/asomiyapratidin/media/media_files/2025/12/17/new-bikhekh-protibedon1-1-2025-12-17-13-18-06.jpg)
প্ৰমোদ বড়োৰ আৰ্শীবাদ আছিল পৰিণীতা এন্টাৰপ্ৰাইজৰ সৈতে। বজাৰৰ প্ৰতি কেজিৰ ১৫টকীয়া আলুৰ বীজ ৯০টকাত ক্ৰয় কৰি সংঘটিত কৰিছিল কোটি টকাৰ কেলেংকাৰী। কেৱল পৰিণীতাই লাভ কৰি প্ৰমোদৰ শাসনকালত বি টি চিত বীজ যোগানৰ ঠিকা। কেনেদৰে সংঘটিত কৰিছিল এই দুৰ্নীতি। তথ্যসহ অসমীয়া প্ৰতিদিন ডিজিটেলৰ প্ৰথমখন প্ৰতিবেদন...
প্ৰমোদ বড়োৰ নেতৃত্বত বি টি চিত সংঘটিত লুণ্ঠন আৰু অনিয়মৰ কাহিনী এতিয়া পোহৰলৈ আহিছে। আনহে নালাগে দৰিদ্ৰ কৃষকক বি টি চি কৃষি সঞ্চালকালয়ৰ জৰিয়তে বিতৰণ কৰা আলুৰ বীজ ক্ৰয়ত সংঘটিত হৈছিল কোটি কোটি টকাৰ দুৰ্নীতি।
অসমীয়া প্ৰতিদিন ডিজিটেলৰ হাতত পৰা তথ্য মতে, বি টি চিৰ কৃষিবিভাগে যোৱা ৫টা বছৰত এনে বীজ যোগানৰ প্ৰায়বোৰ ঠিকা নিয়মমাফিক নিবিদাৰ আহ্বান কৰি কৌশলেৰে এটা প্ৰতিষ্ঠানৰ হাততে গতাই দিছিল।
প্ৰমোদৰ শাসনকালত বি টি চিৰ কৃষি বিভাগত উঠি ৰজা- বহি ৰজা হৈ পৰিছিল সুৰজিত ৰায় মালিকানাধীন এম এছ পৰিণীতা এন্টাৰপ্ৰাইজ। ভৱানীপুৰৰ তিতাগুৰীত মুখ্য কাৰ্যালয় থকা এই প্ৰতিষ্ঠানটোক প্ৰথম বি টি চিৰ কৃষি সঞ্চালকালয়ে ২০২১-২২ত ড্ৰেগন ফুইট কাটিং চাপ্লাইৰ বাবে ১৪৭লাখ টকা ঠিকা প্ৰদান কৰিছিল।
সেই ঠিকা আৱন্টনৰ নম্বৰ আছিল- NODA/BTCKDEV-76(RKYV) । সেই ঠিকা আৱন্টনতো ব্যাপক অনিয়ম সংঘটিত হোৱাৰ লগতে নিবিদাত উল্লেখ থকাতকৈ কম পৰিমাণৰ আৰু বজাৰৰ মূল্যতকৈ বহু গুণ বেছি দৰত কাটিং সমূহ যোগান ধৰাৰ অভিযোগ উঠিছিল।
তাৰ পাছতো বি টি চি কৃষি বিভাগ মানেই হৈ পৰিছিল পৰিণীতা এন্টাৰপ্ৰাইজৰ জেপত থকা এটা বিভাগ। একেটা প্ৰতিষ্ঠানকে ২০২৩-২৪বৰ্ষত প্ৰদান কৰিছিল বি টি চিৰ কৃষি বিভাগে আলু বীজ যোগানৰ ঠিকা।
সেই ঠিকাৰ ধনৰ পৰিমাণ আছিল- ২১১লাখ টকা। পৰিণীতা এন্টাৰপ্ৰাইজক হাই ইল্ডিং ভেৰাইটীৰ কঠাঁলৰ পুলি যোগানৰ ঠিকা দিছিল বি টি চিৰ কৃষি বিভাগে। গ্ৰাফ্টিং কৰা কঠাঁলৰ পুলি যোগানৰ নামত স্থানীয়ভাৱে সংগ্ৰহ কৰা নিম্নমূল্যৰ কঠাঁলৰ পুলি যোগান ধৰি প্ৰতিষ্ঠানটোৱে উলিয়াই নিছিল ৪০লাখ টকা। ২০২৩-২৪বৰ্ষত প্ৰদান কৰা সেই ঠিকা ৱৰ্ক অৰ্ডাৰ নম্বৰ আছিল- DA/BTC/K/DEV-04(HORTI) ।
২০২৩-২৪বৰ্ষত প্ৰতিষ্ঠান SOPD আঁচনিৰ অধীনত আলু বীজ যোগানৰ আন এটা ডেৰ কোটি টকাৰ ঠিকাও লাভ কৰিছিল। একেদৰে কাঠফুলাৰ ইউনিং আৰু ইনপুটৰ পেকেট যোগানৰ নামতো ৩৪লাখ টকা ঠিকা লাভ কৰিছিল এই প্ৰতিষ্ঠানটোৱে।
২০২৩-২৪বৰ্ষত উক্ত প্ৰতিষ্ঠানটোৱে বি টি চিৰ প্ৰতিটো এ ডি অ চাৰ্কোলত ৩,০০৬.২০ কুইন্টল আলু বীজ যোগানৰ ঠিকা লাভ কৰোতে সংঘটিত হৈছিল ব্যাপক অনিয়ম। ৰাজ্যৰ কৃষি বিভাগে নিৰ্ধাৰণ কৰি দিছিল আলু বীজৰ প্ৰতি কুইন্টলৰ মূল্য।
সেই অনুসৰি, কৃষি বিভাগে জাৰি কৰা জাননীত প্ৰটেটো জি-৩ৰ বাবে ৪৬৩৮.৪০টকাৰ দৰ নিৰ্ধাৰণ কৰি দিছিল প্ৰতি কুইন্টল আলু বীজৰ বাবে। এই নিৰ্ধাৰণ কৰি দিয়া তালিকাত কে জুটি নামৰ আলু ভেৰাইটীৰ বাবে ৫,৬১৪টকা, কে সূৰ্যৰ বাবে ৫,৬১৬টকাৰ দৰ ধাৰ্য কৰা আছিল।
লক্ষ্যণীয়ভাৱে পৰীণিতা এন্টাৰপ্ৰাইজক বি টি চিৰ কৃষি বিভাগে চাৰ্টিফাইট নকৰা আলুৰ বীজ যোগান ধৰাৰ সুবিধা কৰি দিছিল। বজাৰত তেনে আলু বীজৰ মূল্য ১৫টকা প্ৰতি কেজিত আছিল যদিও প্ৰমোদ বড়োৰ কৃপাত বি টি চিত পৰিণীতা এন্টাৰপ্ৰাইজে ৬গুণ অধিক দৰত সেই বীজ ৯০টকা প্ৰতি কেজি মূল্যত যোগান ধৰিছিল।
ইয়াতকৈ কম মূল্যত আলুৰ বীজ যোগান ধৰা বহু কেইটা প্ৰতিষ্ঠান আছিল যদিও সেইবোৰক বঞ্চিত কৰি এই বীজ যোগানৰ ঠিকা কমিছনৰ অংকত দিয়া কথাতো সৰ্বজনবিদিত। অভিযোগমতে, প্ৰতি হেক্টৰত ২২.৫কুইন্টল হাৰত আলুৰ বীজ যোগান ধৰিব লগা আছিল।
কাগজে-পত্ৰই সেই হাৰতে আলুৰ বীজ যোগান ধৰা দেখুৱাই প্ৰতিষ্ঠানটোৱে ধন উলিয়াই নিলে যদিও বাস্তৱত তাতোতকৈ কম পৰিমাণৰ আলুৰ বীজহে যোগান ধৰিছিল বুলি অভিযোগ উঠিছে। উন্নত প্ৰজাতিৰ আলুৰ বীজ বুলি কৈ স্থানীয় আলুৰ বীজ যিসকল কৃষকে পালে তেওঁলোকৰ উতপাদনো আছিল তেনেই কম।
প্ৰমোদ বড়ো শাসনৰ পৰা আঁতৰাৰ পাছত এতিয়া এই প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে আলুৰ লগতে অন্যান্য কৃষি সামগ্ৰী, বীজ যোগান ধৰোতে সংঘটিত কৰা অনিয়ম আৰু দুৰ্নীতিৰ তদন্ত হাগ্ৰামা মহিলাৰীয়ে কৰিলে প্ৰকৃত সত্য পোহৰলৈ আহিব।
সেই সময়ত বীজ যোগানৰ বাবে নিবিদাত অংশ লোৱা বহু প্ৰতিষ্ঠানে তেনেবোৰ অভিযোগ তুলি বিভাগৰ হাতত অভিযোগো দাখিল কৰিছিল। কিন্তু সুজিত ৰায়ৰ এই প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ সলনি প্ৰমোদ বড়ো চৰকাৰে ইটোৰ পাছত সিটো ঠিকা পৰিণীতা এন্টাৰপ্ৰাইজৰ হাততে তুলি দিছিল। পৰৱৰ্তী সময়ত বি টি চিত কৃষি বিভাগৰ লগতে আন বিভাগত সংঘটিত কৰা আন বহুবোৰ বিস্ফোৰক তথ্য সহকাৰে ফাদিল কৰা হ’ব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us