অৰুন্ধতী ৰয়ঃ মানৱতাৰ পক্ষত, অধিকাৰৰ স্বাৰ্থত...

অৰুন্ধতী ৰয়ঃ মানৱতাৰ পক্ষত, অধিকাৰৰ স্বাৰ্থত...

আজি কিয় প্ৰাসংগিক অৰুন্ধতী ৰয়? ইয়াৰ পূৰ্বেও আন লিখকে লাভ কৰিছিল পেন পিন্টাৰ বঁটা, ইয়াৰ পূৰ্বেও ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত বন্দী হৈছিল বহুতো। তেনেস্থলত কিয় প্ৰশ্ন উত্থাপন হৈছে ৰয়ৰ প্ৰাসংগিকতাৰ ওপৰত। ৰয়ৰ প্ৰাসংগিকতাৰ ওপৰত জয়দীপ নাৰায়ন দেবৰ বিশেষ প্ৰতিবেদন...

একেটা মাহতেই ইউ এ পি এৰ অধীনত নিজ দেশৰ ন্যায়পালিকাই মৃত্যুদণ্ডৰ আদেশ দিয়াৰ সৈতেই সাহসীকতাৰ বাবে আন্তৰাষ্ট্ৰীয় স্বীকৃতিস্বৰূপে পেন পিন্টাৰ বঁটা! মানৱ জীৱনত হয়তো নিয়তিতকৈ ডাঙৰ পৰিহাস কোনেও কৰিব নোৱাৰে। আৰু তাৰেই শেহতীয়া উদাহৰণ লেখিকা অৰুন্ধতী ৰয়।

লেখিকাগৰাকীৰ ‘আজাদী’ শীৰ্ষক গ্ৰন্থখনিৰ প্ৰথম অধ্যায়টিৰ নাম হৈছে ‘ ইন হোৱাট লেংগুৱেজ দ্যাজ ৰেইন ফল অন টৰ্মেন্টেড ছিটিজ’ অৰ্থাত ‘বিধ্বস্ত চহৰত কোনটো ভাষাত বৰষুণ পৰে’। অতি কাব্যিক যেন লগা এই নামৰ অন্তৰালত আছিল এক কাহিনী। এক জনসভাত লেখিকাগৰাকীক প্ৰশ্ন কৰিছিল এগৰাকী সাংবাদিকে। যে, কোনো লিখকে বিদেশী ভাষাত কালজয়ী সাহিত্যৰ সৃষ্টি কৰিব পাৰে জানো?

আজি যেন একে প্ৰশ্ন ৰাষ্ট্ৰযন্ত্ৰৰো। এতি বিদেশী ভাষাত সমগ্ৰ ব্যৱস্থাটো কপাঁই তুলিব পৰাকৈ প্ৰতিবাদ সম্ভৱ জানো! সম্ভৱ জানো যি ভাষাই শ শ বছৰীয়া গোলামীৰ স্বীকৃতি বহন কৰে, সেই ভাষাত গৃহহীন, সংখ্যালঘু লোকৰ দুখৰ গাঁথা গোৱা।

ৰাজনৈতিকভাৱে সচেতন, সামাজিকভাৱে উপযুক্ত আৰু নৈতিকভাৱে যথাযথ শব্দৰ প্ৰয়োগেই জানো এটি ভাষা হৈ উঠিব পাৰে পৰৰ্ৱতী সময়ত? তেনে স্থলত বিদেশী ভাষা এটিয়েই আপোন হৈ উঠিব নোৱাৰে নেকি? কেৱল অৰুন্ধতী ৰয়েইতো নহয়, বৰং নাজিম ইজিকিয়েল, চলমান ৰুশ্বডীৰ দৰে লিখকেও এটি বিদেশী ভাষাৰ জৰিয়তেই কৰি আহিছে এই বিৰ্মূত প্ৰতিবাদ। অৱশ্যে ৰাষ্ট্ৰযন্ত্ৰৰ ৰোষত পৰিবলৈ আজি এই ধৰাত নাই নাজিম ইজিকিয়েল।

কেৱল শব্দ বা ভাষা এটিয়েই বিদেশী নহয়, হয় আমাৰ নীৰৱ দৰ্শকৰ ভূমিকাও। অৰুন্ধতী ৰয়ৰ ভাষ্য অনুসৰি- ‘মানুহৰ মতামত বোৰৰ দৰেই মানুহৰ নীৰৱতাবোৰো ৰাজনৈতিক।‘ ৰাষ্ট্ৰৰ ভাষাত আৰ্বান নক্সাল অৰুন্ধতী ৰয়ৰ প্ৰতি এই ক্ষোভ দেখিও মৌতম আমাৰ স্থিতিও ৰাজনৈতিক। একে অৱস্থা কাশ্মীৰি কবি আঘা শ্বাহিদ আলী অথবা পেলেষ্টিনিয়ান কবি মাহমৌদ ডাৰৱিশ্ববৰো। একেই ক্ষোভত জ্বলি জ্বলি শেষ হ’ল নাজিম হিকমেটৰ ‘জেলখানাৰ চিঠি’।

ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধ আৰু অপবাদে বিব্ৰত কৰি তোলা লেখিকাগৰাকীৰ জন্ম কাহিনীও একেই প্ৰতিবাদী স্বৰূপৰ। অসমৰ এখন চাহ বাগিছাৰ পৰিচালক ৰাজীৱ ৰয় আৰু চিৰিয়াৰ মেৰী আইজাকৰ সন্তান অৰুন্ধতীৰ জন্ম হৈছিল শ্বিলঙত। জন্মৰ পাছতেই পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ ঘটে। অৰুন্ধতীৰ শৈশৱ পাৰ হৈছিল মাতৃৰ সৈতে কেৰালাত।

কিন্তু আজি কিয় প্ৰাসংগিক অৰুন্ধতী ৰয়? ইয়াৰ পূৰ্বেও আন লিখকে লাভ কৰিছিল পেন পিন্টাৰ বঁটা, ইয়াৰ পূৰ্বেও ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত বন্দী হৈছিল বহুতো। তেনেস্থলত কিয় প্ৰশ্ন উত্থাপন হৈছে ৰয়ৰ প্ৰাসংগিকতাৰ ওপৰত।

যুদ্ধৰতা পৃথিৱীৰ নাঙঠ স্বৰূপ উদঙাই দিয়াতো কোনো সাধাৰণ কথা নহয়, বিশেষকৈ যেতিয়া আপোনাৰ কন্ঠই পক্ষ ল’ব ভুক্তভোগীৰ। কিয়নো এক দীঘলীয়া সময়ৰ বাবে প্ৰতিবাদী স্থিতি গ্ৰহণ কৰিলেও মানুহে হেৰুৱাই পেলাব পাৰে ব্যক্তিগত মতামত প্ৰকাশৰ স্বাধীনতা। বহু বছৰৰ পূৰ্বেই লিখকৰ স্বাধীনতা কাঢ়ি আনিব বিচৰা কংগ্ৰেছ চৰকাৰৰ বিৰোধিতা কৰা দিনৰে পৰাই প্ৰাসংগিক ৰয়। যিদৰে প্ৰাসংগিক ঈৰম শৰ্মিলা অথবা আং চাং চ্যুকী।

একেদৰেই ৰয়ৰ বিজেপি চৰকাৰৰ সম্বন্ধেও দাবী সচাঁ বুলি প্ৰমাণিত কৰিয়েই বিদেশত স্থিত ভাৰতীয়সকলক যি বিজেপি চৰকাৰ বিৰোধী, ব্যক্তিগত পৰ্যায়ত হীন দেখুৱাবলৈ চেষ্টা অব্যাহত ‘ডিছ ইনফ লেব’ৰ।

কি এই ইউ এ পি এ, যাৰ অপৰাধত আজি অপৰাধীৰ শাৰীত অৰুন্ধতী ৰয়ৰ দৰে লেখিকা। ব্ৰিটিছ ঔপনিৱেশিকতাবাদৰ সময়তে ৰাণী ভিক্টোৰিয়াৰ চৰকাৰে আৰম্ভ কৰা ৰাষ্ট্ৰদ্ৰোহৰে এক আধুনিক ৰূপ ইউ এ পি এ। যি গোচৰত আজি অপৰাধী ৰয়।

ৰয়ৰ ভাষ্য অথবা গ্ৰন্থত আছিল জানো তেনে কথা? এয়া সেই একেই অৰুন্ধতী ৰয়, যি বলিষ্ঠ কলেমেৰে লিখিছিল অসমৰ ডিটেনশ্যন কেম্পৰ কাহিনী। কিদৰে ২০টাকৈ বছৰ দেশৰ সুৰক্ষাৰ বাবে ত্যাগ কৰা জোৱানৰ মৃত্যুৰ পাছত তেওঁৰ পৰিয়ালক বিদেশী বোলা হৈছিল।

অৱশ্যে বিদেশী চিনাক্তকৰণ আৰু বিতাড়ণ প্ৰক্ৰিয়া সুকীয়া বিষয়। কিন্তু প্ৰতিবাদৰ সৈতে সংপৃক্ত অৰুন্ধতী ৰয়ৰ কলম থমকি ৰব জানো মৃত্যুদণ্ডৰ আদেশৰ পাছত? কি হ’ব অৰুন্ধতী ৰয়ৰ পৰিচয়? পেন পিন্টাৰ বঁটা বিজয়ী নে ৰাষ্ট্ৰদ্ৰোহী? এই সকলোৰে মাজত কিন্তু অৰুন্ধতী ৰয় হৈ থাকিব নিঃকিন, দুৰ্বল, আশাহীন, ভীতিগ্ৰস্তৰ সাহস আৰু প্ৰতিবাদৰ প্ৰতীক।

এয়াই অৰুন্ধতী ৰয়, এখন হাতত পৃথিৱীৰ প্ৰতিজন লাঞ্চিতৰ সমৰ্থনত কলম, আনখন হাতত ৰাষ্ট্ৰযন্ত্ৰৰ হাতকেৰেয়া। শিকলি আৰু কলমৰ ওজনৰ পাৰ্থক্যৰ কাহিনীৰে সমৃদ্ধ ৰয়ৰ জীৱন... 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in