অসমৰ উপগ্ৰহ! আকাশত চাং পতা নে সচাঁকৈ কৰিব পৰা...

বাজেটত অসমে মহাকাশত এটা নিজা উপগ্ৰহ স্থাপন কৰিব বুলি কৰা ঘোষণাই বহুতক হাঁহিৰ খোৰাক যোগাইছে। বিৰোধীৰ লগতে একাংশই এয়া আকাশত চাং পতা ঘোষণা বুলি ঠাট্টা-মস্কৰা কৰিছে।

New Update
new bikhekh protibedon  1  (1)

মহাকাশত অসমৰ অসমীয়া কৃত্ৰিম উপগ্ৰহ! ভাৱিলেই ভাল লগা এই কথাটোৱে বহুতক হাঁহিৰ খোৰাক দিছে। বহুতে কৈছে এয়া অসম্ভৱ! বহুতে কৈছে এয়া আকাশত চাং পতা এটা ঘোষণা। কিন্তু এনে এটা প্ৰদক্ষেপ অসম্ভৱ নহয়! কিয়? কেনেকৈ? ডিম্পুল বৰগোহাঁইৰ এক প্ৰতিবেদন...

Advertisment

বাজেটত অসমে মহাকাশত এটা নিজা উপগ্ৰহ স্থাপন কৰিব বুলি কৰা ঘোষণাই বহুতক হাঁহিৰ খোৰাক যোগাইছে। বিৰোধীৰ লগতে একাংশই এয়া আকাশত চাং পতা ঘোষণা বুলি ঠাট্টা-মস্কৰা কৰিছে। এটাৰ পাছত এটাকৈ ঋণ লৈ ধাৰত পোত গৈ থকা চৰকাৰখনৰ এনে ঘোষণাই সচেতন লোকক কিছু হতচকিত কৰাটো স্বাভাৱিক।  কিন্তু এখন ৰাজ্যই এটা নিজা উপগ্ৰহ স্থাপন কৰিব খোজা প্ৰক্ৰিয়া কিন্তু অসম্ভৱ নহয়।

বাজেটৰ এই ঘোষণাৰ পাছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰিলে যে, ভাৰতীয় মহাকাশ সংস্থাৰ সৈতে কথা পাতি পৰ্যায়ক্ৰমে এই উপগ্ৰহৰ নিৰ্মাণ আৰু উৎক্ষেপনৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব। অসম চৰকাৰে এই উপগ্ৰহ স্থাপনৰ বাবে কেনেকৈ কি কৰিব, ক'ৰ পৰা পুঁজি আনিব সেইবোৰ পৃথক কথা। এই লেখাত মহাকাশত এখন ৰাজ্য বা কোনো ব্যক্তিগত প্ৰতিষ্ঠানে নিজা উপগ্ৰহ স্থাপন কৰিব পাৰেনে নোৱাৰে তাৰ সন্দৰ্ভতহে আলোচনা কৰা হ'ব। 

চন ১৯৯৯। তেতিয়াৰ পৰাই ভাৰতীয় মহাকাশ সংস্থা চমুকৈ ইছৰোয়ে ব্যক্তিগত উপগ্ৰহ উৎক্ষেপন আৰু নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিছে। পোলৰ চেটেলাইট লান্স ভেৰিকল চমুকৈ PSLVৰ জৰিয়তে এই উপগ্ৰহ উৎক্ষেপন কৰি আহিছে ইছৰোয়ে। 

ইছৰোয়ে এই ব্যক্তিগত উপগ্ৰহ উৎক্ষেপনৰ কাম কৰি আহিছে কৰ্মাচিয়েল আৰ্ম ন্যু স্পেছ ইণ্ডিয়া লিমিটেড চমুকৈ NSILৰ জৰিয়তে। ইয়াৰ জৰিয়তেই ইছৰোয়ে উপগ্ৰহৰ আকাৰ, ইয়াৰ বাবে প্ৰয়োজনীয় সামগ্ৰী আৰু  ইয়াক প্ৰস্তুতৰ বাবে আনুমানিক সময়ৰ কথা গ্ৰাহকক অৱগত কৰে। অৱশ্যে এটা কথা ঠিক যে, নিজা উপগ্ৰহ স্থাপনৰ বাবে এটা দীঘলীয়া সময়ৰ প্ৰয়োজন। 

ইছৰোৱে ২০১৯ৰ জুুন মাহৰ লৈকে ৩৩খন দেশৰ ৩১৯টা বিশেষ উপগ্ৰহ মহাকাশত সফলভাৱে স্থাপিত কৰিছে। এই আটাইবোৰ উপগ্ৰহ কোনো বিশ্ববিদ্যালয়, কোনো ব্যক্তিগত প্ৰতিষ্ঠানে ভিন্ন তথ্য সংগ্ৰহৰ বাবে মহাকাশলৈ প্ৰেৰণ কৰিছে। বাণিজ্যিকভাৱে মহাকাশলৈ প্ৰেৰণ কৰা এই উপগ্ৰহ ২০১৬চনত ছেপ্তেম্বৰ মাহত সৰ্বাধিক প্ৰেৰণ কৰা হৈছে। এই মাহটোত প্ৰায় ১০৪টা উপগ্ৰহক কক্ষ্যপথত স্থাপন কৰিছিল ইছৰোয়ে। 

কিমান খৰছ হয় এটা উপগ্ৰহ মহাকাশত স্থাপন কৰিবলৈ? PSLVৰ জৰিয়তে এটা উপগ্ৰহ মহাকাশত স্থাপন কৰিবলৈ প্ৰয়োজন হয় প্ৰায় ২০০কোটিৰ পৰা ৪০২কোটি টকা। অৱশ্যে এই উপগ্ৰহে কি কি সেৱা আগবঢ়াব, তাক লৈ নিৰ্ধাৰন কৰা হয় খৰছ। প্ৰায় ৪হাজাৰ কেজি ওজনৰ এটা ছেটেলাইট নিৰ্মাণৰ বাবে খৰছ হয় ১৩০কোটিৰ পৰা ২০০কোটি টকা। বাকী উৎক্ষেপনৰ খৰছ সুকীয়াকৈ আছে। 

এটা ছেটেলাইট উৎক্ষেপনৰ বাবে প্ৰতিকেজিত খৰছ হয় প্ৰায় ৮,৪০০টকাকৈ। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, PSLVৰ সলনি যদিহে  SSLV (Small Satellite Launch Vehicle)ৰ উপগ্ৰহ উৎক্ষেপন কৰা হয় তেতিয়া তাৰ খৰছ প্ৰায় ৫৬কোটি টকা ভিতৰতে হয়। শেহতীয়াকৈ ইছৰোয়ে আৰম্ভ কৰা LVM3 প্ৰক্ৰিয়াৰ জৰিয়তেও অধিক ওজনৰ উপগ্ৰহ কক্ষপথত স্থাপন কৰিব পাৰি বুলি সদৰি কৰিছে। 

এইখিনি আছিল এটা নিজাববীয়া কৃত্ৰিম উপগ্ৰহৰ নিৰ্মাণ আৰু উৎক্ষেপনৰ প্ৰক্ৰিয়া। এতিয়া জানো আহক আমাৰ ভাৰতবৰ্ষত এনে নিজাববীয়া কৃত্ৰিম উপগ্ৰহ স্থাপনৰ প্ৰক্ৰিয়া কোনোবাই কৰিছেনে? পাঞ্জাৱৰ পাতিয়ালাস্থিত Thapar Institute of Engineering and Technology (TIET)য়ে নিজাববীয়াকৈ প্ৰস্তুত কৰিছে এটা কৃত্ৰিম উপগ্ৰহ। যাৰ নাম দিছে ThaparSat। এই উপগ্ৰহটোৰ জৰিয়তে উত্তৰ ভাৰতৰ বিভিন্ন চহৰৰ প্ৰদূষণ আৰু মাটিৰ আৰ্দ্ৰতা পৰীক্ষা কৰিব।

চণ্ডীগড় বিশ্ববিদ্যালয়েও নিৰ্মান কৰিছে এটা কৃত্ৰিম উপগ্ৰহ। এই উপগ্ৰহটোৰ নাম দিছে CU-Sat। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ই বিভিন্ন ভাৰতীয় প্ৰতিষ্ঠান আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ডিজাইন কৰা উপগ্ৰহ উৎক্ষেপণৰ পদক্ষেপ বা চিন্তাক উৎসাহিত কৰি আহিছে। 

২০০৯ চনৰ পৰা ইছৰোই সফলতাৰে উৎক্ষেপণ কৰি আহিছে দেশৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ শিক্ষার্থীৰ দ্বাৰা নিৰ্মিত কৃত্ৰিম উপগ্ৰহসমূহ।  তামিলনাডুৰ আন্না বিশ্ববিদ্যালয়ৰ এটা কৃত্ৰিম উপগ্ৰহ ২০এপ্ৰিল ২০০৯চনত উৎক্ষেপন কৰিছিল ইছৰোয়ে। এই উপগ্ৰহটোৰ নাম আছিল- ANUSat। 

২০১০চনৰ ১২জুলাই মাহত কনচৰ্টিয়াম অৱ ইঞ্জিনিয়াৰিং কলেজে নিজাববীয়াকৈ এটা উপগ্ৰহ ইছৰোৰ সহযোগত প্ৰেৰণ কৰিছিল মহাকাশলৈ। এই উপগ্ৰহটোৰ নাম আছিল-  STUDSAT। শৈক্ষিক বিষয়ত সহায় কৰিব পৰাকৈ এই উপগ্ৰহটো স্থাপন কৰা হৈছিল। 

২০১১চনৰ অক্টোবৰ মাহত তামিলনাডুৰ এছ আৰ এম বিশ্ববিদ্যালয়ে এটা উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰিছিল। ইয়াৰ নাম আছিল SRMSat।  কানপুৰৰ ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠানেও ২০১১চনৰ অক্টোবৰত এটা উপগ্ৰহ মহাকাশত স্থাপন কৰিছিল। যাৰ নাম আছিল JUGNU। 

সফলভাৱে স্থাপন কৰা এই উপগ্ৰহবোৰৰ উপৰিও আন বহুকেইটা উপগ্ৰহ মহাকাশলৈ প্ৰক্ষেপ কৰাৰ পথত। বিকাশৰ পৰ্যায়ত থকা উপগ্ৰহ সমূহ হৈছে-  মহাৰাষ্ট্ৰৰ পুণে অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ উপগ্ৰহ- Swayam। বাংগালুৰুৰ পি ই এছ বিশ্ববিদ্যালয়ৰ-  PISAT

এইবোৰৰ উপৰিও বিকাশৰ পৰ্যায়ত থকা আন উপগ্ৰহসমূহ হৈছে- 

  • Pratham-  ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি, মুম্বাই
  • SatyabhamaSat-  সত্যভামা বিশ্ববিদ্যালয়, চেন্নাই, তামিলনাডু 
  • NIUSAT-  নুৰুল ইছলাম ইউনিভাৰ্চিটি, কুমাৰকইল, তামিলনাডু
  • Parikheet- মণিপাল ইনষ্টিটিউট অৱ টেকন'লজি, মণিপাল, কৰ্ণাটক
  • IITMSat-  ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি, মাদ্ৰাজ,তামিলনাডু |

মহাকাশত এখন ৰাজ্য বা এটা ব্যক্তিগত প্ৰতিষ্ঠানে নিজা কৃত্ৰিম উপগ্ৰহ স্থাপন কৰিব পাৰে। এয়া কোনো অসম্ভৱ কথা নহয়। অসমেও ISROৰ সৈতে যোগাযোগ কৰি কৃত্ৰিম উপগ্ৰহ নিৰ্মাণ বা উৎক্ষেপন কৰিব পাৰে। ইয়াৰ বাবে নিৰ্দিষ্ট প্ৰক্ৰিয়া আছে। কিন্তু মুখ্যমন্ত্ৰীয়ে দাবী কৰাৰ দৰে এই ক্ষেত্ৰত অসম প্ৰথম নহয়। অৱশ্যে ৰাজ্য চৰকাৰে উদ্যোগ লোৱাৰ ক্ষেত্ৰত এয়া প্ৰথম বুলি ক'লেও একো ভুল নহয়।

অসম বাজেট ২০২৫-২৬ত উল্লেখ কৰা মতে, অসমৰ এই অসমীয়া কৃত্ৰিম উপগ্ৰহ স্থাপনৰ বাবে প্ৰায় ৫০০কোটি টকা পুঁজি ধাৰ্য কৰা হৈছে। এই পুঁজিৰে এটা উন্নত কৃত্ৰিম উপগ্ৰহ স্থাপনৰ সকলোখিনি প্ৰক্ৰিয়া সমাপন হ'ব। কিন্তু অসমৰ দৰে এখন ঋণগ্ৰস্ত ৰাজ্যত এনে এটা প্ৰদক্ষেপ কিমান আদৰণীয়, তাক লৈ দ্বিমত থকাটো স্বাভাৱিক। কিন্তু এই প্ৰক্ৰিয়া এখন ৰাজ্যৰ বাবে অসম্ভৱ নহয়...

মহাকাশ