/asomiyapratidin/media/media_files/2025/03/11/OunFVC96jwNCsFwbPusH.jpg)
দ্বাপৰ যুগত ময়ূৰৰ পাখিৰে সজা মুকুঁট পৰিধান কৰিছিল শ্ৰীকৃষ্ণই। ময়ূৰ চৰাইক লৈ আছে পৌৰাণিক বহু লোককথা। ৰামায়ণৰ পৰা আদি কৰি বৰ্তমানলৈকে ময়ূৰে প্ৰতি সময়তে নিজৰ সুকীয়া অস্তিত্ব বজাই ৰাখিছে। ময়ূৰক বিশ্বৰ সবাতোকৈ ধনী চৰাই বুলিও কোৱা হয়। বিশ্বৰ সবাতোকৈ ধুনীয়া পখী বুলি জনাজাত ময়ূৰ চৰাইৰ ৰামায়নৰ যুগৰ পৰা আজিলৈকে ভিন্ন দিশ সামৰি এক বিশেষ প্ৰতিবেদন...
পৃথিৱীৰ ভিতৰত ধুনীয়া পক্ষী ময়ূৰ। পৌৰাণিক কাহিনীত বৰ্ণনা আছে ময়ুৰৰ কথা। দ্বাপৰ যুগত ময়ূৰৰ পাখিৰে সজা মুকুঁট পৰিধান কৰিছিল শ্ৰীকৃষ্ণই। পৌৰাণিক যুগৰ সেই কাহিনীৰ পৰা আৰম্ভ কৰি সাম্প্ৰতিক সময়ৰ লৈকে আমাৰ সমাজত জীৱনত ময়ুৰ চৰাইৰ অস্তিত্ব আজিও সজীৱ হৈ আছে।
ভগৱান শ্ৰীকৃষ্ণই ময়ূৰৰ মুকুটঁ তেতিয়াই পিন্ধিছিল। শ্ৰীকৃষ্ণৰ সৈতে ময়ুৰ কাহিনীৰ আদিভাগৰ উতস বিচাৰি আমি যাব লাগিব ৰামায়ণৰ যুগলৈ। নিৰ্বাসনৰ সময়ত ৰামৰ পত্নী সীতাৰ পিয়াঁহ লাগিছিল। ৰামচন্দ্ৰই পানী বিচাৰি চাৰিওফালে চাওঁতে দূৰৈত এখন অৰণ্য দেখিবলৈ পাইছিল।
প্ৰকৃতিৰ ওচৰত ৰামচন্দ্ৰই প্ৰাৰ্থনা কৰিছিল পানী বিচাৰি। তেতিয়াই উপস্থিত হৈছিলহি এটা ময়ূৰ চৰাই। কৈছিল- অলপ দূৰৈত এটা জলাশয় আছে। ওপৰেদি উৰি যাওঁতে ময়ূৰ চৰাইটোৱে পাখি পেলাই শ্ৰীৰামক সেই জলাশয়লৈ বাট দেখুৱাই গৈছিল।
ময়ূৰ চৰায়ে এটা নিৰ্দিষ্ট সময়ত পাখিবোৰ গাৰ পৰা সৰাব পাৰে। ইচ্ছাৰ বিপৰীতে চৰাইটোৱে পাখিবোৰ সৰাই গলে সেই চৰাইৰ মৃত্যু হয়। ৰামচন্দ্ৰক জলাশয়ৰ সন্ধান দি ময়ূৰ চৰাইটোৱে প্ৰাণ হেৰুৱাইছিল। ভগৱান ৰামচন্দ্ৰই ময়ূৰ চৰাইটোক মৃত্যুৰ পূৰ্বে ঋণ সোধিব খুজিছিল।
পৰৱৰ্তী সময়ত সেই ঋণ পৰিশোধ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। সেই অনুসৰিয়েই হেনো শ্ৰীৰাম চন্দ্ৰই কৃষ্ণৰ অৱতাৰ লৈ জন্ম লোৱাৰ সময়ত মূৰত ময়ূৰপাখি গুজিঁ ময়ুৰ চৰাইৰ সেই ঋণ পৰিশোধ কৰিছিল। ময়ূৰ চৰাই ত্যাগক এনেদৰে কৃষ্ণ ৰূপত স্বীকৃতি দিছিল স্বয়ং ভগৱানে।
তেনেহলে অনুমান কৰকচোন, এই চৰাইবিধৰ বয়স কিমান হ'ব পাৰে! সেই তেতিয়াৰ পৰা এতিয়ালৈকে ময়ুৰ চৰাই একেই আছে। কেৱল ভাৰতীয় সভ্যতা-সংস্কৃতিতেই নহয়, বিশ্বৰ আন সভ্যতা সংস্কৃতিতো ময়ূৰ চৰাইয়ে স্থান দখল কৰি আহিছে।
লোক কাহিনী বা পৌৰাণিক কাহিনীবোৰত ময়ূৰ চৰাইৰ উপস্থিতি প্ৰায়ে দেখা যায়। দেৱতা কাৰ্তিকে পাৰ্বনী নামৰ ময়ূৰ চৰাইটোক বাহন হিচাপে ব্যৱহাৰ কৰিছিল। ৰামায়নত উল্লেখ আছে. ৰাৱণক পৰাস্ত কৰিব নোৱাৰি দেৱৰাজ ইন্দ্ৰই ময়ূৰ ডেউকাৰ তলত আশ্ৰয় লৈছিল।
বৌদ্ধ দৰ্শনতো ময়ূৰ চৰাইক প্ৰজ্ঞাৰ প্ৰতীক হিচাপে ধৰা হয়। গ্ৰীক পৌৰাণিক আখ্যানত ময়ূৰৰ উতপত্তিৰ বিষয়ে হেৰা আৰু আগাছত বৰ্ণনা কৰিছে। মধ্যযুগত ইউৰোপত ময়ূৰ ব্ৰত লোৱাৰ কথা আছে। বিশ্বৰ অতিকৈ আদৰৰ চৰাইবোৰৰ ভিতৰত ময়ূৰেই সৰ্বশ্ৰেষ্ঠ।
মোগল সকলৰ ময়ূৰ সিংহাসন। এই ময়ূৰ পাখিৰ আৰ্হিতেই নিৰ্মাণ কৰা হৈছিল। শিল্প-কলা, দৰ্শন- সাহিত্য আদিতো ময়ূৰ চৰাইৰ উপস্থিতি মন কৰিবলগা। বহুতে অৱশ্যে ময়ূৰ চৰাইক এক লৌকিক অন্ধবিশ্বাসৰ সৈতেও সাঙুৰি থৈছে।
প্ৰাচীন কালৰে পৰা আজিলৈকে ময়ূৰ চৰাইৰ কোনো বিশেষ বিৱৰ্তন হোৱা নাই। পৃথিৱীত বহু প্ৰাণী আহিছে আৰু হেৰাই গৈছে। ডাইনোচৰকে ধৰি লুপ্তপ্ৰায় সেই প্ৰাণীৰ তালিকাত ময়ূৰ চৰাই স্থান লাভ কৰা নাই। অন দ্য মেন্টেল ইলুমিনিনেশ্যন এণ্ড মৰেল ইমপ্ৰভমেন্ট অৱ মেনকাইণ্ড' শীৰ্ষক গ্ৰন্থত ৰেভাৰেন্ট থমাছ ডিকে ময়ূৰ চৰাই পৃথিৱীৰ আটাইতকৈ ধনী চৰাই হিচাপে আখ্যা দিছে।
মানুহৰ সৈতে ময়ূৰ চৰাইৰ এই সম্পৰ্ক বহু হাজাৰ বছৰ পুৰণি। ১৫২৬চনতেই ময়ূৰ চৰাই বনৰীয়া নে পোহনীয়া তাক লৈ ইংলেণ্ডৰ ৰজাই বিচাৰ কৰিবলৈ দিয়া কাহিনীও মনকৰিবলগীয়া। সেই সময়ত বিচাৰকে ময়ূৰ চৰাইক পোহনীয়া পখী আখ্যা দিছিল।
ভাৰতে ময়ূৰ চৰাইক জাতীয় পখী হিচাপে স্বীকৃতি দিছে। সেয়েহে প্ৰশ্ন হয়, এই চৰাই বিধৰ পৃথিৱীলৈ আগমন হোৱা কিমান দিন হল? প্ৰাণীবিদসকলৰ মতে, ময়ূৰ চৰাই পৃথিৱীৰ আটাইতকৈ প্ৰাচীন পখী নেকি? বহু গৱেষণা আৰু অধ্যয়নত প্ৰকাশ পাইছে যে প্ৰাণীবিদসকলে ময়ূৰ চৰাইক বিশ্বৰ অন্যতম পুৰণি পখী হলেও আটাইতকৈ পুৰণি পখী নহয়। অৱশ্যে পৃথিৱীত ময়ূৰৰ বয়স ২০০০বছৰো অধিক হোৱাৰ সম্ভাৱনাই বেছি।
ময়ূৰৰ দৰেই দেৱ-দেৱী সকলে আন জীৱ-জন্তুক বাহন হিচাপে গ্ৰহণ কৰাৰ উদাহৰণ আছে। যেনে শিৱই ষাড় গৰু, গণেশে এন্দুৰ, লক্ষ্মীয়ে ফেচাঁ, সৰস্বতীয়ে ৰাজহাঁহক বাহন হিচাপে ব্যৱহাৰ কৰা পৌৰাণিক কাহিনীবোৰে পৃথিৱীত সেই জীৱ-জন্তুবোৰৰ প্ৰকৃত বয়স নিৰূপন নকৰে।
হিন্দু ধৰ্মৰ পৌৰণিক কাহিনীত বৰাহ, কাছ বা কুম্ভৰ কথাও প্ৰাচীন কাহিনীবোৰত উল্লেখ আছে। এই কাহিনীবোৰৰ পৃষ্ঠভূমি কিমান পুৰণি আৰু কাহিনীবোৰৰ সৃষ্টিৰ সময়ৰ সন্দৰ্ভত এক বিজ্ঞানসন্মত গৱেষণাৰ প্ৰয়োজন আছে। সেই গৱেষণাই এনে জীৱ-জন্তু আৰু চৰাই-চিৰিকতিৰ পৃথিৱীলৈ আগমন ঘটাৰ এক আনুমানিক হিচাপ দি যাব পাৰে।