/asomiyapratidin/media/media_files/2025/08/31/uhhh-2025-08-31-13-19-48.jpg)
দিন চমু চপাৰ লগে লগে গৰম হৈছে বি টি চিৰ পৰিৱেশ। নিৰ্বাচনী যুঁজৰ বাবে প্ৰায় প্ৰতিটো দলেই ঘোষণা কৰিছে প্ৰাৰ্থীৰ নাম। বিজেপিয়েও ঠিক কৰিছে ৰণত নামিবলগীয়া যোদ্ধাৰ নাম। ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদেও ককাঁলত টঙালি বান্ধিছে। সবিশেষ সামৰি এক বিশেষ প্ৰতিবেদন...
বিজেপিক বাদ দি বি টি তি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব লগা প্ৰায় সকলো দলেই প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে বিটিচি নিৰ্বাচনৰ বাবে। ৩১আগষ্ট, ২০২৫ৰ আবেলি বিজেপিয়েও প্ৰকাশ কৰিব বি টি চি নিৰ্বাচনত প্ৰক্ষেপিত প্ৰাৰ্থীৰ নাম। অৱশ্যে তাৰ মাজতে কেইবাটাও আঞ্চলিক ৰাজনৈতিক দলে বি টি চি নিৰ্বাচনৰ বাবে কোনো প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰা নাই।
অসম জাতীয় পৰিষদে এতিয়ালৈকে কোনো প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাই যদিও দেওবাৰে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব দলটোৱে। ৫-৭টা সমষ্টিত প্ৰাৰ্থী প্ৰদান কৰাৰ কথা অসমীয়া প্ৰতিদিন ডিজিটেলক জনালে অসম জাতীয় পৰিষদৰ নেতৃত্বই।
ইফালে ৰাইজৰ দলে বি টি চি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সন্দৰ্ভত দেওবাৰে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিছে। অতি কমেও ৬/৭টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে ৰাইজৰ দলে। বাকী সমষ্টিবোৰত অসম সন্মিলিত মৰ্চাৰ প্ৰাৰ্থীক সমৰ্থন আগবঢ়োৱাৰ সন্দৰ্ভত চিন্তা-চৰ্চা কৰি আছে তেওঁলোকে।
এতিয়ালৈকে বি টি চি নিৰ্বাচনৰ বাবে ঘোষণা কৰা বিভিন্ন দলৰ প্ৰাৰ্থীসকল ক্ৰমে-
ইউ পি পি এলৰ প্ৰথমখন তালিকাত ৩নং শ্ৰীৰামপুৰ সমষ্টিৰ বাবে উইলছন হাছদা, ৪নং জামদুৱাৰ সমষ্টিৰ বাবে চৰণজিৎ বসুমতাৰী, ৫নং চৰাবিল সমষ্টিত ৰাজু কুমাৰ নাৰ্জাৰী, ৭নং ফকিৰাগ্ৰাম সমষ্টিত আচফল হক সৰকাৰ, ৯নং বনাৰগাও সমষ্টিত ৰবিৰাম ব্ৰহ্মক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে।ইফালে ১১ বাওখুংগ্ৰী সমষ্টিত ৰঞ্জিত বসুমতাৰী, ১২নং চালাকাটি সমষ্টিত লৰেঞ্চ ইছলাৰী, ১৩নং চিৰাং সমষ্টিত ছাইখং বসুমতাৰী, ১৫নং কলাইগাও সমষ্টিতচন্দ্ৰন ব্ৰহ্ম, মানস চেৰফাং সমষ্টিত ধনঞ্জয় বসুমতাৰী, ককলাবাৰী সমষ্টিত মিন্টু বড়ো আৰু মুছলপুৰ সমষ্টিত ৰাকেশ ব্ৰহ্মক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ইউ পি পি এলে।
৩১আগষ্ট, ২০২৫ত ১৬জনীয়া দ্বিতীয়খন তালিকা প্ৰকাশ কৰে ইউ পি পি এলে। এই তালিকাত ১নং পৰ্বতঝোৰা পৰিষদীয় সমষ্টিত বাবে প্রসেন কুমাৰ ব্ৰহ্মৰ নাম ঘোষণা। প্ৰসেন কুমাৰ ব্ৰহ্ম UPPL দলৰ পৰ্বতঝোৰা জিলা সমিতিৰ সভাপতি।
২নং গোমা সমষ্টিত-মৌজিদা বেগমক, ৬নং কচুগাঁও - উখিল মুছাহাৰীক, ১৪নং চিৰাংদুৱা-খাম্ফা বৰগয়াৰীক, ১৬নং মিছিমা-ৰঞ্জিত বসুমতাৰীক, ১৯নং ঠুৰিবাৰী- মহম্মদ ৰঞ্জু আহমেদক, ২০নং মঠানগুৰি- মাখন স্বৰ্গীয়াৰীক, ২১নং শালবাৰী- জয় মুছাহাৰীক, ২৩নং দিহিৰা-ভূপেন বডোছাক প্ৰাৰ্থিত্ব প্ৰদান কৰে।
আনহাতে ২৮নং গৈবাৰী -প্ৰমোদ বড়োক, ৩০নং গোৰেশ্বৰ- বিপুল কুমাৰ বসুমতাৰীক, ৩১নং খৈৰাবাৰী-ধৰণী বড়োক, ৩২নং ভেৰগাওঁ-ডাওবৈছা বড়োক, ৩৩নং নোনাই চেৰফাং- মাৰিয়াং তপ্পক, ৩৪নংখালিংদুৱাৰ- ৰবীন্দ্ৰ বড়োক, ৩৮নং ভৈৰৱকুণ্ড- গোবিন্দ চন্দ্ৰ বসুমতাৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ইউ পি পি এলে।
এনেদৰে৩১টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে কংগ্ৰেছেও।জামদুৱাৰসমষ্টিতপ্ৰাৰ্থিত্বপ্ৰদানকৰাহৈছে- ৰঞ্চনাবসুমতাৰীক। চৰাইবিলসমষ্টিতপ্ৰাৰ্থিত্বপ্ৰদানকৰাহৈছে- ৰণঞ্জয়নাৰ্জাৰীক। কচুগাওসমষ্টিতপ্ৰাৰ্থিত্বপ্ৰদানকৰাহৈছে- ক্ৰণমুছাহাৰীক। ফকিৰাগ্ৰামসমষ্টিতপ্ৰাৰ্থিত্বপ্ৰদানকৰাহৈছে- চহৰআলীক। দতমাসমষ্টিতপ্ৰাৰ্থিত্বপ্ৰদানকৰাহৈছে- দুইমুৰজীক। বনাৰগাওসমষ্টিতমতিলালবসুমতাৰীক প্ৰাৰ্থিত্ব দিছে কংগ্ৰেছ নেতৃত্বই।
কংগ্ৰেছ প্ৰক্ষেপিত আন সমষ্টি সমূহৰ প্ৰাৰ্থীসকল হৈছে-
বি পি এফে এতিয়া লৈকে ৩৮টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। ৩৯ নম্বৰ পাচনৈ সেৰফাং সমষ্টিত প্ৰাক্তন কাৰ্যবাহী সদস্য শ্যাম চুণ্ডী, ৪০ নম্বৰ ৰৌতা সমষ্টিত বিধায়ক চৰণ বড়ো, ৩৩ নম্বৰ ননৈ সেৰফাং সমষ্টিত পল টপ্প', ১৯ নম্বৰ মানাস সেৰফাং জাংগিলা হাজোৱাৰী, ২১নম্বৰ শালবাৰী সমষ্টিত দিগন্ত গয়াৰী, ২২ নম্বৰ কোকিলাবাৰী সমষ্টিত সৗমখৗৰ বড়ো, ২৮ নম্বৰ গয়বাৰী(তামুলপুৰ)সমষ্টিত জীতেন মুছাহাৰী ১৮ নম্বৰ থুৰীবাৰী সমষ্টিত প্ৰাক্তন পাৰিষদ খলিলুৰ ৰহমান, ৩৪ নম্বৰ খালিংদুৱাৰ সমষ্টিত প্ৰাক্তন কাৰ্যবাহী সদস্য বঞ্জাৰ দৈমাৰী, ৩২ নম্বৰ ভেৰগাঁও সমষ্টিত মনচুমা বসুমতাৰীক প্ৰদান কৰা হৈছে প্ৰাৰ্থিত্ব।
ঠিক তেনেদৰে, পৰ্বতঝোৰা - মুন মুন ব্ৰহ্ম, গুমা - আনতাজ আলী, শ্ৰীৰামপুৰ - মুক্লেশ্বৰ আহমেদ, চৰাইবিল - মৃত্যুঞ্জয় নাৰ্জাৰী, যমদুৱাৰ - উইলিয়াম নাৰ্জাৰী, দেবৰগাঁও - হাগ্ৰামা মহিলাৰী, দোতমা - প্ৰকাশ বসুমতাৰী, কচুগাঁও - ৰবিৰাম নাৰ্জাৰী, বাওখুংগ্ৰী - ধনেশ্বৰ গৗৱাৰী, ছালাকাটি - দেৰহাছাৎ বসুমতাৰী, নিচিমা - জেমছ বসুমতাৰী, কাজলগাঁও - পানীৰাম ব্ৰহ্ম, চিৰাং - শুকুৰছিং মুছাহাৰী, ছবাইঝাৰ - ধীৰাজ বৰগয়াৰী, মথনগুৰি - বেগম আখতাৰা আহমেদ, দিহিৰা - আগষ্টুছ টিগ্গা, দৰঙাজুলি - ইমানুৱেল মুছাহাৰী, গোৰেশ্বৰ - মহেশ্বৰ বসুমতাৰী, শুক্লাই ছেৰফাং - গণেশ কছাৰী, খৈৰাবাৰী - লমশ্ৰাও দৈমাৰী, ধনশ্ৰী - ফ্ৰেছ মুছাহাৰী, ভৈৰৱকুণ্ড - ৰিহণ দৈমাৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বি পি এফে।
বিটিচি নিৰ্বাচনৰ ৩০ জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে ভোটাৰ্চ পাৰ্টী ইন্টাৰনেচনেল চমুকৈ ভিপিআই দলে। ভোটাৰ্চ পাৰ্টি ইন্টাৰনেচনেলৰ প্ৰাৰ্থী সকল ক্ৰমে ১) ২ নং গোমা পৰিষদীয় সমষ্টিত আনোৱাৰ আলী, ২) ৩ নং শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিত চুমাই মূৰ্মূ ,৩) ৫ নং ছৰাইবিল সমষ্টিত মেধী ৰাভা , ৪) ৬ নং কচুগাঁও সমষ্টিত প্ৰবাজিৎ মুছাহাৰী , ৫) ৮ নং দতমা সমষ্টিত বিশ্বনাথ বসুমতাৰী ৬) ১০ নং দেবৰগাঁও সমষ্টিত ছানিয়া নাৰ্জাৰী, ৭) ১১ নং বাওখুংগ্ৰী সমষ্টিত নিৰ্মল বসুমতাৰী, ৮) ১২ নং ছালাকাটি সমষ্টিত টুনন দৈমাৰী, ৯) ১৩ নং চিৰাং সমষ্টিত বিমলা ওৱাৰী, ১০) ১৪ নং চিৰাং দুৱাৰ সমষ্টিত বিনোদ নাৰ্জাৰী, ১১) ১৫ নং কাজলগাঁও সমষ্টিত তাৰিণী বসুমতাৰী , ১২) ১৬ নং নিচিমা সমষ্টিত তাৰিণী বসুমতাৰী, ১৩) ১৭ নং ছুবাইঝাৰ সমষ্টিত প্ৰাণেশ্বৰী গয়াৰী, ১৪) ১৮ নং মানাস ছেৰফাং সমষ্টিত সমেশ্বৰ বসুমতাৰী, ১৫) ২০ নং মথনগুৰী আবু তালেব আহমেদ ,১৬) ২১ নং শালবাৰী সমষ্টিত জয়ৰাম বসুমতাৰী , ১৭) ২২ নং ককলাবাৰী সমষ্টিত লৱ কুমাৰ বসুমতাৰী, ১৮) ২৩ নং দিহিৰা সমষ্টিত অতুল চন্দ্ৰ দাস, ১৯) ২৪ নং মুছলপুৰ সমষ্টিত ঊৰ্মিলা দাস, ২০) ২৬ নং দৰঙ্গাজুলি সমষ্টিত ধৰতি ৰাভা, ২১) ২৮ নং গয়বাৰী সমষ্টিত জুনমণি ৰাভা, ২২) ২৯ নং শুক্লাই ছেৰফাং সমষ্টিত ৰূপন বসুমতাৰী, ২৩) ৩০ নং গোৰেশ্বৰ সমষ্টিত বিজুলী নাৰ্জাৰী, ২৪) ৩১ নং খৈৰাবাৰী সমষ্টিত দীনেশ্বৰ বড়ো, ২৫) ৩২ নং ভেৰগাঁও সমষ্টিত ফুলন কছাৰী, ২৬) ৩৫ নং মুদৈবাৰী সমষ্টিত তৰুণ কুমাৰ, ২৭) ৩৬ নং হৰিশিঙা সমষ্টিত অনিলা ৰাভা, ২৮) ৩৭ নং ধনশ্ৰী সমষ্টিত বসুদেব বসুমতাৰী, ২৯) ৩৮ নং ভৈৰৱকুণ্ড সমষ্টিত মৃণালিনী দৈমাৰী, ৩০) ৪০ নং ৰৌতা সমষ্টিত সমবাৰু বসুমতাৰী ।
ইফালে প্ৰথমবাৰৰ বাবে বিটিচি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব অলটাৰ্ণেটিভ পাৰ্টি অফ বড়োলেণ্ডে। দলটোৰ নেত্ৰী অঞ্জলী দৈমাৰীৰ নেতৃত্বত গঠন হোৱা দলটোৱে বিটিচি নিৰ্বাচনৰ বাবে ২৫ জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে।
পৰ্বতঝোৰা- জগদীশ বসুমতাৰী, শ্ৰীৰামপুৰ- অলচেন কুমাৰ কিছকু, কচুগাওঁ- প্ৰদীপ কুমাৰ ব্ৰহ্ম, ডতমা- শীলা বসুমতাৰী, বাওখুংগ্ৰী- উডানংশ্ৰী নাৰ্জাৰী, চিৰাং দুৱাৰ- নাইশ্ৰাং ৱাৰী, নিচিমা- জীৰেণ বসুমতাৰী, শালবাৰী- অনিল ব্ৰহ্ম, মুছলপুৰ- নিৰণ দৈমাৰী, বাগানপাৰা- ধ্ৰুৱজীত বসুমতাৰী, নাগ্ৰীজুলি- ৰবীন্দ্ৰ ব্ৰহ্ম,
গাইবাৰী- প্ৰদীপ ৰাভা, শুক্লাই চেৰফাং- নৈবেন্দ্ৰ বড়ো, গোৰেশ্বৰ- কুশল বড়ো, হৰিশিঙা- ড০ অঞ্জলী প্ৰভা দৈমাৰী, ধনশ্ৰী- হুনুক দৈমাৰী, ভৈৰৱকুণ্ড-বি দৈমাৰীক প্ৰদান কৰিছে প্ৰাৰ্থিত্ব।
২ নং গোমা সমষ্টিৰ বাবে মহম্মদ দিলৱাৰ হুছেইন, ৪ নং জামদুৱাৰ সমষ্টিৰ বাবে হাৰিকুলিয়াছ বসুমতাৰী, ৫ নং চৰাইবিল সমষ্টিৰ বাবে নৰ বসুমতাৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। একেদৰে ৯ নং বনাৰগাওঁ সমষ্টিৰ বাবে মনোজ মুছাহাৰীক, ১৯ নং থুৰিবাই সমষ্টি আৰু ১৭ নং ছবাইঝাৰ সমষ্টিৰ বাবে ৰ’জ ৰাজ বসুমতাৰীক, ২৬ নং দৰঙ্গাজুলি সমষ্টিৰ বাবে মনোজ গয়াৰী আৰু ৪০ নং ৰৌতা সমষ্টিৰ বাবে প্ৰমোদ বসুমতাৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে।
উল্লেখ্য যে, বি টি চিৰ ৪০ টা পৰিষদীয় সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ২৬,৫৮,৪৭৭ গৰাকী ৷ ইয়াৰে পুৰুষ ১৩,২৩,৬৭৩ জন আৰু মহিলা ভোটাৰৰ সংখ্যা ১৩,৩৪,৭৪৭ গৰাকী আৰু তৃতীয় লিংগৰ ১৭ গৰাকী ভোটাৰ ৷ এইবাৰ বিটিচি নিৰ্বাচনত মুঠ ভোটকেন্দ্ৰ থাকিব ৩,২৭৯ টা ।
প্ৰণিধানযোগ্য য়ে, ২০২০ চনৰ ডিচেম্বৰত হোৱা নিৰ্বাচনৰ পিছত ২০২০ চনৰ ১৫ ডিচেম্বৰত প্ৰমোদ বড়োৰ নেতৃত্বত ইউ পি পি এল-বি পি এফৰ নতুন পৰিষদ গঠন হৈছিল ৷ বিটিচি নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন হ’ল ২ ছেপ্টেম্বৰ ২০২৫ ৷
মনোনয়নৰ পৰীক্ষা আৰু বৈধ মনোনয়নৰ তালিকা প্ৰকাশৰ দিন হ’ল ৪ ছেপ্টেম্বৰ ২০২৫৷ আনহাতে, প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ শেষ তাৰিখ হ’ল ৬ ছেপ্টেম্বৰ ২০২৫ । নিৰ্বাচনটোত প্ৰতিদ্বন্দ্বিতা কৰা চূড়ান্ত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ’ব ৬ ছেপ্টেম্বৰ ২০২৫ত। বি টি চি নিৰ্বাচনৰ ভোটগ্ৰহণৰ তাৰিখ ২২ ছেপ্টেম্বৰ ২০২৫। ফলাফল ঘোষণা হব ২৬ছেপ্টম্বৰত।