/asomiyapratidin/media/media_files/2025/05/12/e8qj4Vx0ARn9PHUvf0pr.jpg)
নিঃসংগতা হয়তো তেওঁৰ প্ৰিয় আছিল। বহু সময় তেওঁ নিঃশব্দই থাকে। কথাতকৈ তেওঁ লিখি ভাল পাইছিল। মনৰ কথাবোৰ তেওঁ শব্দৰ জৰিয়তে পাঠকৰ মাজলৈ এৰি দিছিল। য'ত নতুন চিন্তাৰ মাত্ৰা থাকে। জীৱন আৰু যৌৱনক লৈ যেনেদৰে তেওঁ সচেতন, একেদৰে তেওঁ নতুন প্ৰজন্মৰ প্ৰতিটো খবৰ ৰাখিবলৈ চেষ্টা কৰিছিল। আজি সেইগৰাকী কথাশিল্পী হোমেন বৰগোহাঁঞিৰ মৃত্যু বাৰ্ষিকী। অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন...
মানুহজন খেয়ালী, সেইবাবে তেওঁ অভিমানী। প্ৰজ্ঞাৰ সাধনাত তেওঁ এনেদৰে নিমগ্ন হৈ আছে যে বয়সে তেওঁৰ কাষ চাপিব পৰা নাই। ঢকুৱাখানা, এখন পিছপৰা ঠাই। সেই ঢকুৱাখনা মহকুমাৰে বালিগাঁৱত তেওঁৰ জন্ম হৈছিল। সেয়া আছিল ১৯৩২চনৰ ৭ ডিচেম্বৰৰ কথা। ৰাজ্যৰ এগৰাকী প্ৰতিষ্ঠিত কথা-শিল্পী হিচাপে তেওঁৰ গুণ-গৰিমা চৌদিশে বিয়পি আছিল।
১৯৭৮চনত সাহিত্য অকাডেমী সন্মান লাভ কৰিছিল এখন অগতানুগতিক উপন্যাসৰ বাবে। নাম আছিল 'পিতা-পুত্ৰ'। অসম সাহিত্য সভাৰ সভাপতি পদতো অলংকৃত কৰিছিল তেওঁ। অসমীয়া বিশ্বকোষ আন্দোলনৰ নেতৃত্ব লৈছিল এইগৰাকী বৰণ্য সাহিত্যিকে। অসমীয়া সাহিত্যৰ এগৰাকী মহীৰোহ এইজন ব্যক্তি। ঢকুৱাখানাৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত তেওঁ পঢ়িবলৈ আহিছিল। ঘৰতেই তেওঁ পাইছিল এক পৃথক পৰিৱেশ। 'পুৱাৰ পূৰবী, সন্ধিয়া বিলাস' নামৰ উপন্যাসখন তেওঁ লিখিছিল পত্নীৰ সৈতে মিলি।
সাউদৰ পুতেকে নাও মেলি যায়, হালধীয়া চৰায়ে বাওধান খাই, অস্তৰাগ, পিতা-পুত্ৰ, তিমিৰ তীৰ্থ, কুশলীব, এদিনৰ ডায়েৰি, বিসণ্ণতা, নিঃসংগতা, সুবালা আদি তেওঁৰ উপন্যাস। আত্মানুসন্ধান, ধুমুহাৰ ৰামধেনু, মোৰ হৃদয় এখন যুদ্ধ ক্ষেত্ৰ তেওঁৰ আত্মজীৱনমূলক লিখনিৰে সন্নিবিষ্ট গ্ৰন্থ। গদ্যৰ সন্ধানত, মানুহ হোৱাৰ গৌৰৱ আদি তেওঁৰ গ্ৰন্থৰ সম্ভাৰ।
এইবোৰ গ্ৰন্থৰ উপৰিও তেওঁ অনেক গ্ৰন্থৰে অসমীয়া পাঠকক মোহিত কৰি ৰাখিছে। হৃদয়ৰ মানচিত্ৰ, প্ৰজ্ঞা সাধনা, মই যেতিয়া ক্লান্ত হওঁ, জীৱনৰ উপহাস, আশী দশকৰ দস্তাবেজ, জীৱনৰ পৰা আমি কি বিচাৰো, সুখ-দুখ, মোৰ প্ৰিয় পাঁচটা জাৰ্মান গল্প, এদিনৰ ডায়েৰি, জীৱনৰ পৰা মই কি শিকিলো, আধুনিক যুগৰ জন্ম কাহিনী, বেঞ্জামিন ফেঙ্গলিন, তান্ত্ৰিক, উচ্চাকাংক্ষা, অ আ ক খ, বিংশ শতাব্দীৰ সন্ধানত, ৰহস্যময় বিষাত আৰু যন্ত্ৰনা, মোৰ যৌৱনৰ ৰামধেনু, আমাক কিতাপ লাগে, মোৰ সাংবাদিক জীৱন, ম্যস্যগন্ধা, কিতাপ জীৱনৰ সঞ্জীৱনী সোধা, প্ৰথম কলম, সুস্থ দেহৰ সুস্থ মন, বিশ্বপথিক, জীৱনৰ জয়গান, জীৱন সুন্দৰ আৰু ভয়ংকৰ, নীলাচলৰ পথত এটা যুগৰ ছবি, বিভিন্ন নৰক, পাঠকৰ টোকাবহী, শ্ৰেষ্ঠ সাধনা, শৰীৰ আৰু হৃদয়, কুশলীব তিমিৰ তীৰ্থ, অসমৰ বহিঃৰাগত সমস্যা, হৈমন্তী, কাম কৰাৰ আনন্দ, চিন্তা তৰংগ, জিজ্ঞাসা, কথাৰ মূৰৰ কথা, মোৰ প্ৰিয় ছক্ৰেচিছ, সাৰাংশ, আত্ম দীপো ভব আদি অনেক কিতাপৰ শ্ৰষ্ঠা এইগৰাকী লিখক।
তেওঁৰ সৃষ্টিৰাজিক লৈ সমালোচনা হৈছে। তেওঁৰ কামক লৈ আলোচনা চলিছে। কিন্তু তেওঁ সকলোৰে উৰ্ধত। অসমীয়া সাহিত্যৰ শক্তিশালী গদ্য লেখক। তেওঁৰ লেখাত যাদু থাকে। শব্দত থাকে আকৰ্ষণ। চুম্বকৰ দৰে তেওঁ টানি আনিব পাৰে পাঠকক। সৰু কথা এটাকে ইমান মনোগ্ৰাহীকৈ লিখিব পাৰে যে, পাঠক মোহাচন্ন হৈ পৰে। কিজানি কলম থোৱা ষ্টেণ্ডটোৰ ওপৰতো কিবা এটা লিখিবলৈ দিলে সেয়াও পাঠকৰ বাবে হৈ পৰিব এটা সুখপাঠ্য লেখা।
এদিন তেওঁ চৰকাৰী চাকৰীয়াল আছিল। চাকৰি এৰি দিছিল তেওঁ। উপাৰ্জনৰ অন্য পথ নথকাকৈয়ে এই মৰসাহ কৰিছিল। সাংবাদিকতাৰ ক্ষেত্ৰত ভৰি থৈ পৰৱৰ্তী সময়ত সাংবাদিকৰূপে তেওঁ উজ্বলি উঠিছিল। অসমৰ বহু নবীন লেখকক উলিয়াই অনা ব্যক্তি আছিল তেওঁ। সংবাদ মাধ্যমত জড়িত হৈ সাহিত্যকো সমানেই আগুৱাই লৈ গৈছিল।
বিতৰ্ক তেওঁক লৈ বহু হয়। কিন্তু তেওঁ সেই বিতৰ্কৰ উত্তৰ দিয়ে সদায় লেখাৰে। তেওঁ কাকতৰ পৃষ্ঠাত লেখা স্তম্ভ লেখাবোৰে মানুহক জীৱনৰ সঞ্জীৱনি দি যায়। মদৰ উপকাৰিতা সম্পৰ্কতো তেওঁ লিখিব পাৰে পাঠকে পতিয়ন যাব পৰাকৈ লেখা। যুক্তি, তথ্য আৰু উপস্থাপনৰ নিজস্ব নীতিৰে তেওঁ অসমীয়া সাহিত্যৰ আটাইতকৈ গ্লেমাৰ থকা সাহিত্যিক ৰূপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিছিল।
তেওঁৰ নাম পাঠকৰ বাবে আছিল এটা ব্ৰেণ্ড। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি তথ্য আহৰণ কৰি যিকোনো বিষয়ৰ ওপৰতে দখল থকা এই সাহিত্যিক-সাংবাদিকগৰাকীয়ে লিখো বুলিলেই লিখি দিব পাৰে যিকোনো বিষয়ৰ ওপৰত এটা দীঘল লেখা। স্মৃতি শক্তি তেওঁৰ প্ৰখৰ। বহু কথা তেওঁৰ মনতেই থাকে। অধ্যয়নশীল এইগৰাকী লেখকৰ লিখনিৰ শক্তি ইমানেই বেছি, তেওঁ কিবা এটা লিখা মানেই তাৰ প্ৰভাৱ স্বতঃস্ফূৰ্তভাৱে পৰে।
বিতৰ্কৰ মেৰপাকত তেওঁ কেইবাবাৰো সোমাইছিল। বিভিন্ন কাৰণত তেওঁক লৈ বিতৰ্ক হৈছে। কিন্তু সেইবোৰ কথাও তেওঁ আত্মজীৱনীমূলক টোকাত জীৱিত কালতেই লিখি থৈছে। অসমীয়া আধুনিক কবিতাৰ তেওঁ আছিল এগৰাকী অন্যতম প্ৰবক্তা। 'সাপ' তেওঁৰ এটা উল্লেখযোগ্য কবিতা।
ভাল-বেয়া সকলো অভিজ্ঞতাই তেওঁৰ আছে। তেজ-মঙহৰ মানুহ হিচাপে তেওঁৰ দোষ-গুণ থাকিলেও সাহিত্যৰ মানৰ তুলাচালনিত তেওঁৰ ভৰ সদায় বেছি। অনন্য গদ্য নিৰ্মাণ শৈলীৰে তেওঁ লিখিব পাৰে জীৱনৰ জটিল কথা। কিন্তু সহজভাৱে লিখে এইবোৰ। লিখাবোৰৰ মাজত ফুটি উঠে এখন ছবি। চিনেমাৰ দৰেই সেই ছবি। খালী ইয়াত শব্দই আঁকি যায় সেই ছবি।
বয়সৰ তুলনাত তেওঁ আছিল তৰুণ। হয়তো সদায়ে তৰুণ হৈ থাকিব খুজিছিল তেওঁ। ব্যক্তিগত অহমিকা তেওঁৰ যেন ভূষণ। ইচ্ছা কৰিলেই তেওঁক কোনেও লগ কৰিব নোৱাৰে। তেওঁ জানিছিল, কেতিয়া ক'ত কি বিষয় উপস্থাপন কৰিব লাগে। সাহিত্য, ৰাজনীতি, সমাজ সকলোতে তেওঁৰ সমানে দখল। চিকিৎসা বিজ্ঞান তেওঁ পঢ়া নাই। কিন্তু চিকিৎসা বিজ্ঞান পঢ়া এজন বিশিষ্ট চিকিৎসকক যদি তেওঁ সাক্ষাৎকাৰ ল'ব লগা হয়, তেন্তে সাক্ষাৎকাৰ দিওঁতা চিকিৎসকজনেও তেওঁৰ মুখামুখি হ'বলৈ ভয় কৰে। কি কথা সোধে তেওঁ তাৰ কোনো নিশ্চয়তা নাই। কিয়নো তেওঁৰ জ্ঞানৰ পৰিধি কোনো নিৰ্দিষ্ট বিষয়ত আৱদ্ধ নহয়।
ইন্দিৰা গান্ধীৰ তেওঁ সাক্ষাৎকাৰ লৈছিল। দৰিদ্ৰজনৰো তেওঁ মনৰ কথা শুনি সেইবোৰ বিষয় মানুহৰ মাজলৈ লৈ যাব পাৰে। নাগৰিক, নীলাচলৰ পাতত লেখা তেওঁৰ প্ৰতিবেদন আৰু প্ৰবন্ধ তথা সম্পাদকীয় সমূহ আজিও প্ৰাসংগিক হৈ আছে। অসমৰ বিদেশী সমস্যা সন্দৰ্ভত তেওঁ তেতিয়াই ভৱিষ্যতবাণী কৰিছিল।
চাৰিকড়ীয়া তেওঁৰ প্ৰিয় শব্দ। সেই নদীৰ পাৰতে তেওঁ এৰি থৈ আহিছে শৈশৱ। হাকিমৰ চাকৰি এৰি সাংবাদিক-সাহিত্যিক হোৱা এইগৰাকী বিশিষ্ট গদ্য শিল্পীৰ চিন্তা-চেতনাত সদায়ে বিশ্বমুখী জ্ঞানৰ অন্নেষন থাকে। তেওঁ সৰু কথা এটাও ডাঙৰ কৰি পাঠকৰ মাজলৈ লৈ যায়। যুক্তি আৰু চাতুৰ্যতাৰে পাঠকক মোহিত কৰোতে তেওঁ উত্তৰ দি যায় পাঠকৰ মনত সৃষ্টি হ'ব পৰা প্ৰতিটো প্ৰশ্নৰ।
নিঃসংগতা হয়তো তেওঁৰ প্ৰিয় আছিল। বহু সময় তেওঁ নিঃশব্দই থাকে। কথাতকৈ তেওঁ লিখি ভাল পাইছিল। মনৰ কথাবোৰ তেওঁ শব্দৰ জৰিয়তে পাঠকৰ মাজলৈ এৰি দিছিল। য'ত নতুন চিন্তাৰ মাত্ৰা থাকে। জীৱন আৰু যৌৱনক লৈ যেনেদৰে তেওঁ সচেতন, একেদৰে তেওঁ নতুন প্ৰজন্মৰ প্ৰতিটো খবৰ ৰাখিবলৈ চেষ্টা কৰিছিল।
সেয়ে তেওঁ নতুন প্ৰজন্মকো সুধিব পাৰে এনে কিছু কথা, যিবোৰ কথা কেৱল তেওঁহে সুধিব জানে বা পাৰে। সাধাৰণ মানুহৰ কথা কৈয়ো এক অসাধাৰণ জীৱনৰ মাজত নিজকে আৱদ্ধ কৰি ৰাখিও সহজ-সৰলভাৱে সাহিত্যৰ সাধনাত নিমগ্ন হৈ আছে আজিও তেওঁ। হয়তো আন হোৱা হ'লে আজি এক উৎসৱমুখৰ দিন হ'ল হয়। প্ৰতিষ্ঠা, মান-সন্মান সকলো থকাৰ পাছতো তেওঁ এইবোৰক লৈ ব্যস্ত নাছিল। সৃষ্টিৰ মাদকতাৰে জীৱনৰ মাৰ্গদৰ্শন সজাইছিল তেওঁ।
জীৱনৰ বিয়লি বেলালৈকে তেওঁৰ কলম থমকি ৰোৱা নাছিল। চাৰিকড়ীয়াৰ আজন্ম প্ৰেমিকগৰাকীয়ে অন্তিম বেলালৈকে তেওঁ সৃষ্টি আছিল চকুত লগা। আজি হোমন বৰগোহাঁঞিৰ মৃত্যু বাৰ্ষিকী। আজি এই ক্ষণত হোমেন বৰগোহাঞিৰ সাহিত্যক্ষেত্ৰক অসমীয়া সাহিত্যৰ চৰ্চা আৰু গৱেষনাকেন্দ্ৰ ৰূপত জীৱনমুখী চেতনাৰ কেন্দ্ৰ স্থল ৰূপত গঢ়ি তুলিলেহে বৰগোহাঞিৰ প্ৰতি আমাৰ প্ৰকৃত শ্ৰদ্ধা জ্ঞাপন কৰাতো সম্ভৱ হ'ব । হাতে-কামে লাগি তেখেতক,তেখেতৰ কৰ্মৰাজীক সমাজমুখী কৰাৰ দায়িত্ব এতিয়া আমাৰ...