/asomiyapratidin/media/media_files/2026/01/01/new-bikhekh-protibedon-1-2026-01-01-11-03-27.jpg)
প্ৰচণ্ড অসম প্ৰেমেৰে উদ্বুব্ধ কেইগৰাকীমান ডেকাই দিগন্তপ্ৰসাৰী লক্ষ্যৰে আৰম্ভ কৰা অসম জাতীয় বিদ্যালয় নামৰ শিক্ষানুষ্ঠানখনে ৩৩ টা গৌৰৱময় বৰ্ষ অতিক্ৰম কৰিলে। ১৯৯৪ চনৰ পহিলা জানুৱাৰী৷ এটা সপোনে প্ৰাণ পাইছিল৷ গঢ় লৈ উঠিছিল ‘অসম জাতীয় বিদ্যালয়’৷ বিগত ৩৩ বছৰে সেই বিদ্যালয়ে গঢ়ি আহিছে অলেখ জীৱন৷
অসমীয়া ভাষাৰ প্ৰতি অহা সংকট প্ৰতিৰোধৰ বাবে ৰাজপথত শ্ল'গান দিলে নহ'ব। অসমীয়া ভাষাক জীয়াই ৰাখিবলৈ হাতে-কামে লাগিব লাগিব। সেই চিন্তা-চৰ্চাৰে বিজ্ঞানসন্মত ভাৱে মাতৃভাষাক শিক্ষা আহৰণৰ বাট কাটি ১৯৯৪চনৰ ১ জানুৱাৰীত এখন বিদ্যালয় স্থাপন কৰা হৈছিল। সেই সময়ত অসমীয়া মাধ্যমৰ প্ৰতি মানুহৰ আস্থাহীনতা, হীনমান্যতাই বিৰাজ কৰিছিল। অভিভাৱকসকলে অসমীয়া মাধ্যমত সন্তানক পঢ়োৱাব নিবিচাৰিছিল।
সেই পৰিৱেশ-পৰিস্থিতিত এনে এখন বিদ্যালয় স্থাপন কৰাতো আছিল অত্যন্ত প্ৰত্যাহ্বানমূলক। কেইজনমান বিশেষ লোকৰ তৎপৰতাত, তেওঁলোকৰ চেষ্টা আৰু সাধনাৰ বলত এই বিদ্যালয়খনে এক নজিৰ স্থাপন কৰি ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ বিপৰীতে অসমীয়া মাধ্যমতো যে গুণগত শিক্ষা সম্ভৱ সেয়া প্ৰমাণ কৰি দিলে।
৩৪ বছৰত ভৰি দিয়া এই বিদ্যালয়খনে ছাত্ৰ-ছাত্ৰীক কেৱল শিক্ষাদানেই কৰা নাই, জাতীয় জীৱনৰ প্ৰতি মূল্যবোধৰ শিক্ষাৰ লগতে এক দায়িত্বশীল নাগৰিকৰূপে প্ৰতিজন ছাত্ৰ-ছাত্ৰীক গঢ়িবলৈ চেষ্টা কৰিছে। সেই চেষ্টাৰ সফলতাৰ বলতেই এই বিদ্যালয়খন উত্তৰ-পূবৰেই এখন শ্ৰেষ্ঠ বিদ্যালয়ৰূপে গঢ় লৈ উঠিছে।
'কৰ্ম মোৰ সংস্কৃতি'- এই বিদ্যালয়খনৰ মূল নীতি। অসমৰ প্ৰতিজন লোকৰ বাবেই এই বিদ্যালয়ত সন্তানক নাম ভৰ্তিৰ বাবে আসন লাভ কৰাতো এক সপোন। অত্যন্ত দায়ৱদ্ধতাৰে, নিষ্ঠাৰে জাতীয় জীৱনৰ প্ৰতি কিবা এটা কৰাৰ মানসেৰে এই বিদ্যালয়খন আৰম্ভ কৰা হৈছিল। ছাত্ৰ-ছাত্ৰীৰ জীৱন গঢ়িবলৈ সকলো ধৰণৰ ত্যাগ, চেষ্টা কৰিবলৈ এই বিদ্যালয়ৰ সৈতে জড়িত প্ৰতিজন লোক দায়ৱদ্ধ।
আজি ৩৩ বছৰৰ পাছত আত্মবিশ্বাসৰ মাজেৰে সেই সত্যক উপলব্ধি কৰি অধিক দৃঢ়তাৰে আধুনিক মনৰ বিশ্ব নাগৰিক গঢ়াৰ লক্ষ্যৰে বিদ্যালয়খনে মাতৃভাষা মাধ্যমত বিজ্ঞানসন্মত শিক্ষাদানৰ নতুন ধাৰা সৃষ্টি কৰা বুলি আমি সকলোৱে স্বীকাৰ কৰিব লাগিব।
১৯৯৪ চনৰ ১ জানুৱাৰীত এটা ভাড়াঘৰত আৰম্ভ কৰা হৈছিল এই বিদ্যালয়খন। ১৯৯৮চনৰ পৰা নুনমাটিত এই বিদ্যালয়খনৰ স্থায়ী চৌহদৰ নিৰ্মাণ কাম চলিছিল। মান সম্পন্ন পাঠ্যক্ৰম আৰু পাঠ্যপুথিৰে মাতৃভাষাৰ লগতে জাতীয় জীৱনক তুলি ধৰি সাহিত্য-সংস্কৃতিৰ দিশতো ছাত্ৰ-ছাত্ৰীসকলক গুণগত শিক্ষাৰ লগতে ব্যৱহাৰিক দিশতো আগুৱাই নিয়ে।
অতি পৰিকল্পিতভাৱে এন চি ই আৰ টি, এছ চি ই আৰ টি আৰু অসম মাধ্যমিক শিক্ষা পৰিষদৰ পাঠ্যক্ৰমৰ আধাৰত বিদ্যালয়খনে পাঠ্যপুথি প্ৰস্তুত কৰে। অসম তথা ভাৰতবৰ্ষৰ ঐতিহ্য, ভাষা-সংস্কৃতি, পৰম্পৰাৰ লগত চিনাকি কৰাই দিয়াৰ লগতে অসমীয়া আৰু বিশ্ব সাহিত্যৰ প্ৰতিও এক প্ৰাৰম্ভিক আভাস দিবলৈ ইয়াত চেষ্টা কৰা হয়।
এই বিদ্যালয়খন পৰিচালিত কৰা ন্যাসে ছাত্ৰ-ছাত্ৰীৰ নৈতিক মূল্যবোধক সদায় গুৰুত্ব দি আহিছে। সেয়েহে দ্ৰুতপাঠৰ পাঠ্যপুথিসমূহ সেই ধৰণে অন্তৰ্ভুক্ত কৰা হৈছে। লক্ষ্মীনাথ বেজবৰুৱা, ঈছপৰ সাধু, পঞ্চতন্ত্ৰৰ সাধু, ভাৰতীয় সাধুৰ পৰা আৰম্ভ কৰি মহাভাৰত, ৰামায়ণ, শংকৰদেৱ, মাইকেল এঞ্জেলো আদি বিষয়ক দ্ৰুত পাঠ্যক্ৰমৰ লগতে অসমীয়া পুৰণিৰ পাঠ্যপুথিৰ পৰা জনপ্ৰিয় আৰু নীতি শিক্ষামূলক বহু পদ্য এই পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে। বহু প্ৰজন্ম ধৰি চলি অহা 'অ' ফুল, অ' ফুল নুফুল কিয়?', 'শুৱনি আমাৰ গাঁওখনি অতি'ৰ পৰা আৰম্ভ কৰি জনপ্ৰিয় পদ্যসমূহ এই বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰি ছাত্ৰ-ছাত্ৰীক আধুনিক আৰু ইতিহাস, নৈতিক মূল্যবোধ সম্পন্ন চেতনাৰে সমৃদ্ধ কৰিছে।
চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীয়ে সময়মতে পাঠ্যপুথি নাপায়। এটা বহুলোকেৰে গঠিত ব্যৱস্থা থকাৰ পাছতো সেয়া সম্ভৱ নহয়। কিন্তু এই দিশত এই বিদ্যালয়খনৰ ন্যাস অধিক সচেতন। ইতিমধ্যে ৰাজ্যত প্ৰায়বোৰ এই বিদ্যালয়খনৰ ন্যাসৰ পাঠ্যপুথি প্ৰচলন কৰা বিদ্যালয়ে নিৰ্ধাৰিত সময়ত সেই পাঠ্যপুথি লাভ কৰিছে। চৰকাৰী শিক্ষাবিভাগৰ প্ৰতি কেনেদৰে এই পদক্ষেপ তেওঁলোকে সম্ভৱ কৰিছে সেয়া পৰ্যবেক্ষণ কৰাতো প্ৰয়োজন। সু-শৃংখলিতভাৱে পৰিচালিত এই বিদ্যালয়খনৰ চৌহদৰ চৌপাশে নতুনত্বৰ সন্ধান পোৱা যায়। সেই নতুনত্বত জাতীয় আৰু মাতৃভাষাৰ প্ৰতি দায়ৱদ্ধতাৰ দিশতো মন কৰিবলগীয়া।
শিক্ষাৰ লগতে আন ক্ষেত্ৰতো ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে সফলতা লাভ কৰিছে। ২০০১চনত ৰাষ্ট্ৰীয় বিজ্ঞান সমাৰোহত প্ৰকল্প উপস্থাপন কৰিছিল গাৰ্গী গোস্বামী, জাহ্নবী গোস্বামী আৰু জ্যোতিকা দাসে। ৰাষ্ট্ৰীয় শিশু বিজ্ঞান নাট সমাৰোহতো ২০০২চনত এই বিদ্যালয়ে অংশ লৈ শ্ৰেষ্ঠ নাট্যকাৰ সন্মান অৰ্জন কৰিছিল। দেশ-বিদেশত ছাত্ৰ-ছাত্ৰীসকলৰ এই তালিকা যথেষ্ট দীঘল। বিদ্যালয়খনৰ পৰাই ২০১৮ৰ ১৫ অক্টোবৰত নৱম শ্ৰেণীৰ ছাত্ৰ কৌস্তৱ বি আৰ্য্যই ফিনলেণ্ডত অনুষ্ঠিত হোৱা '31st Material Science conference: Advancement and Innovation' শীৰ্ষক সন্মিলনত অংশ লৈ সৰ্বকনিষ্ঠ গৱেষক ৰূপে বক্তৃতা প্ৰদান কৰিছিল।
ছাত্ৰ-ছাত্ৰীক বিজ্ঞানসন্মত শিক্ষাদান, উপযুক্ত পাঠ্যক্ৰম, ব্যৱহাৰিক শিক্ষা, মূল্যবোধ আৰু নৈতিকতাৰ দিশত দৃষ্টি দিয়ে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে। আনকি এই বিদ্যালয়ত বিস্তৃত শৈক্ষিক দিনপঞ্জীৰ আধাৰত ছাত্ৰ-ছাত্ৰীক সকলো দিশৰ পৰাই মানৱ সম্পদ ৰূপে গঢ় দিবলৈ চেষ্টা কৰে। শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ বিজ্ঞান সন্মত অনুপাত এনেদৰে ৰাখে যে, প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে যাতে শিক্ষকৰ পৰ্যাপ্ত মনযোগ পায়। আনকি ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা শিক্ষকৰ শিক্ষাদানৰ মূল্যায়নৰো ব্যৱস্থা আছে।
যোৱা ৩৩ টা বছৰত অসম জাতীয় বিদ্যালয়ে সেই নিষ্ঠা, সাহস, দায়বদ্ধতা অক্ষুণ্ন ৰাখিব পৰা বাবেই এই শিক্ষানুষ্ঠানে সৃষ্টি কৰা মানৱ সম্পদে দেশ-বিদেশৰ কৰ্মক্ষেত্ৰত উচ্চ শিক্ষাৰে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে৷ লক্ষ্য যিহেতু মহান, গতিকে জাতীয় বিদ্যালয়ৰ আন্দোলন দিনকদিনে শক্তিশালী হৈ গৈ থাকিব আৰু মাতৃভাষাৰ অন্য শিক্ষানুষ্ঠানৰ বাবে ই হ'ব প্ৰেৰণাৰ উৎস৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us