/asomiyapratidin/media/media_files/2025/11/26/bikhekh-protibedon-1-2-2025-11-26-18-12-33.jpg)
চিকেন নেক'ত সমৰ সজ্জা ভাৰতৰ। উত্তৰ পূবৰ সুৰক্ষাৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰি চীন আৰু বাংলাদেশে পুনৰ অশান্ত কৰিছে সীমান্ত। এনে সময়ত ভাৰতেও চিকেন নেক'ত বৃদ্ধি কৰিছে সুৰক্ষা। চিকেন নেকত লাখৰ ঘৰত সেনা মোতায়ন কৰিছে ভাৰতীয় সেনাই। চিকেন নেকত নতুনকৈ নিযুক্ত কৰা হৈছে সেনাৰ তিনিটা নতুন বাহিনী। সবিশেষ সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন...
এফালে চীন আৰু আনফালে বাংলাদেশৰ শেহতীয়া কিছু কাৰ্যকলাপে চিকেন নেকত বৃদ্ধি কৰিছে উত্তেজনাৰ। দুয়োখন ৰাষ্ট্ৰৰ সন্দেহজনক স্থিতিৰ বাবে উত্তৰ-পূবৰ সুৰক্ষাৰ ওপৰত তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। যাৰ বাবে ভাৰতীয় সেনাই চিকেন নেকত বৃদ্ধি কৰিছে সুৰক্ষা।
উত্তৰ-পূবৰ ভূখণ্ডৰ ওপৰত লুলুপ দৃষ্টি ৰখা বাংলাদেশ আৰু চীনৰ এই অভ্যাস বহু পুৰণি। শেহতীয়াকৈ চীনে অৰুণাচলৰ ভূমি তেওঁলোকৰ বুলি দাবী কৰাৰ পাছতে চিকেন নেকত উত্তেজনা দুগুণে চৰিছে। আনফালে চলে-বলে চিকেন নেকক নিজৰ কৰিবলৈ বাংলাদেশে আনকি পাকিস্তানৰো সহায় বিচাৰিছে।
অতি সন্তৰ্পণে শিলিগুৰি এই কৰিডৰৰ নিচেই কাষতে চীনৰ সহযোগত বিমান ঘাটি নিৰ্মাণৰ পৰিকল্পনা বহুদিনৰ পৰাই কৰি আছে ঢাকাই। দেশ বিভাজন হোৱাৰ পিছত ১৯৫৮ চনত তেতিয়াৰ পাকিস্তান চৰকাৰে এই বিমান ঘাটি পুনৰ অসামৰিক যাত্ৰী সেৱাৰ বাবে মুকলি কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত ইয়াক সক্ৰিয় কৰি ৰাখিবলৈ সমৰ্থ নোহোৱা পাকিস্তান চৰকাৰে পুনৰ বন্ধ কৰি দিয়ে।
চীনে বাংলাদেশক সহায় কৰাৰ আঁৰতো আছে স্বাৰ্থ। যদিও এই বিমান ঘাটিক ব্যৱসায়ীক কাৰণত পুনৰ মুকলি কৰা কথা কোৱা হৈছে তথাপিও কিন্তু যিকোনো মুহূৰ্ততে ইয়াক সামৰিক ঘাটি হিচাপে ব্যৱহাৰ কৰিব পাৰিব। এতিয়ালৈকে চীনে কেৱল উপগ্ৰহৰ ছবিৰ জৰিয়তেহে শিলিগুৰি কৰিডৰ সম্পৰ্কে তথ্য লাভ কৰি আহিছিল। যি তথ্য আছিল বহু অস্পষ্ট। কিন্তু বাংলাদেশৰ বিমানবন্দৰ পুনৰুজ্জীৱিত কৰাৰ নামত যদি চীনে লালমণিৰহাটত সক্ৰিয় হোৱাৰ সুযোগ লাভ কৰে তেন্তে শিলিগুৰি কৰিড’ৰত তীক্ষ্ণ দৃষ্টি ৰাখিব পাৰিব। ৰাডাৰ ব্যৱস্থা ব্যৱহাৰ কৰিও বিভিন্ন তথ্য সংগ্ৰহ কৰিব পাৰিব।
চীন আৰু বাংলাদেশে পৰ্যায়ক্ৰমে চল চাই এই আগবঢ়াই আছে। ভাৰতত আভ্যন্তৰীণ কিছু অশান্তিৰ সৃষ্টি কৰি এই কাম আগবঢ়াই নিব খোজে দুয়োখন দেশে। দুয়োখন দেশৰ এই কূটকৌশল ভাৰতে বুজি পাইছে। যাৰ বাবে বিগত কিছু দিনৰ পৰা উক্ত ভূ খণ্ডত বৃদ্ধি কৰিছে নিৰাপত্তা। বাংলাদেশত আৱামী লীগৰ শেহতীয়া আন্দোলন আৰু চীনে অৰুণাচল প্ৰদেশক লৈ চলোৱা অগ্ৰাসনৰ ওপৰত চকু ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতীয় গৃহ মন্ত্ৰণালয়ে।
দিল্লী বিস্ফোৰণেও ভাৰতৰ গৃহ বিভাগক যথেষ্ট চিন্তিত কৰিছে। যাৰ বাবে ইতিমধ্যে শিলিগুৰি কৰিডৰত লাখৰ ঘৰত সেনা মোতায়ন কৰিছে ভাৰতীয় সেনাই । চিকেন নেকলৈ আহি আছে সেনাৰ তিনিটা নতুন বাহিনী। চীনৰ সীমান্তলৈকে অজস্ৰ অত্যাধুনিক যুজাৰু বিমানৰ অৱতৰণ শিবিৰ আৰু এয়াৰ ফৰ্চ ষ্টেচন সাজু কৰি তোলা হৈছে চিকেন নেকত।
ৰাফেল, চুখয়, তেজছ, আপাচি, গ্লোব মাষ্টাৰ, মিড এয়াৰ ৰি-ফুৱেলিং এয়াৰক্ৰাফ্ট, ধ্ৰুৱ হেলিকপ্টাৰ, AWACS চাৰভিলেন্স এয়াৰক্ৰাফ্ট, জাগোৱাৰ আদিৰ সকলো বিমান অৱতৰণ কৰিব পৰাকৈ অত্যাধুনিক বিমান ঘাটি সাজু কৰি উলিওৱা হৈছে। ভাৰতীয় সেনাৰ বিশেষ এজেঞ্চীৰ জৰিয়তে তীক্ষ্ণ চকু ৰাখিছে অঞ্চলটোত।
প্ৰাপ্ত খবৰ অনুসৰি, প্ৰতি এসপ্তাহৰ মূৰে মূৰে চিকেন নেকৰ শেহতীয়া পৰিস্থিতিক লৈ বৈঠকত বহে ভাৰতীয় সেনা প্ৰধান। গতিকে এনে সময়ত চীন বা বাংলাদেশে চিকেন নেকৰ ওপৰত চকু দিলেই ভাৰততেও দিব উচিত প্ৰত্যুত্তৰ। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, ৬০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই কৰিডৰৰ কিছু অংশ মাত্ৰ ২০-২২ কিলোমিটাৰহে বহল। ইয়াৰ দুয়োফালে নিচেই কাষতে দুখন বিদেশ ৰাষ্ট্ৰ। এফালে নেপাল, আনফালে বাংলাদেশ। অলপ আঁতৰলৈ আহিলে আছে ভূটান। ইয়াৰ পৰা চীন সীমান্তৰ সীমাও ১০০ কিলোমিটাৰতকৈও কম। অৰ্থাৎ চিকেন নেকৰ এই সংকীৰ্ণ ভূমিৰ চাৰিওফালে আৰু চাৰিখন বিদেশ ৰাষ্ট্ৰ।গতিকে ভূ-কৌশলগত দৃষ্টিকোণৰ পৰা শিলিগুৰি কৰিডৰটো অতি ‘সংবেদনশীল’।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us