বিজেপিৰ চমক, নীতিশৰ যাদু! পেকেটতেই থাকিল বিৰোধীৰ লাডু...

বিহাৰৰ জনাদেশ আহিল। বিহাৰবাসীয়ে পুনৰ আদৰি ল’লে বিজেপি নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটক। মুখ্যমন্ত্ৰীৰ আসনত বহিম বুলি দিন-বাৰ ঠিক কৰা বিৰোধী শক্তি বেকফুটত পৰিল। পূৰ্বৰ নিৰ্বাচনতকৈ

New Update
ujjjf

বিহাৰৰ চূড়ান্ত ফলাফল। বিজেপি, জে ডি ইউয়ে এইবাৰৰ নিৰ্বাচনত চমক সৃষ্টি কৰিলে। বিহাৰৰ ৰাজনৈতিক ইতিহাসত প্ৰথমবাৰৰ বাবে এন ডি এ মিত্ৰজোঁটে লাভ কৰিলে ২০০ৰো অধিক আসন। কোন দলে কিমান আসন পালে? কোন দলে সৰ্বাধিক ভোট পালে? প্ৰধানমন্ত্ৰীয়ে এই জয়ক লৈ কি ক'লে? সবিশেষ সামৰি এক প্ৰতিবেদন...

বিহাৰৰ জনাদেশ আহিল। বিহাৰবাসীয়ে পুনৰ আদৰি ল’লে বিজেপি নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটক। মুখ্যমন্ত্ৰীৰ আসনত বহিম বুলি দিন-বাৰ ঠিক কৰা বিৰোধী শক্তি বেকফুটত পৰিল। পূৰ্বৰ নিৰ্বাচনতকৈ দলীয়ভাৱে অধিক শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিলে বিজেপি, জে ডি ইউ আৰু চিৰাগ পাচৱানৰ দল লোক জনশক্তি পাৰ্টিয়ে। 

২০২৫ৰ বিহাৰ বিধানসভা নিৰ্বাচনত কোন মিত্ৰজোঁটে কিমান আসন পালেঃ

এইবাৰৰ বিহাৰ নিৰ্বাচনত এন ডি এ মিত্ৰজোটেঁ চমক সৃষ্টি কৰিলে। ২০০ৰ দেওনা পাৰ কৰি এইবাৰ এন ডি এ মিত্ৰজোঁটে লাভ কৰিলে ২০২খন আসন। বিহাৰৰ ৰাজনীতিৰ ইতিহাসত এয়া সৰ্ববৃহত জয় এন ডি এৰ। উল্লেখ কৰা প্ৰয়োজন যে, ২০২০ৰ নিৰ্বাচনতকৈ ২০২৫ৰ নিৰ্বাচনত এন ডি এ মিত্ৰজোঁটৰ ৮০খন আসন বৃদ্ধি পালে। ২০২০ৰ নিৰ্বাচনত এন ডি এ মিত্ৰজোঁটে লাভ কৰিছিল ১২২খন আসন।

ইফালে এইবাৰৰ নিৰ্বাচনত ধৰাশায়ী হ'ল বিৰোধী মহাঁজোট। হোৰাহোৰে কমিল বিৰোধীৰ আসন। ২০২০ৰ নিৰ্বাচনত ১১৪খন আসন দখল কৰা বিৰোধী মহাজোঁটে এইবাৰ লাভ কৰিলে মাত্ৰ ৩৫খন আসন। ২০২০ৰ নিৰ্বাচনৰ তুলনাত ২০২৫ত বিৰোধী মহাজোঁটৰ আসনৰ সংখ্যা কমিল ৭৯খন।

বিহাৰ নিৰ্বাচনত নিদৰ্লীয় হিচাপে প্ৰাৰ্থিত্ব আগবঢ়োৱা ৬গৰাকী প্ৰাৰ্থীয়ে শেষ হাঁহি মাৰিলে। ২০২০ত নিদৰ্লীয় হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াই জয়ী হৈছিল ৭গৰাকী প্ৰাৰ্থী।

দলীয়ভাৱে কোন দলে কি প্ৰদৰ্শন কৰিলে বিহাৰৰ ২০২৫ৰ বিধানসভা নিৰ্বাচনতঃ

২০২৫ৰ নিৰ্বাচনত দলীয়ভাৱে সৰ্বাধিক উত্তম প্ৰদৰ্শন কৰিলে নীতিশ কুমাৰৰ জে ডি ইউ দলে। ২০২০ নিৰ্বাচনতকৈ এইবাৰৰ নিৰ্বাচনত ৪২খন আসন বেছিকৈ লাভ কৰিলে নীতিশ কুমাৰৰ দলে। ২০২০ত ৪৩খন আসন লাভ কৰা জে ডি ইউয়ে ২০২৫ৰ নিৰ্বাচনত লাভ কৰিলে ৮৫খন আসন। 

আনফালে এইবাৰ বিজেপিয়েও এককভাৱে প্ৰদৰ্শন কৰিলে শক্তি। ২০২০ৰ তুলনাত ২০২৫ত ১৫খন আসন বৃদ্ধি পালে বিজেপিৰ। ২০২০ত বিজেপিয়ে লাভ কৰিছিল ৭৪খন আসন। ইয়াৰ বিপৰীতে ২০২৫ত বিজেপিয়ে লাভ কৰিলে ৮৯খন আসন।

২০২০ৰ নিৰ্বাচনত মাত্ৰ এখন আসন লাভ কৰিছিল চিৰাগ পাচৱান নেতৃত্বাধীন লোক জনশক্তি পাৰ্টিয়ে। কিন্তু এইবাৰ চমক সৃষ্টি কৰি লোক জনশক্তি পাৰ্টি(ৰাম বিলাস)য়ে লাভ কৰিলে ১৯খন আসন। এন ডি এৰ অন্তভূৰ্ক্ত এই লোক জনশক্তি পাৰ্টি। 

২০২০তকৈ এইবাৰৰ নিৰ্বাচনত ভাল ফলাফল দেখুৱাই গাদীত বহাৰ ইচ্ছা পোষণ কৰা লালু প্ৰসাদ যাদৱৰ দল আৰ জে ডি এইবাৰ বৰ বেয়াকৈ বেকফুটত পৰিল। ২০২০ৰ নিৰ্বাচনতকৈ ৫০খন আসন কমকৈ পালে তেজস্বী যাদৱে নেতৃত্ব দিয়া দলটোৱে। তেজস্বী যাদৱ আছিল এইবাৰৰ বিৰোধী মহাজোঁটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী। আৰ জে ডিয়ে এইবাৰ লাভ কৰিলে মাত্ৰ ২৫খন আসন। ২০২০ত ৭৫খন  আসন লাভ কৰিছিল আৰ জে ডিয়ে।

কংগ্ৰেছৰ ফলাফল এইবাৰ অতিকৈ শোচনীয়। ২০২০ত ১৯খন আসন লাভ কৰা কংগ্ৰেছে এইবাৰ পালে মাত্ৰ ৬খন আসন। অৱশ্যে কংগ্ৰেছে ৬১খন আসনত প্ৰাৰ্থিত্ব দিছিল। সেয়েহে হ'লেও এইবাৰৰ নিৰ্বাচনত ২০২০তকৈ প্ৰায় ১৩খন হ্ৰাস পালে কংগ্ৰেছৰ। 

আনফালে নিজৰ ৰণনীতিৰে বহুতৰ হাতত শাসন তুলি দিয়া প্ৰশান্ত কিশোৰ বৰ বেয়াকৈ ফেইল মাৰিলে এইবাৰৰ নিৰ্বাচনত। নতুন দল জন সূৰষ পাৰ্টিয়ে খাটাই খুলিব নোৱাৰিলে। বহু সমষ্টিৰ এই দলটোৰ প্ৰাৰ্থীৰ আমানতৰ ধন ঘূৰাই দিয়াৰ পৰিস্থিতিও উদ্ভৱ হ'ল।

এইবাৰৰ বিহাৰ নিৰ্বাচনত AIMIM দলে ৫খন আসন, HAM দলে লাভ কৰিছে ৫খন আসন, ৰাষ্ট্ৰীয় লোক মৰ্চাই লাভ কৰিলে ৪খন আসন। 

সৰ্বাধিক ভোট লাভ কৰা দল কোনটোঃ

এইবাৰৰ নিৰ্বাচনত সৰ্বাধিক ভোট লাভ কৰা দলটো বিজেপি নাইবা জে ডি ইউ নহয়। পূৰ্বৰ নিৰ্বাচনতকৈ ৫০খন আসন কমকৈ পালেও আৰ জে ডি দলৰ লাভ কৰা মুঠ ভোট শতাংশ সবাতোকৈ বেছি। ২০২৫ৰ বিহাৰ বিধানসভা নিৰ্বাচনত সৰ্বাধিক ভোট লাভ কৰা দলটো হৈছে লালু প্ৰসাদ যাদৱৰ দল আৰ জে ডি।

আৰ জে ডিয়ে মুঠ ভোটৰ ২৩শতাংশ ভোট লাভ কৰিছে। দলটোৱে লাভ কৰা ভোটৰ সংখ্যা ১১,৫৪৬,০৫৫টা। আনহাতে বিজেপি দলে এইবাৰৰ নিৰ্বাচনত লাভ কৰিছে ২০.০৮শতাংশ ভোট। বিজেপিয়ে লাভ কৰা ভোটৰ সংখ্যা ১০,০৮১,১৪৩টা।

সৰ্বাধিক ভোট লাভৰ ক্ষেত্ৰত তৃতীয় স্থানতহে আছে নীতিশ কুমাৰৰ দলে জে ডি ইউ।  মুঠ ভোটৰ ভিতৰত ১৯.২৫শতাংশ ভোট লাভ কৰিছে জে ডি ইউয়ে। দলটোৱে লাভ কৰিছে ৯,৬৬৭,১১৮টা ভোট।

বিহাৰত এইবাৰ নিদৰ্লীয়ভাৱে প্ৰাৰ্থিত্ব আগবঢ়োৱা প্ৰাৰ্থীসকলে কংগ্ৰেছতকৈ বেছি ভোট লাভ কৰিলে। মুঠ ভোটৰ প্ৰায় ১৪শতাংশ ভোট লাভ কৰিলে নিদৰ্লীয় প্ৰাৰ্থীসকলে। ইয়াৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিলে ৮.৭১শতাংশ ভোট। 

লোক জনশক্তি পাৰ্টিয়ে ৪.৯৭শতাংশ,  চি পি আই এম এলে লাভ কৰিছে ২.৮৪শতাংশ, বি এছ পিয়ে লাভ কৰিছে ১.৬২শতাংশ ভোট। লক্ষ্যণীয় কথাটো হৈছে যে, এইবাৰৰ বিহাৰ নিৰ্বাচনত ন'টাত পৰিল ৯লাখ ১০হাজাৰ ৭৩০টা ভোট।

অভূৰ্তপূৰ্ব বিজয় সাব্যস্ত কৰি কি ক'লে প্ৰধানমন্ত্ৰীয়েঃ

বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ৰ পৰা জনতাক সম্বোধন কৰি প্রধানমন্ত্রীয়ে এই জয়ক সুশাসন, বিকাশ, সামাজিক ন্যায় আৰু জনকল্যাণৰ বিজয় বুলি অভিহিত কৰে। তেওঁ কয় যে, জনসাধাৰণৰ এই সমর্থনে বিহাৰৰ উন্নয়নৰ বাবে নতুন উদ্যমেৰে কাম কৰাৰ লগতে জনসাধাৰণৰ প্ৰতি সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত চৰকাৰখনক অধিক সবল কৰি তুলিব।

প্ৰধানমন্ত্ৰীয়ে লগতে কয়, এয়া বিজেপিৰ প্ৰতি ৰাইজৰ বিশ্বাসৰ প্ৰতিফলন। বিহাৰৰ ৰাইজে বিকশিত বিহাৰৰ আশাত ভোটদান কৰিছে। বিহাৰে ২০১০ ৰ পাছত আটাইতকৈ ডাঙৰ জনাদেশ দিলে। এতিয়াৰ পৰা বিহাৰৰ বিকাশ যাত্রাক ঊৰ্ধ্বমুখী কৰাৰ প্রয়াস হ’ব। মহিলা আৰু যুৱ চামক প্রাধান্য দি চৰকাৰ আগবাঢ়িব বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে।

শ্ৰী মোডীয়ে লগতে কয়, বিহাৰৰ জনতাই জংঘলৰাজ চলোৱা দলক নস্যাৎ‍ কৰিলে। তেওঁ লগতে নীতিশ কুমাৰ, সম্রাট চৌধুৰীকো প্রশংসা কৰি কয়, বিহাৰত পূৰ্বে মাওবাদীৰ ভয় আছিল, এতিয়া চৌদিশ শান্তি।
ভাৰতৰ লোকে বৰ্তমান দ্রুত গতিত বিকাশ বিচাৰে। বিহাৰৰ মহান ভূমিত আৰু কেতিয়াও জংঘলৰাজ চলিব নোৱাৰে। এই জয় বিহাৰৰ যুৱসমাজৰ জয় বুলিও কয় প্ৰধানমন্ত্ৰীয়ে।

তাৰোপৰি প্ৰধানমন্ত্ৰী মোডীয়ে বিহাৰৰ প্ৰতি গৰাকী মহিলা, যুৱচাম তথা কৃষক সমাজৰ লগতে এন ডি এৰ প্ৰতিগৰাকী কৰ্মীক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয়, এন ডি এ-ই বিহাৰত সকলো স্তৰতে উন্নয়ন আনিছে। আমাৰ কামৰ ভিত্তিত আৰু ৰাজ্যখনক নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে মানুহে আমাক ভোট দিছিল। আজি সমগ্ৰ দেশ বিহাৰক লৈ গৌৰাম্বিত। এই বিজয় বিহাৰৰ সেই প্ৰতিগৰাকী যুৱচামৰ,যাৰ ভৱিষ্যত কংগ্ৰেছ,আৰ জে ডিয়ে ধ্বংসৰ গৰাহলৈ পঠিয়াই দিছিল।

প্ৰধানমন্ত্ৰীয়ে এন ডি এ পৰিয়ালৰ হৈ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু ছিৰাগ পাছৱান, জিতনৰাম মাঝী, উপেন্দ্ৰ কুশৱাহাক এই জয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰে। লগতে কয়, সংখ্যাগৰিষ্ঠতা লাভ কৰাটোৱেই সুশাসন, সুস্থিৰতা তথা এন ডি এৰ বিকাশক যে ৰাজ্যখনে আকোঁৱালি লৈছে তাকেই প্রমাণ কৰিছে। এই অভূতপূর্ব ফলাফলে বিকশিত বিহাৰ আৰু বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাত অধিক সহায় কৰিব।এই বিকাশৰ যাত্ৰা অব্যাহত থাকিব।

প্ৰধানমন্ত্ৰীয়ে আৰু কয়, আজিৰ এই বিজয় প্ৰতিগৰাকী বিহাৰৰ উন্নয়ন বিৰোধীলৈ এক উত্তৰ। যিসকলে বিহাৰৰ ছঠ পূজাক নাটক বুলি কৈছিল সেই কংগ্ৰেছী-আৰজেডিয়ে এই পৰ্যন্ত ছঠ মাৰ ওচৰত ক্ষমা নিবিচাৰিলে। ৰাজ্যবাসীয়ে তেওঁলোকক কেতিয়াও ক্ষমা নকৰে। ইয়াৰ বিপৰীতে আমি ছঠ পূজাক ইউএনেছস্ক' ৰ হেৰিটেজ তালিকাত সন্নিৱিষ্ট কৰাৰ প্ৰয়াস কৰি আছো। 

বিহাৰৰ জনসাধাৰণৰ প্ৰতিটো ভোট হৈছে দেশৰ সুৰক্ষা আৰু সম্পদসমূহৰ ক্ষেত্ৰত আপোচ কৰাৰ বিৰুদ্ধে চৰকাৰৰ নীতিৰ ওপৰত জনসাধাৰণৰ বিশ্বাসৰ প্রতীক বুলি মন্তব্য কৰে মোডীয়ে। শেষত এই নির্বাচনৰ সময়ছোৱাত দলীয় কর্মকর্তাসকলৰ অবিৰত কঠোৰ পৰিশ্ৰমৰো প্ৰধানমন্ত্ৰীয়ে শলাগ লয়। ৰাজ্যখনৰ জনসাধাৰণৰ আস্থা, আশা-আকাংক্ষাসমূহ অধিক উৎসর্গীকৃত মনোভাৱেৰে পূৰণ কৰা হ'ব বুলি তেওঁ নিশ্চয়তা প্রদান কৰে।

বিহাৰ বিহাৰ চৰকাৰ