ঐশ্বৰিক শক্তি আৰু হাবুঙৰ দুগৰাকী মহিলা পুৰোহিত...

ঐশ্বৰিক শক্তি আৰু হাবুঙৰ দুগৰাকী মহিলা পুৰোহিত...

বহু ঐশ্বৰিক শক্তিৰে ভৰপূৰ হাবুং। হাবুঙৰ বিষয়ে নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। কিন্তু এই হাবুঙৰ আছে অইন এক বিশেষত্ব। হয়তো অসমৰ ভিতৰতে হাবুঙতে পুৰোহিত হিচাপে আছে দুগৰাকী মহিলা। ধেমাজিৰ পৰা বাবুল গগৈৰ সহযোগত ডিম্পুল বৰগোহাঁইৰ এক বিশেষ প্ৰতিবেদন...

মহিলাৰ প্ৰৱেশ নিষেধ! অসমৰ বহু মঠ-মন্দিৰ নাইবা সত্ৰ-পীঠত হয়তো আপুনি এনে ফলক প্ৰায়ে দেখিছে। এনে ব্যৱস্থাক লৈ বহু বিৰ্তক হৈছে, বহু আলোচনাও হৈছে।  কিন্তু কাৰ্যক্ষেত্ৰত এনে ব্যৱস্থাৰ বৰ বিশেষ সাল-সলনি ঘটা পৰা নাই।

কিন্তু অসমৰে এনে এখন পীঠস্থান আছে, যাৰ মুখ্য পূজাৰী কেইগৰাকীয়েই হৈছে মহিলা। আপুনিও ছাগে এতিয়া ভাৱিছে, কত আছে এই স্থান!  সেই বিশেষ মন্দিৰটো থকা ঠাইডোখৰৰ বিষয়ে আপোনাক কম, কিন্তু প্ৰথমে কেইটামান অলৌলিক ঘটনাৰ বিৱৰণ দিব বিচাৰিছো।

চন ১৯৫০। ভূমিকম্পৰ পাছত ঘিলামৰা, বৰদৈবাম, চুতীয়াকাড়ীৰ পৰা এদল মানুহ এডোখৰ ঠাইত বসতি কৰিবলৈ আহিছিল। ওখ এডোখৰ ঠাই বিচাৰি পোৱাত তেওঁলোকে ধেমাজিৰ কঢ়া নৈৰ কাষত আশ্ৰয় লোৱাৰ মন মেলিলে। কিন্তু তেওঁলোকে সেই স্থানত বেছিদিন থাকিব নোৱাৰিলে। সপোনত তেওঁলোকক কোনোবাই ধমক দিয়াৰ উপৰি হাবি কাটি থাকোতে এজাক বগা ঘোঁৰাই তেওঁলোকক বৰ বেয়াকৈ খেদিলে। তাৰপিছতে সেই স্থান তেওঁলোকে ত্যাগ কৰিব লগা হল।

চন ১৯৬৩-৬৪। এগৰাকী গোসাঁইয়ে সেই একে স্থানতে কেইগৰাকীমান বুঢ়া ভকতৰ সৈতে আলোচনা কৰি এখন সত্ৰ পাতিবলৈ বাহৰ পাতিছিল। কিন্তু এদিন ৰাতি সেই গোসাইগৰাকীয়ে নানান অমংগলীয়া সপোন দেখাৰ লগতে তেওঁ সেই ঠাই এৰি নগলে বিপদ অনিবাৰ্য বুলি সপোনতে ধমকি দিছিল। সেই ঘটনাৰ পিছত অহা বাটেৰে পুনৰ উভতি গৈছিল গোসাঁই।

চন ১৯৬৫। এগৰাকী নেপালী বৃদ্ধাই এজাক গৰু লৈ সেই একে ওখ ভেঁটিটোত থাকিবলৈ লৈছিল। কিন্তু এদিন গাখীৰ খীৰাই থাকোতে হঠাতে বৃদ্ধাগৰাকীক পিছফালৰ পৰা ঠেলা মাৰি দিছিল। পিছফালে চাই বৃদ্ধাগৰাকীয়ে একো নেদেখাত ভয়তে সকলো গৰু লৈ সেইদিনাই সেই স্থান এৰিলে ।

এনে বহু অলৌলিক কাহিনী আছে এখন বিশেষ পীঠস্থান খন থকা এডোখৰ ঠাইক লৈ। সেই অঞ্চলটোৰ নামেই হৈছে হাবুং। স্বৰ্গদেউ চাওলুং চ্যুকাফাই প্ৰতিষ্ঠা কৰা আহোমৰ দ্বিতীয় ৰাজধানী হৈছে হাবুং। অৱশ্যে হাবুঙৰ স্থিতি আৰু মাটিকালিক লৈ আছে বহু বিৰ্তক। তথাপি বুৰঞ্জীবিদসকলে ক’ব খোজে, কঢ়া নৈৰ কাষত দীঘলে ৩০মাইল আৰু বহলে ২০মাইল আগুৰি থকা এই অঞ্চলটিয়ে হৈছে হাবুং।

আজিৰ পৰা প্ৰায় এটা দশকৰ পূৰ্বে হাবুঙৰ যি অৱস্থা আছিল, এতিয়া তাৰ যথেষ্ট পৰিৱৰ্তন হৈছে। এক কথাত কব পাৰি অঞ্চলটি পূৰ্বতকৈ বহু গুণে উন্নতি হৈছে। বৰ্তমান হাবুঙত বছৰি লাখ লাখ দৰ্শনাৰ্থীয়ে ভিৰ কৰে। সকলো দৰ্শনাৰ্থী তথা ভক্তৰে বিশ্বাস আছে যে, যি কামনা কৰি হাবুঙত তেওঁলোকে সেৱা কৰে, সেই কামনা অচিৰেই পূৰ হয়।

হাবুঙত এক অদ্ভুদ ঐশ্বৰিক শক্তি যে আছে সেই কথাৰ প্ৰমাণ সময়ে সময়ে ভক্তই পাই আহিছে। চন ২০১৬। তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল গৈছিল উক্ত স্থানলৈ। ঠাইডোখৰ উন্নতিৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে ২কোটিৰ অনুদান আগবঢ়াইছিল। সভা শেষ কৰি হেলিকপ্টাৰযোগে মুখ্যমন্ত্ৰীগৰাকী উভতিবৰ সময়তে লাগিল অথন্তৰ।

প্ৰায় ৪৫মিনিট সময় ৭বাৰ উঠা-নমা কৰি উৰিব পৰা নাছিল মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰখন। সেই সময়ত এই সমগ্ৰ দৃশ্য অসমৰ কেইবাটাও সংবাদমাধ্যমত লাইভো হৈছিল। হেলিকপ্টাৰখন উৰিব নোৱাৰাত হুলস্থুল বেছিকৈ লাগিল। তেনে সময়তে মুখ্যমন্ত্ৰী পুনৰ হেলিকপ্টাৰৰ পৰা নামি মুলুং ঘৰত সেৱা কৰা কৰাৰ লগতে হাবুঙৰ চেংৰেনৰ দেওসকলে মন্ত্ৰপুত পানী ছটিয়াই দিয়াৰ পিছতে হেলিকপ্টাৰ উৰা মাৰে।

এই অলৌলিক ঘটনা নিজ চকুৰে প্ৰত্যক্ষ কৰি গুৱাহাটী পোৱাৰ পাছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হাবুঙৰ পৰিচালনা কমিটিলৈ ফোন কৰি দুই কোটিৰ পৰিৱৰ্তে ৩কোটি অনুদান আগবঢ়োৱাৰ কথা জনাইছিল। সেই তেতিয়াৰ ঘটনাৰ পৰাই সমগ্ৰ দেশ তথা ৰাজ্যত হাবুঙক লৈ উৎসুকতা বৃদ্ধি পায়।

অতি ঐশ্বৰিক শক্তিৰে ভৰপূৰ এই হাবুঙৰেই মূল মন্দিৰত পূজা-অৰ্চনা তথা ভক্তক আৰ্শীবাদ প্ৰদান কৰা ৪গৰাকী মূল পূজাৰীৰ ভিতৰত ২গৰাকী মহিলা। যি সময়ত ৰাজ্য তথা দেশৰ অন্য প্ৰান্তত মঠ-মন্দিৰ অথবা সত্ৰপীঠৰ মূল ভাগত মহিলাৰ প্ৰৱেশ নিষেধ, তেনে সময়তে হাবুঙত মূল পূজাৰীৰ কাম-কাজ কৰি আছে দুগৰাকী মহিলাই।

এই মহিলা দুগৰাকীৰ খবৰ পাই আমি যোগাযোগ কৰিছিলো হাবুং পৰিচালনা সমিতিৰ কৰ্মকতাৰ সৈতে। তেওঁলোকেও আমাক জনালে হাবুঙত তেওলোকে দেখা কিছু ঐশ্বৰিক শক্তি আৰু এই মহিলা দুই পূজাৰীৰ বিষয়ে। বৰ্তমান হাবুঙত পূজাৰী হিচাপে থকা মহিলা দুগৰাকী হৈছে ৰেৱতী বৰুৱা আৰু কুঞ্জ চমুৱা।

কুঞ্জ চমুৱা
কুঞ্জ চমুৱা

দুয়োগৰাকী মহিলাৰ স্বামীও আছিল এই হাবুঙৰে পূজাৰী। যেতিয়া হাবুঙৰ বিষয়ে ভালকৈ কোনেও নাজানিছিল, তেতিয়াৰ পৰাই এই মহিলা দুগৰাকীৰ স্বামী দুৰ্গেশ্বৰ চাওচিন আৰু ধনীৰাম চমুৱাই হাবুঙত পূজা অৰ্চনা কৰিছিল। সেয়া আছিল ১৯৮৯চনৰ কথা।

ৰেৱতী বৰুৱা আৰু কুঞ্জ চমুৱাই টাই ভাষাত কেৱল মন্ত্ৰ উচ্চাৰণেই নহয়, তেওঁলোকে জানে হাবুঙৰ অতীত আৰু উমান পায় ইয়াৰ ঐশ্বৰিক শক্তিৰ। জনবিশ্বাস অনুসৰি-  ব্যৱসায়ত বেয়া, বিবাহত বাধা, সন্তান লাভত পলম আদি বিভিন্ন সমস্যা এই হাবুঙত সেৱা আৰু নৈবদ্য আগবঢ়ালেই সমাধান হয়।

ৰেৱতী বৰুৱা
ৰেৱতী বৰুৱা

হাবুঙৰ মুলুং ঘৰ, চেংৰেন (নামঘৰ)ৰ সকলো বিধিগত কাম কৰে এই দুগৰাকী মহিলাই। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, দেশৰ কোনো মন্দিৰত মূল বৈদিক কাম-কাজ সমূহত প্ৰত্যক্ষভাৱে অংশ লোৱা কোনো মহিলা পূজাৰী/পুৰোহিত নাই। অৱশ্যে থাইলেণ্ডৰ দৰে দেশত পূৰ্বতে মূল বৈদিক কাম-কাজসমূহত মহিলাই অংশ লোৱাৰ প্ৰমাণ আছে। চাওঁক তলৰ এই ফটোখন-

আমি পূৰ্বতে উল্লেখ কৰি আহিছো যে, হাবুঙৰ অৱস্থিতিক লৈ যথেষ্ট বিৰ্তক আছে। কিন্তু তাৰ মাজতে১৯৮২ চনত ড০ পুস্পধৰ গগৈ, চাও নবিন বৰগোহাঁই আৰু চাও মিলন চিৰিং ফুকন আদি বিশিষ্ট সাহিত্যিক আৰু টাই সংস্কৃতিৰ গৱেষক সকলে এই হাবুং অঞ্চল পৰিভ্ৰমণ কৰি এই ওখ ভেতিটো স্বৰ্গদেউ চ্যুকাফাই প্ৰতিষ্ঠা কৰা ৰজাভেটি বুলি মন্তব্য কৰে ।ইয়াৰ পাছত ১৯৯০ চনত ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত ফুৰালুং সংঘৰ সেই সময়ৰ সভাপতি মানচাও নগেন হাজৰিকাদেৱে এই ওখ ভেটিটোৱেই স্বৰ্গদেউ চ্যুকাফাৰ দ্বিতীয় ৰাজধানী হাবুং বুলি নিশ্চিত ভাৱে ঘোষণা কৰে ।

তাৰ পাছত তেখেতে স্থানীয় ৰাইজৰ সহযোগত হাবি বন চাফা কৰি সেই ওখ ভেটিটোতে এটা চেংৰেন ( আহোমৰ নামঘৰ) সাজিবলৈ সিদ্ধান্ত লয় । সেই উদ্দেশ্যে ১৯৯১ চনৰ এপ্ৰিল মাহত লাইখুটা পুতিবলৈ গাত খান্দোতে মিস্তিজনৰ হাতৰ আঙুলি এডোখৰ চিঙি তেজ পৰিব ধৰে।তাৰ পাছত হাজৰিকাদেৱে এটা মতা কুকুৰা হেংদাঙেৰে পাটচি ( বলি দি) তাৰ তেজ সাজিবলৈ ধৰা চেংৰেনৰ লাইখুটাটোত ঢালি দিয়াৰ লগে লগেই এক অলৌকিক ঘটনা সংঘটিত হয় ।

প্ৰত্যক্ষদৰ্শীৰ মতে সেই সময়ত উত্তৰ পশ্চিম দিশৰ পৰা আকাশছানি অগণন জিঞা সেই ভেটিৰ ওপৰেদি উৰিব ধৰে । এনে অভূতপূৰ্ব দৃশ্য দেখি মানুহ বিলাক ভয়ত বিতত হৈ পৰাত তাত লাইখুটা স্থাপন কৰিবলৈ পূজাত বহা মলুং (পূজাৰী) ডামচাও নবিন বুহাগোহাঁইদেৱে মানুহ বিলাকক ক’লে যে আপোনালোকে ভয় খোৱাৰ কাৰণ নাই।এইয়া অতি শুভ সংকেত । প্ৰায় আধা ঘণ্টা ধৰি উৰি সেই জিঞাবোৰ যোৱাৰ পাছত সেই ঠাইত মুখলধাৰ বৰষুণ হয়।

এনেদৰেই বহু অলৌলিক ঘটনাৰ সংঘটিত হৈ আহিছে হাবুঙত। হাবুঙৰ এটা কোণত থকা শ ধোৱা পুখুৰীটোও বহু দিনলৈ খান্দিব পৰা নাছিল প্ৰশাসনে। পুুখুৰীটো খান্দিলেই বিকল হৈ পৰিছিল যিকোনো বাহন। আৰু অৱশেত পূজা অৰ্চনা দিহে খান্দিবলৈ সক্ষম হয় এই ঐতিহাসিক শ ধোৱা পুখুৰীটো।

এনে বহু ঘটনা আৰু ঐশ্বৰিক শক্তিৰে ভৰপূৰ হাবুং। হাবুঙৰ ঐশ্বৰিক শক্তিৰ বাবেই ইয়ালৈ লাখ লাখ ভক্ত আহে আৰু ফলো লাভ কৰে। কিন্তু এই সকলোবোৰৰ মাজত ব্যতিক্ৰম হৈছে হাবুঙৰ সেই দুগৰাকী মহিলা পুৰোহিত। এক প্ৰচলিত সমাজব্যৱস্থাৰ বিপৰীতে হাবুঙত প্ৰচলিত এই ধাৰাক বহু পৰ্যটকে আহি প্ৰশংসা কৰে।

স্থানীয় ৰাইজৰ পৰা আমি জানিব বিচাৰিছিলো যে, হাবুঙৰ মহিলা পুৰোহিতক লৈ তেওঁলোকৰ মতামত। তেওঁলোকে আমাক জনালে- সমাজত পুুৰুষ-মহিলাৰ স্থান একেই। সেইবোৰ আমিহে ভাগ ভাগ কৰা। ঈশ্বৰৰ পদুলিত সকলো সমান। গতিকে আমি সমৰ্পিত মনেৰে হাবুঙত পূজা কৰো, পুৰুষ-মহিলা বুলি কথা নাই।

অন্য বহু ঐশ্বৰিক শক্তিৰে ভক্তপ্ৰাণ ৰাইজৰ মাজত এক বিশ্বাসৰ সাঁকো গঢ়িবলৈ সক্ষম হোৱা হাবুং এই ক্ষেত্ৰত সমগ্ৰ দেশ তথা বিশ্বতে বিৰল। হাবুঙত নাই পুুৰুষ-মহিলাৰ ভাগ নাইবা উচ্চ-নীচ ভাৱ। হয়তো এনে এখন সমাজৰ কল্পনাই কৰিছিল চ্যুকাফাই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in