বন বিভাগ, প্ৰশাসনক মেনেজঃ বুঢ়ীদিহিঙৰ বুকু খান্দি উদং কৰিছে বালি মাফিয়াই!

মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাকো কেৰেপ নকৰে বালি মাফিয়াই। অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশনাক ভেঙুচালি কৰি ডিব্ৰুগড়ৰ জিলাৰ বুঢ়ীদিহিঙত চলিয়েই আছে অবৈধ বালি খনন।

author-image
Asomiya Pratidin
New Update
new bikhekh protibedon 1.jpg

মুখ্যমন্ত্ৰীৰ নিৰ্দেশ, চৰকাৰী নিৰ্দেশনাকো কেৰেপ নকৰে একাংশ বালি মাফিয়াই। জনসাধাৰণৰ জীৱন-জীৱিকাৰ লগতে জৈৱ বৈচিত্ৰ্যলৈও ভাবুকি নমাই আনি বুঢ়ীদিহিঙৰ বুকু এফালৰ পৰা উদং কৰি গৈছে এটা দুষ্ট চক্ৰই। সচেতন সমাজ, দল-সংগঠনৰ অভিযোগৰ পাছতো কোনো ব্যৱস্থা লোৱা নাই বন বিভাগে। কি অদৃশ্য শক্তিৰে বলীয়ান হৈ এনেদৰে বালি মাফিয়াই চলাই গৈছে অবৈধ খনন। অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন...

মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাকো কেৰেপ নকৰে বালি মাফিয়াই। অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশনাক ভেঙুচালি কৰি ডিব্ৰুগড়ৰ জিলাৰ বুঢ়ীদিহিঙত চলিয়েই আছে অবৈধ বালি খনন। গৰখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰা জিলাখনত বালি মাফিয়াৰ এনে দপদপনিত অতিষ্ঠ হৈছে সাধাৰণ নাগৰিক। 
 
প্ৰাপ্ত খবৰ অনুসৰি, ডিব্ৰুগড়ৰ জিলাৰ বুঢ়ীদিহিঙৰ বুকুত বছৰ বছৰ ধৰি নিয়ম বৰ্হিভূতভাৱে একাংশ বালি মাফিয়াই দিনে-নিশাই চলাই গৈছে বালিখনন। এই সন্দৰ্ভত সচেতন নাগৰিক তথা জাতীয় দল-সংগঠনে কেইবাবাৰো জিলা বন বিষয়াক অভিযোগ দাখিল কৰিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বন বিভাগে।

66dba08f-b094-4566-af4e-320228a3ae4f

ডিব্ৰুগড় বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত বুঢ়ীদিহিং নদীত বালি মাফিয়াই অব্যাহত ৰখা এই অবৈধ খননৰ ফলত বুঢ়ীদিহিঙৰ মূল মথাউৰিৰ লগতে নদীৰ পাৰ আৰু কাষৰীয়া অঞ্চলৰ জনসাধাৰণৰ জীৱনলৈও তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত জিলা বন বিষয়া গৰাকীৰ পৰা জানিবলৈ অসমীয়া প্ৰতিদিন ডিজিটেলে যোগাযোগ কৰিছিল যদিও কোনো সহাঁৰি নিদিলে বিষয়া গৰাকীয়ে। 

অবৈধভাৱে বালি আৰু পলস কঢ়িওৱা গধুৰ বাহনে গ্ৰামাঞ্চলৰ কেইবাটাও পথৰ অৱস্থাও জৰাজীৰ্ণ কৰি পেলাইছে । খামটিঘাট, ৩০নং বুঢ়ীদিহিং, ৫৪নং দেউৰীঘাট, ৪২নং দেউৰীঘাট, ২৩নং চৰাইবাহী ইত্যাদি অঞ্চলত কেইটামান বালি মাফিয়াই বন বিভাগৰ নীতি-নিয়ম জলাঞ্জলি দি বছৰ বছৰ ধৰি অব্যাহত ৰাখিছে বালিখনন।

8140dbae-bc55-402d-8a81-625dd326d226

জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পৰা এনে কাৰ্যকলাপৰ বিৰুদ্ধে সদৌ তাই আহোম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিয়ে জিলা বন বিষয়া গৰাকীক লিখিত ভাৱে অভিযোগ দিয়াৰ পিছতো আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহল। প্ৰশাসন আৰু বন বিভাগক মেনেজ কৰি এক অদৃশ্য ৰাজনৈতিক শক্তিৰে বলিয়ান হৈ একাংশ বালি মাফিয়াই এতিয়া এনেদৰেই এফালৰ পৰা উদং কৰি গৈছে বুঢ়ীদিহিঙৰ বুকু।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, বালি খননৰ বাবে বন বিভাগ, জল সম্পদ বিভাগৰ লগতে প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডেও কিছু নিয়ম বান্ধি দিয়ে। চৰকাৰ তথা প্ৰশাসনে নিৰ্ধাৰিত কিছু স্থানত ১.৫মিটাৰৰ গভীৰৰলৈকেহে খননৰ বাবে অনুমতি প্ৰদান কৰে। কিন্তু এইসকল বালিমাফিয়াই কোনো নীতি-নিয়ম নামানি ফৰলেণ্ড, জে চি বিৰ দৰে গধুৰ যন্ত্ৰ ব্যৱহাৰ কৰি এফালৰ পৰা অতি দ’লৈকে খান্দিছে নদীখন।

b31a5e82-ac45-4b2e-859e-7cbac774cf69

আনফালে মথাউৰিৰ একেবাৰে কাষতে দ’লৈকে খন্দা এনে খননে মথাউৰি আৰু দলঙৰ আন্তঃগাথঁনিও দুৰ্বল কৰি তুলিব পাৰে। বন বিভাগৰ পৰা এই ক্ষেত্ৰতো আছে কঠোৰ নিৰ্দেশনা। মথাউৰি বা দলং থকা স্থানৰ পৰা ১০০মিটাৰ দূৰৈতহে এনে খনন কৰিব পাৰে। কিন্তু জনসাধাৰণৰ জীৱন-জীৱিকালৈ পিঠি দি কেৱল মাত্ৰ ব্যৱসায়ৰ স্বাৰ্থত বেআইনীভাৱে মথাউৰিৰ কাষতে অতি গভীৰৰ লৈকে কৰা হৈছে বালিখনন।

এনে অবৈধ খননৰ ফলত ইতিমধ্যে বুঢ়ীদিহিং নদীৰ এক বিশাল অংশ ক্ষতিসাধন হৈছে। নামত বৈধ কিন্তু কামত সম্পূৰ্ণৰূপে অবৈধ এইসকল বালি মাফিয়াই কেৱল জনতাকেই নহয়, নিবিদা প্ৰক্ৰিয়াৰ ক্ষেত্ৰতো চৰকাৰকো জীয়া ফাঁকি দি আহিছে। বালি খননৰ বাবে বিগত কেইবামাহো ধৰি চৰকাৰক দিয়া নাই কৰ। 

a7b57e49-c45c-4589-9a10-855c17d583a0

অসমীয়া প্ৰতিদিন ডিজিটেলৰ হাতত পৰা তথ্য অনুসৰি, অবৈধ প্ৰক্ৰিয়াৰে ওপৰত উল্লেখিত বালিৰ মহলসমূহৰ নিবিদা লাভ কৰি আহিছে কেইগৰাকীমান বিশেষ লোকে। বছৰ বছৰ ধৰি কেনেকৈ এই বালিৰ মহলৰ নিবিদা তেওঁলোকৰ হাতত ৰাখিছে সেয়াও এতিয়া সচেতন মহলৰ বাবে ডাঙৰ এটা ডাঙৰ প্ৰশ্ন।

বৰ্তমান বুঢ়ীদিহিং নদীৰ খামটিঘাট বালিমহলটোত অবৈধভাৱে বালি খনন অব্যাহত ৰখাৰ উপৰি বিগত প্ৰায় ৩মাহ ধৰি চৰকাৰক প্ৰদান কৰা নাই কৰ। ঠিক তেনেকৈ ৩০নং বুঢ়ী দিহিঙৰ সোণাৰাম দেউৰী, ৫৪নং আৰু ৪২ দেউৰীঘাটৰ সঞ্জীৱ দেউৰী, ২৩নং চৰাইবাহীৰ বাবাকণ সোণোৱালে বছৰ বছৰ ধৰি লাভ কৰি আহিছে বালি মহলৰ নিবিদা। এক অদৃশ্য প্ৰভাৱশালী চক্ৰৰ আৰ্শীবাদতেই কোনো নিবিদা নোহোৱাকৈ বেআইনীভাৱে ৪২নং দেউৰীঘাট বালিমহলটো চলাই আছে সঞ্জীৱ দেউৰীয়ে।

c27fb9c7-bdff-4379-8293-639376a7ef05

এই সকলো অবৈধ প্ৰক্ৰিয়াৰ আৰু অবাধ খননৰ বাবে নৈপৰীয়া ৰাইজৰ জীৱন, জৈৱবৈচিত্ৰ্যৰ প্ৰতি সৃষ্টি কৰিব পৰা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় জিলাৰ আটাছুৱে বন বিভাগক বাৰে বাৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই আহিছে। আটাছুৱে দিয়া লিখিত অভিযোগত উল্লেখ আছিল যে, বালি অনা-নিয়া কৰা ডাম্পাৰৰ দৌৰাত্ম্যৰ ফলত বহুলোকে প্ৰাণ হেৰুৱাব লগাও হৈছিল। কিন্তু নিমাত হৈ থাকিল প্ৰশাসন তথা বন বিভাগ। নললে কোনো ব্যৱস্থা। যাৰ ফলত বালিমাফিয়াৰ দপদপনি দিনকদিনে বৃদ্ধি পাইছে জিলাখনত।

সবাতোকৈ চিন্তনীয় দিশটো হৈছে এই অবৈধ খননে বিখ্যাত ডিব্ৰুগড় টিনঠেঙীয়া বনাঞ্চললৈ অশনি সংকেত কঢ়িয়াই আনিছে। খননৰ ফলত অভয়াৰণ্যখনৰ বন্যপ্ৰাণী আৰু প্ৰাকৃতিক পৰিৱেশৰ ওপৰত দীৰ্ঘম্যাদী নেতিবাচক প্ৰভাৱ পৰাৰ প্ৰৱল সম্ভাৱনা আছে। পৰিৱেশ আৰু জনজীৱনত অতিকে প্ৰভাৱ পেলোৱা  অবৈধ খননৰ বিৰুদ্ধে বন বিভাগ তথা প্ৰশাসনে কিয় দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই, তাক লৈ এতিয়া সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

অবৈধ বালি খনন