/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/06/BIRY.jpg)
মানুহৰ বাবে মানুহৰ মাজত থাকি যুঁজ দিয়ে তেওঁ। অন্ধবিশ্বাস, ডাউনী, সামাজিক কুপ্ৰথাৰ বিৰুদ্ধে এক প্ৰতিবাদী সত্তা হৈ পৰিছিল এইগৰাকী তেজস্বিনী মহিলা। স্বীকৃতিও আহিছিল তেওঁৰ বাবে। ২০২১ বৰ্ষত তেওঁক যচাঁ হৈছিল পদ্মশ্ৰী। কিন্তু আজি তেওঁ অসুস্থ। ৰাখিছেনে কোনোবাই বীৰুবালা ৰাভাৰ খবৰ। অসমীয়া প্ৰতিদিন ডিজিটেল সংস্কৰণৰ এক বিশেষ প্ৰতিবেদন…
কেতিয়াও ভাগৰি নপৰা মানুহজনী আজিও ভাগৰি পৰা নাই। মানসিক দৃঢ়তাই তেওঁক কেতিয়াও পৰাজয় হ'বলৈ শিকোৱা নাই। এতিয়াও তেওঁৰ চকুৰত সেই অন্ধবিশ্বাসৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰখাৰ তীব্ৰ প্ৰত্যয়। যাতঁনাই তেওঁক চুই গৈছে। এখন ভিতৰুৱা গাঁৱৰ পৰা বিশ্ব দৰবাৰলৈকে তেওঁৰ যাত্ৰা। ডাইনী, অন্ধবিশ্বাস, কুসংস্কাৰৰ বিৰুদ্ধে সচেতনতা আনিবৰ বাবেই জীৱন উৰ্ছগা কৰা মানুহগৰাকীৰ খবৰ আজি ৰাখিছে বা কোনে?
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ সদায় তেওঁ অহাযোৱা কৰি আছে এই দিনকেইটাত। গণেশগুৰি এখন ল'জৰ পৰা কন্যা কুমলী ৰাভাই লৈ যায় তেওঁক জি এম চি এইচলৈ। 'আৰু চাৰিটা আছে…' কৈ গৈছিল কুমলী ৰাভাই মাকৰ অসুখৰ কথা। সকলো ঠিকে ঠাকে থকা হ'লে ইমান দিনে শেষেই হ'লহেতেন। আঙুলিমূৰত হিচাপ কৰিছিল তেওঁ এটা-দুটাকৈ কেইটা ৰে' লৈছে মাক বীৰুবালা ৰাভাই।
সেইদিনা ২২ নে ২৩ এপ্ৰিল আছিল। গেষ্ট্ৰিক আৰু আন কিছু উপসৰ্গ মাক বীৰুবালা ৰাভাৰ দেহত দেখা পোৱা বাবে চিকিৎসকৰ পৰামৰ্শমৰ্মে বহুকেইটা পৰীক্ষা কৰিছিল। সেই পৰীক্ষাতে আহিছিল এই দুঃখবৰ। খাদ্যনলীত কৰ্কট ৰোগ। গুৱাহাটীলৈ লৈ আহিছিল তেওঁক। চিকিৎসকে ৩৫টা ৰে' ল'ব দিলে। সেই পৰিক্ৰমা এতিয়াও চলি আছে। ১জুলাই শেষ হ'ব ৩৫টা ৰে'। তাৰপাছত ঘূৰি যাব ঘৰলৈ।
দিন-ৰাত একাকাৰ কৰি ঘূৰি ফুৰা মানুহজনীয়ে এতিয়া নিজে খাব নোৱাৰে। চিকিৎসা বিজ্ঞানৰ ব্যাৱস্থাৰে তেওঁৰ দেহত চলা চিকিৎসা সমূহে তেওঁক পুনৰ সুস্থ কৰি তুলিব বুলিয়ে পৰিয়ালে আশা কৰে। সেই একে আশা সকলোৰে। পুনৰ সুস্থ হ'ব বীৰুবালা ৰাভা।
২০২১চনত তেওঁক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মান যাচিছিল। ২০১৫চনত তেওঁক যচাঁ হৈছিল উপেন্দ্ৰ নাথ ব্ৰহ্ম চলিডাৰ অফ ইমিউনিটী বটাঁ। গোৱালাপাৰাৰ অসম মেঘালয় সীমান্তৰ ঠাকুভিলা নামৰ ভিতৰুৱা গাঁৱৰ পৰা ৰাষ্ট্ৰসংঘৰ মজিয়ালৈকে যোৱা বীৰুবালা ৰাভাৰ জন্ম হৈছিল ১৯৫৪চনত।
যথেষ্ট কষ্টৰে ডাঙৰ-দীঘল হোৱা বীৰুবালা ৰাভাই পঞ্চম শ্ৰেণীলৈকেহে পঢ়িছিল। আজিৰ পৰা ২৬বছৰ পূৰ্বতে ঘটিছিল তেওঁৰ জীৱনত এক ডাঙৰ ঘটনা। তেওঁৰ ডাঙৰ পুত্ৰ ধৰ্মেশ্বৰ আক্ৰান্ত হৈছিল স্নায়ুৰোগত। মাজে মাজে মূৰ্ছা গৈছিল। পুত্ৰক কেইবাখনো চিকিৎসালয়লৈ নি সুফল নোপোৱাত বেজৰ কাষলৈ নিছিল। বেজে কৈছিল- পুত্ৰ ধৰ্মেশ্বৰৰ দেহত পৰি লম্ভিছে। ৩দিনৰ পিছতে সি মৰিব। বেজৰ কথা সচাঁ হোৱা নাছিল। অসুখ বাঢ়ি গৈ থাকিল পুত্ৰৰ। এদিন পুত্ৰক চিকিৎসাৰ বাবে শ্বিলঙলৈ পঠাই দিব লগা হ'ল।
জীৱনৰ ক'ত দুখৰ গাঠাঁ তেওঁৰ। পুত্ৰৰ পাছতে দুৰাৰোগ্যত স্বামীও মৃত্যু হ' ল। মানুহে ক'লে বীৰুবালা ডাইনী। ১৯৯৯চনৰ কথা। গোৱালপাৰাৰ লক্ষীপুৰৰ দদান মন্দিৰত হোৱা এক সভাত ৫গৰাকী মহিলাক ডাইনী সজোৱা হৈছিল। অকলেই বীৰুবালা ৰাভাই প্ৰতিবাদ কৰিলে। ক'লে- ডাইনী তেওঁ নহয়। এইবোৰ ভণ্ডামি। তাৰপিছত তেওঁৰ জীৱন এখন মেলা কিতাপ। ক'ত জীৱন তেওঁ ৰক্ষা কৰিছে সাহসেৰে আগবাঢ়ি গৈ। ২০০৫চনত তেওঁৰ নাম শান্তিৰ নোবেল বটাঁৰ বাবেও মনোনিত হৈছিল।
মিছন বীৰুবালাৰ জৰিয়তে এক চেতনাৰ উন্মেষ কৰি অন্ধবিশ্বাস, কুসংস্কাৰৰ বিৰুদ্ধে যুঁজ দি যোৱা বীৰুবালা ৰাভা এতিয়া শয্যাশায়ী। তেওঁ প্ৰতিবাদী সত্তাৰে সমাজমুখী চেতনাত প্ৰৱাহিত এক আধুনিক মনৰ গৰাকী। বীৰুবালা ৰাভাৰ চিকিৎসা চলি আছে। গণেশগুৰি ল'জৰ পৰা প্ৰায় প্ৰতিদিনে চলি আছে চিকিৎসালয়লৈ অহাযোৱা।
এজন উচ্চপদস্থ আৰক্ষী বিষয়াই ৰাখিছে খবৰ। যাৱতীয় সকলো ব্যৱস্থা কৰি দিছে তেৱেই। জী কুমলীয়ে সুধিলে- মাৰ ৰে' কেইটা শেষ হ'লে যাব পাৰিম ছাগৈ ঘৰলৈ? মাতৃ বীৰুবালা ৰাভাৰ চকুতো সেই সুপ্ৰতিভ দৃষ্টি, একেই দৃঢ়তাৰে তেওঁ থিয় হৈ আছে। স্থিতপ্ৰজ্ঞ হৈ আকৌ সুস্থ হৈ এই অন্ধবিশ্বাস, কুসংস্কাৰৰ বিৰুদ্ধে থিয় হোৱাৰ প্ৰৱল ইচ্ছাৰ কথাই যেন তেওঁৰ দৃষ্টিয়ে কৈ গৈছে।