰে বুঢ়ীদিহিঙৰ পৰা উঠাই নিছে বালি আৰু পলস।
এই চক্ৰটোৱে বন বিভাগ তথা চৰকাৰৰ চকুতো ধূলি দিছে। বালিখননৰ বাবে নিৰ্ধাৰিত নিয়ম ভৰি মোহৰাৰ উপৰিও চৰকাৰে লাভ কৰিব লগীয়া কৰো প্ৰদান কৰা নাই চক্ৰটোৱে। নামত বৈধ যেন লাগিলেও কামত অবৈধ এই প্ৰক্ৰিয়াৰ জৰিয়তে বহু কোটি টকাৰ কৰফাঁকিও দিছে এই বালি মাফিয়া চক্ৰটোৱে। প্ৰাপ্ত তথ্য অনুসৰি, নিবিদাতকৈ প্ৰায় দুগুণ বালি ইতিমধ্যে বুঢ়ীদিহিঙৰ পৰা উঠাই নিয়া হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/06/6a15883f-e26e-4759-a942-e04b22bc50f7-2026-02-06-18-30-05.jpeg)
অবৈধভাৱে বালি আৰু পলস কঢ়িওৱা গধুৰ বাহনে গ্ৰামাঞ্চলৰ কেইবাটাও পথৰ অৱস্থাও জৰাজীৰ্ণ কৰি পেলাইছে । খামটিঘাট, ৩০নং বুঢ়ীদিহিং, ৫৪নং দেউৰীঘাট, ৪২নং দেউৰীঘাট, ২৩নং চৰাইবাহী ইত্যাদি অঞ্চলৰ পৰা দৈনিক শ শ ট্ৰাক বালি অন্য স্থানলৈ প্ৰেৰণ কৰি আছে চক্ৰটোৱে। যান-বাহন আইন অনুসৰি ৰাস্তাত বালি কঢ়িওৱা বাহনৰ ওপৰত ট্ৰিপাল ব্যৱহাৰ কৰিব লাগে যদিও, সেই নূন্যতম নিয়মকণো পালন কৰা হোৱা নাই উক্ত অঞ্চলত।
পূৰ্বৰে পৰাই অভিযোগ আছে যে, বহু কোটি টকীয়া এই অবৈধ বালি খননৰ সৈতে জড়িত ব্যক্তিসকলৰ ঘনিষ্ঠতা আছে মুখ্যমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰীৰো। যাৰ বাবে ৰাইজ তথা দল-সংগঠনৰ বিৰোধিতাক কেৰেপেই নকৰে তেওঁলোকে। বছৰ বছৰ ধৰি নীতি-বৰ্হিভূতভাৱে বালি মহলৰ নিবিদা লাভ কৰাৰ লগতে খননৰ ক্ষেত্ৰত প্ৰযোজ্য চৰকাৰী নিয়মকো দলিয়াই অব্যাহত ৰাখিছে এই খনন কাৰ্য।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/06/094aae0f-2ae9-445f-82fe-fad70a1853f2-2026-02-06-18-30-19.jpeg)
ডিব্ৰুগড় বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত বুঢ়ীদিহিং নদীত বালি মাফিয়াই অব্যাহত ৰখা এই অবৈধ খননৰ ফলত বুঢ়ীদিহিঙৰ মূল মথাউৰিৰ লগতে নদীৰ পাৰ আৰু কাষৰীয়া অঞ্চলৰ জনসাধাৰণৰ জীৱনলৈও তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, বালি খননৰ বাবে বন বিভাগ, জল সম্পদ বিভাগৰ লগতে প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডেও কিছু নিয়ম বান্ধি দিয়ে। চৰকাৰ তথা প্ৰশাসনে নিৰ্ধাৰিত কিছু স্থানত ১.৫মিটাৰৰ গভীৰৰলৈকেহে খননৰ বাবে অনুমতি প্ৰদান কৰে। কিন্তু এইসকল বালিমাফিয়াই কোনো নীতি-নিয়ম নামানি ফৰলেণ্ড, জে চি বিৰ দৰে গধুৰ যন্ত্ৰ ব্যৱহাৰ কৰি এফালৰ পৰা অতি দ’লৈকে খান্দিছে নদীখন।
অবাধ খননৰ বাবে নৈপৰীয়া ৰাইজৰ জীৱন, জৈৱবৈচিত্ৰ্যৰ প্ৰতি সৃষ্টি হৈছে ভাবুকিৰ। বালি অনা-নিয়া কৰা ডাম্পাৰৰ দৌৰাত্ম্যৰ ফলত বহুলোকে প্ৰাণ হেৰুৱাব লগাও হৈছে। সবাতোকৈ চিন্তনীয় দিশটো হৈছে এই অবৈধ খননে বিখ্যাত ডিব্ৰুগড় টিনঠেঙীয়া বনাঞ্চললৈ অশনি সংকেত কঢ়িয়াই আনিছে। খননৰ ফলত অভয়াৰণ্যখনৰ বন্যপ্ৰাণী আৰু প্ৰাকৃতিক পৰিৱেশৰ ওপৰত দীৰ্ঘম্যাদী নেতিবাচক প্ৰভাৱ পৰাৰ প্ৰৱল সম্ভাৱনা আছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/06/6a15883f-e26e-4759-a942-e04b22bc50f7-2026-02-06-18-30-39.jpeg)
এই সকলোবোৰ তথ্য সহকাৰে বিভাগক জনোৱাৰ পাছতো অবাধ গতিত বুঢ়ীদিহিঙৰ বুকুত চলি আছে বালি খনন। স্থানীয় ৰাইজ আৰু একাংশ দল-সংগঠনে বিৰোধিতা কৰিছে যদিও চকু পৰা নাই চৰকাৰৰ। উজনিত দুজনকৈ কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে কেইবাগৰাকীও অসম চৰকাৰৰ মন্ত্ৰী আছে যদিও তেওঁলোকেও এই ক্ষেত্ৰত প্ৰদান কৰা নাই গুৰুত্ব। তথাকথিত নাম থকা প্ৰকৃতিপ্ৰেমী তথা সংস্থাসমূহৰো কোনো কাণসাৰ নাই।
এনেকৈ যদি চলি থাকে, তেন্তে অচিৰেই বুঢ়ীদিঙিহে হেৰুৱাব পূৰ্বৰ অস্তিত্ব। বিপন্ন হ'ব নৈপৰীয়া লোকৰ জীৱন-জীৱিকা। প্ৰাকৃতিকভাৱে চহকী অঞ্চলটোলৈও নামি আহিব ভাবুকি। গতিকে সময় থাকোতেই এই সকল বালি মাফিয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু গৃহজিলাৰ মন্ত্ৰী প্ৰশান্ত ফুকনে দেখাব পাৰিবনে পৰাক্ৰম! নে বালি মাফিয়াৰ ওচৰত হেওঁ মানিব।
ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তুলিবলৈ হ'লে প্ৰথমে এনে অবাধ কাম-কাজ সমূহ বন্ধ কৰিব নালাগিব জানো! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়েও এই বিষয়টোক গুৰুত্ব সহকাৰে লৈ হস্তক্ষেপ কৰাৰ পোষকতা কৰিছে জিলাখনৰ সচেতন ৰাইজে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us