/asomiyapratidin/media/media_files/2026/02/03/biseslekha0302-2026-02-03-20-55-49.jpeg)
ডিম্পুল বৰগোঁহাই
৩১জানুৱাৰী, ২০২৬। উক্ত দিনটোত ৰঙানদী বিধানসভা সমষ্টিত আছিল মুখ্যমন্ত্ৰীৰ সভা। লক্ষ্য আছিল মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ। বিগত কিছু দিনৰ পৰা মুখ্যমন্ত্ৰীৰ এই কাৰ্যসূচী সমষ্টিভিত্তিক সমগ্ৰ অসমতে অব্যাহত আছে। উৎসৱৰ বতৰত মুখ্যমন্ত্ৰীৰ এনে কাৰ্যসূচীয়ে অসমৰ বতৰ আৰু অধিক উৎসৱমুখৰ কৰিছে। এই সভা সমূহত ভাগ লবলৈ অহা মহিলাসকলৰ আনন্দ-উল্লাহ উৎসৱতকৈ কোনো গুণে কম নহয়।
পুনৰ ঘূৰি আহিছো ৰঙানদী সমষ্টিৰ সেই সভাখনৰ প্ৰসংগলৈ। সভাখনৰ ভাগ ল’বলৈ অহা এগৰাকী মহিলাক সাংবাদিকে প্ৰশ্ন কৰিছিল- মহিলা উদ্যমিতাৰ আঁচনিৰ জৰিয়তে পোৱা ধনখিনি কি কৰিব? মহিলাগৰাকীৰ উত্তৰ আছিল এনেধৰণৰ- ‘মানুহজনক ১০০০টকা দিম। বাকীখনি মোৰ লগত ৰাখিব। মামাই আমাকহে দিছে।‘
মহিলাগৰাকীৰ এই বক্তব্যত বহুজনে হাঁহিৰ খোৰাক পালেও, এনে মন্তব্যবোৰতে সোমাই আছে এই আঁচনিখনৰ বিফলতাৰ কিছু দিশ। চৰকাৰে ধন ঠিকেই দিছে, মহিলাসকলো সন্তুষ্ট হৈছে। কিন্তু এই ধন কি কামত বিনিয়োগ কৰি ইয়াৰ পৰা স্বাৱলম্বী হ’ব পাৰি, তাৰ কোনো দিক নিৰ্দেশনা নাই চৰকাৰৰ।
যাৰ বাবে এই ধন উৎপাদনী কামত বিনিয়োগ কৰাৰ পৰিৱৰ্তে অন্য কামত খৰছ কৰাৰ কথাহে প্ৰথমে ভাৱে বহু হিতাধিকাৰীয়ে। উদ্যমিতা আঁচনিৰ আঁচল মৰ্ম উপলদ্ধি কৰিব নোৱাৰা বহু হিতাধিকাৰীয়ে ইতিমধ্যে প্ৰথম পৰ্যায়ত লাভ কৰা ধন এনেকৈয়ে খৰছ কৰি হাত খালী কৰিলে।
মহিলা উদ্যমিতা আচঁনিৰ অধীনত ৰাজ্য চৰকাৰে ৩৯লাখ মহিলাক প্ৰদান কৰিছে অৰ্থ সাহায্য। এই ধন কোনো ক্ষুদ্ৰ ব্যৱসায় তথা উদ্যমিতা কাৰ্যত ব্যৱহাৰ কৰিবলৈহে প্ৰদান কৰিছে চৰকাৰে। চৰকাৰৰ উদ্দেশ্যে আছিল মহৎ। এখন উন্নয়নশীল ৰাজ্য তথা দেশত যিকোনো এগৰাকী নাগৰিকক স্বাৱলম্বিতাৰ বাবে অৰ্থ সাহায্য প্ৰদান কৰাতো এখন চৰকাৰ দায়িত্ব আৰু কৰ্তব্য।
কিন্তু ধন প্ৰদান কৰিলেই হ’বনে! এই ধন কত, কেনেকৈ বিনিয়োগ কৰি ১০হাজাৰৰ পৰা দুগুণ কৰিব পাৰি সেই পৰিকল্পনা কোনে কৰিব? এই ক্ষেত্ৰত হিতাধিকাৰীসকলক দিক নিৰ্দেশনা দিবলৈ ভিন্ন চৰকাৰী বিভাগে নিজাববীয়াকৈ পদক্ষেপ ল'ব পাৰে। চৰকাৰে এনে পদক্ষেপ গ্ৰহণ নকৰাৰ ফলতেই এই আঁচনিসমূহৰ বহু ধন অপচয় হোৱাৰ তথ্যও প্ৰকাশ পাইছিল বাজেটৰ পূৰ্বে প্ৰকাশ পোৱা কেন্দ্ৰীয় চৰকাৰৰ অৰ্থনৈতিক সমীক্ষাত। এই ক্ষেত্ৰত কাম কৰাৰ কথাও উল্লেখ কৰিছিল উক্ত সমীক্ষাত।
ৰাজ্য চৰকাৰে কেনেকৈ কাম কৰিব, কি দিশত কাম কৰিব? কৃষি বিভাগ, মৎস্য উতপাদন বিভাগ, ক্ষুদ্ৰ আৰু লঘু উদ্যোগ বিভাগ, উৎপাদন আৰু বিপনন, দক্ষতা বিকাশ কেন্দ্ৰৰ দৰে বিয়াগোম বিভাগে এই ক্ষেত্ৰত সজাগতা এক কাৰ্যসূচী সমষ্টিয়ে সমষ্টিয়ে গ্ৰহণ কৰিলে হয়তো চৰকাৰী এই ধনে আঁচল অৰ্থত ৰাজ্যখনত মহিলা উদ্যমী সৃষ্টি কৰাত সফল হ’ব।
সচেতন মহলেও এই দিশটোক লৈ চৰকাৰক আহ্বান জনাইছে যে, কেৱল উৎসৱৰ দৰে পৰিৱেশ সৃষ্টি কৰিলেই নহ’ব। উৎসৱৰ সমান্তৰালভাৱে উৎপাদন, বিপননৰ জৰিয়তে সংস্থাপনৰ বাটো মুকলি কৰি দিব লাগিব। যেনেকৈ সমষ্টিভিত্তিক উদ্যমিতা আঁচনিৰ চেক প্ৰদানৰ অনুষ্ঠান হৈছে, তাৰ বিপৰীতে হ’ব লাগে এই আঁচনিৰ ধন কেনেকৈ সদপ্ৰয়োগ কৰিব তাৰো এক বিজ্ঞানভিত্তিক কৰ্মশালা।
ৰাজ্যৰ দক্ষতা বিকাশ কেন্দ্ৰৰ দৰে অনুষ্ঠানেও এই ক্ষেত্ৰত ব্যৱস্থা ল’ব পাৰে। যুৱ শক্তিক আগুৱাই নিয়াৰ কথা কোৱা চৰকাৰে মহিলা আৰু যুৱশক্তিক একত্ৰিত কৰি এক উৎপাদনী শক্তি আৰু অধিক তুৰাম্বিত কৰিব পাৰে। কিন্তু এই দুই শক্তিক একত্ৰিত কৰাত যেন অসফল অসম চৰকাৰ!
মহিলা সকলৰ লগতে যুৱকসকলকো আত্মনিৰ্ভৰশীল হোৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে ২লাখ টকাকৈ এককালীন সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিছে। কিন্তু উচিত নিৰ্দেশনা আৰু পৰামৰ্শৰ অবিহনে যুৱকসকলেও যিকোনো ব্যৱসায়ত সহজে কৃতকাৰ্যতা লাভ কৰাতো অসম্ভৱ।
চৰকাৰখনে আঁচনি সৃষ্টি কৰি ধন বিলাই দিয়াৰ সমান্তৰালভাৱে প্ৰতিগৰাকী হিতাধিকাৰীক সেই ধন কত, কেনেকৈ বিনিয়োগ কৰিব, সেই ক্ষেত্ৰতো নিৰ্দেশনা প্ৰদান কৰিলে এই আঁচনিসমূহে সচাঁ অৰ্থত পূৰ্ণতা লাভ কৰিব। কৃষি কৰ্মৰ উপৰিও অসমৰ থলুৱা সাজ-সজ্জাৰো বিদেশী বজাৰত আছে বিশেষ চাহিদা। এই ক্ষেত্ৰখনতো যুৱশক্তি তথা মহিলাসকলে কাম কৰাৰ অলেখ থল আছে।
ওপৰৰ পৰাৰ চালে সকলো ঠিক যেনেই লাগে। কিন্তু চৰকাৰে স্বাৱলম্বিতাৰ বাবে প্ৰদান কৰা এই ধন যদিহে অপচয় হয়, তেন্তে ইয়াৰ পৰিণামো আমি জণগণেই ভোগ কৰিব লাগিব। চৰকাৰ সলনি হ’ব, কিন্তু আমাৰ মূৰৰ থাকি যাব কৰৰ বোজাঁ। গতিকে ধন লাভ কৰি ৰঙত ৰঙীন হোৱাৰ সমান্তৰাল ভাৱে ৰাজ্যৰ ৩৯লাখ মহিলা আৰু লাখ লাখ যুৱক-যুৱতীয়ে বিপনন আৰু উৎপাদনী কাৰ্যত মনোনিৱেশ কৰিলেহে অসমলৈ আহিব সচাঁ অৰ্থত উৎসৱৰ বতৰ। এই উৎসৱ হ'ব উৎপাদনৰ উৎসৱ! বজাৰ-পথাৰ সকলো দখল কৰাৰ উৎসৱ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us