/asomiyapratidin/media/media_files/2025/11/06/a992a23b-b1d6-4650-ae36-24590a667dfb-1-2025-11-06-23-45-17.jpg)
বিহাৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত বৃদ্ধি পালে ভোটদানৰ হাৰ। পূৰ্বতকৈ অভিলেখ সৃষ্টি কৰিলে এইবাৰৰ ভোটদান প্ৰক্ৰিয়াই। ইয়াৰ পৰা কি অনুমান কৰিব পাৰি? সবিশেষ সামৰি এক বিশেষ প্ৰতিবেদন...
বিহাৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ভোটদানৰ হাৰ হৈছে ৬৪.৫৬শতাংশ। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৰাজ্যখনৰ ১৮ খন জিলাৰ ১২১ টা সমষ্টি সামৰি লোৱা হৈছিল। এই ১৮খন জিলাৰ সৰ্বাধিক ভোটদানৰ হাৰ হৈছে মুজ্জাফৰপুৰ জিলাত। এই জিলাখনত ভোটদানৰ হাৰ হৈছে ৭১.৪১শতাংশ।
উল্লেখ কৰা প্ৰয়োজন যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নতুন দিল্লীত কাৰ্যভাৰ লৈ পুনৰ ক্ষমতালৈ অহাৰ ১৭ মাহৰ পাছত এই নিৰ্বাচন অনুষ্ঠিত হৈছে। বিহাৰ বিধানসভাৰ নিৰ্বাচনে আগন্তুক সময়ত দেশৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া বহুকেইখন ৰাজ্যত ৰাজনৈতিক দলসমূহৰ ভাগ্য নিৰ্ণয় কৰিব।
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বহুকেইগৰাকী হাইপ্ৰফাইল নেতাৰ ভাগ্য বন্দী হৈছে ই ভি এমৰ বাকচত। এই প্ৰাৰ্থীৰ সকলৰ ভিতৰত আছে লালু প্ৰসাদ যাদৱৰ দুই পুত্ৰ। লালুৰ দুই পুত্ৰ তেজস্বী আৰু তেজ প্ৰতাপ যাদৱৰ ভাগ্য প্ৰথম পৰ্যায়ৰ নিৰ্বাচনতে নিৰ্ণয় হ’ব। তেজস্বী যাদৱ হৈছে বিৰোধী শক্তিৰ মুখ্যমন্ত্ৰীৰ পদৰ বাবে প্ৰক্ষেপিত প্ৰাৰ্থী। বিজেপিৰ সতীশ কুমাৰৰ বিৰুদ্ধে এইবাৰৰ নিৰ্বাচনত ৰাঘুপুৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে তেজস্বী যাদৱে।
আনহাতে পিতৃ আৰু ভাতৃৰ পৰা আতঁৰি গৈ লালুৰ সৰু পুত্ৰ তেজ প্ৰতাপ যাদৱে এইবাৰ বিহাৰত নতুন দল খুলি যুঁজত নামিছে। তেজ প্ৰতাপ নতুন দলটোৰ নাম হৈছে জনশক্তি জনতা দল। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া মহুৱা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে তেজ প্ৰতাপে।
আনফালে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিহাৰৰ বৰ্তমানৰ বহুকেইগৰাকী মন্ত্ৰী আৰু উপমুখ্যমন্ত্ৰীৰ ভাগ্যও নিৰ্ণয় হব। উপ মুখ্যমন্ত্ৰী বিজয় কুমাৰ সিনহা এইবাৰ লখীছৰায় সমষ্টিৰ পৰা ধাৰাবাহিকভাৱে চতুৰ্থবাৰৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াইছে। বিহাৰৰ অতি শক্তিশালী নেতা সম্ৰাট চৌধুৰী, অৰুণ কুমাৰ শ্বাহ, মন্ত্ৰী মঙ্গল পাণ্ডে, অবধ চৌধুৰী, মহম্মদ চাহাবুদ্দিনৰ দৰে নেতাৰ ভাগ্য নিৰ্ণয়ো হ’ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণতে।
এইখিনিতে উল্লেখ কৰিব লাগিব যে, যোৱাবাৰ বিহাৰত এই ১২১খন আসনত ভোটদানৰ হাৰ আছিল ৫৫.৮১ শতাংশ । এইবাৰ পূৰ্বৰ এই অভিলেখ ভংগ হয় বিয়লিভাগতে । ২০১৫ চনত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৫৬.৯ শতাংশ।
এইবাৰৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অভিলেখ সংখ্যকভাৱে বৃদ্ধি পালে ভোটদানৰ হাৰ। বিহাৰত বিশেষকৈ বহুকেইটা ফেক্টৰে ক্ৰিয়া কৰি এইবাৰৰ নিৰ্বাচনত। এই বিশেষ ৬টা ফেক্টৰ হৈছে-
১. নিবনুৱা সমস্যা: ভাৰতৰ ভিতৰত আটাইতকৈ নিবনুৱাৰ সংখ্যা থকা ৰাজ্যখনৰ ভিতৰত বিহাৰ অন্যতম । এন ডি এয়ে চৰকাৰে পূৰ্বে বিহাৰৰ নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত বিফল । এপাঁচি শাকত এটা জালুকৰ দৰে । লাখ লাখ নিবনুৱা থকা ৰাজ্যখনত মাত্ৰ ৫ হাজাৰ নিযুক্তি বিগত নীতিশ কুমাৰৰ নেতৃতাধীন চৰকাৰৰ কাৰ্যকালত । কিন্তু নিৰ্বাচনী প্ৰচাৰ সভাসমূহত যদিও প্ৰতিটো দলে নিযুক্তিৰ প্ৰসংগ উল্লেখ কৰিছে তথাপিও ৰাইজে আস্থাত ল’ব পৰা নাই ।
২. প্ৰশ্নকাকত ফাদিল : বিহাৰ লোকসেৱা আয়োগৰ পৰীক্ষা, বিহাৰ শিক্ষক নিযুক্তি পৰীক্ষাৰ লগতে অন্যান পৰীক্ষাত হোৱা প্ৰশ্ন কাকত ফাদিল আৰু নিযুক্তিৰ কেলেংকাৰীয়ে বিহাৰত চৰ্চিত বিষয় হৈ পৰিছিল । কেলেংকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ শিক্ষাৰ্থীয়ে আৰক্ষীৰ কোব খাবলগীয়া হৈছিল ।
৩. আঁচনি : বিহাৰত জাত-পাতৰ ৰাজনীতি আছে যদি মহিলা ভোটাৰে নিৰ্ণায়ক ভূমিকা পালন কৰে । সেয়ে প্ৰতিটো ৰাজনৈতিক দলে মহিলা ভোটাৰক আকৰ্ষণ কৰিবলৈ বিভিন্ন আঁচনিৰ টোপ দি আহিছে । পিছে আঁচনিয়ে কাক ক্ষমতা দখলত সহায় কৰিব সেয়া হ’ব লক্ষণীয় ।
৪. বানপানীৰ সমস্যা: কুশী নদীক বিহাৰৰ চকুলো বুলি কোৱা হয় । সেই কুশী নদীৰ পানীয়ে বাৰিষা কালত ভয়ংকৰ ৰূপ লয় আৰু লাখ লাখ পৰিয়াল সমস্যাৰ সন্মুখীন হৈছে । সেয়া বিহাৰবাসীৰ বছৰ বছৰ ধৰি প্ৰশ্ন ‘বান নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে কি ব্যৱস্থা ল’ব ?
৫. উদ্যোগীক ব্যৱস্থা : লালু যাদৱৰ দিনতে বিহাৰত যি চৰকাৰী কাৰখানা আছিল তাৰ পাছতে কোনো চৰকাৰী উদ্যোগী স্থাপন হোৱা নাই বিহাৰত । শেহতীয়াকে নীতিশ কুমাৰ চৰকাৰে উদ্যোগপতি গৌতম আদানীক বিহাৰত উদ্যোগ স্থাপনৰ বাবে অতি কম মূল্যত ভূমি প্ৰদান কৰাক লৈ ক্ষোভ আছে বিহাৰবাসীৰ । যি সময়ত চৰকাৰে উদ্যোগ স্থাপনৰ বাবে ভূমি নাই বুলি উল্লেখ কৰিছে সেই সময়ত পুঁজিপতিক উদ্যোগ স্থাপনৰ বাবে কৰ পৰা ভূমি দিলে বুলি প্ৰশ্ন কৰিছিল বিহাৰবাসীৰ ।
৬. এছ আই আৰ : বিহাৰবাসীৰ ক্ষোভ, নিৰ্বাচন আয়োগে ভোটাৰৰ ওপৰত অত্যাচাৰ চলাইছে । কাৰণ ভোটাৰ তালিকাৰ পৰা লাখ লাখ লোকৰ নাম কৰ্তন কৰি সমস্যাৰ সৃষ্টি কৰিছিল । ইয়াৰ সুবিধা বিৰোধীয়ে গ্ৰহণ কৰি কৈছিল, বিজেপি আৰু নিৰ্বাচন আয়োগ মিলি ভাৰতীয় নাগৰিক ওপৰত প্ৰশ্নবোধক চিহ্ণ ওলমাই ৰাখিলে । কিন্তু ন্যায়ালয়ৰ হস্তক্ষেপত এছ আই আৰ সমস্যা কিছু সমাধান হল যদিও ক্ষোভ আছে ভোটাৰ ৰাইজৰ মাজত ।
এনেবোৰ ফেক্টৰে বিহাৰত নীতিশ কুমাৰৰ এন ডি এ চৰকাৰ পুনৰ গঠনত যথেষ্ট প্ৰভাৱ পেলাব। আনহাতে ৰাজনৈতিক এক সূত্ৰ আছে যে, যদিহে নিৰ্বাচনত ভোটদানৰ হাৰ কমে তেন্তে শাসকীয় পক্ষৰ ভাল আৰু যদিহে ভোটদানৰ হাৰ বাঢ়ে তেন্তে প্ৰতিষ্ঠান বিৰোধী এক ঢৌৱে নিৰ্বাচনত ক্ৰিয়া কৰিছে বুলি ধৰা হয়।
অৱশ্যে এতিয়াও দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ বাকী আছে। উল্লেখ্য যে, বিহাৰত বিগত বিধানসভা নিৰ্বাচনত বিজেপি আৰু জে ডি ইউ নেতৃত্বাধীন এন ডি এ-ই ১২৫ খন আসন লাভ কৰাৰ বিপৰীতে আৰ জে ডি আৰু কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটবন্ধনে ১১০ খন আসন লাভ কৰিছিল ৷ বিপৰীতে আন আন দলসমূহে ৮ খন আসন লাভ কৰিছিল । ৭৫ খনকৈ আসন লাভ কৰি একক বৃহত্তম দলত পৰিণত হৈছিল আৰ জে ডি । বিজেপিয়ে ৭৪ আৰু জে ডি ইউয়ে ৪৩ খনকৈ আসন লাভ কৰিছিল ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us