/asomiyapratidin/media/media_files/2025/10/28/ddddd-2025-10-28-00-40-33.jpg)
২৬ৰ নিৰ্বাচনত এইবাৰ অগপ-বিজেপিৰ মিত্ৰতাত আউল লগাতো খাটাং। কিয়নো দুয়োটা দলেই শিপা এৰি নিদিয়াৰ সংকল্প ইতিমধ্যে লৈ পেলাইছে। শিপা এৰি নিদিয়াৰ ঘোষণা এফালে যদি অতুল বৰাই কৰিছে, আনফালে শিপা খামুচি ধৰি থকাৰ সদম্ভ ঘোষণা মুখ্যমন্ত্ৰীৰ। এনেস্থলত ৫০ৰো অধিক আসন ২৬ত বিচৰাৰ পৰিকল্পনা কৰি থকা অগপক যে বিজেপিয়ে মিত্ৰৰ মৰ্যদা নিদিয়ে সেয়া প্ৰায় খাটাং। এনে স্থলত এতিয়া দুয়াটা দলৰ নীতি- মিত্ৰতা বাদ! এইবাৰ 'শিপা' জিন্দাবাদৰ দৰে হৈছেগৈ। সবিশেষ সামৰি এক বিশেষ প্ৰতিবেদন-
অগপ আৰু বিজেপিৰ মিত্ৰতা ২০২৬ত থাকিবনে নাই, সেয়া এতিয়া এক ডাঙৰ ৰাজনৈতিক প্ৰশ্ন। এই প্ৰশ্নৰ অৱতাৰণা কৰিলে দুয়োটা মিত্ৰ দলৰ দুগৰাকী অন্যতম শীৰ্ষ নেতাই। এগৰাকী হৈছে অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা আৰু আনগৰাকী হৈছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
কেইদিনমানৰ আগলৈ ঘূৰি যাব লাগিব। যোৱা ২৫ আৰু ২৬ অক্টোবৰত গুৱাহাটীৰ যোৰাবাটৰ এখন হোটেলত অনুষ্ঠিত হৈছিল অসম গণ পৰিষদৰ দুদিনীয়া দিকদর্শন বৈঠক ৷ এই বৈঠকত একাংশ অগপ নেতা, বিধায়কে মুকলিকৈ সমাগত বিধানসভা নির্বাচনত পূৰ্বৰ দৰে বিজেপিৰ চক্ৰবেহুত সোমাই পৰি অগপৰ শিপা হেৰুওৱাৰ কথা উত্থাপন কৰিছিল ।
অসম গণ পৰিষদৰ বুজনসংখ্যক নেতা, প্রার্থিত্বপ্রত্যাশী বিধায়কে অহা নির্বাচনত বিজেপিৰে মিত্ৰতাত থকা-নথকাক লৈ গভীৰ আৰু সুচিন্তিত সিদ্ধান্ত ল'বলৈ অগপৰ নেতৃত্বক দিকদর্শন বৈঠকত পৰামৰ্শ দিয়ে । এই বৈঠকৰ পাছতে অগপৰ সভাপতিগৰাকীয়ে সংবাদমাধ্যমৰ আগত ব্যক্ত কৰিছিল যে, এইবাৰ আমি দলটোক লৈ অতিকৈ চিৰিয়াছ। ২৬ত আমি আমাৰ শিপা এৰি নিদিও।
অতুল বৰাৰ এই মন্তব্যৰ পাছতে সাংবাদিক প্ৰশ্ন কৰিছিল যে, ২০২৬ত অগপই কিমান খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব? এই প্ৰশ্নৰ কোনো উত্তৰ দিয়া নাছিল অতুল বৰাই। অৱশ্যে শিপা এৰি নিদিয়াৰ কথা বাৰে বাৰে উনুকিয়ালে অগপৰ সভাপতিগৰাকীয়ে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, অগপৰ এটি শীৰ্ষ সূত্ৰৰ খবৰ অনুসৰি, ২০২৬ত অগপই প্ৰায় ৬০খন আসন বিচাৰিব বিজেপিৰ পৰা বিচাৰিব বুলি সিদ্ধান্ত লৈছে বৈঠকত।
পুনৰ ঘূৰি আহিছো শিপাৰ প্ৰসংগলৈ। এই দিক দৰ্শন সভাৰ পাছতে অতুল বৰাই অগপৰ সকলো কৰ্মীক নিজৰ স্থিতি শক্তিশালী থকা সমষ্টিসমূহত পুনৰ শিপা বিচাৰি মজবুত পৰাৰ সংকল্প লোৱাৰ বাবে নিৰ্দেশ দিছিল। বৰাই কৈছিল যে, “ৰাজ্যখনত এনে কিছুমান সমষ্টি আছে, য’ত অসম গণ পৰিষদে পূৰ্বে বিভিন্ন সময়ত বিভিন্ন নিৰ্বাচনত জয়লাভ কৰি আহিছিল । সেইবিলাকত আমাৰ শিপা আছে ৷ সেই শিপা থকা সমষ্টিবোৰত পূৰ্ণ পৰ্যায়ৰ প্ৰস্তুতি চলোৱাৰ বাবে জিলা আৰু সমষ্টি কমিটীসমূহক অগপৰ দিকদৰ্শন বৈঠকে কৰ্তৃত্ব প্ৰদান কৰে ৷”
মিত্ৰদল অগপৰ শিপা প্ৰসংগক লৈ ২৭অক্টোবৰ, ২০২৫ সোমবাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও। মুখ্যমন্ত্ৰীগৰাকীয়ে হাঁহি হাঁহি ধেমালি কৰিছো বুলি কৈ অগপক প্ৰত্যুত্তৰ দিলে যে, বিজেপিয়েও নিজৰ শিপা নিদিয়ে। তেওঁ কয়- অগপই যদি শিপা বিচাৰিছে ভাল কথা ৷ কিন্তু বিজেপিয়েও এৰি নিদিয়ে নিজৰ শিপা ৷ অৰ্থাৎ বৰ্তমান নিজৰ দখলত থকা কোনো সমষ্টি বিজেপিয়ে এৰি নিদিয়ে অগপক ৷
মুখ্যমন্ত্ৰীয়ে লগতে কয়, “আসন তেওঁলোকে আমাক বিচাৰিব নালাগে । তেওঁলোক নিজে এটা ৰাজনৈতিক দল ৷ তেওঁলোকে নিজে আসন লোৱা আৰু প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে । আমি আসন দিয়াৰ মালিক নহয় নহয় । তেওঁলোকে যোৱাবাৰো ২২-২৫ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে । এইবাৰো কৰিব পাৰে । আমি ছীট ভগোৱাৰ মালিক নহয় ৷ মালিক অসমৰ ৰাইজহে ৷”
অগপলৈ অভিনন্দন জনাই মুখ্যমন্ত্ৰীয়ে এইদৰে কয়, “তেখেতসকলে শিপাৰ সন্ধানত লিপ্ত হ’ব বুলি কৈছে ৷ মই অগপক শুভকামনা জনাইছোঁ । তেওঁলোকক মই অভিনন্দনো জনাইছোঁ । লগতে ধেমালিকৈয়ে হ’লেও কৈছোঁ— বিজেপিয়েও নিজৰ শিপাডাল এৰি নিদিয়ে ।”
মুখ্যমন্ত্ৰীয়ে ধেমালি বুলি ক'লেও যেন মিত্ৰদল অগপক ২০২৬ত যে কোনো কম্প্ৰমাইজ নহয় তাৰেই ইংগিত দিলে। দুয়োটা দলৰ শীৰ্ষ দুগৰাকী নেতাই শিপা এৰি নিদিয়াৰ সংকল্পই ২০২৬ৰ নিৰ্বাচনত যে আউল লগাব, সেয়া নিশ্চিত। এইখিনিতে উল্লেখ কৰিব লাগিব যে, ২০২১ত অগপ আৰু বিজেপিয়ে আসন ভাগ-বতৰোৱা কৰিছিল এনেদৰে-
২০২১ত বিজেপিয়ে ১২৬খন আসনৰ ভিতৰত ৯৩খন আসনত প্ৰাৰ্থী দিছিল। তাৰ ভিতৰত ৬০খন আসন লাভ কৰিছিল বিজেপিয়ে। আনহাতে মিত্ৰদল আগপক ২২খন আসন এৰি দিছিল বিজেপিয়ে। এই ২২খনৰ ভিতৰত ৯খন আসনত জয়ী হৈছিল অগপ। ইউ পি পি এলক দিছিল ১১খন আসন, তাৰভিতৰত ৬খন আসন বড়োভূমিত দখল কৰিছিল দলটোৱে।
২০২১ৰ নিৰ্বাচনত বিজেপিয়ে মুঠ ভোটৰ ৩৩.২১শতাংশ ভোট লাভ কৰিছিল। ইয়াৰ বিপৰীতে আঞ্চলিক দল অগপই ৭.৯১শতাংশ ভোট লাভ কৰিছিল। উল্লেখ নকৰি নোৱাৰি যে, ২০২১ৰ নিৰ্বাচনত কংগ্ৰেছে ২৯খন আসন দখল কৰি ২৯.৬৭শতাংশ ভোট লাভ কৰাৰ বিপৰীতে এ আই ইউ ডি এফে লাভ কৰিছিল ১৬খন আসন। এ আই ইউ ডি এফে লাভ কৰিছিল ৯.২৯শতাংশ ভোট।
জোঁৰ পুৰি হাত পাইছেহি, এনে ক্ষণত এতিয়া শিপা বিচৰাৰ যাত্ৰা আৰম্ভ কৰিছে অগপই। বিগত কিছুদিন ধৰি অসম গণ পৰিষদৰ জিলাই জিলাই ক্ষোভৰ উদ্গীৰণ ঘটি আহিছে ৷ কোনো কোনো জিলাই বিজেপিৰ সৈতে মিত্ৰতা ছেদ কৰাৰ ঘোষণাও নিজাববীয়াকৈ কৰিছিল । আনহাতে শেহতীয়াকৈ অনুষ্ঠিত বিটিচি নির্বাচনত বিজেপিৰ আঞ্চলিকতাবাদক গ্ৰাস কৰাৰ আগ্রাসী স্থিতিক লৈ অগপ চিন্তিত।
এনে পৰিস্থিতিত মাত্ৰ প্ৰায় পাঁচ মাহ পিছতে অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভা নির্বাচনত বিজেপিৰে আসন ভাগ-বাটোৱাৰাক লৈ চৰম অনিশ্চয়তাত থকা অসম গণ পৰিষদে শিপাৰ যাত্ৰা আৰম্ভ কৰিছে। কিন্তু এই শিপা বিচৰাৰ যাত্ৰাত অগপই বিগত দিনবোৰত কেৱল মাত্ৰ ক্ষমতাৰ স্বাৰ্থত আঞ্চলিকতাবাদক বিসৰ্জন দিয়া নীতিও যে পৰিহাৰ কৰি লাগিব, সেই নীতিও স্থিৰ কৰাতো অতিকৈ প্ৰয়োজন।
নহ'লে পূৰ্বে কেইবাবাৰো এনে নাটক দেখি আহিছে অসমৰ জনতাই। মন্ত্ৰীত্ব ত্যাগ কৰি পুনৰ মন্ত্ৰীত্ব লোৱাৰ পৰা ৰাজ্যসভাৰ নিৰ্বাচনৰ লৈকে সকলোতে অগপৰ নেতৃত্বই ক্ষমতাক অধিক গুৰুত্ব দিয়াতো ৰাইজে লক্ষ্য কৰিছে। গতিকে এইবাৰ বিজেপিৰ সৈতে বিভেদ আহিলেও সচাঁ অৰ্থত যাতে অগপই শিপা বিচাৰি যায়, তাৰ কামনাই কৰিছে আঞ্চলিকতাবাদত বিশ্বাসী ৰাইজে...
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us